এখিৰিকী আকাশৰ এলবাম (নীলিম অনুৰাগ)

নতুন বছৰৰ প্রাকক্ষণত সুখপাঠ্য উপন্যাস এখন পঢ়িবলৈ পাই ভাল লাগিল । প্রাঞ্জল দলৈৰ লেখা (বিশেষকৈ গল্পবোৰ) আগৰ পৰাই ভাল পাওঁ মই । এইখনো তাৰ ব্যতিক্রম নাছিল । পঢ়ি থকা অৱস্থাত পাঠকে মৃত্যুমুখী যাত্রাপথৰ নিসংগ পথিক কিণ্নৰী (উপন্যাস­খন প্রধান চৰিত্রৰ দুখবোৰৰ স’তে বহুত কম সময়ৰ ভিতৰতেই একাত্ম্য হৈ যাব যেন লাগে । এক কথাত এখন ভাল উপন্যাস ।

☆ বেয়া দিশ – উপন্যাসখনৰ প্রকাশক তথা এম. আৰ. পাব্লিকেচন’ৰ স্বত্বাধিকাৰ শ্রীযুত অপূর্ব কলিতা ডাঙৰীয়াক ইয়াৰে অনুৰোধ কৰিছো আগলৈ আপনালোকে প্রকাশ কৰিবলগীয়া কিতাপবোৰ ছপাশাললৈ পঠিওৱাৰ আগতে আর্হি কাকত চাওতে অলপ বেছি সময় দিয়ে যেন ! যদিওবা বহুত বেছি কিতাপ পঢ়াৰ অভিজ্ঞতা নাই, তথাপিও আজিলৈকে যিমান কিতাপ পঢ়িছো ক’তো এইখনৰ সমান ভুল বা বানানৰ বিভ্রাট চকুত পৰা নাছিল মোৰ ! ১৩৭ পৃষ্ঠাৰ উপন্যাসখনত হিচাপ কৰি শেষ কৰিব নোৱাৰা ভুল ! আশা কৰিলোঁ কথাখিনি প্রকাশকে গুৰুত্ব সহকাৰে ল’ব ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!