এগ ড্ৰপ চুপ (কণী বিলাহীৰ চুপ) — ৰাইহানা য়াচিন

“এগ ড্ৰপ চুপ“ এবিধ অন্যতম চাইনীজ চুপ৷ দক্ষিণ-পূৱ এছিয়াত ই অতিকৈ জনপ্ৰিয়৷

সামগ্ৰী:
১টা বিলাহী (সৰুকৈ কুটি লোৱা),
১টা কণী,
ধনীয়া (মিহিকৈ কুটা),
আদা আৰু নহৰু (মিহিকৈ কুটা),
নিমখ আন্দাজমতে,
জালুকৰ গুড়ি,
১ চাহ চামোচ কৰ্নফ্ল’ৰ

পদ্ধতি: প্ৰথমে সৰু বাতি এটাত কণীটো ফেটি ললোঁ৷ আন এটা বাতিত ১ চাহ চামোচ কৰ্নফ্ল’ৰ আধা কাপ পানীত দি গুলি ল’লোঁ৷ জুইত এটা চচপেনত দুকাপ পানী উতলাই, তাত কুটি লোৱা বিলাহীখিনি আৰু লগতে নিমখ, জালুক, আদা আৰু নহৰু দি ভালদৰে সিজালোঁ৷ তাৰ পাছত, ফেটি থোৱা কণীখিনি লাহে লাহে অলপ ওপৰৰ পৰা অলপ অলপকৈ সিজোৱা বিলাহীৰ মিশ্ৰণটোৰ ওপৰত দি একেৰাহে লৰাই থাকিলোঁ৷

কণী দিয়াৰ শেষত কৰ্নফ্ল’ৰৰ মিশ্ৰণটো ঢালি দিলোঁ৷ পাতল কৰিবলৈ অলপ পানী (প্ৰয়োজন অনুযায়ী) দিলোঁ৷ জুইৰ পৰা নমোৱাৰ আগে আগে মিহিকৈ কুটি ৰখা ধনীয়া পাতখিনি দিলোঁ৷

কৰ্নফ্ল’ৰ দিবও পাৰে, নিদিলেও হয়৷ মাত্ৰ ডাঠ কৰিবৰ বাবেহে দিয়া হয়৷ পাতলকৈ খাবলৈ বিচাৰিলে নিদিলেও হয়৷ ফেটি লোৱা কণীখিনি দিওঁতে একেৰাহে লৰাই থাকিলে গোটা নাবান্ধে৷ জালুকৰ গুড়িৰ সলনি কেঁচা জলকীয়া (মিহিকে কুটা) দিলেও হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!