এঘৰীয়া – দিপীকা দাস কলিতা

নৈখনৰ পাৰৰ মাটিৰ ঢাপটোত বহি শিলগুটিবোৰ পানীলৈ দলিয়াই আছিল তাই৷ দখনাখনৰ বুকুৰ কাষৰ ওলাই যোৱা মুৰটো খামুচি ধৰি আকৌ গুজি ল’লে৷ ঢিলা হোৱা খোপাটো আকৌ এবাৰ টানকৈ বান্ধি ল’লে৷ গৰুবোৰ চাগৈ উভতি আহি ঘৰ সুমুৱাইছেহি৷ আৰু ৰ’ব নোৱাৰি৷ খৰধৰকৈ বাওঁভৰিৰ কাষেৰে কাপোৰখন অলপ দাঙি খোজ ল’লে তাই৷ বাটত লগ পাই অহা মানুহবোৰে তাইৰ মুখলৈ অদ্ভুত ধৰণে চাই চাই গ’ল৷

’আজিনো বাৰু ইমান প্ৰশ্ন কিয় দেখা যেন লাগিছে মানুহবোৰৰ মুখত! দহ বছৰ আগতে দেখা সেই মুখবোৰৰ চাওঁনিবোৰচোন সাইলাখ একে আজিৰ সৈতে৷ কিবা ক’ব বিচাৰিছে নেকি বাৰু এওঁলোকে৷ ’ আৰু অলপ খৰকৈয়ে খোজ ললে তাই৷

“মৰিলো ঐ……… উঠিবই পৰা নাই৷ ও’ৰা সৰুমাই ……… আহচোন আহ আই……… উঠাই দে ঐ মোক৷ উঠাই নিদিলেও নাই৷ আমাৰ সুৱদিকে খবৰটো দেচোনগৈ যা৷ তই সৰু আছ তো, নধৰে দে সমাজখনে দায় দোষ৷ “ বাহৰ জোপোহাটোৰ আঁৰ হৈ চাই থকা সৰুমাইক মাকে টানি চোঁচৰাই লৈ গ’ল৷ চকটোৰ পৰা বেকাঁকৈ যোৱা সন্ধিয়াৰ গৰু সোমোৱা ধূলিয়ৰি বাটটিৰে গৰুৰ জাক এটাৰ পিছে পিছে আহি থকা সুৱদিৰ চকুত সৰুমাইৰ আতুৰ চকুযুৰিৰ দৃষ্টি আৱদ্ধ হৈ পৰিল৷ সুৱদিয়ে ঠিকেই বুজিছে যেন……… খৰ খোজবোৰ দৌৰলৈ পৰিৱৰ্তিত হ’ল৷ মাকৰ কেকঁনিবোৰ হৰেণহতঁৰ নঙলা মুখৰ পৰাই শুনিব পৰা গৈছিল৷ সুৱদিক দেখা মাত্ৰকে লুকাই পৰা মানুহবোৰৰ চকামকা ছৱিবোৰ আৰু অষ্ফূষ্ট বু বু বা বা বোৰ যেন তাৎক্ষণিকভাৱে নোহোৱা হৈ পৰিছিল৷ সুৱদিয়ে বুজিছিল সকলো৷

চোতালৰ কাষত থকা আধাফলা খৰিৰ দমটোৰ ওপৰত তেজেৰে লুতুৰী পুুতুৰী হৈ পৰি আছিল মাক৷ অণ্ঠ কণ্ঠ হয়তো চিঞৰি চিঞৰি শুকাই গৈছিল তেতিয়ালৈ৷ সুৱদিলৈ চাই কৈছিল,

“ কেঁচাঁ খৰিবোৰ কাটোতে পিচলি যোৱা কুঠাৰখনেৰে ভৰিৰ কলাফুলতে ঘাপ মাৰি দিলো ঐ! মোক ভাল কৰি দে সুৱদি৷ দুপৰীয়া ভাত ঘুমটি মৰা পৰৰে পৰা চিঞৰি আছো, কোনো নাহিল………৷ তই ভাল কৰিবি ন………হ…………য়……… মো…………ক………! “ সুৱদিৰ বুুকুৰ মাজতে ঢলি পৰিছিল মাক৷ মাকৰ চিঞৰে গলাব নোৱাৰা ’আদৰ্শ’ গাঁৱৰ ৰাইজক সহায় বিচাৰি যোৱা মানে যে সকলো মিছা, সেয়া ঠিকেই বুজিছিল তাই৷ জীৱনৰ অ’ত বছৰ তাইক ছাঁ দিয়া মাকজনীক একো হ’ব নিদিও বুলি প্ৰণ লৈছিল মনতে৷ সিহঁতঁৰ দৰেই এৰালপৰীয়া হৈ বহুদিন ৰ’দে বতাহে বৰষুণে পৰি থকা জহি খহি যাবলৈ ধৰা গৰুগাড়ীখনত হালৰ গৰু দুজনীক যুটি মাকক দাঙি তুলিলে৷ হু………ৰ………ৰ…………হু……… বুলি পখৰাটোৰ তপিনাত এচাৰিডালেৰে মাৰি দিয়াৰ লগে লগে শিলগুটিবোৰ বাহিৰ হোৱা ওখ চাপৰ বাটটিৰে দৌৰিব ধৰিলে গাড়ীখন৷ কোনোবাটো পাকত উফৰি পৰিব বিচৰা মাকজনীক টান মাৰি আকৌ মাজলৈ টানি আনে তাই৷ হাড়লৈকে কাটি যোৱা ভৰিখনত সুৱদিয়ে বান্ধি অনা মাকৰ চাদৰখন তেজেৰে ভাহি যায়৷ তাই মাকৰ গাৰ তলত থকা বিছনা চাদৰখনো টানি উলিয়াই আকৌ ভৰিখন বান্ধি লয়৷ তেজৰ টোপালবোৰে লাহে লাহে সেইখনো তিয়াই যায়………৷ গাঁৱৰ চিকিৎসালয়খনৰ মুখতে নামি দুৱাৰখনত ঢকিয়াই ঢকিয়াই চিঞৰে সুৱদিয়ে৷ বছৰ বছৰ জুৰি কাম কৰি থকা বুঢ়া মানুহজনে খুটুককৈ কাঠৰ খিলিটো টান মাৰি সুৱদিক দেখি আকৌ জপাই দিয়ে৷

“খুৰা ও……… বহুত তেজ গৈছে৷ মা মৰিব নহ’লে৷ কিবা এটা কৰকনা৷ “

“ নহব একো যা যা৷ ডক্টৰ নাই৷ যা………৷ “

“ আপুনি কিয় পাহৰিলে সকলো৷ এটা সময়ত মায়ে আপোনাৰ খাব নোপোৱা দিনবোৰত প্ৰায়ে কিবা খাবলৈ ৰান্ধি দি পঠাইছিল৷ অথচ আজি সেইগৰকীৰে মুখ চাবও নোৱাৰা হৈ গ’ল আপুনি! “

“নুুবুজ কিয়, মইযে বিবশ৷ মোৰ হাত বন্ধা৷ তহতক সহায় কৰা বুলি গম পালে ৰাইজে মোকো এঘৰীয়া কৰিব, বুজিছনে তই৷ “

“আজি একো বুজিব নোৱাৰা হৈছো মই৷ মাৰ ভৰিখনত কিবা বান্ধি দিয়ক৷ নহলে মইয়ো ইয়াতে মোৰ ডিঙি কাটি দিম এতিয়া৷ “
কেৰাচিন তেলৰ চাকিটো হাতত লৈ মানুহজন ওলাই আহিল লাহেকৈ৷ “হু ……… এইটো সানি লৈ মাক সোনকালে লৈ যা ইয়াৰ পৰা৷ তেজ ওলোৱা কমিব৷ কিন্তু অলপ সময়ৰ বাবেহে৷ মই নুচুও তাইক৷ যা যা দেৰি নকৰিবি৷ সময় কম আছে৷ “ গৰুগাড়ীখন সৰু টাউনখনৰ চিকিৎসালয়খনলৈ পোনালে৷
অজাতিৰ ছোৱালী ৰেচমাক বিয়া কৰোৱাৰ বাবে সমাজখনে জকি আছিল নিতিশৰ ওপৰত৷ গাঁৱৰ সকামবোৰলৈ সিহঁতহালৰ অহা যোৱা সকলো বন্ধ কৰি দিয়া হৈছিল৷ “বিয়াৰ পিছত মদ নাখাওঁ সোণজনী, এয়া চা তোৰ মুৰত ধৰি শপথ খাইছোঁ৷ “ ৰেচমাৰ মৰমবোৰ ইমানেই অন্ধ হৈ পৰিছিল যে আগ পিছ একো নুগুণি নিতিশৰ মৰমত ভোল গৈ ঈদৰ আড়ম্বৰত মচগুল হৈ থকা নিজৰ পৰিয়ালক এৰি পলাই আহিছিল তালৈ৷ কি মৰম নিতিশৰ তাইলৈ৷ তাইৰ ভালপোৱা নোপোৱা সকলোলৈ চকু তাৰ৷ প্ৰথম নিশা তাইক বুকুৰ মাজত লৈ কৈছিল, সমাজৰ লগতো যুঁজিম মই তোমাৰ বাবে৷ চাবা এদিন তেওঁলোকেও তোমাক আদৰি ল’ব৷ কি যে নষ্টালজিক মুহূৰ্ত আছিল সেইবোৰ৷ বিয়াৰ এমাহ পাৰ হোৱাৰ পিছতে তাইৰ গা ধোৱা বন্ধ হৈছিল৷ দুয়ো সুখী আছিল ভীষণ৷ কণমাণি এটি জীৱন ধৰালৈ আহিব৷ সিহঁতৰ জৰিয়তে৷ দিনে বাঢ়ি অহা পেটটোৰে কিমান কি যে সপোণ ৰচিছিল সিহঁতহালে৷ সিহঁতৰ সুখবোৰত নজৰ লাগে বুলি নামঘৰ-মন্দিৰ, মছজিদ-মাজাৰ একো বাদ পৰা নাছিল৷ দুবেলা দুমুঠিৰে পেটৰ সন্তানটিৰ সৈতে মনৰ জোখাৰে সুখী হৈ পৰিছিল দিনবোৰ৷ তথাপি মাজে সময়ে এৰিম বুলিও এৰিব নোৱাৰা নিতিশৰ মদ খোৱা অভ্যাসটোৱে তাইৰ মনটো বেয়া নলগোৱা নহয়৷

সি কয় “অলপ সময় লাগিব ও……… লাহে লাহে এৰিম৷ তুমি চিন্তা নকৰিবা৷ “ তাই সেয়াও বিশ্বাসত লয়৷ হয়তো, সি আজিকালি ডাঙৰ দোকান কেইখনলৈ সেইবোৰ খাব নাযায়, তাইৰ বাবে খৰচ কমাই ফলমুল কিনি আনে সেই টকাৰে৷ কিন্তু গাঁৱৰ বিধবা যমুনাৰ আড্ডাত গৈ সেই চুলাই নে কি সেই খোপা খাই আহে৷ সি তাইক খৰচ কমাবলৈহে সেইবোৰ খাঁও বুলি কয়৷ লাহে লাহে কমিব ও বুলি প্ৰতিয়ণ নিয়ায়৷ তাই আকৌ বুজে তাৰ ফুচুলনিবোৰ৷ কিন্তু নিতিশৰ সেই কমবোৰ দিনে দিনে বাঢ়ািবলৈ ধৰে৷ লাহে লাহে কমাবোৰ, লাহে লাহে বাঢ়েহে৷ কেতিয়াবা যমুনাৰ আড্ডাতে নিশাটো পাৰ কৰি অহা হ’ল৷ কেতিয়াবা দুই তিনিদিনলৈ তাতেই থকা হ’ল৷ ৰেচমাই বুজিছিল, সি যমুনাক বুকুৰ মাজত লৈ আজিকালি তাইৰ সৈতে ভগোৱা সপোণবোৰ ভাগবতৰা কৰাত ব্যস্ত৷ সি যমুনাৰ সৈতে সপোণৰ ভাগবতৰা কৰি থকাৰ নিশা এটাতে ৰেচমাৰ পেটৰ বিষটো উজাই আহিছিল৷ তাইৰ গগণফলা চিঞৰ শুনিয়ে কাষৰ ঘৰৰ সৰুমাইৰ মাকেই আহি সুৱদিক হাতত তুলি দিছিল৷ ছোৱালী হোৱা বুলি শুনিয়ে সি আৰু ৰেচমাৰ ওচৰলৈ নহা হ’ল৷ সুৱদিৰ মায়াসনা চকুযুৰিয়ে ৰেচমাৰ বুকুৰ ঘাঁবোৰ লাহে লাহে কমাই আনিলে৷ ইঘৰ সিঘৰত বন কৰি পেটৰ ভাতসাজ যোগাৰ কৰাৰ লগতে সুৱদিৰ সকলো ধুনপেচৰ মোখানি মাৰিছিল ৰেচমাই৷ চোতালত সুৱদিৰ সৈতে খেলি থকা কোনোবাটো আবেলি নিতিশ যমুনাৰ সৈতে আহিছিল, সুৱদিক বিচাৰি৷ চহৰৰ নামী চাহাব এজনে হেনো মোটা অংকৰ বিনিময়ত সুৱদিক কিনি ল’ব বিচাৰিছিল৷ ৰেচমাই প্ৰথমে চিঞৰি চিঞৰি কান্দিছিল৷ কিন্তু নিতিশে মোৰ ছোৱালী মই যি কৰো কৰিম বুলি কণমাণি সুৱদিৰ হাতত ধৰি টানি নিব লওঁতেই তাই মাছ বাচি থকা বঠিখন জোৰেৰে তাৰ গালৈ মাৰি পঠিয়াইছিল৷ থিতাতে নিতিশৰ মৃত্যু হৈছিল৷ যমুনাই ৰাইজক মাতি ভুল ব্যাখ্যা কৰিছিল৷ সভা বহিছিল ডাঙৰ বটজোপাৰ তলত৷ সভাত ৰেচমাই দোষী সাৱ্যস্ত হৈছিল৷ এশ বেতৰ কোব আৰু নিতিশৰ ঘৰ মাটি দুভাগ কৰি এভাগ যমুনাৰ নামত দি দিছিল ৰাইজে বিচাৰ কৰি৷ সমাজৰ পৰা এঘৰীয়া কৰি দিয়া হৈছিল দুয়ো মাক জীয়েকক৷ কোবত লেবেজান হৈ ৰেচমা মাটিতে ছটফটাই পৰি ৰৈছিল৷ সৰুমাইৰ মাকৰ ওচৰত এৰি থৈ অহা সুৱদিয়ে মাকক বিচাৰি কন্দা কটা কৰোতে উপায় নাপাই তাইক ৰেচমাৰ ওচৰলৈ লৈ অনা হৈছিল৷ সভা ভাগি ঘৰাঘৰি হোৱা মানুহবোৰৰ চাওঁনিবোৰে কণমাণি বুকুখনো শেলে বিন্ধাদি বিন্ধিছিল৷ মাকক ধৰি চিঞৰি উঠিছিলে তাই৷ মাকেও তাইৰ বাবেই জীয়াই থকিম বুলি দহোটা বছৰ সমাজৰ পৰা আঁতৰি এঘৰীয়া হৈয়ে জীৱন নিৰ্বাহ কৰি আহিছিল৷ অজাতিৰ ছোৱালী, ঘাতকৰ ছোৱালী, এঘৰীয়া……… ক’ত কি যে আখ্যা শুনা নুশুনাকৈ কুমলীয়া মনত গভীৰ সাঁচ পেলাই গৈছিল সুৱদিৰ৷ হেজাৰ বিড়ম্বনাই আজি সুৱদিক সকলো সহিব পৰাকৈ গঢ়ি তুলিছে৷ কিন্তু তাইৰ বাবে নিজৰ সমস্ত হেৰুৱা মাকজনীৰ কটা ভৰিখন ঠিক কৰিবলৈ অনাই বনাই ঘূৰিও একো কৰিব নোৱাৰি তাইক যেন লেহুকা কৰি তুলিছে আজি৷ মাকৰ কেকঁনিবোৰে যেন কুৰুকি কুৰুকিহে গৈছে তাইক৷

টাউনৰ চিকিৎসালয়খনৰ দুৱাৰত টক টক টকাই চিঞৰিছে তাই৷ নাৰ্চ দুগৰাকীয়ে চকুদুটা মোহাৰি মোহাৰি উঠি আহিক তাইক ধমকি দি ক’লে, “ইমানকৈ উৎপাত কৰিছ কিয়? “
“মা…………মা………৷ “
“মৰিছে নেকি? “
“নাই……… ভৰিখন…………! “
“যা যা, মৰা নাই যদি পুৱা আহিবি৷ ডক্টৰ নাই এতিয়া যা৷ “

ওচৰতে পৰি থকা চিজাৰখন হাতলৈ তুলি তাই ‘এতিয়া তহঁতক কাটিম মাক চিকিৎসা নকৰ যদি’ বুলি হুংকাৰ মাৰি উঠিছিল৷ দুই নং ৱাৰ্ডৰ পেচেণ্ট এগৰাকীক চাই অহা ডাক্টৰ চাহাবে কি হৈছে বুলি সুৱদিৰ হাতত থকা চিজাৰখন থাপ মাৰি টানি নিলে৷ তাই মাকলৈ দেখুৱালে৷ ডক্টৰ চাহাব তাইৰ আৰু মাকৰ বাবে ভগৱান হৈ আহিছিল৷ ইনফেকচনৰ বাবে মাকৰ ভৰিখন আধাতে কাটি পেলাব লগা হৈছিল৷ ভৰিৰ প্ৰচণ্ড বিষে মাকৰ মুৰৰ এটা অংশ বিকল কৰি পেলাইছিল৷ ডক্টৰ চাহাবে ৰেচমাৰ জীৱনটো বচাইছিল যদিও তাইৰ মানসিক ভাৰসাম্য সম্পূৰ্ণ সুস্থ কৰি তুলিব নোৱাৰিলে৷ এসপ্তাহৰ মুৰত সিহঁত ঘৰলৈ উভতি গৈছিল৷ বিনামুলীয়া চিকিৎসাৰে সকলো সহায় পাতি কৰা ডক্টৰ চাহাবক এসপ্তাহে সাজি উলিওৱা চুৱেটাৰটো উপহাৰ দি আহিছিল সুৱদিয়ে৷

গাঁৱৰ চিকিৎসালয়খনত আজি ডাঙৰ উৎসৱ, নতুনকৈ অহা ডক্টৰজনৰ স্বাগতমৰ বাবে৷ এনেবোৰ উৎসৱত সুৱদিহঁতৰ উপস্থিতি বৰ্জনীয়৷ মাকক ঘৰতে খিলি লগাই থৈ সুৱদিয়ে লুকাই লুকাই চাই আছিল সকলো৷ তেনেতে মণ্ডলৰ পুতেকে আহি পিছফালৰ পৰা গবা মাৰি ধৰিলে তাইক৷ “এৰ এৰ মোক, কোননো তই? “ বুলি চিঞৰাত সি তাইক এৰি দি ক’লে, “ৰাতি আহিবি মোৰ ওচৰলৈ, বহুত টকা দিম৷ “ সুৱদিয়ে ভীষণ জোৰত চৰ এটা মাৰি দিলে তাৰ মুখত৷ “চাই লম তোক৷ ইমান কিহৰ অহংকাৰ তোৰ৷ কেওকিছু নোহোৱা ছোৱালী এজনীৰ! “ তাই আঁতৰি যাব লওঁতেই মঞ্চত হুলস্থূল লাগিলে৷ কিনো হৈছে বুলি চাওঁতেই দেখে ৰেচমাক৷ কোনোবা পাকত ৰেচমা ঘৰৰ পৰা ওলাই আহি একেবাৰে মঞ্চত গৈ উঠিলে৷ সুৱদিয়ে মাকক মঞ্চত দেখি হতবাক হৈ পৰিল৷ কি কৰিব কি নকৰিব…………! তাই মাকৰ ওচৰলৈ গৈ পায় মানে দুজনমান মানুহে মাকক টানি মঞ্চৰ পৰা নমাই আনিলে৷ পুৰণি স্কুল ঘৰৰ ভেটিটোলৈ লৈ গৈ ৰেচমাক গৰু বন্ধা পঘাডালেৰে বান্ধি পেলালে৷ “ইমান সাহস তোৰ যে তই সমাজৰ নিয়ম ভাঙিব পৰা হ’লি! “, , মুখীয়া এগৰাকীয়ে ৰেচমাৰ চুলিখিত খামুচি ধৰি চিঞৰিলে৷ ৰেচমা কুচি মুচি বহি ৰ’ল৷ তেনেতে সুৱদি সোমাই গৈ একেবাৰে মাকক সাৱটি ধৰিলে৷ ক’ত’ কাকূতি মিনতি কৰিলে, “মাক এৰি দিয়ক৷ মাৰ মানসিক স্থিতি ঠিক নহয়৷ “ নুশুনিলে কোনেও৷ বৰঞ্চ সুৱদিকো মাকৰ কাষতে পিঠিত পিঠি কৰি পঘা ডালেৰে নিকপকপীয়াকৈ বান্ধিলে৷ সমাজৰ ৰোষত পৰা মাক জীয়েকক সন্ধিয়া বিচাৰ কৰা হ’ব বুলি তেনেকৈয়ে এৰি থৈ গ’ল তেওঁলোক৷

হাঁহি ফূৰ্তি, ৰঙ ৰহইচেৰে ভৰপুৰ অনুষ্ঠানটোৰ নাচ গানৰ শব্দবোৰে একো একোপাত শেল হৈ বিন্ধিলে সুৱদিক৷ তাতে আকৌ আজলী মাকৰ ’ভোক লাগিছে ও মোৰ’ বুলি ধৰা ৰাউচীবোৰে সুৱদিক ছটফটাই তুলিলে৷ বহু টানি আজুৰিও ৰচীডাল অলপো নিচিঙিলে৷ দুয়োৰে হাতৰ পৰা টনা আজোৰাত তেজহে সৰসৰাই নিগৰি আহিলে৷ ওফ্……… মাৰ হাতেৰেও তেজ বিৰিঙিছে৷ সুৱদিয়ে সময়ৰ হাততে নিজকে এৰি দিলে৷ কিন্তু সিহঁত সন্ধিয়ালৈ ৰ’ব লগা নহ’ল৷ অনুষ্ঠানৰ অন্তত ডক্টৰ চাহাব গুচি যোৱাৰ লগে লগে সেই ঠাইতে বিচাৰ বহিল৷ “এগৰাকী অজাতিৰ মহিলাৰ, স্বামী হত্যাকাৰীৰ ইমান সাহস যে এঘৰীয়া কৰাৰ পাছতো আজি আহি মঞ্চত উঠিলে৷ এইবোৰক এনেদৰে চল দিয়া নহব৷ “- চিঞৰি উঠিলে মণ্ডলৰ পুতেকে৷ তথাকথিত গাঁৱৰ শাসনভাৰ লৈ থকা মুখীয়া কেইগৰাকীও একেলগে প্ৰতিপত্তিশালী মণ্ডলৰ পুতেকৰ কথাতে হয়ভৰ দিলে৷ কোনেও মাত নামাতে তেওঁলোকৰ ওপৰত৷ সুৱদীৰ প্ৰতিবাদবোৰ সিহঁতবোৰৰ অমানুসিক কিৰিলিৰ তলত নিশব্দে পৰি ৰ’ল৷ মণ্ডলৰ পুতেকৰ সুৰতে সুৰ মিলাই গাঁৱৰ পঞ্চায়তে সুৱদিক সেই নিশাই গাঁও ত্যাগ কৰাৰ আদেশ দিলে৷ অন্যথাই সিহঁতক ৰাইজৰ কথা অমান্য কৰাৰ বাবে জুইত পেলাই মাৰাৰ হুমকি দিলে৷ গাঁও ফূৰিব যোৱা ডক্টৰ চাহাবজনে সেইখিনিলৈ পুনৰ উভতি আহি সুৱদিহঁতক তেনেদৰে দেখি নিজেই আগভাগ লৈ নামি আহি কি হৈছে সুধিলে৷ দহবছৰ আগতে সত্যক গাপ দিয়াৰ দৰে এইবাৰো সুৱদিক মাতিব নিদিলে কোনেও৷ ক’ৰ’বাত যে কিবা কেৰোণ আছে সেয়া যেন ডক্টৰ চাহাবে সুৱদিৰ চকুলৈ চাইয়ে ধৰিব পাৰিছিল৷ বলেৰে নহয়, এই নিৰক্ষৰ লোকসকলৰ সৈতে বুদ্ধিৰেহে কাম কৰিব লাগিব৷ তেওঁ সেই ঠাই ত্যাগ কৰিয়ে পুলিচত খবৰ দিলে৷ সেইবাৰেই প্ৰথম পুলিচে ভৰি দিয়া সেইখন গাঁৱত সুৱদি আৰু ৰেচমাই সুবিচাৰ লাভ কৰিলে৷ সকলো দিশ চালি জাৰি সুৱদিহতক নিৰ্দোষী সাৱস্ত্য কৰিলে৷ এঘৰীয়া কৰা সমাজখনেই সিহঁতক আজি আকৌ মানসহকাৰে সমাজত স্থান দিলে৷ “ সমাজ এখন গঢ়াত শিক্ষাৰ যে কিমান দৰকাৰ সেয়া সকলোৱে বাৰুকৈয়ে বুজাৰ দৰকাৰ৷ আইন থাকোতে কোনোবাই কৰা অন্ধ বিচাৰৰ অন্ধ সমৰ্থক হৈ নিজেই জানো শাস্তি প্ৰদান কৰিব পাৰি৷ এনেবোৰ উপলক্ষ্যৰ ভেটিতেই শিক্ষা অপৰিহাৰ্য্য অংগ হৈ পৰে৷ উপযুক্ত সাক্ষ্য অৱিহনে এঘৰীয়া কৰা, হত্যাকাৰী আখ্যা দিয়া……… এইবোৰ ভাবিবলগীয়া বিষয়৷ অজাতিৰ বুলি সমাজত স্থান নিদিয়া……… এনেকুৱাও নিয়ম বাৰু হয়নে৷ মানুহ মানুহেই, , সকলো তেজ মঙহৰেই গঢ়া৷ তদুপৰি মাকৰ কোলাত থকা কণমাণি এজনীয়ে যে বিনাদোষে জীৱনৰ পোন্ধৰটা বছৰ উপেক্ষিত হৈ ৰ’ল৷ কোন দোষী তাৰবাবে? “- ডক্টৰ চাহাবৰ কথাবোৰ সকলোৱে মন দি শুনি আছিল৷ তাৰ মাজৰেই এজনে থিয় দি সকলোৰে হৈ সুৱদিৰ ওচৰত ক্ষমা বিচাৰিলে আৰু সুৱদিহতক প্ৰাপ্য সন্মানে প্ৰদান কৰিলে৷

দখনাখন ভালদৰে বান্ধি সেই ওখ ঢাপটোত বহি সুৱদিয়ে পানীলৈ শিলগুটিবোৰ দলিয়াই আছে৷ প্ৰভেদ মাথোঁ ইমানেই সেইদিনা দুখত, জীৱনক ধিক্কাৰ দি৷ আৰু আজি এটি নতুন দিন, নতুন জীৱনৰ আৰম্ভণি বুলি৷ যিখন নৈয়ে তাইৰ অতীত বহন কৰিছিল, আজি যেন তাইৰ সুখবোৰ দেখি আন্দোলিত হৈ ঢৌৱে ঢৌৱে ঢৌ তুলি নাচিছে৷ সমাজৰ এই নিঃকিন মনোভাৱৰ সৈতে যুঁজ দিবলৈ বহুজনী সুৱদীক জগাই তুলিম বুলি তাই নিজতে নিজে প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!