এটা এৰি যোৱা ভাঁজ
মূল হিন্দী: এক মোড় ছুট গয়া হ্যে, কবি দীপ্তি নৱল
অনুবাদ: ৰীতিমালা
ৰাস্তাটোৰে আহি থাকোঁতে
পিছপিনে ক’ৰবাত
এটা ভাঁজ এৰি আহিলোঁ
যিটো ভাঁজেৰে খোজ পেলালে
লক্ষ্যপ্ৰাপ্তিৰ দিশে আগুৱাব পাৰি
বিচাৰি থাকোঁতে বহুদিন পাৰ হ’ল
কিন্তু
এনেকুৱা এটাও পথ নাই
যিটোৰে উলটি সেই ভাঁজটো পাব পাৰি…