এটা মাতাল উজাগৰী নিশা তোমাৰ নামত (মনোজ মন কলিতা)

monoj mon's copy right ...এই, এই পানেশৈ !
চাওঁ ! শুই গ’লা নেকি ?
সৌ সিদিনা তোমাক দেখিছিলো যে,
পাতৰ আঁৰ লৈ লুকাই আছিলা,
তুমি জানো মোকেই বিচাৰি ফুৰা নাছিলা !
এই দুষ্ট! তুমিয়েই আছিলাচোন,
হোষ্টেলৰ ন’টিছ ব’ৰ্ডত মোৰ নম্বৰ বিচৰা পানেশৈ |
তোমাৰ মনত আছে বা নাই !
কোনো কাৰণ নোহোৱাকৈ কথা পাতিছিলোঁ আমি,
লাং-পাং, বেবেৰি-বাং ;
মনত পৰিছে !
হাঃ হাঃ হাঃ !
মা কছম, তুমি লিখা কবিতা দেখি
মই ফিদা হৈ গৈছিলোঁ !
ম’ৰা চৰাইৰ পাখি লগাই নাচি উঠিছিল মোৰ মন|
ঝৰ ঝৰ ঝৰ কৈ বৰ্ষা নামিছিল,
জুনুক জুনুক নুপুৰ বাজিছিল চাৰিওদিশে !
মোৰ মনে চিঞৰি দিছিল,
“মাৰ আঁচলৰ শপত, মই তোমাক খুব ভাল পাওঁ” |
কি চিনেমেটিক হৈ পৰিছিলো মই !
“একুট, দুকুট, তিনিকুট”,
দেও দি দি পাৰ হৈ গ’ল সময়বোৰ |
এতিয়া শ্মশান দেখিলে পাগল হৈ যাও জানা পানেশৈ,
এবাৰ তাত শুবলৈ বৰ হেপাহ |
ইমান সেমেকা মোৰ চাৰিওকাষ !
সেইবাবেই মই বুঢ়া বাবাৰ ভক্ত |
গা-মন উৰুৱাই নিয়ে,
উৰৰৰইইই ফুৰোঁ মই |
এই পানেশৈ, তুমি শুয়েই আছা !
শুনানা, প্লিজ, মোৰ কথা এবাৰ শুনা,
মোৰ গান শুনিবলৈ তুমিয়েই বিচাৰি ফুৰিছিলাচোন
ৰিলায়েন্সৰ নতুন নতুন স্কিম,
আজি এক মিনিট হে বিচাৰিছো | এই, শুনা !
তোমাৰ ওঁঠৰ জোখ লোৱা বহুত দিন হ’ল ,
এই, উঠানা, প্লিজ |

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!