এটা শিহৰণকাৰী অভিজ্ঞতা(প্ৰমোদ নাথ)

২০১২ চনৰ জুলাই মাহৰ ২০ তাৰিখ, পুত্ৰ-পৰিবাৰৰ সৈতে ডিব্ৰুগড় ৰ পৰা কাজিৰঙাৰ ( কুঠৰী ) ঘৰলৈ গৈছিলো৷ সেই সময়ত মোৰ ল’ৰাৰ বয়স ৩ বছৰ হো‌ৱাগৈ নাই৷ সাধাৰণতে মই ৫ ঘণ্টা মানত ডিব্ৰুগড়ৰ পৰা কুঠৰীৰ ঘৰ পাওঁ৷ উৎকট গৰম সেইদিনা, যদিও বানপানী চাৰিওফালে৷ আমি দিনৰ ১০ টা মান বজাত ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’লো৷ যোৰহাট ঠিক ১-৩০ মান বজাত পাইছোঁ, যোৰহাটতে আকৌ শ্ৰী মতীৰ বায়েকৰ ঘৰ৷ বায়েকৰ ঘৰ চেৰ পেলাইনো কেনেকৈ যায়, ঘৰত গৈ কন্দল হো‌ৱাৰ ভয়ত এপাক সোমায়ে দিলো৷ দুপৰীয়া যো‌ৱাৰ বাবে ভাতকে খো‌ৱাৰ যোগাৰ চলিল৷ গৰমৰ প্ৰকোপো বেচি, সকলোৰে অনুৰোধ অলপ বেলি পৰিলে যাবলৈ৷ সেয়েহে মইয়ো অকমান বিচনাতে বাগৰ দিলো৷ অলপ সময়ৰ পাচতেই দেখো ৪ টাই বাজিল, লৰালৰিকে ওলাই ৪-৩০ মানত আকৌ যাত্ৰা আৰম্ভ কৰিলো৷ বোকাখাট ঠিক ৬ টা মান বজাত পালো, বোকাখাটতে ঘৰলৈ বুলি কিবা কেইটামান মনালিচা হোটেলতে ল’লো৷

দিনটোৰ গৰমত গাড়ীৰ দৰ্জা খিৰিকী বন্ধ কৰি শীততাপ নিয়ন্ত্ৰণ কৰি গৈ আমনি লাগিছিল৷ বোকাখাটৰ পৰা গাড়ীৰ চাৰিওখন খিৰিকী খুলি লাহে লাহে গৈ আছো৷ আন্ধাৰ অলপ অলপ হৈছেই, কহঁৰা পাওঁতে প্ৰায় মানুহে চাকি-বন্তি লগাইছে৷ বানপানী চাৰিওফালে, মানুহ বোৰে গৰু গাই ৰাস্তাতে বান্ধিছে৷ আগতে হাতীঘুলী বাগান পাৰ হৈ কাজিৰঙা কাজিৰঙা যেন লগা দুয়োফালে ডাঙৰ গছ গছনি থকা ৰাস্তাটো সৰু বানপানী হ’লেই বুৰ যায়৷ সেই দিনাখন ৰাস্তাটো বুৰ যো‌ৱাগৈ নাই, কিন্তু ৰাস্তাৰ অলপ তলতেই পানী৷ আমি ঠিক হাতীঘুলী বাগান খন পাৰ হৈ দুই কিল’মিটাৰ মান গৈছোঁ, গাড়ীৰ হেডলাইটত ভালকে মণিব পৰাকৈ প্ৰায় ২০-২৫ মিটাৰ মান দূৰত্বত এটা পূৰ্ণ বয়স্ক ঢেঁকীয়াপটীয়া বাঘ সোঁফালৰ পৰা বাওঁফালে লাহে লাহে ৰাষ্টা পাৰ হৈছে৷ মোৰ গাড়ীৰ গতিবেগ ঘণ্টাত ৪০-৫০ কিমি মান আছিল৷ দেখাৰ মাত্ৰকে শ্ৰী মতীক ক’লো, তেওঁ আৰু মোৰ ল’ৰাটো আগফালৰ চিটত বহি আছিল৷ দেখি ফূৰ্টি লাগিছিল, কাৰণ মোৰ ঘৰ কাজিৰঙাতে যদিও ভালকৈ বাঘ আগতে দেখা নাছিলো৷ মই গাড়ীৰ বেগ কমাই দিলো, ১০-২০ মানলৈ আহিল৷ লাহে লাহে গৈ আছো আৰু বাঘটো সোমোৱা ঠাই টুকুৰা চাইছো, আম গছ কেইজোপা মানৰ সৈতে জাৰণি৷ মুহূৰ্তৰ ভিতৰতে গাড়ীৰ পাৰ্শ্ব পোহৰত মণিব পৰাকে কাষৰ পৰা হুউউউউউউম হাওওওওওও কে ডাঙৰ শব্দ এটা শুনিলো আৰু পলকতে গাড়ীৰ পিচফালে ধুমকৈ শব্দ কৰি প্ৰচণ্ড জোকাৰণি মাৰিছে৷ বুজিবলৈ বাকী নাথাকিল কিহৰ শব্দ সেইটো৷ মই গাড়ী যি গিয়েৰতে নাথাকক এক্সিলেটৰত যিমান শক্তি আছে ভৰিৰে চেপিব ধৰিলো৷ গাড়ী আগবাঢ়িল আৰু লাহেকৈ বেগ বঢ়ালো৷ উহঃ কি যে এক পৰিস্হিতি, ৫ মিনিটৰ ভিতৰতে গোটেই ঘটনাটো সংঘটিত হ’ল৷ সেই সময় খিনিত কোনো গাড়ীয়ো অহা নাছিল, একেউশাহে গৈ হালধিবাৰী মন্দিৰ পালোগৈ, তাৰ পৰা ৩ কি: মি: মান হ’ব৷ মাত্ৰ এজন মানুহ চাইকেল লৈ গৈ আছে৷ তেওঁক বাঘ ওলো‌ৱা কথা কলো৷ তেওঁ অলপ ভয়ো খালে৷ মানুহজনে জানেও সেই ঠাই টুকুৰাত কেতিয়াবা বাঘ ওলায়৷ মোৰ গাড়ীৰ পৰা নামিবলৈ সাহস নহ’ল৷ কিনো হৈছে চাবলৈ বুলি ঘৰতহে চাম বুলি থৈ দিলো৷

১০ মিনিটৰ পাছতেই ঘৰ পালোহি, পায়েই চালো যে ঠিক পাচ চকাৰ ওপৰফালে এটুকুৰা ঠাই বহি গৈছে আৰু নখৰ আঁচোৰ দুটা ঠাইত। উসঃ ভগবান ৰক্ষা কৰিলা, ইফালে ল’ৰা আৰু ল’ৰাৰ মাকেও খুব ভয় খালে৷ ইয়াৰ পাচত ঘৰৰ আৰু ওচৰৰ বিভিন্ন বিশেষজ্ঞই বিভিন্ন মত আগ বঢ়ালে৷ আমাৰ ঘৰৰ একেবাৰে কাষৰ বিচিত্ৰা জেঠাইদৈয়ে বৰ ভাল হ’ল বুলি ক’লে৷ ক’লে যে বনৰজাৰ চাপ ক’ৰবাত থাকিলে ভাল৷ মোক কলে তই কিন্তু এই চাপটো নাইকিয়া কৰি নেপেলাবি৷ এইটো ভালেই হৈছে দে৷

আচলতে বাঘটোয়ে জাঁপটো মানুহলৈ বুলিয়ে মাৰিছিল৷ গাড়ীখন বেগত থকাৰ কাৰণে জাঁপটো অলপ পাচফালে পৰিলগৈ৷ যদি কেনেবাকৈ আৰু অলপ ওপৰত পৰিলেহেঁতেন গাড়ীৰ খিৰিকী আইনাৰ ওপৰত পৰিলে হয়৷ বাঘৰ ঢকা যদি কেনেবাকৈ গাত পৰাহেঁতেন, ৰক্ষা নপৰিলোহেঁতেন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!