এণ্ড’মেট্ৰ’চিছ ৰোগ আৰু মাতৃত্বহীনতা- পংকজ বৰুৱা

 

আমাৰ চাৰিও ফালে সমাজত এনে বহু দম্পতী দেখিবলৈ পোৱা যায় যাৰ বৈবাহিক জীৱন বহু দীঘলীয়া হোৱাৰ স্বত্বেও পিতৃ মাতৃ হোৱাৰ সৌভাগ্যৰ পৰা বঞ্চিত৷ প্ৰত্যেক মানুহৰে জীৱনৰ আটাইতকৈ ডাঙৰ আশাটোৱে হ’ল বিবাহ কাৰ্য সম্পন্ন কৰি যুগ্ম জীৱনত এটি সন্তান লাভ কৰা আৰু সেই সন্তানৰ পৰা শৈশৱত শিশু সুলভ আচৰণৰ পৰা নিজৰ শৈশৱক এবাৰ পুনৰ ঘূৰাই পোৱাৰ হাবিয়ােস ইয়াৰ মাজেৰে তেওঁলোকে এক স্বৰ্গীয় অনুভূতি অনুভৱ কৰে৷ এই সন্তানে নিজৰ বংশগতিক আগবঢ়াই নিয়াৰ লগতে ভৱিষ্যত জীৱনৰ সাৰথি হিচাপে বিচাৰে প্ৰত্যেক পিতৃ মাতৃয়ে৷ কিন্তু বহু লোকেই এনে সুখ জীৱনত ভোগ কৰিব নোৱাৰে কিছুমান মানৱ দেহত হোৱা অসুখৰ বাবে৷ মোৰ সেই সকল দম্পতীৰ মুখলৈ চাই বেয়া লাগে যাৰ আজিও সন্তান নাই৷ কেতিয়াবা সুধিব বিচাৰোঁ বা ক’ব বিচাৰোঁ কোনোবা বিশেষজ্ঞ ডক্টৰৰ লগত পৰামৰ্শ কৰক বুলি কিন্তু কি বুলি সুধিম তাক ভাবি নাপাওঁ আৰু থমকি ৰওঁ৷ দুদিন মানৰ আগত মোৰ এজন সহপাঠী মোৰ আত্মীয়ক লগ পালো যি এই সমস্যাত ভুগি আছে৷ কথা পাতিলো তেওঁ অৱশ্যে বহু চিকিৎসা কৰাইছে আৰু চিকিৎসাই কিছু তেওঁক আশাৰ ৰেঙণি দেখুৱাইছে তেওঁৰ গৰ্ভধাৰণ হৈছে৷ তেওঁৰ লগত কথা পতাৰ পিছতে মই এই বিষয়ে অলপ অধ্যয়ন কৰোঁ আৰু সেই অধ্যয়নৰ পৰা যি মই জানিছো তাকে প্ৰকাশ কৰিছো এই লেখাৰ মাজেৰে৷ মই কোনো চিকিৎসক নহয়, মোৰ প’ষ্টটো যদি কোনো অভিজ্ঞ চিকিৎসকে পঢ়ে এই বিষয়ে সবিশেষ দিহা পৰামৰ্শ দি সকলোকে উপকৃত কৰিব বুলি আশা ৰাখিলো৷

এণ্ড’মেট্ৰ’চিছ এনে এবিধ ৰোগ যি মহিলাক মাতৃত্বৰ সুখ লভাৰ পৰা বঞ্চিত কৰে৷ এই ৰোগৰ বিষয়ে প্ৰায় মানুহে অজ্ঞাত৷ পৃথিৱীত ১৭ কোটিতকৈ অধিক মহিলা এই ৰোগৰ দ্বাৰা আক্ৰান্ত৷ এই ৰোগ মহিলাৰ গৰ্ভাশয়ত হয় আৰু এণ্ড’মেট্ৰিয়াম কেশিকাৰ সৃষ্টি হয় যাৰ ফলত গৰ্ভাশয়ৰ ভিতৰত এক আৱৰণৰ সৃষ্টি কৰে আৰু ই বাঢ়ি গৈ গৰ্ভাশয়ৰ বাহিৰ ফালেও বিয়পি পৰে আনকি অণ্ডাশয়, ফেল’পিয়ান টিউব আদি কৰি অনান্য প্ৰজনন অংগ সমূহলৈও বিয়পি পৰে৷ এই আৱৰণ বঢ়াৰ লগে লগে মহিলাৰ গুপ্তাংগৰ সন্মুখৰ ভাগত অতিৰিক্ত কেশিকা সৃষ্টি হয়৷ যেতিয়া এই আৱৰণ ফেল’পাইন টিউব পায়হি তেতিয়া ই অণ্ডাশয়ৰ কাৰ্যক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায় যি বন্ধ্যাত্বৰ কাৰণ হয়গৈ যিহেতু শুক্ৰাণু ফেল’পিয়ান টিউবলৈকে যাব নোৱাৰে৷ যেতিয়া এণ্ড’মেট্ৰ’চিছে শৰীৰৰ আভ্যন্তৰীণ প্ৰজনন অংগ তথা বৃক্ক আদিক প্ৰভাৱিত কৰে এই অৱস্থাক ফ্ৰ’জ’ন পেব্লিছ বুলি কোৱা হয়৷

এণ্ড’মেট্ৰ’চিছ ৰোগ হ’লে মহিলা সকলে যি অসুবিধা পায় ইয়াক মাহেকীয়া ঋতুস্ৰাৱৰ অসুবিধা বুলি ভাবি বহুতে আওকাণ কৰে৷ সমষ্ট পৃথিৱীতে এই বেমাৰৰ লক্ষণক লৈ মানুহৰ মাজত সজাগতাৰ অভাৱ পৰিলক্ষিত হয়৷ এই ৰোগ উঁইৰ দৰে যি মহিলাৰ গৰ্ভাশয়ক ভিতৰৰ ফালৰ পৰা আৱৰি ধৰে আৰু সন্তান লভাৰ সুখৰ পৰা বঞ্চিত কৰে৷

এণ্ড’মেট্ৰ’চিছ ৰোগৰ লক্ষণ সমূহ হ’ল—–
মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ যি কেতিয়াবা গোটেই মাহজুৰি হ’ব পাৰে৷
পিঠিৰ বিষ হ’ব পাৰে৷ কান্ধত বিষ থাকিব পাৰে অহৰ্নিশে৷ তপিনাত অত্যন্ত বিষ অনুভৱ হ’ব পাৰে৷ প্ৰস্ৰাৱত তেজ যাব পাৰে৷ শৰীৰৰ তল পেটত টানি ধৰাৰ দৰে অনুভৱ হ’ব পাৰে৷ ঋতুস্ৰাৱৰ আগত শৰীৰৰ মাংসপেশীসমূহ টানি ধৰাৰ দৰে অনুভৱ হ’ব পাৰে৷ ঋতুস্ৰাৱত বেছিকৈ তেজ যোৱা আদি এই বেমাৰৰ প্ৰধান লক্ষণ৷

এই বেমাৰ মহিলাৰ দেহত বাহ্যিক কাৰণৰ বাবে নহয় শৰীৰৰ আভ্যন্তৰীণ অসন্তুলনৰ বাবেহে এই বেমাৰ হয়৷ অনিয়মিত জীৱনশৈলী, মানসিক অশান্তি, আদিৰ বাবে গৰ্ভাশয়ত অতিৰিক্ত কেশিকাৰ জন্ম হৈ এই ৰোগৰ সৃষ্টি কৰে৷ কিবা প্ৰকাৰৰ ঘা বা চাৰ্জাৰী ও এই বেমাৰ হোৱাৰ কাৰণ হ’ব পাৰে৷

এই বেমাৰ হ’লে মহিলাৰ তল পেটত বিষ অনুভৱ হয়৷ গৰ্ভধাৰণ কৰিব নোৱাৰে৷ হাঁড়ৰ ভিতৰত বিষ অনুভৱ হয়৷ ছাল কোঁচ খাব পাৰে, চুলি সৰিব পাৰে, পকিব পাৰে৷ কথা পাহৰিব পাৰে, খিংখিঙীয়া স্বভাৱৰ হ’ব পাৰে৷ উচ্চ ৰক্তচাপত ভুগিব পাৰে, বৃক্ক দুৰ্বল হৈ গৈ থাকে৷ চকুৰ দৃষ্টি শক্তি কমি যায়৷ এই ৰোগত আক্ৰান্ত মহিলাৰ গৰ্ভধাৰণ নহয় কাৰণ শুক্ৰাণু ফেলোপিয়ান টিউবলৈ যাব নোৱাৰে৷
ইয়াৰ উপৰিও মাহেকীয়া ঋতুস্ৰাৱ সমন্ধীয় বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে পেব্লিক অংশত তেজৰ চেঁকুৰা জমা হ’ব পাৰে৷ পেব্লিক অংশ ভৰি আৰু পেটৰ মাজত অৱস্থিত অংশ৷ এই অংশই মুত্ৰাশয় আৰু প্ৰজনন অংগক সমৰ্থন কৰে৷

এই ৰোগ হ’লে ডক্টৰে গৰ্ভাশয়ৰ পৰীক্ষা কৰে৷ গৰ্ভাশয়ৰ পৰীক্ষা লেপাৰ্ছকপিৰ জৰিয়তে কৰা হয়৷ লেপাৰ্ছকপি চাৰ্জাৰীৰ সহায়ত গৰ্ভাশয়ৰ ভিতৰত হোৱা অতিৰিক্ত কেষিকাসমূহ কাটি আঁতৰোৱাৰ বাবে প্ৰয়োগ কৰা হয়৷ এই চাৰ্জাৰীত সূক্ষ্ম কেমেৰাৰ সহায়েৰে গৰ্ভাশয়ৰ নিৰীক্ষণ কৰি অতিৰিক্ত কোষ সমূহ আঁতৰাই দিয়া হয় বা লেজাৰ দি জ্বলাই দিয়া হয়৷
চাৰ্জাৰীৰ পিছতো পুনৰ এই ৰোগ হ’ব পাৰে সেয়ে কেইবাবাৰো চাৰ্জাৰী কৰাৰ আৱশ্যক হ’ব পাৰে৷
বিষ নিবাৰক টেবলেট দিয়া হয়৷ নিয়মিত ভাৱে শৰীৰ চৰ্চাৰ পৰামৰ্শ দিয়া হয় যাতে মাংসপেশীৰ জড়তাসমূহ দূৰ হয়৷ চ’ন’গ্ৰাফীৰ সহায়েৰে এণ্ড’মেট্ৰ’চিছৰ উপস্থিতি ধৰা পেলোৱা হয়৷ ম’ন’ৰ্পজ ৰ সহায়ত এণ্ড’মেট্ৰ’চিছৰ বৃদ্ধিক ৰোধ কৰা হয় যাৰ বাবে হৰমনেল দৰৱ দিয়া হয়৷ এই বেমাৰৰ চিকিৎসা কৰোঁতে পাৰ্শ্বক্ৰিয়া হোৱাও দেখা যায়৷ এণ্ড’মেট্ৰ’চিছৰ সমস্যা ম’ন’ৰ্পজৰ পিছতহে দূৰ হয়৷ ইয়াৰ চিকিৎসা হিচাপে হিষ্টেৰেক্টমী নামৰ চাৰ্জাৰীও কৰা হয় য’ত গৰ্ভাশয় আৰু গৰ্ভাশয় গ্ৰীৱাক আঁতৰোৱাৰ লগতে দুয়ো অণ্ডাশয়কো বাহিৰ কৰা হয়৷

গৰ্ভাশয়ৰ তলৰ ভাগক গৰ্ভাশয় গ্ৰীবা বুলি কোৱা হয় যি গৰ্ভাশয় আৰু মহিলাৰ গুপ্তাংগক সংযোগ কৰে৷ গৰ্ভাশয় গ্ৰীবাৰ দুটা ভাগ থাকে এটা ভাগক এণ্ড’চাৰ্ভিছ আৰু আনটোক এক্ট’চাৰ্ভিছ বোলা হয়৷

অণ্ডাশয়ত দুটা সৰু সৰু কণীৰ আকৃতিৰ অংগ থাকে যি গৰ্ভাশয়ৰ দুয়োফালে সংযুক্ত হৈ থাকে৷ অণ্ডাশয় অণ্ডৰে ভৰি থাকে যি প্ৰতিজনী ছোৱালীৰ ভ্ৰুণ সৃষ্টি হোৱাৰ লগতে সৃষ্টি হয়৷ প্ৰত্যেকজনী ছোৱালীৰ অণ্ডাশয়ত ১০ ৰ পৰা ২০ লাখ অণ্ড থাকে যি বয়স বঢ়াৰ লগে লগে কমি আহে৷ প্ৰজনন সময়ত গৰ্ভধাৰণ প্ৰক্ৰিয়া এই অণ্ডাশয়ৰ পৰাই আৰম্ভ হয়৷ প্ৰতিগৰাকী ছোৱালীয়ে প্ৰথম ঋতুস্ৰাৱৰ পৰা ম’ন’ৰ্পজ লৈকে ৪০০ অণ্ড এৰে৷
ফেল’পাইন টিউব আৰু গৰ্ভাশয়ক অকামিলা কৰা এই এণ্ড’মেট্ৰ’চিছ ৰোগ বন্ধ্যাত্বৰ কাৰণ হয়গৈ৷ সময়মতে চিকিৎসা নকৰাৰ বাবে বহু সময়ত এই বেমাৰত জটিলতা আহে৷

এণ্ড’মেট্ৰ’চিছ ৰোগত আক্ৰান্ত মহিলাই গৰ্ভধাৰণ কৰাবৰ বাবে IVF ট্ৰিটমেণ্ট ল’ব পাৰে, IVF মানে হ’ল In vitro fertilisation এই প্ৰক্ৰিয়া নিষেচনৰ বাবে শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত বিক্ৰিয়াৰ বাবে কাম কৰে৷ অধিক ডিম্বাণুৰ প্ৰস্তুতৰ বাবে উৰ্বৰতা বৃদ্ধিৰ ঔষধ দিয়া হয়৷ চাৰ্জাৰীৰ সহায়ত ডিম্বাণুক বাহিৰ কৰি প্ৰয়োগকক্ষত কালচাৰ ডিক্সত শুক্ৰাণুৰ সৈতে লগলগাই নিষেচন প্ৰক্ৰিয়াৰ বাবে থৈ দিয়া হয়৷ এই প্ৰক্ৰিয়াৰে সৃষ্ট ভ্ৰুণক পুনৰ মহিলাৰ গৰ্ভাশয়ত সংস্থাপন কৰা হয়৷ এই প্ৰক্ৰিয়া সফল হ’ল নাই ১৪ দিনৰ পাছত প্ৰেগনেন্সি টেষ্টৰ জৰিয়তে জানিব পাৰি৷

World Endometriosis Research Foundation (WERF) ৰ ২০১১ চনৰ এক চাৰ্ভেৰ তথ্যমতে এণ্ড’মেট্ৰচিছত সমগ্ৰ বিশ্বতে ১৭.৬ কোটি মহিলা তথা ছোৱালী আক্ৰান্ত৷ বছৰৰ মাৰ্চ মাহটো Endometriosis ৰোগৰ প্ৰতি সচেতনতা বঢ়োৱাৰ নামত বিশ্বস্বাস্থ্য সংস্থাই সমৰ্পিত কৰিছে৷ এই ৰোগত আক্ৰান্ত মহিলা সকলক দেখিলে আপুনি অনুভৱ কৰিব নোৱাৰে তেওঁলোকৰ সীমাহীন দুখক, মানসিক শাৰীৰিক কষ্টক৷ এনে মহিলাক কেতিয়াও অপমান নকৰিব বাজী কুলক্ষণী আদি কৈ৷ প্ৰায়ে সমাজত দেখোঁ এনে মহিলাক তিৰস্কাৰ কৰা, বেয়া ব্যৱহাৰ কৰা শহুৰ শাহু স্বামী আদিৰ দ্বাৰা আনকি ওচৰ চুবুৰীয়া আদিয়েও কটু সমালোচনা কৰে৷ এই মহিলা সকল ভিতৰি ৰোগাগ্ৰস্ত আপোনাৰ মোৰ বা নিজৰ অসচেতনতাৰ বাবে তাৰ বাবে মহিলা গৰাকীকে দুখ দিয়াটো উচিত নহয়৷ চিকিৎসকৰ পৰামৰ্শ লওক উচিত চিকিৎসা কৰাওক, মহিলা গৰাকীৰ খোৱা বোৱা স্বাস্থ্যৰ যতন লওক মানসিক ভাৱে অত্যাচাৰ কৰাৰ পৰিবৰ্তে মানসিক ভাৱে সবল কৰাৰ প্ৰয়াস কৰক, মৰম আদৰ দিয়ক দেখিব এদিন আপোনালোকৰ প্ৰচেষ্টাই সাৰ্থকতা লভিছে আৰু পিতৃ মাতৃ, ককা আইতা, দদাই পেহী, নিচাও আদি হোৱাৰ গৌৰৱ অনুভৱ কৰিছে৷
মোৰ এই লেখা এণ্ড’মেট্ৰচিছ ৰোগৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ বাবে যাতে এই ৰোগত আক্ৰান্ত সকলৰ উচিত চিকিৎসা আগতীয়াকৈ কৰাব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!