এতিয়া সকলো জীৱনৰ দস্তাবেজ, অনুৰাধা..( – মিঠু শইকীয়া)

এতিয়া সকলো জীৱনৰ দস্তাবেজ, , অনুৰাধা..
– মিঠু শইকীয়া৷

Picasso Pablo - Absinthe (Girl in a Cafe)
Picasso Pablo – Absinthe (Girl in a Cafe)

তুমি মোক যি এৰি গ’লা, ,
সচাঁই, , মোক এৰি গ’লা অনুৰাধা…
(হা…হা…)
তুমি চাগৈ ভাবিছা, ,
তুমি মোক এৰি গ’লা৷ ৷ আৰু মই! !
(হা…হা…)
কেইটামান বিলাতী সুৰাৰ
বটল কোট্..কোট্..কৈ গিলি
সুৰাৰ ৰাগীত মাতাল হৈ, ,
কোনোবা নৈৰ পাৰত ধপলংখাই
তোমাক চিঞৰি..চিঞৰি..মাতিম৷ ৷
এষোপামান হকে-বিহকে
গালি পাৰিম, ,
তোমাক অভিশাপ দিম, , অন্তৰ..খুলি৷ ৷
(হা..হা..)অনুৰাধা৷ ৷
তুমি মোক ভুল নুবুজিবা অনুৰাধা৷ ৷
মই সাধাৰণ প্ৰেমিক নহয়! !
সেই জনেই মই তোমাৰ
একমাত্ৰ দুৰন্ত প্ৰেমিক৷ ৷
টিপচাকিটো লৈয়ে আন্ধাৰ ফালি, ,
তোমাৰ লগত আগবাঢ়িছিলো, ,
আজিৰ সেই আমাৰ মৰিশালিটোলৈ৷ ৷
য’ত জ্বলিল তোমাৰ হুমৰ বেদিৰ তেজাল ৰঙা জুই৷ ৷
হয়, , অনুৰাধা..
মই তোমাক ত্যাগ কৰিছো সচাঁ৷ ৷
কিন্তুু, ,
অভিমান বোৰ তুমি লগত লৈ গ’লা..
ভাল পোৱা বোৰ মোৰ কামিজৰ পকেটতে সোমাই থাকিল অনুৰাধা…
আৰু কি জানা..! !
আমাৰ বিশ্বাস বোৰ
অথালি-পথালি কৰি
সিঁচি দিম, ,
কোনোবা বৈতৰনি চাপৰিত৷ ৷
সময়বোৰ পাখি লগা কাঢ়ৰৰ গতিত গুচি যাব, ,
স্মৃতি বোৰ এখিলা শুকান সৰা পাতৰ বালিত সোণ হৈ জিলিকি থাকিব৷ ৷ অনুৰাধা…
মই সদায়..মই হৈ থাকিম৷ ৷
তুমি সদায়..তুমি হৈ থাকিবা৷ ৷
আমাৰ মৰম আৰু সপোন বোৰ সদায়
আধৰুৱা হৈয়ে থাকি যাব অনুৰাধা…! ! !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!