এনকেফেলাইটিচ ৰোগৰ বিষয়ে জানিবলগীয়া কথা (- ডা:ভূপেন্দ্ৰ শইকীয়া )

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এচিয়া মহাদেশত বছৰি পঞ্চাচ হাজাৰজনলৈকে লোকে ভাইৰেল এনকেফেলাইটিচ ৰোগত ভোগে৷ ৰোগাক্ৰান্ত হোৱা এই পঞ্চাচ হাজাৰজন লোকৰ ভিতৰৰ পোন্ধৰ হাজাৰজনৰ মৃত্যু হয় আৰু ইয়াৰে অধিকাংশই ভাৰত,চীন আদি দক্ষিন-পূব এচিয়া মহাদেশৰ দেশসমূহৰ৷ লোকসভাত ভাৰতৰ স্বাস্থ্য মন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি যোৱা বছৰটোত ভাৰতবৰ্ষত এই ৰোগত ১১৬৯ জনৰ প্ৰাণহানি হৈছিল৷ অসমৰ স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা অনুসৰি ২০১১চনত অসমত ১৫৯ জনৰ ভাইৰেল এনকেফেলাইটিচ ৰোগত মৃত্যু হৈছিল আৰু তাৰে অধিকাংশই আছিল শিৱসাগৰ জিলাৰ৷ আসাম ট্ৰিবিউন কাকতৰ এক বাতৰি অনুসৰি যোৱা বছৰটোত অসমৰ ২৭ খনৰ ভিতৰত ২০ খন জিলাই এই ৰোগত আক্ৰান্ত হৈছিল৷ এই বছৰৰ শেষতীয়া বাতৰিমতে এতিয়ালৈকে অসমত ২২ জনৰ  প্ৰাণহানি ঘটিছে৷ দেশৰ ডাঙৰ প্ৰদেশ উত্তৰ প্ৰদেশত ২৬৩ জন আৰু বিহাৰত ৮২ জন লোকৰ এই বছৰত এতিয়ালৈকে মৃত্যু হৈছে৷ ইয়াৰে অধিকাংশই হ’ল শিশু৷ মৃত্যুৰ সংবাদ আহিছে তমিলনাডু, উৰিষ্যা আৰু কাষৰীয়া পশ্চিম বংগৰ পৰাও৷ ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম অঞ্চলৰ বাহিৰে গোটেই দেশখনতেই ৰোগৰ প্ৰাদূৰ্ভাৱ দেখা যায়৷ বেচিকৈ ৰোগ হোৱা দেখা যায় জুনৰ পৰা চেপ্তেম্বৰৰ ভিতৰত৷ কিন্তু কমকৈ হলেও গোটেই বছৰটোৱেই ৰোগ চলি নথকা নহয়৷ তথ্যসমূহে ভয় খোৱাই দিলেও ৰোগৰ বিষয়ে জানি প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিলে ৰোগৰ ভয়াবহতাৰ পৰা ভালেখিনি সকাহ পোৱাটো সম্ভৱপৰ৷

এনকেফেলাইটিচ মানেনো কি ?

মস্তিষ্কৰ ‘ইনফ্লেমেচন’ ঘটিলে এনকেফেলাইটিচ হোৱা বুজায়৷ ইনফ্লেমেচনৰ অৰ্থ হ’ল- জীবিত কোষত হোৱা কোনো প্ৰতিক্ৰিয়াৰ ফলত এই চাৰিটা  গুণৰ মিশ্ৰণ ঘটা : বিষ হোৱা, উত্তাপ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা৷ মস্তিষ্কৰ আৱৰণীত ইনফ্লেমেচন ঘটিলে মেনিনজাইটিচ হোৱা বুজায় ৷ একেলগে   মস্তিষ্ক আৰু আৱৰণী দুয়ো অংশতে ইনফ্লেমেচন হলে মেনিনগ-এনকেফেলাইটিচ হোৱা বুলি কয়৷ ইনফ্লেমেচনৰ উৎপত্তি আঘাতৰ দ্বাৰা বা যি কোনো সংক্ৰমনৰ দ্বাৰা হব পাৰে৷

 

এনকেফেলাইটিচ উৎপন্ন হোৱাৰ কাৰণ সমূহনো কি ?

 

ঘাইকৈ ভাইৰাচৰ দ্বাৰা এনকেফেলাইটিচ ৰোগ হয়৷ জাপানিজ-বি ভাইৰাচ, হাৰপিজ চিম্প্লেস্ক ভাইৰাচ, মিজলচ, মাম্পচ, পলিঅ’, চিকেন পস্ক, ৰুবেলা, কস্কচেকি, চাইট’মেগাল’ ভাইৰাচ, ৱেষ্ট-নীল, ইক’ ভাইৰাচ, ভেনেজুৱেলান ইকুইন এনকেফেলাইটিচ ভাইৰাচ, ইষ্টাৰ্ণ ইকুইন এনকেফেলাইটিচ ভাইৰাচ আদিৰ দ্বাৰা এনকেফেলাইটিচ উৎপন্ন হব পাৰে৷

এনকেফেলাইটিচৰ কৰিব পৰা ফাংগাচসমূহৰ নাম হ’ল – কেণ্ডিডা, মিউকৰ, ক্ৰিপ্ত ক’কাচ আদি৷

এনকেফেলাইটিচৰ কৰিব পৰা পেৰাচাইটসমূহৰ নাম হ’ল – টস্কপ্লাজমা, নেইগেলেৰিয়া, ৰাউণ্ডৱৰ্ম, চিষ্টিচাৰক’চিচ, এন্টামিবা হিষ্টলাইটিকা আদি৷

কেঞ্চাৰ আৰু এইডচ ৰোগীৰ এনকেফেলাইটিচ হব পাৰে৷

ভেকচিনৰ বিৰূপ পাৰ্শ্ব প্ৰতিক্ৰিয়া স্বৰূপে এনকেফেলাইটিচ হব পাৰে৷ কোনো এলাৰ্জি বা অট’ইমিউন’ ৰোগৰ ফলত এনকেফেলাইটিচ হব পাৰে৷

টি বি, বাৰ্টনেলা হেনচলিই,চিফিলিচ,লাইম ডিজিজ বা আন কোনো বেক্টেৰিয়াৰ সংক্ৰমনেও এনকেফেলাইটিচ কৰিব পাৰে  ৷

পাগল কুকুৰে কামুৰিলে ৰেবিজ এনকেফেলাইটিচ হব পাৰে৷ এচিয়া আৰু আফ্ৰিকা এই দুই মহাদেশত বছৰি  ৫৫০০০ লোকৰ ইয়াৰ ফলত মৃত্যু হয়৷

পয়জনিং (যেনে লিড পয়জনিং) এনকেফেলাইটিচৰ কাৰণ হব পাৰে৷

মস্তিষ্কৰ আঘাতেও এনকেফেলাইটিচ কৰিব পাৰে ৷

 

এনকেফেলাইটিচৰ ফলত কি কি সংঘটিত হয় ?

মস্তিষ্কৰ কোষসমুহ ফুলি উঠে৷কোষবোৰ নষ্ট হবলৈ ধৰে৷ মস্তিষ্কৰ ভিতৰত ৰক্তক্ষৰণ হয়৷এইবিলাক ক্ৰিয়াৰ ফলতেই ৰোগৰ লক্ষণসমূহ দেখা দিয়ে৷ মগজুৰ মূল অংশ চেৰিব্ৰেল কৰ্টেস্ক, চেৰিবেলাম, থেলামাচ আৰু স্পাইনেল কৰ্ডত ইনফ্লেমেচন চলি থাকে৷

 

এনকেফেলাইটিচ ৰোগৰ লক্ষণসমূহ কি ?

 

পোনতেই জনোৱা ভাল যে ৰোগৰ লক্ষণসমূহ সাধাৰণ পানী লগা,চৰ্দি জ্বৰৰ দৰেও হব পাৰে নাইবা অত্যন্ত গুৰুতৰো হব পাৰে৷ ই বহু পৰিমানে ৰোগাক্ৰান্ত ব্যক্তিজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ (যাক ইমিউনিটি বোলে) ওপৰত নিৰ্ভৰ কৰে৷ ডিব্ৰুগড়ৰ ৰিজনেল মেডিকেল ৰিচাৰ্চ চেন্টাৰত ২০০০-২০০২ চনলৈ ৭৬৩ জন ৰোগীৰ ওপৰত এক অধ্যয়ণ চলোৱা হৈছিল৷ তেওঁলোকে প্ৰকাশকৰা তথ্য অনুসৰি লক্ষণসমূহ আছিল এনে : – জ্বৰ ১০০% ৰোগীৰ ক্ষেত্ৰত, মতিভ্ৰম ৮২%,মূৰৰ বিষ ৭১%, ডিঙিৰ জঠৰতা ৫৪%, অস্বাভাবিক লৰচৰ ৫১%, পৰীক্ষা কৰিলে পোৱা তীব্ৰ জাৰ্ক ( Increased Jerk ) ৪৮%, অস্থিৰতা ৪৫%, মাংসপেশিৰ বৰ্দ্ধিত ট’ন (Muscle Tone) ৩৫%, ফিট হোৱা ৩৪%, অচেতন হোৱা ২১% ৷ এই ৰোগীসকলৰ সৰহ সংখ্যকেই (৯৬%) আছিল গ্ৰামাঞ্চলৰ৷

সাধাৰণতে কম বয়সীয়া লোক বেচিকৈ ৰোগাক্ৰান্ত হয় যদিও যি কোনো বয়সৰ লোকৰ এনকেফেলাইিচ হব পাৰে৷ কেঁচুৱাৰ ক্ষেত্ৰত দেখা যায় ডাঙি কোলাত ললে কান্দে, মাতৃদুগ্ধ বা আন খাদ্যলৈ অনীহা, বমি কৰা, অস্থিৰতা, মূৰ-গাৰ জঠৰতা, কপালখন ফুলি উঠা আৰু জ্বৰ থকা৷ আন লোকৰ সাধাৰণতে হোৱা লক্ষণসমূহ হ’ল -জ্বৰ,শৰীৰ অবশ হোৱা, ডিঙি আৰু পিঠিৰ জঠৰতা, মূৰৰ বিষ,বমি, ডিঙিৰ বিষ, মুখত ঘা হোৱা, অস্থিৰতা, মানসিক ভ্ৰম, নিদ্ৰাচ্ছন্ন হোৱা, পোহৰ সহ্য কৰিব নোৱৰা হোৱা, কথা পাহৰি যোৱা, মানুহ চিনিব নোৱৰা হোৱা, ভুল নিৰ্ণয় লোৱা আদিৰ ওপৰিও পেৰালাইচিচ, ফিট হোৱা, হেলুচিনেচন আদি হব পাৰে৷

 

ৰোগৰ চিনাক্ত কৰণ কেনেকৈ ?

 

ৰোগৰ লক্ষণ সমূহেই ৰোগ চিনাক্ত কৰাত সহায় কৰে৷ তথাপিও চিকিৎসালয় ভেদে পৰীক্ষাৰ মানদণ্ডৰ তাৰতম্য হয়৷ পোনতেই তেজৰ ৰুটিন পৰীক্ষা কৰিব লাগিব৷ তাৰ পিছত আহিব পিঠিৰ ৰাজহাঁড়ৰ পৰা পানী ( Cefebro Spinal Fluid)  ওলিয়াই কৰা পৰীক্ষা যাক লাম্বাৰ পাংচাৰ বোলে৷ চেৰিব্ৰ স্পাইনেল ফ্লুইডত সাধাৰণতে শ্বেত ৰক্ত কণিকা আৰু প্ৰটিনৰ মাত্ৰা বাঢ়ে, গ্লুকজ লেভেলৰ পৰিবৰ্তন নহয়৷ মগজুৰ ই ই জি, চি টি স্কেন, এম আৰ আই আদি হ’ল লাগতিয়াল পৰীক্ষা৷

মগজুৰ কিমান অংশ কেনেদৰে ফুলিছে সেইয়া চি টি বা এম আৰ আই কৰিলে জনা যায়৷

 

এনকেফেলাইটিচ ৰোগৰ চিকিৎসা;

 

চিকিৎসাৰ লক্ষ্য হ’ল ৰোগীৰ প্ৰাণৰক্ষাৰ ওপৰিও কষ্টসমূহৰ অৱসান ঘটোৱা ৷ ৰোগীৰ উপযুক্ত বিশ্ৰাম, খাদ্য বা চেলাইন যোগে পৰিপুষ্টি সাধন, জ্বৰৰ নিয়ন্ত্ৰণ, লক্ষণসমূহৰ প্ৰতিকাৰ, মানসিক দিশত সহায়ক হোৱা আদি দিশত চকু দিব লাগে৷

 

ঔষধৰ ব্যৱহাৰ – এচাইক্লভিৰ বা ফচকোভিৰ এন্টিভাইৰেল ড্ৰাগচ বেজীৰ মাধ্যমেৰে সাধাৰণতে আৰম্ভ কৰা যায়৷ ৰোগৰ কাৰণ ভাইৰাচ নহয় বুলি নিশ্চিতকৈ জানিলে ইয়াক বন্ধ কৰিব পাৰি৷

এন্টিবায়িকৰ ব্যৱহাৰে বীজাণুৰ আক্ৰমণৰ পৰা সুৰক্ষা দিব৷

ফেনিটইন, ফেনবাৰ্বিটন,ডায়েজেপাম আদি ফিটৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত হয়৷ডেস্কামিথাচন, মিথাইলপ্ৰেডনিচলন, হাইড্ৰকৰ্টিচন আদি ষ্টেৰইডে মগজুৰ ইনফ্লেমেচন কমায়৷

 

সংকট কালত নিশ্বাসৰ কষ্ট হৈছে নেকি তালৈ লক্ষ্য ৰাখি প্ৰয়োজন অনুসৰি ব্যৱস্থা লব লাগে৷

ৰোগী যেহেতু পোহৰ আৰু ধ্বনিৰ প্ৰতি বেচি সংবেদনশীল হয় সেয়ে এনে ৰোগীক কিছু কম পোহৰৰ শান্ত পৰিস্কাৰ পৰিবেশত ৰাখিব লাগে৷

অসুখৰ ফলত ৰোগী যদি পিছলৈ কোনো ত্ৰুতিৰ চিকাৰ হয় যেনে পেৰালাইচিচ,কাণেৰে নুশুনা হোৱা বা বাক শক্তি হেৰুৱা – তেতিয়া তাৰ উপযুক্ত ব্যৱস্থা লব লাগে৷

 

ৰোগৰ প্ৰতিৰোধক : – চীনত নিৰ্মিত জাপানীজ এনকেফেলাইটিচ ৰোগৰ ছিতা বা ভেকচিনে ৯৯%  সুৰক্ষা প্ৰদান কৰে ৷ চীন,নেপালৰ ওপৰিও ভাৰতে ইয়াক ব্যৱহাৰ কৰিব ধৰিছে৷অসমত যোৱা বছৰৰ অক্টোবৰৰ পৰা চৰকাৰীভাবে ইয়াৰ যোগান ধৰা হৈছে৷

 

এনকেফেলাইটিচ কেনেকৈ বিয়পে ?

 

কীট-পতংগই  (আৰ্থ’পড) বিয়পোৱা ভাইৰাচক কয় আৰ্বোভাইৰাচ৷ জাপানিজ বি ভাইৰাচ হ’ল এবিধ আৰ্বোভাইৰাচ৷ ইয়াক আশ্ৰয় দি ৰাখে গাহৰি, ঘোঁড়া, কেৰ্কেটুৱা,চৰাই আদি জন্তুয়ে৷ কিউলেস্ক মহে এইবিলাকৰ শৰীৰৰ পৰা ভাইৰাচ কঢ়িয়াইলৈ গৈ মানুহৰ শৰীৰত মেলি দিয়ে৷ মানুহৰ শৰীৰত ভাইৰাচৰ বৃদ্ধি হয়  আৰু ব্যক্তিজন ৰোগাক্ৰান্ত হৈ পৰে৷ গতিকে মহৰ কামোৰৰ পৰা সুৰক্ষা আৰু গাহৰি আদিৰ ফাৰ্মৰ পৰিবেশৰ স্বচ্ছতাত বিশেষ চকু দিব লাগে ৷

 

গৰ্ভৱতী মহিলাৰ যদি যৌনাংগত হাৰপিজ চিম্প্লেস্ক  ভাইৰাচ থাকে তেনে সন্তানক সুৰক্ষা দিবলৈ চিজাৰিয়ান অপাৰেচন কৰাৰ প্ৰয়োজন৷

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!