এন্থোচেৰ’ছৰ দুখ (ত্ৰিদীপ শৰ্মা)

পাতবিহীনতাই যাৰ দুখ যাৰ দুখ শিপাবিহীনতা

মোৰ তিনিবছৰৰ লগৰী এন্থোচেৰ’ছ

সপোন দেখিছিলি ঢেকীয়া হোৱাৰ, কিন্তু হায়!

তইতো নাজানিলি বংশ-পৰম্পৰাত তোৰ কিমান বিসংগতি

লাগ-বান্ধহীন কল্পনা, তোৰ গঠনৰ মন্ত্ৰণাতেই

কেম্পবেলৰ অনুভব, তই হেনো ঢেকীয়াৰ আদিমতম বিন্দু

তই বাৰু হিচাপ কৰি চাইছনে

ইমান বছৰে তই কি পালি দিলিয়েই বা কি…?

ষ্টমেতা অথবা ভাজনশীল কলা থকাৰ উন্মাদনাত

নিজকে নকৈ গঢ়িব পাৰ, তথাপি,

অতীতে ক’ব, বৰ্তমানে ক’ব, ভৱিষ্যতে ক’ব

তই ব্ৰায়ফাইট, ব্ৰায়ফাইট, ব্ৰায়ফাইট….

তই বৰ নিঃস্ব অ’ এন্থোচেৰছ

নিঃকিন তোৰ লাইফ ষ্টাইল

ৱেল ডেভেলাপ স্পৰ’ফাইট থাকিও

আজি বঞ্চিত তই লাঞ্চিত তোৰ কাহিনী

কোনে শুনিব তই শুনাবি কাক

এন্থোচেৰ’ছ-কথা দিলোঁ

মই ভগাই ল’ম তোৰ দুখ

তই ভগাই লবি মোৰ তিনিবছৰীয়া প্ৰমাণ পত্ৰৰ

সকলো হিচাপ-নিকাচ ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!