এমুঠি অণু গল্প – পল্লৱী দত্ত

 

প্ৰিয় ৰংবোৰ

মানুহজনৰ বগা ৰংটো খুবেই প্ৰিয়৷ বগা ৰঙে বোলে তাই মানুহজনীক তুলি ধৰে৷ মানুহজনৰ ভাললগাবোৰেৰে নিজৰ ভালপোৱাবোৰ সজোৱা মানুহজনীয়ে আজিও বগা চাদৰ মেখেলাযোৰ পিন্ধি ললে৷ মানুহজনৰ ভালপোৱা লগাবোৰ নিজৰ গাত ছটিয়াই মানুহগৰাকী বাহিৰলৈ ওলাই আহি চাকি গছিত আৰু অলপ তেল ঢালি দিলেহি৷ চাকিগছিৰ সিপাৰৰ ফটোখনত মানুহজনৰ মুখখন বৰ কৰুণ দেখা গৈছিল৷
৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷ ৷
সিদ্ধান্ত

নিজৰ সিদ্ধান্তত সদায় অটল হৈ ৰোৱা ছোৱালীজনীয়ে দেউতাক জনাইছিল তাইৰ সিদ্ধান্তৰ কথা৷ “প্ৰেম, ভালপোৱা, অন্ধতাৰ অন্য নাম হোৱাটো মূৰ্খামি মামুন“ দেউতাৰ কথাত তীব্ৰ প্ৰতিবাদ কৰা তাই সেইদিনাই পলাই আহিছিল কাহানিও নেদেখা সেই প্ৰেমিকবন্ধুৰ ওচৰলৈ৷
বন্ধ কোঠালীৰ জালিকটা খিৰিকিয়েদি বাহিৰলৈ চাই ৰোৱা তাইক আজিও দেউতাকৰ কথাবোৰে খুন্দিয়াই যায়৷ একেসময়তে তাইৰ কোঠালীৰ দুৱাৰত খুন্দিয়াই তাইৰ সেইদিনাৰ পাঁচনম্বৰৰ গ্ৰাহকজনে৷
৷ ৷ ৷ ৷ ৷ ৷ ৷

খবৰ

পেছাত তাই সাংবাদিক৷ বাতৰি গোটাই ফুৰাই তাইৰ কাম৷ এসময়ৰ নিচা এতিয়া তাইৰ পেছা৷ খবৰ পাছত উশাহ নুঘূৰোৱাকৈ দৌৰি ফুৰা ছোৱালীজনী এখন ট্ৰাকত তলত সোমাই নিজেই এদিন খবৰ হৈ পৰিছিল৷
৷ ৷ ৷ ৷ ৷
নাটঘৰ

অভিনয় বুলিলে বলিয়া ছোৱালীজনীয়ে ল’ৰাটোৰ অভিনয়ৰ প্ৰেমত পৰিয়েই ভালপোৱাৰ প্ৰস্তাৱ দিছিল৷ ভালপোৱাৰ মধুৰ আবেশত উটি ভাঁহি ফুৰি ৰাতি ৰাতিবোৰ চিনেমাৰ দৰেই উত্তাল হৈ উঠিছিল৷ উত্তাল সময়বোৰ শান্ত হৈ পৰালৈ অকলশৰীয়া হৈ পৰা ছোৱালীজনীয়ে সাতমহীয়া গাৰে নিজকে চিলিং ফেন খনত ওলোমাই দিয়াৰ সময়ত হে অনুভৱ কৰিছিল ল’ৰাটোৱে সচাই খুবেই সুন্দৰ অভিনয় কৰিছিল৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!