এলভিন ছোৱাৰ্জৰ ইংৰাজী হ’ৰৰ গল্প এটাৰ ভাবানুবাদ (ৰণজিৎ কুমাৰ বৰা)

 

 

কলেজীয়া যুৱক-যুৱতীৰ দহ-বাৰজনীয়া দল এটা পাৰ্টিলৈ গৈছিল। ৰাস্তাৰ সিপাৰে কবৰস্থানখন। পাৰ্টিৰ মাজতে তেওঁলোকে কবৰস্থানৰ ভয়াৱহতাক লৈ বিভিন্ন ধৰণৰ আলোচনাত মগ্ন হৈ পৰিছিল।
‘ইমান গভীৰ নিশা কেতিয়াও কবৰৰ কাষত থকা উচিত নহয়।’— যুৱক এজনে ভয়মিশ্ৰিত কণ্ঠেৰে ক’লে। ‘কবৰৰ ভিতৰৰ পৰা হাত উলিয়াই মানুহক মাটিৰ গৰ্ভলৈ টানি নিয়ে।।’
‘একেবাৰে ফাল্টু কথা’—যুৱতীগৰাকীয়ে চিঞৰি উঠিল। ‘এয়া অন্ধবিশ্বাস, কুসংস্কাৰৰ বাহিৰে একো নহয়।’
‘তোমাক মই এহেজাৰ টকা দিম যদি তুমি অকলে কবৰস্থানৰ কাষত এক্ষন্তেক সময় কটাব পাৰা।’—যুৱকজনে ক’লে।
‘এতিয়াই যাম। মই তোমাৰ দৰে ইমান ভীতু নহওঁ।’—যুৱতীৰ কণ্ঠত দৃঢ়তা।

 

 

কথা শুনি যুৱকজনে যুৱতীলৈ ছুৰী এখন আগবঢ়াই দি ক’লে—‘তুমি যিকোনো এটা কবৰৰ কাষত ছুৰীখন থৈ আহিবা। পিচত আমি গৈ লৈ আহিম।’
এন্ধাৰৰ ডাঠ আঁচল এখন গাত মেৰিয়াই লৈ কবৰস্থানখন গভীৰ নিদ্ৰাত লালকাল হৈ আছিল। চৌদিশে বুকুত কঁপনি তোলা সুগভীৰ নীৰৱতা।
‘ভয়ৰ কোনো কাৰণ নাই।’—যুৱতীয়ে নিজকে নিজে প্ৰবোধ দিয়াৰ চেষ্টা কৰিলে। তথাপি যেন ক’ৰবাৰ পৰা ভয় এটাই গৈ যুৱতীক হেঁচি ধৰিলে।
গৈ গৈ কবৰ এটাৰ কাষ পাই যুৱতীয়ে কাষত থিয় দিলে। তাৰ পিচত আঁঠু কাঢ়ি বহি লৈ ছুৰীখন সজোৰে মাটিত বহুৱাই দিলে। তাৰ পিচত এক ছেকেণ্ডো নষ্ট নকৰি উভতি যোৱাৰ বাবে তৎপৰ হৈ পৰিল। যুৱতীয়ে উঠিবলৈ চেষ্টা কৰিলে। কিহবাই যেন তেওঁক টানি ধৰিছে। উঠো বুলিও উঠিব পৰা নাই। গাটো জিকাৰ খাই উঠিল। পুনৰ উঠিবলৈ চেষ্টা কৰিলে। ব্যৰ্থ হ’ল। লৰচৰ কৰাৰ শক্তিও যেন হেৰাই পেলালে যুৱতীয়ে। আতংকত সৰ্বশৰীৰৰ পৰা ঘাম ওলাবলৈ ধৰিলে।
‘কোনোবাই মোক টানি ধৰিছে।’—এই বুলি এটা বিকট চিঞৰ মাৰি যুৱতীগৰাকী মাটিত ঢলি পৰিল।

বহু সময় ধৰি যুৱতীগৰাকী উভতি নহাত পাৰ্টিত মচগুল সতীৰ্থসকল চিন্তিত হৈ পৰিল। সকলোৱে তেওঁৰ সন্ধানত কবৰস্থানলৈ ঢাপলি মেলিলে। তেওঁলোকে দেখিলে, এটা কবৰৰ কাষত যুৱতীগৰাকীৰ নিথৰ দেহটো পৰি আছে। সকলো শোকাহত হৈ পৰিল। তেওঁলোকে যুৱতীৰ মৃতদেহটো লৈ আনো বুলি ডাঙিবলৈ বিচাৰোতে দেখিলে, পিন্ধি থকা স্কাৰ্টটোৰ কাপোৰ ভেদি ছুৰীখন মাটিৰ গৰ্ভত সোমাই আছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!