এল. ই. ডি. বাল্ব আৰু অন্যান্য (কৌশিক হাজৰিকা)

পৃথিৱীৰ আগশাৰীৰ দেশৰ লগতে আমাৰ দেশতো energy conservation আৰু alternative energy ‌ওপৰত গুৰুত্ব দিবলৈ বহু জন সংগঠন তৎপৰ হৈছে। সজাগ মানুহে লিখনি বা অনলাইন মাধ্যমৰে জনতাৰ ওচৰত ভিন্ন নতুন সঁজুলিৰ ব্যৱহাৰৰ সম্ভাৱনা দাঙি ধৰি শক্তি উৎসবোৰৰ সংৰক্ষণৰ বাট মুকলি কৰিছে। অসমীয়াত তেনে লেখা তাকৰ বাবে অলপ কিবা যোগ কৰিবলৈ চেষ্টা কৰিছোঁ।

সকলোৱে জানে পুৰণি ফিলামেন্ট বাল্ব আঁতৰি আহিল চি এফ এল। বহুতে ১১ ৱাটৰ চি এফ এল কিনি ৬০ ৱাটৰ ৰশ্মি পোৱা আশাৰে ঘৰত ব্যৱহাৰ কৰিলে। ভুৱা চলনাৰে আন নালাগে Philips হেন কোম্পানীয়ে একপ্ৰকাৰে বহুলোকক চি এফ এল বিক্ৰী কৰিলে। কম পোহৰ দিলেও চি এফ এল বাল্বৰ বগা ৰশ্মি আৰু সৰু আকাৰ প্ৰতিষ্ঠান আৰু মানুহে আদৰি ললে। বিজুলী বিল কম কৰি লাভ কৰা CFLৰ ভাল প্ৰভাৱৰ কথা নক’লে নহয়। ই পাৱাৰ গ্ৰীডৰ সক্ৰিয় বোজা কমালে ফলত পোহৰৰ বাবে ব্যৱহাৰ হোৱা শক্তি কমকৈ লগা হ’ল, এনেদৰে আমাক প্ৰাকৃতিক শক্তিৰ উৎস সুব্যৱহাৰ কৰাত সহায় কৰি দিলে। কিন্তু CFL প্ৰায়েই ২ বছৰতে নষ্ট হয় আৰু নাইবা পোহৰ কমি যায়।

সাধাৰণ প্ৰয়োজনীয়তা উন্নত মানৰ প্ৰযুক্তিৰে পূৰ কৰাৰ বাবে গৱেষণা চলিল। ছিলিকন উপাদানৰে তৈয়াৰ কৰা পোহৰ দিব পৰা ইলেকট্ৰনিক উপাদান এলইডি ইতিমধ্যে আছিলেই। এসময়ত ই সৰু ইণ্ডিকেটৰযেন কামতহে লগোৱা যোগ্য আছিল ই কাৰণ তেনেই কম পোহৰহে দিব পাৰিছিল, কিন্তু গৱেষণাৰ ফলত অতি উজ্জ্বল এলইডি (Super bright LED) সম্ভৱ হ’ল। ২০০০ চন মানতহে অতি কমতে অতি উজ্জ্বল এলইডি নিৰ্মাণ কৰা প্ৰযুক্তি ওলাল। অতি উজ্জ্বল এলইডি সমষ্টিৰে বাল্ব আৰু আন আন আকাৰৰ পোহৰৰ উৎস তৈয়াৰ হ’ল। পোহৰৰ লুমেনমতে ৫ ৱাট LED ৪০ ৱাট CFLৰ সমকক্ষ, সেয়ে হ’ল এক নতুন যুগৰ পাতনি; আজি ই প্ৰতিটো পোহৰৰ উৎসৰ স্থান লবলৈ লৈছে।

ভালদৰে প্ৰয়োগ কৰিলে ই সাধাৰণ জীৱনতো বিশেষ সহায়ক হ’ব পাৰে। কেইটা মান উদাহৰণ:

*বিদ্যুত কৰ্তন কম হ’ব আৰু লগতে মাছুলো কম আহিব।
*দুৰ্ঘটনা কম হ’ব কাৰণ উন্নত মানৰ LED street light-এ সকলো পথ পোহৰাই ৰাখিব।
*খেতি কৰা আৰু দূৰৰ গাঁৱতো শিক্ষা গ্ৰহণ সহজ হৈ পৰিব। সৌৰ শক্তিৰেই বহু ঘন্টা পোহৰ পোৱা যাব।
*দূৰৰ গাঁৱতো যিকোনো সময়তে জৰুৰীকালীন চিকিৎসা কৰিব পাৰিব
*ম’বাইল ফোন প্ৰজেক্টৰৰূপে ডাঙৰ পৰ্দাত ঘৰতে শিক্ষামূলক আৰু আন ছবিৰ আনন্দ ল’ব পাৰিব
*বয়সীয়াল মানুহৰ পোহৰৰ উপস্থিতিত অঘটন কম হ’ব কাৰণ অতি সৰু LED টৰ্চ অতি উজ্জ্বল, সেয়ে লগতে ৰখাটো সহজ।

কিন্তু কিছু বেয়া খবৰ আছে। একাংশ দোকানীয়ে নিম্নমানৰ চীনা LED light আনি বিক্ৰী কৰি সাধাৰণ মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চীনত LED bulb জাতীয় বহু উন্নত মানৰ সামগ্ৰী পোৱা যায়। যিহেতু আমাৰ দেশত উৎপাদন কম সেয়ে বাহিৰৰ পৰা অহা সামগ্ৰীক সুলভ টে’ষ্ট প্ৰমাণ চিহ্ন জাৰি কৰি চৰকাৰে বিশেষ সহায় কৰিব পাৰে; যাতে সাধাৰণ মানুহেও নতুন পোহৰক হাঁহিমুখে আদৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!