ঐতিহ্যৰ পৃথিৱীত ভাৰত (খন্ড-৪) (ভাস্কৰজ্যোতি দাস)

Bhaskar Jyoti Das Image

চাও নৃত্য(Chhau Dance)

আগকথা:-
বিশ্বৰ ঐতিহ্য (UNESCO-World Heritage) হিচাবে তালিকাভুক্ত হোৱা ভাৰতৰ ঐতিহ্য ক্ষেত্ৰসমুহৰ বিষয়ে অকবত লিখা এইটো চতুৰ্থটো লেখা। আগৰ তিনিটা লেখাত আমি গুজৰাটৰ “ৰাণী কী ভাৱ”, বিহাৰৰ “নালন্দা বিশ্ববিদ্যালয়” আৰু কণাৰ্টকৰ “হাম্পীৰ ধ্বংসাৱশেষ”ৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিছিলোঁ যিসমুহ বিশ্ব ঐতিহ্যৰ “সাংস্কৃতিক-স্পৰ্শণীয়” শ্ৰেণীত লিপিবদ্ধ হোৱা কিছুমান ক্ষেত্ৰ আছিল৷

বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত বিভিন্ন শ্ৰেণীৰ ভিতৰত আন এটা শ্ৰেণী হ’ল “সাংস্কৃতিক-অস্পৰ্শণীয়” (Cultural-intangible) শ্ৰেণী আৰু ইয়াত সেইসমূহ ক্ষেত্ৰক ধৰা হয় যিসমূহ হাতেৰে স্পৰ্শ কৰিব নোৱাৰি৷ ইয়াক কেৱল চাব পাৰি বা অনুভৱ কৰিব পাৰি৷ ২০১০ চনত ইউনেস্ক’ই বিশ্ব ঐতিহ্যৰ সাংস্কৃতিক-অস্পৰ্শণীয় শ্ৰেণীৰ সম্ভাব্য তালিকাত লিপিবদ্ধ কৰে ভাৰতৰ এক নৃত্যশৈলী৷ নাম- চাও নৃত্য৷ এই খন্ডটোত আমি সেই চাও নৃত্যৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম৷

চাও নৃত্য হ’ল উৰিষ্যা, ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰাজ্যৰ এবিধ বিখ্যাত জনজাতীয় সমৰ নৃত্য৷ ইয়াৰ জন্মৰ সম্পৰ্কে সঠিক তথ্য উপলব্ধ নহয় যদিও ই সময়ৰ লেখেৰে বহুবছৰৰ আগৰেপৰা তিনিওখন ৰাজ্যতে প্ৰচলিত হৈ আহিছে৷ কিছু সূত্ৰ অনুযায়ী সভ্যতাই ঢুকি পোৱা সময়ৰ পৰাই সমৰ নৃত্যৰ ক্ষেত্ৰত চাও নৃত্য ভাৰতৰ এক বাটকটীয়া সদৃশ৷ উৎকলৰ মহাৰাজা আদিত্য প্ৰতাপ সিংৰ পৃষ্ঠপোষকতাত এই নৃত্যই খৃষ্টীয় তেৰশ শতিকাত পূৰ্ণৰূপত বিকশিত হোৱা বুলি তথ্য পোৱা যায়৷ বহুতে চাও শব্দটো সংস্কৃতৰ চায়া শব্দৰ পৰা অহা বুলি কয় যদিও উৰিষ্যাৰ সাহিত্য জগতৰ বিদগ্ধ পণ্ডিত তথা গৱেষক ড০ সীতাকান্ত মহাপাত্ৰৰ মতে “চাও” নামৰ উৎস হ’ল চাউনী (সেনাৰ)৷

এই চাও নৃত্যক উৎসৰ হিচাবত তিনিটা ভাগত ভগাব পাৰি৷ সেইকেইটা হ’ল – চেৰাইকেল্লা চাও (Seraikella), ময়ুৰভঞ্জ চাও (Mayurbhanj) আৰু পুৰুলিয়া চাও(Purulia)৷ চাওনৃত্যৰ এই তিনিওটা নৃত্যশৈলীৰ ভিতৰত চেৰাইকেল্লা আৰু পুৰুলিয়া চাও নৃত্যৰ এক প্ৰাথমিক বৈশিষ্ট্য হ’ল এই দুয়োবিধ নৃত্যতে নৰ্তকে মুখা ব্যৱহাৰ কৰে যিটো ময়ুৰভঞ্জ চাও নৃত্যৰ ক্ষেত্ৰত দেখা পোৱা নাযায়৷ চেৰাইকেল্লা চাও নৃত্যৰ জন্মস্থান হ’ল ঝাৰখন্ডৰ চেৰাইকেলা জিলা আৰু পুৰুলিয়া চাও নৃত্যৰ জন্মস্থান পশ্চিম বংগৰ পুৰুলিয়া জিলা৷ একেদৰে উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাক ময়ুৰভঞ্জ চাওৰ জন্মস্থান বুলি জনা যায়৷ বহুতে চেৰাইকেল্লা আৰু ময়ুৰভঞ্জ চাওৰ সামঞ্জস্যৰে পশ্চিমবংগৰ পুৰুলিয়া চাও নৃত্যটো পৰৱৰ্তী সময়ত জন্ম লাভ কৰা বুলি কয় যদিও ইয়াৰো সঠিক তথ্য আৰু প্ৰমাণ পোৱা নাযায়৷ চেৰাইকেল্লাৰ মুখাৰ ব্যৱহাৰ কৰা ৰঙবোৰ তথা মুখাৰ আকৃতি উৰিষ্যাৰ পৰম্পৰাগত পেইন্টিংৰ সৈতে একে৷ তিনিওবিধ নৃত্যতে শৰীৰকলা আৰু চৰিত্ৰভিত্তিক দেহৰ বিন্যাস মন কৰিবলগীয়া৷

পুৰুলিয়া চাও নৃত্যত ব্যৱহাৰ কৰা মূখাসমূহৰ এক প্ৰধান বৈশিষ্ট্য হ’ল এই মূখাৰ সৈতে সংলগ্ন হৈ থকা ডাঙৰ ডাঙৰ তথা অৰ্ধচক্ৰাকাৰ মুকুট বা কপালিসমূহ, যিসমূহ মূলত হিন্দু দেৱ-দেৱীৰ মুকুটৰ সৈতে মিলাই সজা হয়৷ চেৰাইকেল্লা চাওৰ কপালিবোৰ তুলনামূলকভাৱে সৰু হয়৷ ইয়াৰ বিপৰীতে আন জীৱ-জন্তুৰ মূখাবোৰ সাধাৰণতে প্ৰাকৃতিক হয় যাৰ মুকুট বা কপালি নাথাকে৷

চাও নৃত্যৰ মৌলিক সমল হ’ল ৰামায়ন আৰু মহাভাৰতৰ যুদ্ধসমূহ আৰু কাহিনীসমূহ৷ সমৰকলা, যুদ্ধৰ অৱস্থিতিভিত্তিক অংগী-ভংগী, প্ৰতিৰক্ষা, বিভিন্ন জীৱ-জন্তুৰ অনুকৰণ ইত্যাদিবোৰ হ’ল চাও নৃত্যৰ মৌলিক উপাদান৷ এই নৃত্যৰ পদসঞ্চালন সাধাৰণতে মহিলাই কৰা কাম যেনে পটাগুটিত চাউল গুড়ী কৰা, ধান চতিওৱা, জৰা ইত্যাদিবোৰৰ আৰ্হিত কৰা হয়৷ এই নৃত্য পূৰ্বৰেপৰা পুৰুষৰ নৃত্য আছিল যদিও এতিয়ালৈ মহিলায়ো এই নৃত্যত অংশগ্ৰহণ কৰা দেখা যায়৷ পৰম্পৰাগত লোকবাদ্য যেনে মহুৰি, চেহনাই, ঢোল্কা ইত্যাদিবোৰেৰে সংগত কৰি সাধাৰণতে ৰাতিৰ সময়ত এই নৃত্যকলা প্ৰদৰ্শন কৰা দেখা যায়৷ চাও নৃত্য প্ৰচলিত থকা অঞ্চলসমূহৰ বাবে ই সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ আৰু ই সেই অঞ্চলসমূহৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ এক সংযোগৰেখা সদৃশ৷

বংগৰ লগতে উৰিষ্যাত তেৰ দিন ধৰি অনুষ্ঠিত হোৱা চৈত্ৰ উৎসৱৰ মুল উপাদান হ’ল চাও নৃত্য৷ এই তিনিওখন ৰাজ্যৰ ভিতৰত মুণ্ডা, মাহাতু, কালিণ্ডি, পাটনায়ক, চমল, দাৰোগা, আচাৰ্য, ভুল, কৰ, ডুবে আৰু চাহু সম্প্ৰদায়ৰ মাজত এই নৃত্য বহুলভাৱে প্ৰচলিত৷

আখৰা বা আচৰত প্ৰদৰ্শন কৰা এই নৃত্যশৈলীত মহুৰি, চেহনাইৰ উপৰিও ঢোল্কা আদিৰে নৃত্যক সংগত কৰা বাদ্যযন্ত্ৰীসকল মুলত: মূখী, কালিন্দী, ঘাধেই, ধাড়া ইত্যাদি সম্প্ৰদায়ৰ হয় আৰু এইসকলে বংশানুক্ৰমে নিজৰ বাদ্যসমুহ নিজেই সাজে৷ পুৰুলিয়া আৰু চেৰাইকেল্লা চাও নৃত্যত ব্যৱহাৰ কৰা মূখাসমূহো পৰম্পৰাগতভাৱে নিৰ্মিত আৰু এইসমূহ মহাৰাণা, মহাপাত্ৰ আৰু সূত্ৰধাৰসকলে পৰম্পৰাগতভাৱে নিৰ্ম্মাণ কৰি আহিছে৷

সময়ৰ লগত খোজ মিলাবলৈ গৈ চাও নৃত্যই ভালেখিনি হেৰুৱাইছে যদিও এইসমূহৰ চৰ্চা তথা বিকাশৰ ধাৰাটো অব্যাহত ৰাখিবৰ বাবে ৰাজ্য চৰকাৰ কেইখনে ভালেখিনি পদক্ষেপ হাতত লৈছে৷ বংগৰ দৰে উৰিষ্যা চৰকাৰে এই চাও নৃত্যক হেৰাই যোৱাৰ পৰা ৰক্ষা কৰিবলৈ চিত্ৰ-পৰ্ব উৎসৱ প্ৰতিবছৰে উদযাপন কৰি অহাৰ লগতে এই নৃত্যৰ কৰ্মশালাও নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে৷ একেদৰে ভাৰত চৰকাৰৰ অধীনৰ সংগীত-নাটক একাডেমীয়েও এই নৃত্যক জীয়াই ৰাখিবৰ বাবে উৰিষ্যাত এখন চাও নৃত্যৰ একাডেমী খোলাৰ বাবেও অৰ্থসাহাৰ্য আগ বঢ়াইছে৷

শেহতীয়াকৈ বলিউডৰ “বৰ্ফী” বোলচবিত পুৰুলিয়া চাও নৃত্যৰ বিভিন্ন দৃশ্যাংশ দেখিবলৈ পোৱা যায়৷

ছবিত পুৰুলিয়া চাও, ময়ুৰভঞ্জ চাও আৰু চেৰাইকেল্লা চাও এই তিনিটা শৈলীৰ তিনিটা দৃশ্যাংশ৷

পুৰুলিয়া চাও নৃত্যৰ এটা ভিডিঅ’ তলৰ লিংকটোত উপলব্ধ হ’ব :-
https://www.youtube.com/watch?v=ojkj37wzOnc
ময়ুৰভঞ্জ চাও নৃত্যৰ এটা ভিডিঅ’ তলৰ লিংকটোত উপলব্ধ হ’ব:-
https://www.youtube.com/watch?v=EQeUP_lwyHc
চেৰাইকেল্লা চাও নৃত্যৰ এটা ভিডিঅ’ তলৰ লিংকটোত উপলব্ধ হ’ব:-
https://www.youtube.com/watch?v=rEq8X-lO28g

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!