কঁকালৰ বিষৰ কেতবোৰ জানিব লগীয়া কথা: ডাঃ অনুপ বৈশ্য

কঁকালৰ বিষৰ কেইজনমান ৰোগীৰ কথাৰে কেতবোৰ জানিব লগীয়া কথা 

আধুনিক জীৱন শৈলীৰ ফলত বৰ্তমান সময়ত কঁকালৰ বিষত ভোগা ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়ি থকা দেখা গৈছে৷ প্ৰত্যেকজন ব্যক্তিয়ে জীৱনকালত এদিন নহয় এদিন এনে ৰোগত নিশ্চয় ভোগে৷

আমাৰ ৰাজহাড়ডাল 33 ডাল হাড়েৰে গঠিত৷ এই হাড়বোৰৰ মাজেৰে আমাৰ মস্তিষ্কৰ পৰা নাৰ্ভৰ এক গুচ্ছ (যাক আমি spinal cord বুলি কওঁ )ওলাই আহে৷ spinal cord ৰ পৰা 33 জোৰা nerve যাক আমি spinal Nerve বুলি কওঁ, ওলাই গৈ আমাৰ শৰীৰৰ বিভিন্ন অংশত ক্ৰিয়াশীল কৰি তোলে৷ দুডাল ৰাজহাড়ৰ টুকুৰাৰ মাজত স্পঞ্জৰ দৰে এবিধ বস্তু থাকে যাক intervertebral disc বুলি কোৱা হয়৷

আমাৰ যিকোনো কৰ্মত যদি এই অংশবোৰত হেঁচা পাৰে তেন্তে ৰাজহাৰ পৰা ওলাই অহা নাৰ্ভ বোৰত হেঁচা প্ৰয়োগ কৰে যাৰ ফলত আমি কঁকালত বিষ অনুভৱ কৰো৷ মোৰ ওচৰলৈ কঁকালৰ বিষৰ বাবে বহু ৰোগী আহে যাৰ কিছু সংখ্যক ৰোগী বহু পুৰণি৷ অৰ্থাৎ চাৰি পাছবছৰ আগতে মোৰ চিকিৎসা লৈ ভাল পাইছিল কিন্তু এতিয়া আকৌ বিষ হৈছে৷ কিয়? এই প্ৰশ্নটি ৰোগীয়ে কৰে৷ কেতবোৰ ৰোগীয়ে নিজৰ কৰ্মলৈ উভতি গলে পুনৰ বিষ অনুভৱ কৰে৷ ইয়াৰ পৰিত্ৰাণৰ উপায় কি? আজি কেইজনমান ৰোগীৰ কথাৰে এই লেখাটো আগবঢ়াইছো৷

প্ৰথম ৰোগী
পাঁচ বছৰমান আগতে এজন ৰোগীক মই আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰিছিলোঁ৷ তেওঁৰ কঁকালৰ বিষ আৰু MRI ৰ ৰিপোৰ্ট মতে L5, S1 ঠাইত ডিস্ক প্ৰলাপছ আছে৷ তেওঁৰ প্ৰচণ্ড বিষ৷ খোজ কাঢ়িব, হালিব নোৱাৰে৷ তেওঁৰ বয়স 40 ৰ ওচৰ হব৷ নিউৰো চাৰ্জনে অপাৰেচন কৰিব দিছিল যদিও তেওঁ ভয় খাই মোৰ ওচৰলৈ আহিছিল উপায় বিচাৰি৷ ৰোগীজনক ভৰ্তি কৰাই এমাহ চিকিৎসা দিলোঁ৷ সম্পূৰ্ণ সুস্থ হৈ উভতি গ’ল৷ পেছাত তেওঁ এজন মাৰ্কেটিং বিভাগৰ কৰ্মচাৰী আৰু মাহত প্ৰায় তিনি চাৰিহেজাৰ কিলোমিটাৰ গাড়ীৰে যাত্ৰা কৰিব লগা হয়৷ চিকিৎসাৰ দুই বছৰ ভালেই থাকিলে কিন্তু হঠাৎ এদিন প্ৰচণ্ড বিষ হোৱাত পুনৰ মোৰ ওচৰলৈ আহিল৷ মই পৰীক্ষা কৰি দেখিলো তেওঁৰ ডিস্ক প্ৰলাপছ অংশত পুনৰ নাৰ্ভত হেঁচা পৰিছে৷ চিকিৎসা আৰম্ভ কৰাত পুনৰ সুস্থ হল৷ এতিয়া কথা হ’ল তেওঁৰ পুনৰ বিষ কিয় হ’ল৷ ৰোগীজনে প্ৰায়েই দুই তিনি ঘণ্টা মটৰ চাইকেল চলাই থকা বাবে উপৰি উক্ত কঁকালৰ অংশত যথেষ্ট হেঁচা পৰে৷ যিহেতু তেওঁৰ সেয়া ব্যৱসায় সেয়ে মই তেওঁক এটি উপদেশ দিলোঁ যে তেওঁ আধাঘণ্টা গাড়ী চলাই ৰৈ দিব আৰু পাঁচ মিনিট মান খোজ কাঢ়িব৷ লগতে মই শিকাই দিয়া ব্যায়াম সমূহ কৰি থাকিব৷ আজি প্ৰায় তিনি বছৰ তেওঁ এনেদৰেই চলি আছে আৰু কঁকালৰ বিষত ভোগা নাই৷  আচলতে ৰোগীজনে আধা ঘণ্টাৰ মূৰে মূৰে থিয় হৈ খোজ কঢ়াৰ বাবে কঁকালৰ উক্ত অংশত নিৰৱিচ্ছিন্ন ভাৱে হেঁচা প্ৰয়োগ নহয়, যাৰ ফলত নাৰ্ভৰ ওপৰত হেঁচা প্ৰয়োগ কমি যায়৷

#দ্বিতীয় ৰোগী
এগৰাকী মহিলা ৰোগী তিনি বছৰ মান আগতে ভৰ্তি হৈছিল একে সমস্যাৰ বাবে৷ তেওঁৰো L4, L5 মাজৰ ডিস্ক ৰ সমস্যা৷ ৰোগীজনীক ষ্ট্ৰেচাৰেৰে চিকিৎসালয়লৈ আনিব লগা হৈছিল৷ তেওঁক ভৰ্তি কৰাই সম্পূৰ্ণ আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা কৰাত পোন্ধৰ দিনত খোজ কাঢ়িব পৰা হ’ল৷ এমাহৰ মূৰত যাবলৈ দিলোঁ৷ এবছৰ পিছত পুনৰ কঁকালৰ বিষ আৰম্ভ হোৱাত(অৱশ্যে আগতকৈ যথেষ্ট কম) মোৰ ওচৰলৈ আহিল৷ মই সুধি গম পালোঁ তেওঁ কঁকালৰ ব্যায়াম কেইটা কৰা বাদ দিছো৷ মই সুধিলোঁ কিয় বাদ দিছে? ছাৰ, ভাল পাইছিলোঁ সেয়েহে বাদ দিলোঁ, তেওঁ কলে৷ মই পুনৰ সুধি গম পালোঁ যে তেওঁ ঘৰৰ সমস্ত কাম যেনে ঘৰ মোচা, ঝাৰু দিয়া, ফিল্টাৰত পানী দিয়া আদি সকলো কাম কৰে৷  দৰাচলতে ডিস্ক প্ৰব্লেম থকা ৰোগীয়ে সন্মুখৰ পিনে হাউলি কাম কৰিব নালাগে৷ এনে কৰিলে ডিস্ক প্ৰলাপছ বাঢ়ি যাব পাৰে আৰু যিমানেই প্ৰলাপছ বাঢ়িব সেই ঠাইৰে কঁকালৰ নিম্ন অংশলৈ অহা নাৰ্ভবোৰৰ ওপৰত হেঁচা পৰিব আৰু কঁকালৰ পৰা ভৰিলৈ বিষ হব পাৰে৷ আন এটি কথা হল ডিস্ক প্ৰলাপছৰ ৰোগীয়ে দুই কেজিতকৈ বেছি ওজনৰ বস্তু কঁকালৰ ওপৰ অংশলৈ দাঙিব নালাগে৷ এনে কৰিলে ওজনৰ ভাৰ কঁকালৰ নিম্ন অংশত পৰে আৰু হাড় দুডালৰ মাজৰ স্পঞ্জ সদৃশ ডিস্কত হেঁচা পৰে যাৰ ফলত নাৰ্ভত হেঁচা পৰে আৰু কঁকালৰ বিষ হবলৈ ধৰে৷ আমাৰ এই ৰোগী গৰাকীয়ে উক্ত নিয়ম সমূহ মানি নচলাৰ বাবে পুনৰ কঁকালৰ বিষত ভোগে৷ মই পুনৰ তেওঁক ভালদৰে বুজায় কলো যে আপুনি জীয়াই থকালৈ এই নিয়ম সমূহ মানি চলিব লাগিব৷ তাৰ কোনো গত্যন্তৰ নাই৷ এনেদৰেই আজি তিনি বছৰ তেওঁ সুস্থ হৈ আছে৷

#তৃতীয় ৰোগী
এই গৰাকী ৰোগীৰ বয়স ২৩ বছৰ৷ ৰোগীজনীয়ে ঘৰৰ বাৰাণ্ডাত পিছলি পৰি ডিস্ক প্ৰলাপছ হৈছিল৷ তেওঁকো চিকিৎসালয়ত ভৰ্তি কৰাই সুস্থ কৰি পঠিয়াই দিছিলো৷ দুবছৰ পিছত পুনৰ কঁকালৰ বিষ হোৱাত মোৰ ওচৰলৈ আহে৷ মই গম পালোঁ যে তেওঁ কঁকালৰ বিষৰ উপশমৰ এবছৰ পিছত গৰ্ভৱতী হয়৷ সন্তান সুকলমে প্ৰসৱ কৰায়৷ তাৰ পিছত সন্তানক স্তন পান কৰাবৰ কাৰণে খাদ্য অলপ বেছিকৈ খাবলৈ ললে যাৰ ফলত তেওঁৰ শৰীৰৰ ওজন প্ৰায় ১০ কেজি বাঢ়ি গ’ল৷ ৰোগীৰ ইতিবৃত্তান্ত লৈ গম পালোঁ যে তেওঁৰ শৰীৰৰ ওজন বৃদ্ধি, সন্তানক ডাঙি থকা আৰু স্তন পান কৰাবৰ কাৰণে একাটি হৈ বহু সময় অতিবাহিত কৰা বাবেই তেওঁৰ কঁকালৰ বিষ পুনৰ আৰম্ভ হৈছে৷
শৰীৰৰ ওজন বঢ়িলে ডিস্কৰ লগতে নাৰ্ভত হেঁচা পৰে৷ সন্তানক দাঙি থকাৰ বাবেও আৰু হেঁচা বাঢ়ি যায়৷ ইয়াৰ উপৰিও তেওঁ বিছনাত শুই একাটি হৈ স্তনপান কৰোৱাৰ ফলত ৰাজহাড়ডাল কিছু বেকা হৈ থাকে৷ এই আটাইবোৰ কাৰণত তেওঁৰ পুনৰ কঁকালৰ বিষ হৈছে৷ মই নিয়ম বোৰ শিকাই দিলোঁ৷ তেওঁ মোক প্ৰশ্ন কৰিলে “ছাৰ মই মোৰ সন্তানক কোঁচত লব নোৱাৰিম নেকি? স্তনপান কেনেদৰে কৰাম? মই কৈছিলোঁ যে স্তনপান বহি কৰাব আৰু কেতিয়াবা শুই কৰালেও বাগৰ সলাই কৰাব৷ একে স্থিতিত বেছি সময় নাথাকিব৷ বেছিভাগ মাতৃয়ে স্তনপান কৰাই কৰাই একে দিশতে শুই পৰে৷ এনে কৰিলে কঁকালৰ হাড়, নাৰ্ভ আৰু ডিস্কত হেঁচা পৰে৷ এনেদৰেই এইজন ৰোগীয়েও তিনি বছৰ অতিক্ৰম কৰিলে কিন্তু কঁকালৰ বিষত ভোগা নাই৷ অন্য বেমাৰৰ কাৰণে মোৰ তাত প্ৰায়েই আহি থাকে৷

# চতুৰ্থ ৰোগী
এইজন ৰোগী তিনি বছৰ আগতে মোৰ তালৈ আহিছিল৷ ৰোগীজনে ডিস্ক প্ৰলাপছৰ অপাৰেচন কৰিছিল পাছ বছৰমান আগতে৷ দুবছৰ সুন্দৰকৈ কটালে৷ পিছত এদিনাখন প্ৰচণ্ড কঁকালৰ বিষ হোৱাত আয়ুৰ্বেদিক চিকিৎসা কৰাৰ মানসিকতাৰে মোৰ ওচৰলৈ আহে৷ এটি নতুনকৈ MRI কৰিব দিয়াত গম পালোঁ যে পুনৰ অপাৰেচন কৰা স্থানৰ ডিস্কখন ওলাই আহিছে৷ মই কথাখিনি বুজাই কলো৷ মানুহজন শংকিত হল৷ তেওঁৰ ভাষ্য মতে অপাৰেচন কৰি তেওঁ সম্পুৰ্ণ সুস্থ হৈ থাকিব বুলি আশা কৰিছিল আৰু সেই বাবেই তেওঁ জীৱন নিৰ্বাহ আগৰ দৰেই কৰিছিল৷ অৰ্থাৎ মটৰ চাইকেল চলোৱা, বজাৰ সমাৰ কৰা, গেছৰ ছিলিণ্ডাৰ কঢ়িওৱা ইত্যাদি৷ মানুজন কম্পিউটাৰ অপাৰেটৰ৷ সেই বাবে বহু সময় একে লেঠাৰিয়ে বহি কাম কৰিব লগা হয়৷ মই চিকিৎসা আৰম্ভ কৰিলোঁ আয়ুৰ্বেদিক সূত্ৰ অনুসৰি৷ তেওঁ বহু আৰোগ্য অনুভব কৰিলে৷ মই তেওঁক একেলেঠাৰিয়ে বহু সময় বহি থাকিব মানা কৰিলো৷ কলো যে আপুনি আধা ঘণ্টাৰ মূৰে মূৰে থিয় হৈ অলপ সময় খোজ কাঢ়িব, তাৰ পিছত আকৌ কাম কৰক৷ ৰাতিপুৱা, গধূলি শিকাই দিয়া ব্যায়াম সমূহ কৰি থাকিব৷ লগতে আন কেতবোৰ উপদেশ দি পঠিয়াই দিলো৷

ওপৰৰ আটাইকেইজন ৰোগীৰেই এটাই ধাৰণা আছিল যে ডিস্ক প্ৰলাপছ ভাল হলে আৰু পুনৰাই নহয়৷ কিন্তু এটা কথা সকলোৱে মনত ৰখা উচিৎ যে এবাৰ ডিস্ক প্ৰলাপছ হলে যিকোনো চিকিৎসা কৰিলেও পুনৰাই হব পাৰে৷ কিয়নো ডিস্ক খনৰ ঠাইখিনি দুৰ্বল হৈ থাকে৷ অপাৰেচন কৰিলেও ডিস্ক খনৰ এটি অংশ পেলাই দিয়া হয়৷ যাৰ ফলত অংশটি দুৰ্বল হৈ থাকে৷

কঁকালৰ বিষৰ ৰোগীয়ে সদায় তলৰ নিয়ম সমূহ মানি চলিব লাগে৷
১) পুষ্টিকৰ আহাৰ সেৱন কৰিব লাগে৷ খাদ্য তালিকাত যাতে উপযুক্ত পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন থাকে তাৰ ওপৰত মনোযোগ দিব লাগিব৷

২)কাম বন কৰোঁতে মনত ৰাখিব লাগিব যাতে আমাৰ মেৰুদণ্ড ডাল পোন হৈ থাকে অথবা যথা স্থানত থাকে৷

৩)সন্মুখৰ পিনে বেছিকৈ হালি কাম নকৰিব৷

৪)নিতৌ আধা ঘণ্টামান পোন হৈ খোজ কাঢ়ক৷

৫)অত্যধিক ওজনৰ বস্তু নাদাঙিব৷

৬)কেতবোৰ ব্যায়ামে আমাৰ কঁকালখন পোনাই ৰাখত সহায় কৰে যেনে…….

ক) চিধাকৈ ওপৰ মুখ কৰি শুই লওক৷ এতিয়া হাত দুখন বুকুৰ দুয়োপিনে বিছনাত ৰাখক৷ এতিয়া সোঁভৰিখন পোনাই ওপৰলৈ যিমান দূৰ পাৰে ডাঙক৷ দহ চেকেণ্ড মান ৰাখি তললৈ নমাই দিয়ক৷ এনেদৰে আনখন ভৰিও কৰক৷ এনেদৰে দহ বাৰ কৈ কৰক৷

খ) ওলোটাকৈ শুই লৈ আগৰ দৰে দুয়োখন ভৰি এখন এখনকৈ ডাঙক৷ এনেদৰে দহ বাৰকৈ কৰক৷
গ) ওলোটাকৈ পেট পেলাই শুই লওক৷ এতিয়া সোঁ ভৰিখন ওপৰৰ পিনে ডাঙক, লগতে বাওঁ হাতখন ওপৰৰ পিনে দাঙি মূৰটোও হাতখনৰ দিশত ডাঙক৷ ৩০ চেকেণ্ড মান এনেদৰে থাকি এইবাৰ বাওঁ ভৰি আৰু সোঁ হাত, আৰু মূৰটো ওপৰৰ পিনে ডাঙক৷ এনেদৰে ৫ৰ পৰা দহবাৰ মান কৰক৷

এই আটাইবোৰ ব্যায়াম ৰাতিপুৱা গধূলি কৰিব লাগে৷ এজন সুস্থ ব্যক্তিয়েও এই ব্যায়ামখিনি কৰি থাকিলে ভৱিষ্যতে কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা নিচেই ক্ষীণ৷ ওপৰৰ আটাইকেইটা ব্যায়ামে আমাৰ কঁকালৰ ৰাজহাৰ অংশ পোনাই ৰখাত সহায় কৰিব যাৰ ফলত ডিস্ক ত হেঁচা নপৰে আৰু নাৰ্ভ সমূহতো হেঁচা নপৰে আৰু আমি কঁকালৰ বিষৰ পৰা মুক্ত হৈ থাকিব পাৰো৷
☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!