ককাৰ বজাৰ (অভিজ্ঞান ফুলকোঁৱৰ)
ককাৰ বজাৰ
অভিজ্ঞান ফুলকোঁৱৰ
দৃশ্য ১:
এদিন ককাক আইতাই বজাৰলৈ পঠালে। এয়া স্বাভাৱিক ঘটনা। এইবাৰ ককাই বজাৰৰ পৰা আনিব লগাত পৰিল আপেল। কিন্তু ককাই কেতিয়াও আপেল কিনি পোৱা নাছিল। কোনটো বেয়া আপেল, কোনটো ভাল আপেল হ’ব তাৰ ওপৰত ককাৰ বিশেষ জ্ঞান নাছিল। তথাপিও ককায়ে সিদিনা যিকেইটা আপেল আনিলে ঘৰত সকলো অবাক। আইতায়েও কেতিয়াও আনি পোৱা নাছিল। কেনেকৈ বাছিলে সুধিলত ককাই ক’লে:
(আধাঘণ্টাৰ আগতে আপেল দোকানৰ আগত)
দৃশ্য ২:
ককা:……………
দোকানী: দেউতা আপেল লওঁক।
ককা: কেজি কেনেকৈ দিছ?
দোকানী: ১২০টকা দেউতা।
ককা: ১২০টকা!?? (চকু ডাঙৰ কৰি)কিমানত দিবি?
দোকানী: ল’লে ১০০টকা, নল’লে ১২০ টকা।
ককা: কি ক, নল’লেহে দেখোন তোক বেছিকৈ দিব লাগিব। তই বেচ বুধিয়ক দেই।বাৰু হ’ব দে আশী টকাকৈ ল’বি। বেয়া চাই তিনি কেজিমান জোখচোন।
দোকানী: (আচৰিত হৈ)কি কয় দেউতা? বেয়া চাই!?
ককা: তই জোখছোন, মোৰ দৰকাৰ আছে বাবেহে কৈছো।
অলপ সময়ৰ কষ্টৰ পিছত।
দোকানী: লওঁক দেউতা, এয়া আপোনাৰ তিনি কেজি আপেল।
ককা:(অলপ ৰঙা চকুৰে)এই তিনিকেজি বেলগে ৰাখি এতিয়া বাকীখিনিৰ পৰা এককেজি দে।
বেচেৰা দোকানীক টকা ৮০টা দি ককা মনে মনে গুচি আহিল।