কঠালৰ মুচিৰ ভাজি ( শেৱালি দত্ত )

kothal_sewali

উপকৰণ:
কঠালৰ মুচি — ১ টা (সৰু আকাৰৰ)
আলু — ২ টা
মচুৰ দাইল — আধা কাপ
পিয়াঁজ — ২ টা (মজলীয়া আকাৰৰ)
বিলাহী — ১ টা (ডাঙৰ আকাৰৰ)
নহৰু বটা — ২ চামুচ (চাহ চামুচ)
আদা বটা — ২ চামুচ (চাহ চামুচ)
কেঁচা জলকীয়া বটা — ১ চামুচ (চাহ চামুচ)
শুকান জলকীয়া — ২ টা
জীড়া গুড়ি — ১ চাহ চামুচ
কাশ্মিৰী জলকীয়া গুড়ি — ১ চাহ চামুচ
ধনীয়া গুড়ি — ১ চাহ চামুচ
মিঠাতেল — ২ চামুচ (টেবুল চামুচ)
তেজপাত — দুখিলা
নিমখ হালধি আন্দাজমতে
প্ৰস্তুত প্ৰণালী: কঠালৰ মুচিটো সৰুকৈ টুকুৰা টুকুৰকৈ কাটি কুকাৰত বইল কৰি লব৷টুকুৰা কৰি লোৱা আলুখিনি আৰু দাইল বইল কৰি লব৷জুইত কেৰাহি পাতি গৰম হ’লে তেল দিব৷বইল কৰি লোৱা ব্যঞ্জনখিনি তেলত ভালদৰে ভাজিব৷ভাজোঁতে তেজপাত,জলকীয়া, নহৰু বটা, আদাবটা, জীৰা গুড়ি আৰু ধনীয়া গুড়িখিনি দি ভালদৰে কম জুইত ভাজিব৷নিমখ, হালধি আন্দাজমতে দিব৷অলপ ডাঠ হ’লে নমাই থ’ব৷ গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিবেশন কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!