কঠীয়াতলী (- কৰুণা বৰা)

আকৌ ভাগিল
শুই থকা চোতাল এখন!
সেউজীয়া সেমেকা ডালৰ পাতত
নাচি উঠিল এজাৰৰ ফুল,
মেঘৰ টোপাল আঘাতত
বাজি উঠিল জাপিটোৰ গান,
টঙালি কোমল হাতত
সেউজীয়া উৰুঙা কলিজাটো
জিলিকি উঠিল সোণ গুটিৰ হাঁহি!
বোকা ফলা কলাফুল বোৰে
চাব জানে দূৰলৈ
সুখ দুখৰ লগৰী মুখলৈ,
দোমোজাত গৰকি থকা লাহনীখনে
সুধি চাই নাঙলৰ মুঠিক
আনিছেনে তাই জীৱনৰ হাঁচতি?
আচলৰ কোমল গাঁঠিত,
য’ত সেউজীয়া হ’ব মোৰ কঠীয়াতলী!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!