কথাবোৰ তোমাকে কৈছোঁ (চৰিফুল ইছলাম)

চৰিফুল ইছলাম
 
কথাবোৰ যেনেদৰে ভাবিছা 
যেনেদৰে কল্পনা কৰিছা
কোনোদিনে হৈ উঠাগৈ নাই
তেনেহ’লে বাদ দিয়া সেইবোৰ
আগবাঢ়ি যোৱা ন উদ্যমেৰে
প্রতিশ্রুতিৰ নতুন প্রেৰণাৰে
কাৰণ আগলৈ যোৱাৰ নামেই জীৱন
আৰু এই জীৱনৰ সোঁতত
সহস্র কালৰ সহস্র জীৱনৰ দৰে
তুমিও এগৰাকী চিৰসংগ্রামী পথিক
জীৱন যুঁজৰ অতন্দ্র সৈনিক!
 
এটা কথা মনত ৰাখিবা
তুমি কেতিয়াও হাৰিব নোৱাৰা কিম্বা
পৰাজিত সৈনিক বুলি পলাব নোৱাৰা..
জীৱনৰ পৰা..
 
কিয়নো জীৱনেই জীৱনৰ প্রত্যাহ্বান
য’ত হৰা আৰু জিকা বিষয়টোৱেই
তোমাৰ তৰল মস্তিষ্কপ্রহুত কেৱল
অনুৰ্বৰ অহেতুক উপাদান..
 
গতিকে ন-প্রজন্মৰ হে সংগ্রামী সৈনিক!
হতাশা নহয়, নিৰাশা নহয় কিম্বা দুৰাশা
গভীৰ প্রত্যাশাৰে আগবাঢ়ি যোৱা
জীৱনৰ স’তে থাকা, জীৱনকে লৈ
স্ফুৰ্তি কৰা, খেলা নহ’লে উটি যোৱা
মহাপ্লাৱনৰ জীৱনদায়িনী সোঁতত
দেখিবা সকলো সুন্দৰ হৈছে
সুন্দৰ সুন্দৰ কেৱল সুন্দৰ
আবিষ্কাৰ হৈছে নতুন জীৱন জগত।
 
পুনশ্চঃ
কল্পনাৰ জুমুধিৰে বাস্তৱ সজাব নোৱাৰি বা জীয়াব নোৱাৰি;
তথাপিও জানো কল্পনাক নেওচা দিয়া নহয়। মই ভাবো
কল্পনাৰ জুমুধিত যদি বাস্তৱ মষিমুৰো হয়, তেন্তে তেনে
বাস্তৱ বাদ দিয়াই ভাল।তাৰ সলনি কল্পনাৰে মানসিক ক্ষুধা
পুৰণ কৰি জীৱন পাত্র পূৰালেও পূৰ্ণ হব পাৰে জীৱনৰ অৰ্থ
আৰু জীৱন যাপন। বৰ্তমান ইয়ে মোৰ উৎসাহ আৰু প্রেৰণা।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!