কনষ্টিপেচন কি আৰু ইয়াৰ উপশম কেনেকৈ পাব?–ডা০ ভূপেন শইকীয়া



আমাৰ দেশৰ ২২শতাংশ লোকে শৌচকচা, কৌষ্টকাঠিন্য, মলৰোধ, মলবদ্ধতা বা ইংৰাজীত কোৱা কনষ্টিপেচনত ভোগে। কেবল আমেৰিকা যুক্তৰাষ্ট্ৰতেই ২.৫নিযুত ভুক্তভোগী লোক আছে বুলি নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ। সমীক্ষামতে সমগ্ৰ বিশ্বত ১৬শতাংশ লোক শৌচকচাত ভোগে। ইয়াৰে ৩৩শতাংশ লোক হ’ল ৬০বছৰৰ উৰ্ধৰ। দিনক দিনে এই সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যাৰ কাৰণ হয়তো আমাৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভাসত অন্তৰ্নিহিত হৈ আছে। আজিৰ আমাৰ আলোচ্য বিষয় হ’ল সকলোৰে মুখত বৰকৈ ফুটা কনষ্টিপেচন আৰু ইয়াৰ পৰিত্ৰাণৰ উপায়। 

কনষ্টিপেচন কাক বোলে? – কনষ্টিপেচন হ’ল শৰীৰৰ এক অস্বাভাৱিক অৱস্থা য’ত আক্ৰান্ত লোকজনে সহজে মলত্যাগ কৰিবলৈ সমৰ্থ নহয়। স্বাভাৱিক অৱস্থাত এজন সুস্থ লোকে দিনটোত ৩বাৰৰ পৰা সপ্তাহত ৩বাৰ মলত্যাগ কৰে। যদিহে লোকজনে সপ্তাহত ৩বাৰৰ কম শৌচ কৰে আৰু শৌচ হৈ পৰে শুকান আৰু টান সেইদৰে মলত্যাগ কৰা অৱস্থাক কনষ্টিপেচনত ভোগা বুলি গণ্য কৰা হয়। কনষ্টিপেচন আকৌ দুই ধৰণৰ হব পাৰে। একিউট-মানে কেইদিনমানৰ অৱস্থা। মানুহ নৰিয়া পাটিত পৰিলে, ভ্ৰমণত গ’লে, সাময়িক খাদ্যাভাসৰ পৰিৱৰ্তন হ’লে একিউট-কনষ্টিপেচন হব পাৰে। । আনহাতে ক্ৰনিক কনষ্টিপেচন হ’ল দীৰ্ঘকাল ধৰি চলা শাৰীৰিক অৱস্থা। বহু ক্ৰনিক ৰোগীৰ ক্ষেত্ৰত বেৰিয়াম এনেমা এক্সৰে, ক’লোনস্কোপি আদিৰ দ্বাৰা ৰোগীৰ পৰীক্ষা কৰিবলগীয়া হয়। 

লক্ষণসমূহ কি কি? – কৌষ্ঠকাঠিন্যৰ চিনাক্তকৰণ মুঠেই জটিল নহয়। মল শুষ্ক আৰু কঠিন লগতে কম পৰিমাণৰ হয়। মলত্যাগ কৰিবলৈ বলপ্ৰয়োগ কৰিবলগীয়া হয়। ৰোগীয়ে বহুপৰ শৌচালয়ত বহি থাকে তথাপিও পেট খোলোচা নহয়। মলত্যাগ অসম্পূৰ্ণ যেন ভাৱ হয়। তলপেটত কিছু বিষৰ অনুভূতি হয়। বহুতে চাবন, চাপজিটৰি নাইবা আঙুলি ভৰাই হলেও মল নিষ্কাশনৰ প্ৰয়াস কৰে। 

পাকপ্ৰণালীৰ বিষয়ে দুআষাৰ:  পাক প্ৰণালীৰ কাৰ্য বিৱৰণি পোনপ্ৰথম দাঙি ধৰিছিল দ্বিতীয় শতিকাত গ্ৰীক চিকিৎসক হিপক্ৰেটিছ আৰু গেলনে। তেওঁলোকৰ মতে মুখত দাঁতেৰে চোবাই গুড়ি কৰা খাদ্যক পাকস্থলীত সিজোৱা হয়। তাৰ পিছত আন্ত্ৰত লিভাৰৰ ৰস মিহলোৱা হয়। ইয়াৰ পিছত উপকাৰী তত্ত্বসমূহ তেজৰ নলীৰে শৰীৰৰ বিভিন্ন অংগলৈ প্ৰবাহিত হয়। অলাগতিয়াল আবৰ্জনা মলদ্বাৰেদি নিৰ্গত হয়। 

Borelliআৰু Réaumurনামৰ বিজ্ঞানী দুজনে ১৭শতিকাত ওপৰৰ ধাৰণাৰ লগত সংযোজন ঘটালে হজম ক্ৰিয়াৰ লগত মেকানিকেল আৰু কেমিকেল ক্ৰিয়াকলাপ জড়িত আছে বুলি। আকৌ কুৰি শতিকাত Beaumont নামৰ আমেৰিকান চাৰ্জনে এজন ৰোগীত পেটত বুলেটে কৰা ছিদ্ৰৰ মাধ্যমেৰে গৱেষণা চলাই পাক প্ৰণালীৰ বহু কাৰ্যকলাপৰ সম্ভেদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

শৌচকচা হোৱাৰ ফলত শৰীৰত দেখা দিয়া প্ৰতিক্ৰিয়া – শৌচকচা হলে নানান ব্যাধিয়ে দেখা দিব পাৰে। এনিমিয়া, অনিদ্ৰা, খাদ্যত অৰুচি, কঁকালৰ বিষ, মূৰঘূৰণি, দুৰ্বলতা, মুখৰ দুৰ্গন্ধ, আভোক, পেটত গেছ, কামৰ প্ৰতি অমনোযোগিতা আদি হব পাৰে। দীৰ্ঘকালৰ কৌষ্ঠকাঠিন্যই খজুৱতি, মুখৰ ঘাঁ, এলাৰ্জিজনিত ৰোগ, মূত্ৰাশয়ৰ ৰোগ কৰিব পাৰে। 

কৌষ্ঠকাঠিন্যই উৎপন্ন কৰিব পৰা জটিলতাসমূহ হ’ল- পাইলচ, এনেল ফিষ্টুলা, এনেল ফিচাৰ, ৰেক্টেল প্ৰলাপচ আদি। 

কনষ্টিপেচন হোৱাৰ কাৰণ সমূহ – বিভিন্ন কাৰণত কৌষ্ঠকাঠিন্যৰ উৎপত্তি হব পাৰে। চিকিৎসা বিজ্ঞানীসকলৰ মতে শাকপাচলি আৰু ফাইবাৰযুক্ত খাদ্যৰ অভাৱ, পানী কমকৈ খোৱা, দু: চিন্তাত ভোগা, নিজাববীয়াকৈ সময়ে-অসময়ে দৰৱ খোৱা (বিশেষকৈ বিষহাৰক, পেটৰ বিষৰ দৰৱ, ডায়েৰিয়াৰোধক দৰৱ, মানসিক ৰোগৰ দৰৱ, এণ্টিকনভালচেণ্ট, পাৰকিনচনিজমৰ ঔষধ, কেলচিয়াম চেনেল ব্লকাৰ দৰৱ, এলুমিনিয়াম-কেলচিয়মযুক্ত এণ্টাচিড, আইৰণযুক্ত পিল, ডাইউৰেটিকচ) আদিৰ বাবে শৌচকচা হব পাৰে।  ইয়াৰ উপৰিও নিম্নলিখিত কাৰকসমূহ চিন্তনীয়-

০বাৰ্ধক্যৰ দিশে অগ্ৰসৰ হোৱা বয়স

০ ডায়েবেটিজ ৰোগ

০ এলক’হলে উৎপন্ন কৰা ডিহাইড্ৰেচন

০ হাইপোথাইৰয়েডিজম

০ খাদ্যাভাসৰ পৰিবৰ্তন

০ ক’লোনৰ অস্ত্ৰোপচাৰ

০ ইণ্টেষ্টাইনেল অপাৰেচন

০ ইৰিটেবল বাৱেল চিনড্ৰম

০ আলস্য আৰু শাৰীৰিক শ্ৰমৰ অভাৱ

ইয়াৰ উপশম কেনেকৈ পাব? – শৌচ খোলোচা কৰা দৰৱক লেক্সেটিভ বুলে। শৌচদ্বাৰৰ ভিতৰত লগোৱা ঔষধ, ডিচপ’জিবল এনেমা আদিও উপলব্ধ। কিন্তু এনে ঔষধ দুসপ্তাহৰ ওপৰকাল ব্যৱহাৰ নকৰাই মংগলজনক। দীৰ্ঘকাল দৰৱৰ সহায়ত চলিলে শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়াত আউল লাগিব পাৰে। গতিকে ৰোগৰ উৎপত্তি কাৰণ চিনাক্ত কৰি তাক নিৰ্মূল কৰাৰ প্ৰয়াস কৰিব লাগে। বহুতবোৰ ঘৰুৱা উপশমো হয় ফলপ্ৰসূ। যেনে শুকানকৈ ভজা বুট গুড়ৰ সৈতে খোৱা, পকা বেলৰ চৰবতো উপকাৰী। 

গৰ্ভাৱস্থা আৰু কনষ্টিপেচন: – শৌচকচা হোৱাৰ কাৰণসমূহ হ’ল – এই সময়ত কমকৈ শাৰীৰিক শ্ৰম হয়। আইৰণ পিলৰ প্ৰভাৱ। প্ৰজেষ্টৰন হৰমোনৰ প্ৰভাৱত মটিলিন নামৰ হৰমোনৰ প্ৰভাৱ কমি যায়। বৰ্ধিত ইউটেৰাচে উৎপন্নন কৰা চাপৰ ফলত ১১শতাংশৰ পৰা ৩৫শতাংশ মহিলাই গৰ্ভকালীন কনষ্টিপেচনত ভোগে। 

পাইলচ আৰু কনষ্টিপেচন: –

শৌচদ্বাৰ সতৰ্কতাৰে ভালদৰে পৰিষ্কাৰ কৰক। 

এণ্টিইনফ্লেমেটৰী ষ্টেৰয়েডযুক্ত মলম শৌচদ্বাৰৰ ভিতৰত চৌদিশে লগাব। 

শাক-পাচলি, সতেজ ফলমূল আদি উচ্চ ফাইবাৰযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক। 

পানী দৈনিক যথেষ্ট পৰিমাণে খাবলৈ নাপাহৰিব। 

মোখনিত কবলগীয়া – পৰিপাটি জীৱন শৈলী, অযথা চিন্তা পৰিহাৰ কৰা, উচিত নিদ্ৰা, নিয়মিত আধা ঘণ্টাৰ ব্যায়াম, মদ্যপান-ধুম্ৰপান ত্যাগ কৰা, জধেমধে চিকিৎসকৰ পৰামৰ্শ অবিহনে দৰৱ গ্ৰহণ কৰাৰ অভ্যাস এৰা, নিতৌ চাৰি লিটাৰ পানী খোৱা, ফাষ্টফুডৰ সংগ নিদিয়া, শাক-পাচলি আৰু ফলমূল খাদ্যত সন্নিৱিষ্ট কৰা আদি হ’ল শৌচকচাৰ পৰা বাচি ৰোৱাৰ মূলমন্ত্ৰ। 

(বি০দ্ৰু০-বাদ পৰি যোৱা লাগতিয়াল কথা পৰৱৰ্তী সময়ত যোগ দিয়া হব। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!