কবিতাৰ অসুখ — মনোহৰ দত্ত

কবিতাৰ অসুখ
— মনোহৰ দত্ত

হীৰাৰ দৰে তুমি

পখিলাৰ দৰে

তোমাৰ কবিতা৷
প্ৰেমৰ সুগভীৰ বিশালতা

দুখৰ মাজতো
গোলাপৰ বাগিছা

সহজ যাৰ প্ৰেম

সহজ যাৰ এন্ধাৰ

তেঁওৱেই
আমাৰ হীৰুদা৷
প্ৰাণৰ বাঁহীত বজাই

মিঠা সুৰ

আমোলমোলাই ফুলে শেৱালি

বিষ্ণু ৰাভা উভতি অহিব

আজি গধূলি
সজীৱ সজীৱ কবিতা,

জ্যোতিৰ জ্যোতিৰে জ্যোতিষ্মান

স্বাধীনতাৰ কামনা৷
ফুলত কাঁইট

জীৱনত আঘাত

সকলো সহিবলৈ

দুখৰ স্তুতি৷
শব্দই শব্দই হাত থৈ

লগ পাওঁ

হীৰেন নামৰ কবি৷
আজি কবিতাৰ অসুখ

ধ্যান-মগ্ন হাতৰ অসুখ

শব্দৰ শৰীৰত বেথা

নাই ছন্দ
নাই চিত্ৰ-কল্প

বুকুত এজাক বা-মাৰলি

প্ৰতিটো পুৱা
প্ৰতিটো গধূলি৷
বন-বিৰিখৰ ছাঁ
যেন
একো একো একোটি

দীঘল হুমুনিয়াহ৷

প্ৰাণৰ দেউলে দেউলে

অবিৰত প্ৰাৰ্থনা৷
হীৰাৰ দৰে তুমি

পখিলাৰ দৰে

তোমাৰ কবিতা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!