কবিতা ভালপোৱা মানুহৰ সমীপেষু – হেমন্ত নাথ

আপুনি কবিতা ভালপোৱা মানুহ হয়নে…

বুজেনে কবিতাৰ ভাষা

পাইনে চিনি

চোতাল

ঢেঁকী

চালপীৰা

নঙলা

ডাঙৰি

পথাৰ

শ্মশান…

 

মানুহৰ দুনিয়াত মানুহ চিনাও হেনো বৰ কঠিন-

তেওঁ তেওঁতেই ব্যস্ত থাকিল…

 

আপুনি কবিতা ভালপোৱা মানুহ হয়নে…

কবিতাই আপোনাক দিছেনো কি

ভাত

কাপোৰ

ঘৰ…

 

নিসংগ বাবেই আপুনি কবিতা ভালপায় নেকি

নে কোনোবা বিশেষ জনক সুখী কৰিবলৈ

নে কৰিছে তোষামোদৰ ছায়াবাজিত কবিতাৰ আখৰা

নে আন কিবা…

 

অম্বিকাগিৰিৰ সেয়ে চাগে খং-

“কয়, লিখে এক, কৰে-ধৰে আন,

লুটি-পুটি গায় শান্তিৰ গান,

দুৰ্ম্মদ যত অনীতি আচৰি তুলিকা বুলাই

দেখুৱাই মহাকবি,

ভিতৰত পুহি দুষ্ট পিশাচ বাহিৰত আঁকে

মোহিনী কলাৰ ছবি;”

 

কলংপৰীয়াজনেও সেয়ে চাগে কৈছিল-

“সকলোতে আজি স্বদেশী কবিৰ কবি-অন্তৰ জাগে,

দেশৰ মানুহ নেখাই মৰিছে সন্ধান কোনে ৰাখে?”

 

বৰ জটিল প্ৰসংগ নহয়নে-

 

আপুনি দোমোজাত পৰিছে নেকি

আপুনি কবিতা ভালপোৱা মানুহ হয়নে

ঠিক আছে প্ৰসঙ্গ সলনি কৰোঁ আহক

মানি ল’লোঁ আপুনি কবিতা ভালপোৱা মানুহ

ভালপোৱা কৰা নাযায়, হৈ যায় (!)

 

বাৰু

আপোনাৰ মতে বিষয়নো কি হ’ব লাগে কবিতাৰ

কবিতাৰ আছেনো কি এনে অদৃশ্য শক্তি

 

ধৰি লওঁক

ফুটপাথৰ নাঙঠ ছবি

আপোনাৰ কবিতাৰ বিষয়

আগুৱাই এখোজ গৈ দেখিলে

খেতি মাটিৰ বুকু খহাই বলিয়া পানী গ’ল

আপুনি জোলোঙাত তাকো ল’লে ভৰাই

ৰ’দবোৰে সিহঁতক পুৰিছে

শিল ভাঙিলেহে এসাঁজ মিলে

বৰষুণত সিহঁত ভিজিছে

ভিজিলেহে এসাজ পোছাকত

বাচাহতঁৰ মুখত হাঁহি ফুলে

ৰ’দ-বৰষুণীয়া ৰংবোৰতহে

সেউজীয়াৰ পৰা পকা সোণলৈ নদন-বদন গান

 

ব্যতিক্ৰম আন এখন পৃথিৱী

ভিজা আকাশৰ গানত গজে চকুপানী

 

চাওকচোন

ৰ’দ-বৰষুণ আপোনাৰ মোৰ প্ৰেমৰ কবিতা

“বৰষুণজাক তুমি হৈ সৰিছে সোণতৰা”-

 

সিহঁতৰ অভিশাপ-

সংগ্ৰাম পথাৰত সিহঁতৰ বজ্ৰময় যুঁজ…

 

স্বগতোক্তি বন্যাৰ্তৰ –

আমাৰ উচুপনিত কঁপেনে এবাৰলৈ

ৰাজকাৰেঙৰ বুকু…

 

নিঠৰুৱা লোকৰ মৰ্মান্তিক গাথা বাস্তৱ প্ৰবাহ

আৰু

আপুনি-মই এ,চি, কোঠাত বহি শ্ৰমিকৰ বেজাৰত দগ্ধ-

ওঁঠৰ ফাকেৰে নিগৰাই মিচিকি হাঁহি…

 

যুগসন্ধি…

জটিল সময়-

মগজুৰ সন্ধান শীতল সুবিমল

এজোপা গছৰ তলত অলপ ছাঁ

মূঢ়াবোৰে উচুপিলে

মৃত গছৰ জঁকা এটাই ক’লে

আমিবোৰ ইতিহাস হ’লোঁ…

 

ইতিমধ্যে

আকাশখন গোমা হ’ল

আবেলিৰ হেঙুল বৰণ নালাগিল চকুত

দুপৰতে পিশাচ এটাই তাৰ ডেউকাৰে

বেলিপকা আকাশত ফু দিলে

জাক জাক বনহাঁহৰ মিঠা সুৰবোৰো নাহিব আজি

আৰু সম্ভাৱনাৰ প্ৰত্যাশাবোৰৰ হ’ব বাৰু কি

নামি আহিব নেকি নিতে নতুন কজলা কলাজ

দিবনে তমসাই গিলি থ’বলৈ

সপ্তস্বৰ্গ সুবাস…

 

আপুনি কবিতা ভালপোৱা মানুহ হয়নে

কবিতা…!

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!