কম্পিউটাৰ এটা কিনোঁতে (মেদিনী নেওগ)

(প্ৰথম কথা, পাৱাৰ ছাপ্লাই এটাই কৰে কি? ইউ পি এছ এটাই আপোনাৰ কম্পিউটাৰটোক বিজুলীৰ কোনো তাৰতম্য নোহোৱাকৈ বিদ্যুতৰ যোগান ধৰে। কিন্তু সেয়া হৈছে এচি বিদ্যুৎ। কম্পিউটাৰ এটাৰ ভিতৰৰ অংশবিলাকক কিন্তু লাগে ডিচি বিদ্যুৎ। তাদুপৰি কম্পিউটাৰৰ ভিতৰত থকা বিভিন্ন অংশবিলাকক বেলেগ বেলেগ পৰিমাণৰ ডিচি বিদ্যুতৰ দৰকাৰ হয়।  আপোনাৰ পাৱাৰ ছাপ্লাই এটাই ঠিক সেই কামখিনিয়েই কৰে।)

আগৰ খণ্ডত আমি ইউ পি এছ (UPS)অৰ বিষয়ে কথা পাতিছিলোঁ, এইবাৰ আলোচনা কৰিম পি এছ ইউ(PSU)ৰ বিষয়ে।

ইয়াৰ অন্য এটা নাম হৈছে এছ এম পি এছ (SMPS)। বহলাই ক’বলৈ গ’লে পি এছ ইউ > পাৱাৰ ছাপ্লাই ইউনিট (Power Supply Unit) আৰু এছ এম পি এছ > ছুইছ ম’ড পাৱাৰ ছাপ্লাই (Switch Mode Power Supply)। এই দুয়োটা নামেৰে একেটা বস্তুকে বুজায়। মই পাৱাৰ ছাপ্লাই নামটো ব্যৱহাৰ কৰিম। কম্পিউটাৰৰ পাৱাৰ ছাপ্লাই গোটটো কম্পিউটাৰৰ কেবিনেটৰ ভিতৰত বহুৱাই দিয়া হয়।

কেবিনেটটোৰ ভিতৰত, পাচফালে (এই শব্দটোৰ ভিন ভিন ৰূপৰ এইটো ৰূপ গ্ৰহণ কৰিছোঁ মই) ওপৰৰ চুকত থকা বাকচৰ দৰে অংশটো যে দেখিছে তাতে পাৱাৰ ছাপ্লাই গোটটো বহুৱাই দিয়া হয়।

এতিয়া আহোঁ আপুনি পাৱাৰ ছাপ্লাই এটা কেনেকৈ বাচি উলিয়াব, সেই কথাটোলৈ।

প্ৰথম কথা, পাৱাৰ ছাপ্লাই এটাই কৰে কি? ইউ পি এছ এটাই আপোনাৰ কম্পিউটাৰটোক বিজুলীৰ কোনো তাৰতম্য নোহোৱাকৈ বিদ্যুতৰ যোগান ধৰে। কিন্তু সেয়া হৈছে এচি বিদ্যুৎ। কম্পিউটাৰ এটাৰ ভিতৰৰ অংশবিলাকক কিন্তু লাগে ডিচি বিদ্যুৎ। তাদুপৰি কম্পিউটাৰৰ ভিতৰত থকা বিভিন্ন অংশবিলাকক বেলেগ বেলেগ পৰিমাণৰ ডিচি বিদ্যুতৰ দৰকাৰ হয়।  আপোনাৰ পাৱাৰ ছাপ্লাই এটাই ঠিক সেই কামখিনিয়েই কৰে।  ইউপিএছৰ পৰা যোগান ধৰা এচি বিদ্যুতক ডিচি বিদ্যুতলৈ পৰিৱৰ্তন কৰি বেলেগ বেলেগ পৰিমাণৰ ডিচি বিদ্যুৎ কম্পিউটাৰটোৰ ভিতৰৰ বস্তুবিলাকক লগামতে যোগান ধৰাই হৈছে পাৱাৰ ছাপ্লাই এটাৰ কাম।

পাৱাৰ ছাপ্লাই এটাই দিব পৰা শক্তিৰ পৰিমাণক (এইটোত মোৰ অলপ খেলিমেলি আছে।) “ৱাট”(Watt) এককত প্ৰকাশ কৰা হয়।

এতিয়া প্ৰথম প্ৰশ্ন – পাৱাৰ ছাপ্লাই এটাই তালৈ যোগান ধৰা গোটেইখিনি এচি বিদ্যুতক ডিচিলৈ পৰিৱৰ্তিত কৰে নে? নকৰে। আন যিকোনো বৈদ্যুতিক যন্ত্রৰ দৰেই পাৱাৰ ছাপ্লাই এটাই কিছু পৰিমাণে বিদ্যুৎ শক্তি অপচয় কৰে। কিমান বিদ্যুৎ অপচয় কৰে, সেই কথাটো নিৰ্ভৰ কৰে পাৱাৰ ছাপ্লাইটোৰ ভিতৰত ব্যৱহাৰ কৰা ‘কেপাচিট’ৰ বিলাকৰ মানৰ ওপৰত। সেইখিনিতেই আহি পৰে ভাল কোম্পানীৰ পাৱাৰ ছাপ্লাই আৰু বেয়া কোম্পানীৰ পাৱাৰ ছাপ্লাইৰ কথাটো। ইউপিএছৰ দৰেই পাৱাৰ ছাপ্লাইৰ ক্ষেত্ৰতো কেইটামান ভাল আৰু কেইটামান বেয়া কোম্পানী আছে। সেইখিনি কথা আমি অলপ পাচত পাতিম।

এতিয়া কথা পাতিম আপুনি কিনিবলৈ ওলোৱা পাৱাৰ ছাপ্লাইটোৱে কিমান বিদ্যুৎ শক্তিৰ অপচয় কৰে সেয়া কেনেকৈ গম পাব পাৰি। আজিৰ চৰা দামৰ যুগত পাৱাৰ ছাপ্লাই এটাই যিমানে কম শক্তি খৰচ কৰে সিমানে ভাল। কোম্পানীবিলাকে যাতে আপোনাক অধিক শক্তিৰ অপচয় নকৰা পাৱাৰ ছাপ্লাই এটাহে বিক্ৰী কৰে, সেই কথাটো নিশ্চিত কৰিবলৈ এটা মান নিৰ্ধাৰণ কৰা আছে। সেই মানটোৰ নাম হ’ল “এইটি প্লাছ ৰেটিং”(80 PLUS Rating)।

যদি এটা পাৱাৰ ছাপ্লাই এইটি প্লাছ ৰেটিঙৰ হয়, তেন্তে সেই পাৱাৰ ছাপ্লাইটোৱে সাধাৰণতে তালৈ যোগান ধৰা বিদ্যুৎ শক্তিৰ আশী শতাংশ শক্তিক ডি.চি.-লৈ পৰিৱৰ্তন কৰে আৰু বিছ শতাংশ শক্তিৰ অপচয় কৰে। এইটি প্লাছ ৰেটিঙৰো আকৌ কেইবাটাও শ্ৰেণী আছে, সেইকেইটা হ’ল:

১) এইটি প্লাছ – ৮০% আউটপুট পাৱাৰ।

২) এইটি প্লাছ ব্ৰঞ্জ – ৮১%-অৰপৰা ৮৫% আউটপুট।

৩) এইটি প্লাছ চিলভাৰ – ৮৫%-অৰপৰা ৮৯% আউটপুট।

৪) এইটি প্লাছ গ’ল্ড – ৮৯%-অৰপৰা ৯২% আউটপুট।

৫) এইটি প্লাছ প্লেটিনাম– ৯২%-অৰপৰা ৯৪% আউটপুট।

৬) এইটি প্লাছ টাইটানিয়াম – ৯৪%-অৰপৰা ৯৬% আউটপুট।

পাৱাৰ ছাপ্লাই এটা বিষয়ে উল্লেখ কৰা যিকোনো এটা এইটি প্লাছ ৰেটিঙৰ অধীনৰ হয় নে নহয় সেই কথাটো পাৱাৰ ছাপ্লাইটোৰ বাকছটোতে উল্লেখ থাকে, কিনাৰ সময়ত এই কথাটো লক্ষ্য কৰিব। এইকেইটাৰ ভিতৰত কোনটো ৰেটিঙৰ পাৱাৰ ছাপ্লাই আপোনাক লাগে, সেইটো আপুনি নিজে ঠিক কৰিব লাগিব। ৰেটিঙৰ লগতে পাৱাৰ ছাপ্লাইটোৰ দামো বাঢ়ি গৈ থাকে। আজিকালি এইটি প্লাছ গ’ল্ড আৰু এইটি প্লাছ প্লেটিনাম শ্ৰেণীৰ  পাৱাৰ ছাপ্লাইকেইটাই আটাইতকৈ বেছিকৈ ব্যৱহৃত হয়।

পাৱাৰ ছাপ্লাই এটাৰ ক্ষমতা জানিবলৈ ব্যৱহৃত সূচকবোৰৰ ভিতৰত এইটি প্লাছ ৰেটিঙটো হৈছে প্ৰধান। আন এটি সূচক হৈছে “+১২ ভ’ল্ট ৰেইল পাৱাৰ(+12V Rail Power)”। অলপ সময়ৰ পাচতে আমি সেইটোৰ কথা পাতিম। পাৱাৰ ফেক্টৰ, ভ’ল্টেজ কাৰেকচন ইত্যাদি আৰু সৰু-সুৰা সূচক কেইটামান আছে, কিন্তু আজিকালি বজাৰত পোৱা ভাল কোম্পানীৰ ভাল ৰেটিঙৰ পাৱাৰ ছাপ্লাইবিলাকৰ এইকেইটা সূচক সাধাৰণতে উচ্চ মানৰে হয়। গতিকে মই সেইকেইটাৰ কথা আলোচনা নকৰোঁ। আগতেই কৈছোঁ, মই এই লিখাকেইটাৰ শেষত কেইটামান ৱেব-পে’জৰ লিংক দিম, অধিক জানিব বিচৰাসকলে পঢ়ি ল’ব পাৰিব।

+১২ ভ’ল্ট ৰেইল পাৱাৰলৈ যোৱাৰ আগতে এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ কথা আপোনালোকক কৈ লওঁ।

আপুনি দোকানীক পাৱাৰ ছাপ্লাই এটা লাগে বুলি ক’লে আপোনাক দোকানীয়ে প্ৰথমেই সুধিব কিমান ৱাটৰ লাগে।  ধৰি লওঁক, আপোনাক এটা ৫০০ ৱাটৰ পাৱাৰ ছাপ্লাই লাগে।  আপুনি দোকানীক ক’লে আৰু আপোনাক দোকানীয়ে ৫০০ ৱাটৰ এটা পাৱাৰ ছাপ্লাই উলিয়াই দিলে। ধৰি লওঁক পাৱাৰ ছাপ্লাইটো এইটি প্লাছ ৰেটিঙৰ। এতিয়া আপোনাৰ পাৱাৰ ছাপ্লাইটোৱে সৰ্বাধিক কিমান শক্তি দিব ? ৫০০ ৱাটৰ ৮০ শতাংশ?

নাই, নহয়। পাৱাৰ ছাপ্লাইটোৱে আপোনাক ৫০০ ৱাট পৰিমাণৰ শক্তিয়েই দিব। কিন্তু এই পাৱাৰ ছাপ্লাইটোৱে আপোনাৰ ঘৰৰ বিদ্যুৎ সংযোগটোৰপৰা ৬২৫ ৱাট শক্তি ব্যৱহাৰ কৰিব। কাৰণ ৬২৫ ৱাটৰ আশী শতাংশ হৈছে ৫০০ ৱাট। অৰ্থাৎ, পাৱাৰ ছাপ্লাই এটা কিনোতে তাত উল্লেখ থকা পৰিমাণটো হৈছে পাৱাৰ ছাপ্লাইটোৰ আচল আউটপুট পৰিমাণ।  কিন্তু পাৱাৰ ছাপ্লাইটোক কিমান পৰিমাণৰ বিদ্যুৎ যোগান ধৰিব লাগিব, সেই কথাটো নিৰ্ভৰ কৰিব পাৱাৰ ছাপ্লাইটোত উল্লেখ থকা পৰিমাণ আৰু তাৰ এইটি প্লাছ ৰেটিঙটোৰ ওপৰত। সমীকৰণ হিচাপে ক’বলৈ গলে কথাটো ঠিক এনেকুৱা—

পাৱাৰ ছাপ্লাইটোক যোগান ধৰিবলগীয়া শক্তিৰ পৰিমাণ × [এইটি প্লাছ ৰেটিঙৰ আউটপুট শতাংশ/১০০] = পাৱাৰ ছাপ্লাইটোত উল্লেখ থকা পৰিমাণ।

বুজাব পাৰিছে নে বাৰু কথাটো?

আপোনাৰ কম্পিউটাৰটোক কিমান ৱাটৰ পাৱাৰ ছাপ্লাই এটা লাগিব পাৰে, সেইটো মই প্ৰথম খণ্ডত উল্লেখ কৰিছোঁ, পঢ়ি চাব এবাৰ।

এতিয়া “১২ ভল্ট ৰেইল পাৱাৰ” ধাৰণাটোলৈ আহোঁ।

মই প্ৰথমতেই উল্লেখ কৰিছোঁ যে পাৱাৰ ছাপ্লাই এটাই কম্পিউটাৰটোৰ ভিতৰৰ অংশবিলাকক লগা ধৰণে শক্তি যোগান ধৰে। প্ৰশ্নটো হৈছে – কম্পিউটাৰ এটাৰ ভিতৰৰ অংশবিলাকক একে সমান বিদ্যুৎ লাগে নে? উত্তৰ– নালাগে। কম্পিউটাৰটোৰ ভিতৰত থকা বেলেগ বেলেগ অংশবিলাকক (প্ৰচেছৰ, হাৰ্ড-ড্ৰাইভ, ফেন ইত্যাদি) বেলেগ বেলেগ ভ’ল্টেজৰ বিদ্যুতৰ দৰকাৰ হয়। এই কামটোও পাৱাৰ ছাপ্লাইটোৱেই কৰিব লাগে। এতিয়া কথা হ’ল, এটা পাৱাৰ ছাপ্লায়ে কেনেকৈ বেলেগ বেলেগ ভ’ল্টেজৰ বিদ্যুৎ যোগান ধৰিব পাৰে?

এই কামটো কৰিবৰ বাবে আধুনিক পাৱাৰ ছাপ্লাইবিলাকে বেলেগ বেলেগ “ৰেইল”(Rail) ব্যৱহাৰ কৰে। টেকনিকেল কথাখিনি বাদ দিলে “ৰেইল”ৰ কথাটো এনেকৈ বুজিব পাৰি—পাৱাৰ ছাপ্লাই এটাৰ ভিতৰত বেলেগ বেলেগ আউটপুট ভ’ল্টেজৰ কাৰণে কিছুমান বেলেগ বেলেগ পইন্ট থাকে আৰু এই পইন্টবিলাকক একো একোটা “ৰেইল” বোলা হয়। কম্পিউটাৰটোৰ ভিতৰৰ অংগ, অংশক প্ৰয়োজন হোৱা বিদ্যুতৰ পৰিমাণ অনুসৰি সিহঁতক নিৰ্দিষ্ট এটা ৰেইলৰ পৰা বিদ্যুৎ যোগান ধৰা হয়।

আধুনিক পাৱাৰ ছাপ্লাই এটাত সাধাৰতে পাঁচটা ৰেইল থাকে, সেইকেইটাৰ ভ’ল্টেজ বিলাক হ’ল: +৩.৩ ভ’ল্ট, +৫ ভ’ল্ট, +১২ ভ’ল্ট, -১২ ভ’ল্ট, +৫ ভ’ল্ট ষ্টেণ্ডবাই। এইকেইটাৰ ভিতৰত আপুনি লক্ষ্য কৰিবলগীয়া ৰেইলটো হৈছে ‘+১২ ভ’ল্ট’ ৰেইল। কথাটো আপোনাক বহলাই কোৱাৰ আগতে তলৰ লিংকটোত থকা ফটোখন চাওঁক

https://docs.google.com/open?id=0Bza1q6pxfXxVYVNTaWY1UEVkbHM

পাৱাৰ ছাপ্লাই এটা কিনিবলৈ লওঁতে পাৱাৰ ছাপ্লাইটোৰ বাকচটোত থকা তালিকাখন বিচাৰি উলিয়াওক। তালিকাখন প্ৰায় সকলো পাৱাৰ ছাপ্লাই বাকচতে মোটামুটি একেধৰণৰ হয়। এই তালিকাখনত পাৱাৰ ছাপ্লাইটোৰ ভিতৰৰ ৰেইল কেইটাই দিব পৰা শক্তিৰ পৰিমাণ ৱাট হিচাপত উল্লেখ কৰা থাকে। ওপৰৰ ফটোখন যদি লক্ষ্য কৰে আপুনি দেখিব যে পাৱাৰ ছাপ্লাই এটাই আউটপুট হিচাপে দিয়া শক্তিৰ সিংহভাগেই আহে +১২ ভ’ল্ট ৰেইলটোৰ পৰা। কম্পিউটাৰ এটাৰ ভিতৰৰ আটাইতকৈ দৰকাৰী বস্তুকেইটাই এই ৰেইলটোৰ পৰা শক্তি আহৰণ কৰে আৰু এই শক্তিৰ পৰিমাণ বঢ়া-টুটা হৈ থাকে। কাৰণ এই বস্তুকেইটা সকলো সময়তে ব্যৱহৃত হৈ নাথাকে। সেয়েহে এই ৰেইলটোৰ আউটপুট শক্তিৰ পৰিমাণটো যথেষ্ট হোৱাটো দৰকাৰী। আগৰ খণ্ডত মই উল্লেখ কৰা প্ৰথম ভাগৰ কম্পিউটাৰবিলাকক সাধাৰণতে  +১২ ভ’ল্ট ৰেইলটোত ২৬ৰ পৰা ৩৪ ৱাট শক্তিৰ প্ৰয়োজন হয়।

+১২ ভ’ল্ট ৰেইলটোৰ আউটপুট শক্তিৰ পৰিমাণৰ কথাটো অতি দৰকাৰী হয় গ্ৰাফিক্স কাৰ্ড এখন কিনোঁতে। আজিকালি বজাৰত বহুত মডেলৰ গ্ৰাফিক্স কাৰ্ড কিনিবলৈ পোৱা যায়। এই গ্ৰাফিক্স কাৰ্ডবোৰৰ প্ৰত্যেকৰে ইনপুট শক্তিৰ পৰিমাণ বেলেগ বেলেগ। গ্ৰাফিক্স কাৰ্ড এখনৰ বাকচটোত আপুনি এখন সৰু কিতাপ পাব, য’ত কাৰ্ডখনৰ বিষয়ে সকলো কথাই লিখা থাকিব। গ্ৰাফিক্স কাৰ্ডখনক দৰকাৰ হ’ব পৰা +১২ ভ’ল্ট ৰেইলৰ শক্তিৰ পৰিমাণটোও তাতে উল্লেখ থাকিব। আপুনি যদিহে গ্ৰাফিক্স কাৰ্ড কিনিছে তেন্তে গ্ৰাফিক্স  কাৰ্ডখনক লগা এই পৰিমাণৰ শক্তি যাতে আপোনাৰ পাৱাৰ ছাপ্লাইটোৱে +১২ ভ’ল্ট ৰেইলটোত দিয়ে, সেই কথাটো নিশ্চয় মনত ৰাখিব। অলপ বেছি হ’লে কথা নাই, কিন্তু কম হ’লে নিশ্চয় গণ্ডগোল হ’ব।

+১২ ভ’ল্ট ৰেইলৰ বাহিৰে বাকীকেইটা ৰেইল প্ৰায়ে ষ্টেণ্ডাৰ্ড শক্তিৰ হয়। যেনে ধৰক, ইউ এছ বি ক’ন্ট্ৰলাৰটোলৈ দিবলগীয়া শক্তিৰ পৰিমাণ সকলোবিলাক কম্পিউটাৰতে প্ৰায় একে হয়। এনেধৰণৰ অংশবিলাকে বাকীকেইটা ৰেইলৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

আজিকালি বজাৰত “মাল্টিপল +১২ ভ’ল্ট ৰেইল” (Multiple +12V Rail) পাৱাৰ ছাপ্লাইও পোৱা যায়। এইবিলাক পাৱাৰ ছাপ্লাইত +১২ ভ’ল্টৰ কেইবাটাও ৰেইল থাকে। আপুনি যদি পাৱাৰ  ছাপ্লাইৰ বিষয়ে অলপ পঢ়া-শুনা কৰে, তেতিয়া গম পাব যে এটা +১২ ভ’ল্ট ৰেইল থকা পাৱাৰ ছাপ্লাই ভাল নে একাধিক +১২ ভ’ল্ট ৰেইল থকা পাৱাৰ ছাপ্লাই ভাল, এই বিষয়টোক লৈ এক ডাঙৰ বিতৰ্ক চলি আছে। বহুতেই হয়তো আপোনাক দুয়োধৰণৰে পাৱাৰ ছাপ্লাইৰ সপক্ষে আৰু বিপক্ষে নানা মত দিব।  কিন্তু আচল কথাটো মই আপোনালোকক জনাই দিওঁ ৰ’ব।

মই আগৰ খণ্ডত উল্লেখ কৰিছিলোঁ কথাটো – আপোনাৰ কম্পিউটাৰটোৰ ভিতৰত থকা অংশৰ ওপৰত ভিত্তি কৰি তাক কিমান শক্তিৰ দৰকাৰ হ’ব সেইটো ঠাৱৰ কৰিব পৰা যায়। মাত্ৰ এটা +১২ ভ’ল্ট ৰেইল থকা পাৱাৰ ছাপ্লাই এটাই যদি ৫৫০ ৱাট মানতকৈ অধিক শক্তি প্ৰয়োজন হোৱা কম্পিউটাৰ এটাক শক্তি যোগান ধৰিব লগা হয়, ইয়াৰ +১২ ভ’ল্টৰ ৰেইলটোৰ বিদ্যুৎ খিনিক নিয়ন্ত্রণ কৰাটো পাৱাৰ ছাপ্লাইটোৰ কাট-অফ বৰ্তনীটোৰ কাৰণে অলপ অসুবিধাজনক হৈ পৰে। তাৰ ফলস্বৰূপে কেতিয়াবা পাৱাৰ ছাপ্লাইটো বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে, ৫৫০ ৱাটতকৈ অধিক শক্তিৰ প্ৰয়োজন হোৱা কম্পিউটাৰ এটা যদি আপুনি কিনিছে, তেতিয়া ভাল কোম্পানীৰ একাধিক +১২ ভ’ল্ট ৰেইল থকা পাৱাৰ ছাপ্লাই এটা ল’ব পাৰে। ৫৫০ ৱাট বা তাতোকৈ কম শক্তি দৰকাৰ হোৱা কম্পিউটাৰৰ বাবে এটা +১২ ভ’ল্ট ৰেইল থকা পাৱাৰ ছাপ্লাই যথেষ্ট। একেবাৰে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি কিন্তু পাৱাৰ ছাপ্লাই তৈয়াৰ কৰা কোম্পানীবিলাকে এতিয়া ১,০০০ ৱাটলৈকে শক্তিক এটা +১২ ভ’ল্ট ৰেইল থকা পাৱাৰ ছাপ্লাইতে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে। গতিকে খুব সোনকালেই এটা +১২ ভ’ল্ট ৰেইল আৰু একাধিক +১২ ভ’ল্ট ৰেইল পাৱাৰ ছাপ্লাইবিলাকৰ বিতৰ্কটো শেষ হ’ব। আমাৰ কম্পিউটাৰত একাধিক +১২ ভ’ল্ট ৰেইলৰ পাৱাৰ ছাপ্লাই লগোৱাৰ প্ৰয়োজন সাধাৰণতে নহয়, আমাৰ সাধাৰণ কম্পিউটাৰত প্ৰায়েই ২২০ নাইবা ২৫০ ৱাটৰ পাৱাৰ ছাপ্লাই ব্যৱহাৰ হয়।

পাৱাৰ ছাপ্লাই এটা কিনিবলৈ যাওঁতে আপুনি এই কথাকেইটাৰ প্ৰতি ধ্যান দিলে ভাল হয়। মই ওপৰত কৈ অহা কথাকেইটা হৈছে টেকনিকেল কথা। আচল কেনাটো লাগে কোনটো কোম্পানীৰ পাৱাৰ ছাপ্লাই এটা কিনিম  সেইখিনিত। অলপ সেই বিষয়েও পাতোঁ, নে কি কয়?

মই ২০০৭ চনত কম্পিউটাৰটো কিনোঁতে Frontech কোম্পানীৰ পাৱাৰ ছাপ্লাইৰ প্ৰচলন বেছি আছিল। বন্ধুমহলত যিকোনো এজনৰ কম্পিউটাৰ এটা খুলিলে তাৰ ভিতৰত Frontech ৰ পাৱাৰ ছাপ্লাই এটা পোৱাৰ সম্ভাৱনাই বেছি। আৰু হাঁহি উঠা কথাটো হ’ল, সেই একে কেইটা কম্পিউটাৰৰে চি পি ইউ কেইটাত চলি থকা সময়ত টেষ্টাৰ এটা লগাই দিলে টেষ্টাৰৰ লাইটটো উজলি উঠাৰ সম্ভাৱনাও বহুত বেছি আছিল। সেইটোৱেই অসুবিধা।

মই এই খণ্ডৰ আৰম্ভনিতে কৈছোঁ, পাৱাৰ ছাপ্লাই এটাই ইয়াক যোগান ধৰা এ চি বিদ্যুতৰ সম্পূৰ্ণ ভাগ বিদ্যুৎ ডি চিলৈ পৰিৱৰ্তিত নকৰে, কিছু অংশ অপচয় কৰে। কিন্তু বিজ্ঞানৰ এক সূত্রমতে আমি জানো যে শক্তি ধ্বংস নহয়, ই মাথোঁ এটা ৰূপৰ পৰা আন এটালৈ পৰিৱৰ্তিত হয়। গতিকে পাৱাৰ ছাপ্লাই এটাই অপচয় কৰা বিদ্যুৎ খিনি কি ৰূপলৈ পৰিৱৰ্তিত হয়? মুখ্যতঃ তাপ শক্তিলৈ। অতি কম পৰিমাণৰ বিদ্যুৎ ডি চিলৈ পৰিৱৰ্তন নোহোৱাকৈ থাকি যায় আৰু সেইখিনি ইলেক্ট্ৰিক চাৰ্জ হিচাপে কেইটামান ডাঙৰ কেপাচিটৰলৈ লৈ যোৱা হয়। তাপ শক্তিখিনি বাহিৰলৈ উলিয়াই দিবলৈ পাৱাৰ ছাপ্লাই এটাৰ ভিতৰত এখন ফেন থাকে। তাৰোপৰি, এচি বিদ্যুতক ডিচিলৈ পৰিৱৰ্তন কৰা কামটো কৰিবলৈও বিভিন্ন কেপাচিটৰ ব্যৱহাৰ কৰা হয়।

এইখিনি কথাৰপৰা আপুনি নিশ্চয় বুজিব পাৰিছে যে পাৱাৰ ছাপ্লাইটো ভাল হ’বলৈ হ’লে তাত ব্যৱহৃত কেপাচিটৰ, ফেন আৰু বাকী বৰ্তনীত ব্যৱহাৰ হোৱা বস্তুও ভাল হ’ব লাগিব। এইখিনি পাৱাৰ ছাপ্লাই এটাৰ ক্ষেত্ৰত নাথাকিলে প্ৰায়ে ইয়াৰ পৰা এচি বিদ্যুৎ লিক্ হয় আৰু ই কম্পিউটাৰটোৰ ক্ষতি কৰে। ভাৰতৰ বজাৰত কিনিবলৈ পোৱা আৰু দোকানীয়ে আপোনাক ভাল বুলি কোৱা কিছুমান কোম্পানীৰ নাম হ’ল— Frontech, Odyssey, Zebronics, Intex, I-ball, VIP আৰু Cooler Master। কিন্তু এই সকলোৰে অসুবিধা এটাই, সেইবোৰত ব্যৱহাৰ হোৱা কেপাচিটৰৰ মান। বিভিন্ন প্ৰতিষ্ঠিত হাৰ্ডৱেৰ পৰীক্ষণ দলে কোম্পানীৰ মডেলসমূহক লৈ কৰা পৰীক্ষাত এই কথাটো বাৰে বাৰে চকুত পৰিছে আৰু সেয়েহে মই সেই কোম্পানীবোৰৰ পৰা আজিকালি আঁতৰি থাকোঁ। কুলাৰ মাষ্টাৰ কোম্পানী কম্পিউটাৰক ঠাণ্ডা কৰি ৰাখিবলৈ লগা বস্তুবিলাক (যেনে ফেন, লিকুইড কুলিং চিষ্টেম আদি) তৈয়াৰ কৰাত অতিকে ভাল, কিন্তু মাত্ৰ দুটা মডেল বাদ দি মই এই কোম্পানীটোৱে মডেলৰ ওপৰত কোনো বিশ্বাসযোগ্য সূত্ৰৰপৰা ভাল মতামত শুনা নাই। আৰু সেই দুয়োটা মডেল এতিয়া পোৱা নাযায়, গতিকে পাৱাৰ ছাপ্লাইৰ ক্ষেত্ৰত মই Cooler Master কোম্পানী বাচি নলওঁ। কিন্তু ইয়াৰ মানে এইটো নহয় যে সেই কোম্পানীৰ পাৱাৰ ছাপ্লাই একেবাৰে ব্যৱহাৰৰ অনুপযোগী। আজিকালি প্ৰায়ভাগ কোম্পানীয়েই এইটি প্লাছ ৰেটিঙৰ পাৱাৰ ছাপ্লাই তৈয়াৰ কৰে। যদি আপোনাৰ আৰ্থিক অসুবিধা আছে, তেন্তে আপুনি এইকেইটাৰ কোনো এটাৰ এইটি প্লাছ ৰেটিঙৰ এটাই বাছি লওক – সেই বিলাকতো প্ৰায়ে দুবছৰৰ ৱাৰেন্টী থাকে। কিন্তু  যদি আপুনি খৰছ কৰিম বুলি ভাবিছেই, অলপ বেছি দাম দি একেবাৰে ভাল পাৱাৰ ছাপ্লাই এটা লোৱাৰ আপত্তি থাকিব নালাগে। ইউ পি এছ, পাৱাৰ ছাপ্লাই আৰু কুলিং – এইকেইটা বস্তুৰ ক্ষেত্ৰত মই আজিকালি মানৰ বাহিৰে বেলেগ কথা নাভাবোঁ।

ভাল পাৱাৰ ছাপ্লাই তৈয়াৰ কৰা কোম্পানী বুলিলেই প্ৰথমে আহে ছিজ’নিক(Seasonic) কোম্পানীৰ নাম। দামৰ ফালৰপৰাও হয়তো কোম্পানীটোৰ পাৱাৰ ছাপ্লাইবিলাকেই আটাইতকৈ দামী। তাৰ পিছতেই নাম ল’ব পাৰি টাগান(Tagan), ক’ৰ্ছায়াৰ(Corsair), এন্টেক(Antec) আৰু ছিলভাৰষ্ট’ন(Silverstone) কোম্পানীৰ। ক’ৰ্ছায়াৰৰ পাৱাৰ ছাপ্লাই আজিকালি সুলভ, বাকীকেইটা হয়তো আপুনি আপোনাৰ ওচৰৰ দোকানখনত ক’লে তিনি-চাৰি দিনমানত আনি দিব। ক’ৰ্ছায়াৰৰ পাৱাৰ ছাপ্লাই এটা লোৱাটোৱেই মই ভাল বুলি ভাবোঁ, সহজলভ্য আৰু উচ্চ মানৰ বস্তু।

এইখিনি হ’ল পাৱাৰ ছাপ্লাই এটা কিনোঁতে মনত ৰাখিবলগীয়া মূল কথা। এইখিনিৰ বাহিৰেও জানিবলগীয়া কথা ঢেৰ আছে, আপোনাৰ যদি ৰাপ আছে আৰু ইন্টাৰনেট সংযোগ আছে, আপুনি বিচাৰি চাওক। জানিবও পাৰিব আৰু জনাবও পাৰিব। কিবা প্ৰশ্ন থাকিলে মোক সুধিবও পাৰে, যিমানখিনি জানো, আপোনাক জনাবলৈ কেতিয়াও বেয়া নাপাওঁ।

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!