কম্পিউটাৰ ভাইৰাছ : জ্যোতি প্ৰকাশ নাথ

কম্পিউটাৰ ভাইৰাছ

জ্যোতি প্ৰকাশ নাথ

 

তথ্য প্ৰযুক্তি খণ্ডৰ লগত জড়িত থকাৰ বাবে এই শব্দটোৰ লগত আমাৰ এক ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে। বেছিভাগ উপভোক্তাৰে অভিযোগসমূহৰ ভিতৰত বিশেষকৈ ভাইৰাছৰ কাৰণে সৃষ্টি হোৱা অসুবিধায়েই প্ৰায় ষাঠি শতাংশ হয়। আমাৰ ভাৱ হয়, কম্পিউটাৰ ভাইৰাছৰ বিৰুদ্ধে ল’ব লগা সাধাৰণ নিৰাপত্তা খিনি ল’লেই এই সমস্যাৰপৰা মুক্তি পাব পাৰি। কিন্তু তাৰ আগতে কম্পিউটাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছটোনো আচলতে কি বস্তু তাকে জানি লওঁ আহক।
কম্পিউটাৰ এটাত অসুবিধাৰ সৃষ্টি অকল ভাইৰাছেই নকৰে, তাৰ বাবে জগৰীয়া আন কেইটামান কাৰক হৈছে ট্ৰ’জান হৰ্ছ (Trojan horses), ৱৰ্ম (Worm), ৰূটকিট (Rootkit), স্পাইৱেৰ (Spyware) ইত্যাদি। এই সকলোবোৰ কাৰককে সাধাৰণ মানুহে ভাইৰাছ বুলিয়ে জানে যদিও তথ্য প্ৰযুক্তি বিজ্ঞানত ইয়াক “মেলৱেৰ” (Malware) বুলিহে জনা যায়। মেলৱেৰ শব্দটো হৈছে মিলিচিয়াছ ছফ্টৱেৰ (Malicious Software) শব্দদুটাৰ ক্ষুদ্ৰ ৰূপ যাৰ অৰ্থ হ’ল কম্পিউটাৰত বিশৃংখলাৰ সৃষ্টি কৰিবলৈ হেকাৰসকলে তৈয়াৰ কৰা কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰাম।

জন ভন নিউমেনে কম্পিউটাৰ ভাইৰাছৰ বিষয়ে প্ৰথমে বিশ্বক অৱগত কৰায়। ১৯৪৯ চনত ইলিঅ’ন্স বিশ্ববিদ্যালয়ত Theory and Organization of Complicated Automataৰ ওপৰত দিয়া এটা ভাষণত তেওঁ “নিজকে পুনঃ পুনঃ সৃষ্টি কৰিব পৰা কম্পিউটাৰ প্ৰ’গ্ৰাম” এটা কেনেকৈ সাজি উলিয়াব পৰি তাৰ ওপৰত বক্তব্য আগবঢ়াইছিল। পিছত তেওঁৰ এই কথা খিনি Theory of self-reproducing automata বুলি প্ৰকাশ কৰা হয়। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল সেই সময়ত কম্পিউটাৰ ভাইৰাছ বুলি কোনো শব্দ নাছিল। ১৯৮৪ চনত দক্ষিণ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত অৰ্পণ কৰা গৱেষণা পত্ৰ Computer Viruses – Theory and Experimentsত ফ্ৰেড ক’হেনে প্ৰথম ভাইৰাছ শব্দটো ব্যৱহাৰ কৰে। পিছত ১৮৮৭ চনত প্ৰকাশ কৰা এটা প্ৰতিবেদনত ক’হেনে মন্তব্য কৰে যে নিখুঁতভাৱে ভাইৰাছ চিনাক্ত কৰিবলৈ কোনো এলগ’ৰিথিম পোৱা নাযায়। কিন্তু তাৰ আগতে, অৰ্থাৎ ১৯৬৯ চনত Galaxy নামৰ আলোচনীখনত ডেৱিড গেৰ’ল্ডে তেওঁৰ এটা চুটি গল্পত নিজে নিজকে পুনঃনিৰ্মাণ কৰিব পৰা প্ৰগ্ৰেমৰ বিষয়ে বুজাবলৈ প্ৰথমে ভাইৰাছ শব্দটো ব্যৱহাৰ কৰে। আজিৰ তাৰিখত ভাইৰাছ বা মেলৱেৰ ব্যৱহাৰৰ মূল উদ্দেশ্য হ’ল কাৰোবাৰ লাভৰ কাৰণে আন এজনৰ ব্যক্তিগত বা ব্যৱসায়িক তথ্য চুৰি কৰা আৰু চৰকাৰী নাইবা আন কোনো কৰ্প’ৰেট ৱেবছাইটত বিশেষ সুৰক্ষাৰে সংৰক্ষিত থকা তথ্য চুৰি নাইবা নষ্ট কৰি পেলোৱা। এই উদ্দেশ্যৰে সৃষ্টি কৰা বহু ভাইৰাছ, ট্ৰ’জান হৰ্ছ বা ৱৰ্ম আদিয়ে ইন্টাৰনেটৰ সহায়ত বিয়পি পৰি সাধাৰণ কম্পিউটাৰ ব্যৱহাৰকাৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে।

পৃথিৱীৰ প্ৰথম কম্পিউটাৰ ভাইৰাছটোৰ নাম হ’ল ক্ৰিপাৰ (Creeper)। বব থমাছ নামৰ মানুহ এজনে বি বি এন টেকন’লজিছ (BBN Technologies৩) ক’ম্পেনীটোত ইয়াক সাজি উলিয়াইছিল। ক্ৰিপাৰ আচলতে এটা পৰীক্ষামূলকভাৱে তৈয়াৰ কৰা কম্পিউটাৰ প্ৰ’গ্ৰাম যাৰ উদ্দেশ্য আছিল ARPANET৪ত থকা DEC PDP-10 কম্পিউটাৰ বিলাকক আক্ৰান্ত কৰা। ই ARPANET ত সোমাই আন আন কম্পিউটাৰত নিজৰে কিছুমান প্ৰতিলিপিৰ সৃষ্টি কৰিছিল আৰু সেই কম্পিউটাৰবিলাকত এটা বাৰ্তা দেখা গৈছিল এনেদৰে “I’m the creeper, catch me if you can!”। ক্ৰিপাৰক ধ্ধংস কৰিবলৈ ৰিপাৰ(Reaper) বুলি আন এটা প্ৰ’গ্ৰাম পিছত সৃষ্টি কৰা হৈছিল যিটো নিজেও এক ধৰণৰ ভাইৰাছেই আছিল। আমোদজনক কথাটো হ’ল MS-DOS অপাৰেটিং চিষ্টেমৰ প্ৰথম ভাইৰাছ সৃষ্টি কৰিছিল দুজন পাকিস্তানী ভাই ককাইয়ে লগ লাগি ১৯৮৬ চনত। বাছিত ফাৰুক আলিভ আৰু আমজাদ ফাৰুক আলিভ নামৰ লোক দুজনে তেওঁলোকে সজা মেডিকেল চফ্টৱেৰ এটাক পাইৰেছীৰপৰা বচাবলৈ “ব্ৰেইন” নামৰ এই ভাইৰাছটো তৈয়াৰ কৰি উলিয়াইছিল। তেওঁলোকৰ কোনো বেয়া উদ্দেশ্য অৱশ্যে নাছিল। “ব্ৰেইন”এ IBM কম্পিউটাৰৰ ফ্লপী এখনত আক্ৰমণ কৰি ইয়াৰ বুট ছেক্টৰত থকা ক’ডসমূহ সলনি কৰি পেলাইছিল আৰু ফ্লপীৰ সহায়তে এটাৰ পৰা আনটো কম্পিউটাৰত বিয়পি পৰিছিল। ফাৰুক আৰু আমজাদে Brain Telecommunication Limited নামৰ ক’ম্পেনী এটাৰ লগত লগ লাগি Brain NET Internet service providers নামেৰে পাকিস্তানত এতিয়াও ব্যৱসায় কৰি আছে।

কম্পিউটাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা এই মেলৱেৰ বা ভাইৰাছসমূহ আচলতে কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰেমহে. যিবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰি থকা চফ্টৱেৰ বিলাকৰ নিচিনাই আন কিছুমান চফ্টৱেৰ বা প্ৰ’গ্ৰাম। হেকাৰ বিলাকে সাধাৰণতে ট্ৰ’জান হৰ্ছৰ সহায়ত ৰিমোট কম্পিউটাৰ এটা আক্ৰমণ কৰে। ট্ৰ’জান হৰ্ছৰ সহায়ত কম্পিউটাৰটোৰ গৰাকীয়ে নজনাকৈয়ে তাৰ পৰা বিভিন্ন তথ্য ডাউনল’ড কৰাৰ উপৰিও যিকোনো চফ্টৱেৰ ইনষ্টল কৰাৰ পৰা আদি কৰি অনলাইন ধন সৰবৰাহ পৰ্য্যন্ত কৰিব পাৰি। কিন্তু এই ট্ৰ’জানবোৰ কোনো এটা কম্পিউটাৰত এবাৰ ইনষ্টল কৰি লোৱাৰ পাছত তাক লুকুৱাই ৰাখিবলৈ আন এবিধ ভাইৰাছ ব্যৱহাৰ কৰা হয় যাৰ নাম “ৰূটকিট”। কম্পিউটাৰ এটা চলি থাকিলে কিছুমান পদ্ধতিৰে ইয়াৰ ভিতৰত চলি থকা প্ৰক্ৰিয়া সমূহৰ বিষয়ে জানিব পৰা যায়, তাৰ ভিতৰত এটা হ’ল ‘প্ৰ’চেছ লিষ্ট’ (Process list) চোৱা। কিন্তু ৰূটকিটৰ সহায়ত অপাৰেটিং চিষ্টেমৰ সালসলনি ঘটাই নিজৰ পছন্দ অনুসৰি প্ৰক্ৰিয়া এটাক বা কেইটামানক কম্পিউটাৰৰ ‘প্ৰ’চেছ লিষ্ট’ৰ পৰা লুকুৱাই ৰাখিব পাৰি। হেকাৰ এজনে কম্পিউটাৰ এটাত ট্ৰ’জান হৰ্ছ এটা এৰি দিয়াৰ পাছত তাৰ গতিগোত্ৰ ধৰিব নোৱাৰাকৈ পিছে পিছে ৰূটকিট এটাও এৰি দিয়ে। আন এবিধ ভাইৰাছ হৈছে “ৱৰ্ম” যিয়ে আন কাৰোবাক ক্ষতি কৰাৰ সলনি নিজকে নিজে যিমান পাৰে বেছিকৈ সৃষ্টি কৰাতহে গুৰুত্ব দিয়ে। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় কম্পিউটাৰৰ নেটৱৰ্ক এটা, কাৰণ ৱৰ্ম বিলাকে যেনি তেনি ঘূৰি ফুৰি খুব ট্ৰেফিক জামৰ সৃষ্টি কৰে আৰু তথ্যৰ সৰবৰাহত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। আমি সাধাৰণতে পাই থকা ইন্টাৰনেটৰ ধীৰ গতিৰ আন এটা কাৰণ এই ৱৰ্ম বিলাক। বৰ্ত্তমান সময়ত কম্পিউটাৰত ৱৰ্ম সোমোৱাৰ প্ৰধান ৰাস্তা হৈছে ই-মেইল। গতিকে অচিনাকী ব্যক্তিৰ ই-মেইল আইডিৰ পৰা অহা মেইলত থকা এটাচ্ছমেন্ট এণ্টিভাইৰাছেৰে স্কেন নকৰাকৈ খুলিব নালাগে। ৱৰ্ম বিলাকে নিজকে নিজে সৃষ্টি কৰিব পাৰে কাৰণে বিয়পি পৰিবলৈ ইহতক আন কোনো সহায়ৰ প্ৰয়োজন নহয় কিন্তু আন কিছুমান মেলৱেৰে নিজকে সক্ৰিয় কৰিবলৈ আন চফ্টৱেৰৰ এক্সিকিউটেবল (Executable) ফাইলৰ লগত সংযুক্ত হৈ লয় আৰু ইউজাৰে পৰোক্ষ বা প্ৰত্যক্ষভাবে সেই ফাইলটো চলোৱাৰ (Run) লগে লগে ই সক্ৰিয় হৈ উঠে। এই ধাৰণাটো বাস্তব পৃথিৱীত উপলব্ধ বেমাৰৰ বাহক ভাইৰাছৰ লগত সম্পূৰ্ণকৈ মিলে, কাৰণ ভাইৰাছ বিলাকে অসক্ৰিয় অবস্থাত সম্পূৰ্ণ জড় পদাৰ্থৰ ধৰ্ম অনুসৰণ কৰে কিন্তু যেতিয়াই ই কোনো জীৱৰ সংস্পৰ্শলৈ আহে তেতিয়া লগে লগে সক্ৰিয় হৈ বংশ বৃদ্ধিৰ কামত লাগি যায়। সাধাৰণ মানুহে সেয়েহে কেতিয়াবা কম্পিউটাৰ ভাইৰাছেও মানুহৰ দেহত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে বুলি ভাবে যিটো এক সম্পূৰ্ণ অমূলক ধাৰণা। সংক্ৰমিত ফাইলটো কোনো মাধ্যমৰ সহায়ত আন কোনো কম্পিউটাৰত প্ৰৱেশ কৰিলেই ভাইৰাছে সেই কম্পিউটাৰতো বংশ বৃদ্ধিৰ কাম আৰম্ভ কৰে আৰু এনেদৰেই পেন দ্ৰাইভ, মেমে’ৰি কাৰ্ড নাইবা ল’কেল এৰিয়া নেটৱ’ৰ্ক আদি মাধ্যমৰ দ্বাৰা ভাইৰাছসমূহ বিয়পি পৰে।

ভাইৰাছৰ পৰা হাত সাৰিবলৈ আতাইতকৈ সহজ উপায় হৈছে কম্পিউটাৰত এটা ভাল এণ্টিভাইৰাছ চফ্টৱেৰ ইনষ্টল কৰি ৰখা। আজিকালি বজাৰত বহুতো এণ্টিভাইৰাছ চফ্টৱেৰ কিনিবলৈ পোৱা যায়। যদি প্ৰশ্ন কৰা হয় ইয়াৰ ভিতৰত কোনটো ভাল হয় বুলি তেন্তে উত্তৰত সাধাৰণ ঘৰুৱা বা সৰু আৰু মধ্যমীয়া ব্যৱসায়িক ব্যৱহাৰৰ বাবে যিকোনো এণ্টিভাইৰাছেই উপযুক্ত বুলি কব পাৰি। এণ্টিভাইৰাছ যিয়ে ব্যৱহাৰ নকৰক কিয় আচল মন কৰিবলগীয়া কথাটো হ’ল ইয়াক আপ-টু-ডেট (Up-to-date) কৰি ৰখাটোহে। আপডেট কৰাতো অতি জৰুৰী কিয়নো পৃথিৱীত প্ৰতি ছেকেণ্ডত নতুন নতুন ভাইৰাছৰ সৃষ্টি হৈ থাকে। এণ্টিভাইৰাছ চফ্টৱেৰ ক’ম্পেনী সমূহে ইয়াৰ বিষয়ে যিমান বেছিকৈ পাৰে তথ্য সংগ্ৰহ কৰি প্ৰতিদিনে এটা ডেটাবেছ তৈয়াৰ কৰি ৰাখে যাক সাধাৰণতে “ভাইৰাছ ডেফিনিছ’ন” (Virus Definition) বুলি কোৱা হয়। যিকোনো এণ্টিভাইৰাছ চফ্টৱেৰ এটা আপডেট কৰা মানে হ’ল তাৰ ক’ম্পেনিৰ নিৰ্দিষ্ট ছাৰ্ভাৰৰ লগত সংযোগ স্থাপন কৰি শেহতীয়াকৈ উপলব্ধ ভাইৰাছ ডেফিনিছ’নটো ডাউনল’ড কৰা। স্কেন কৰাৰ সময়ত এই ডেটাবেছত থকা তথ্যৰ লগত এণ্টিভাইৰাছ প্ৰ’গ্ৰাম এটাই কম্পিউটাৰটোত থকা প্ৰতিটো ফাইল ৰিজনি কৰে আৰু একে পালেই তাক ভাইৰাছ বুলি ধৰি আঁতৰাই দিয়ে বা জেইলত ভৰাই দিয়ে। ডেটাবেছখন পুৰণা হ’লে নতুনকৈ সৃষ্টি হোৱা ভাইৰাছসমূহ ধৰিব নোৱাৰা হয় সেয়েহে সময়ে সময়ে ভাইৰাছ ডেফিনিছ’ন আপদেট কৰাতো অতি জৰুৰী। আজিকালি প্ৰায় ভাগ এণ্টিভাইৰাছ ক’ম্পেনীৰ ভাইৰাছ ডেফিনিছ’ন ইন্টাৰনেটৰ সহায়ত আন কম্পিউটাৰ এটাত ডাউনল’ড কৰি আন এটা কম্পিউটাৰতো ইনষ্টল কৰিব পাৰি। মুঠতে নিয়মিত আপডেটৰ সহায়ত ব্যক্তিগত কম্পিউটাৰ এটাক ভাইৰাছমুক্ত কৰি ৰখাতো বিশেষ টান কাম নহয়।

নতুন আৰু অধিক শক্তিশালী এণ্টিভাইৰাছ তৈয়াৰ কৰাৰ বাবে সমগ্ৰ পৃথিৱীতে যেনেকৈ গৱেষণা চলি আছে ঠিক তেনেকৈ নতুন নতুন আৰু অতি চতুৰ বুদ্ধিৰ ভাইৰাছৰো নিতৌ সৃষ্টি হৈ আছে। ভাইৰাছৰ আগ্ৰাসনৰ পৰা তথ্য প্ৰযুক্তিৰ বিশ্বক মুক্ত কৰাৰ বাবে এণ্টিভাইৰাছ প্ৰ’গ্ৰামৰ ব্যৱহাৰ খুবেই জৰুৰী।

তথ্যসূত্ৰ :
১. http://cba.mit.edu/events/03.11.ASE/docs/VonNeumann.pdf
2. http://all.net/books/virus/index.html
৩. http://en.wikipedia.org/wiki/BBN_Technologies
৪. Advanced Research Projects Agency Network হ’ল বিশ্বৰ প্ৰথমটো কম্পিউটাৰ নেটৱ’ৰ্ক।

 

সংযোজন (উদ্দীপ তালুকদাৰ):

লগতে মই আন কেইটামান সৰু কথা যোগ দিওঁ। বহুতেই কম্পিউটাৰ ভাইৰাছ বুলিলে ভূত দেখা দি দেখে। ইমান ভয় কৰিবলগীয়া কথা নহয়, আৰু ই কম্পিউটাৰৰ হাৰ্ডৱেৰ নষ্ট কৰিব নোৱাৰে। আৰু কেইটামান একেবাৰে জেনেৰেল কথা সদায় মানি চলিব লাগে,
১. বেংক বা তেনে কোনো অতি গোপনীয় পাছৱৰ্ড কোনো কাৰণতে (মানে কোনো কাৰণতে) কেতিয়াও বেলেগক নিদিব, আনকি বেংকৰ মানুহকো। আচলতে “সামাজিক হেকিং” (social hacking) হে বেছি ফলপ্ৰসূ। সামাজিক হেকিং মানে কম্পিউটাৰৰ তথ্য পাবলৈ মিলা-মিছা কৰা, ফোন কৰা, আনকি প্ৰেমৰ অভিনয় কৰা ইত্যাদিও চলে। অতি প্ৰয়োজনত কাৰোবাক দিলেও (এটিএম খনেৰে কাৰোবাক পইছা উলিয়াবলৈ দিব লগীয়া হ’লেও লগে লগে পাছৱৰ্ড সলনি কৰক।)
২. এনে ৱেবছাইট ব্যৱহাৰৰ সময়ত সাধাৰণতে এখন ভাৰ্চুৱেল কী-বোৰ্ড থাকে। সেইখন ব্যৱহাৰ কৰক। key-logger ছফ্টৱেৰেৰে টাইপ কৰি থকা প্ৰতিটো কী-ৰ খবৰ ৰেকৰ্ড কৰি থ’ব পাৰি। আৰু উপযুক্ত ভাইৰাছৰ সহায়ত সেই ৰেকৰ্ড কৰা তথ্য নিজে নিজে ই-মেইল কৰিবও পাৰি। গতিকে সমজুৱা কম্পিউটাৰ বাদেই নিজৰ কম্পিউটাৰতো ভাৰ্চুৱেলখন ব্যৱহাৰ কৰাৰ নিয়ম এটা কৰি লওক।
৩. ভাইৰাছ গোটাবলৈ অতি সহজ উপায় হৈছে পেন-ড্ৰাইভ, চিডি আদিৰ অটো-ৰান ব্যৱস্থা। অটো-ৰান বস্তুটোকে বন্ধ কৰি থওক। অকণমান কষ্ট কৰি ড্ৰাইভটোলৈ গৈ ৰাইট-ক্লিক কৰি এক্সপ্লোৰ কৰক। চিধাই ডাবল ক্লিক নকৰিব।
৪. ইণ্টাৰনেটত যিকোনো লোভনীয় বস্তু যেনে, “বিনামূলীয়া ধুনীয়া ছোৱালীৰ সাংঘাটিক ছবি” জাতীয় বস্তুবোৰৰপৰা আঁতৰত থাকক। ভুলতো ক্লিক নকৰিব।
৫. হঠাতে পোৱা চাকৰীৰ মেইল, বা টকা-পইচা বা যিকোনো বিনামূলীয়া অফাৰৰ মেইলৰ কোনো লিংকতে ক্লিক নকৰিব। যদি ক্লিক কৰিবৰ মন গৈছেই, আগতে গুগলত তাৰে অলপমান কথা লিখি বিচাৰি চাওক। দেখিবই সেইটো স্পাম কৰাৰহে উপাদান।
৬. ওপৰৰ কথাকেইটা অভ্যাসৰ নিচিনাকৈ মানিব লাগিব। মানে সেইটো হেলমেট পিন্ধাৰ দৰে বস্তু। নিপিন্ধিলেও একো নহ’ব পাৰে, কিন্তু পিন্ধিলে ক্ষতি কমি যায়।
৭. ল’ৰা-ছোৱালীক এটিমএমৰ পাছৱৰ্ড, বা নেট বেংকিঙৰ পাছৱৰ্ড আদি দিয়াৰপৰা বিৰত থাকক। শুনিবলৈ বেয়া, কিন্তু সাধাৰণ হৰলুকি এনেকুৱা ঘৰৰ মানুহৰ দ্বাৰাই হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!