কলদিল আৰু মাছ – গীতাশ্ৰী গগৈ

উপকৰণ ঃ-
১)কলদিল এটা (সৰু )
২)মাছ
৩)মচুৰ দাইল আধা কাপ(তিয়াই থোৱা)
৪)আদা -নহৰু, জলকীয়া পেষ্ট এক চামুচ
৫)জিৰা-ধনিয়া পাউদাৰ এক চামুচ
৬)হালধি
৭)নিমখ
৮)তেল
৯)তেজপাত
১০)পিয়াজ এটা

প্ৰণালী ঃ-
কলদিটো কাটি দাইল খিনিৰ লগত সিজাই লব৷ মাছখিনি ভাজি লব৷ মাছ ভজা তেলতে তেজপাত, কাটি লোৱা পিয়াজ, হালধি, জিৰা -ধনিয়া পাউদাৰ দি লৰাই সিজাই লোৱা সামগ্ৰীখিনি আৰু সুৱাদ অনুযায়ী নিমখ দি ভালকে ভাজ খাব দিব৷ তাৰ পাছত আধা কাপ পানী দি মাছখিনি আৰু আদা -নহৰুখিনি দি পাঁচ মিনিট মান কম জুইত ৰাখি নমাই থব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!