কলমৌ শাকৰ লগত মাছৰ জুতি–পিংকি বৰুৱা-

উপকৰণঃ

ভাঙোন মাছ তিনিটা

কলমৌ শাক এমুঠি

আলু এটা (ঐচ্ছিক)

বিলাহী দুটা

সৰু পিয়াঁজ এটা

নহৰু ছয় কোঁহমান

কেঁচা/পকা জলকীয়া তিনিটা

হালধি প্ৰয়োজনমতে

নিমখ স্বাদ অনুযায়ী

মিঠাতেল প্ৰয়োজনমতে

পানী প্ৰয়োজনমতে

প্ৰণালীঃ

প্ৰথমতে কলমৌ শাকখিনিৰ বেয়া পাতবোৰ আৰু ঠাৰিবোৰ আতৰাই ওপৰৰ কোমল ঠাৰি আৰু পাতবোৰ ল’ব লাগিব৷ তাৰপিছত শাকখিনি ভালদৰে ধুই পানীখিনি টুকি মিহিকৈ কুটি ল’ব৷ আলুৰ বাকলি গুচাই সৰু সৰুকৈ কাটি ল’ব৷ বিলাহী দুটাও জোখত কাটি ল’ব৷ মাছকেইটাৰ পেটু আৰু বাকলি গুচাই ধুই লৈ নিমখ আৰু হালধি সানি ল’ব৷

কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে মাছকেইটা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি প্লেট এখনত নমাই থ’ব। এতিয়া কেৰাহীত মাছৰ আঞ্জা ৰান্ধিবৰ জোখাৰে তেল ৰাখি তাতে মিহিকৈ কুটা পিয়াঁজ, কেঁচা/পকা জলকীয়া আৰু  থেতেলিয়াই লোৱা নহৰু দি প্ৰায় সোণোৱালী ৰং হোৱাকৈ ভাজিব৷ তাৰপিছত আলু আৰু বিলাহীখিনি দি প্ৰয়োজনমতে নিমখ আৰু হালধি দি ভালদৰে লৰাই ঢাকি দিব৷ পাঁচ মিনিটমান সময়ৰ পিছত আলু আৰু বিলাহীখিনি ভালদৰে লৰাই দি কলমৌ শাকখিনি দিব৷ এতিয়া শাকখিনি আলু আৰু বিলাহীৰ লগত মিলি যোৱাকৈ ভালদৰে লৰাই ঢাকি দিব৷ মাজতে দুবাৰমান শাকখিনি লৰাই দিব৷ তাৰপিছত প্ৰয়োজনমতে গৰম পানী দি ঢাকোন দি শাকৰ আঞ্জাখন প্ৰায় পাঁচ মিনিটমান সময় উতলাব৷ এতিয়া ভজা মাছখিনি দি আকৌ ভালদৰে উতলাব৷ আঞ্জাখন অলপ সময় উতলাৰ পিছত গেছৰ জুই নুমুৱাই দিব৷ গৰমে গৰমে ভাতৰ লগত কলমৌ শাকৰ লগত ৰন্ধা মাছৰ আঞ্জাৰ জুতি ল’ব৷ মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!