কাইফুলাংছুৰ বিষয়ে – দেৱাশ্ৰী হাজৰিকা

প্ৰকৃতিৰ নুমলী জীয়ৰী অসম নৈসৰ্গিক সৌন্দৰ্য্যৰ ৰম্যভূমি৷ নিশ্চিতভাৱে সেই কথা পুনৰ দোহৰাৰ প্ৰয়োজন নাই৷ দেশ – বিদেশৰ পৰা অসমৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা লাখ লাখ পৰ্যটকেই ইয়াৰ প্ৰমাণ৷
বিগত কিছু বছৰৰ পৰা অসমৰ পৰ্যটন ক্ষেত্ৰ খনত বহুতো নতুন নতুন উৎসৰ সংযোজন ঘটিছে৷ এই ক্ষেত্ৰত শেহতীয়াকৈ কাইফুলাংছু ব্যাপক চৰ্চালৈ অহা পৰিলক্ষিত হৈছে৷ প্ৰধানতঃ কাকচাং নামেৰে জনাজাত কাৰ্বি পাহাৰ স্থিত জলপ্ৰপাতটো বৰ্তমান অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ নৱতম আকৰ্ষণ হিচাপে পৰিগণিত হৈছে৷ লোকচক্ষুৰ পৰা আঁতৰত কাৰ্বি পাহাৰৰ দুৰ্গম অঞ্চলত লুকাই থকা এই মনোৰম সৌন্দৰ্য্য ৰাশি বছৰ দিয়েক পূৰ্বে স্থানীয় ৰাইজে নিজা প্ৰচেষ্টাৰে আৱিষ্কাৰ আৰু সুপ্ৰতিষ্ঠিত কৰি প্ৰকৃতিপ্ৰেমীৰ বাবে মুকলি কৰি দিয়ে৷ বৰ্তমান এই কাকচাং জলপ্ৰপাত ৰাজ্য খনৰ লগতে দেশী বিদেশী পৰ্যটকৰে জাকত জিলিকা পৰ্যটনথলী হিচাপে চিহ্নিত হৈছে৷

গোলাঘাট জিলাৰ বিখ্যাত চহৰ বোকাখাটৰ পৰা প্ৰায় চৈধ্য কিল’মিটাৰ দক্ষিণে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত থকা কাৰ্বি পাহাৰৰ দাঁতিত এই মনোৰম কাকচাং জলপ্ৰপাত অৱস্থিত৷ উল্লেখনীয় যে, এই জলপ্ৰপাতটোৰ চৌদিশে থকা পাহাৰটো সম্পূৰ্ণ কাক বাঁহেৰে আবৃত৷ আৰু সেই বাবেই এই জলপ্ৰপাতটোৰ নাম কাকচাং হ’ল বুলি বহুতে ক’ব বিচাৰে৷ স্থানীয় ভাষাত এই জলপ্ৰপাতটোক “কাইফুলাংছু“ বুলি কোৱা হয়৷ প্ৰায় এশ ফুট উচ্চতাৰ পৰা জলপ্ৰবাহ হোৱা এই কাইফুলাংছুৰ ওচৰে পাজৰে আন কেইবাটাও সৰু সৰু জলপ্ৰপাত আছে বুলি সন্দেহ কৰা হৈছে৷ কিন্তু বৰ্তমানলৈকে সেই সমূহৰ আৱিষ্কাৰ সম্ভৱ হৈ উঠা নাই৷

অনন্য সৌন্দৰ্য্যৰ অপূৰ্ব সমাহাৰেৰে ভৰপূৰ কাইফুলাংছুৰ মূল জলৰাশিলৈ প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ এক দুৰ্গম পাহাৰীয়া পথ পদযাত্ৰা কৰিব লাগে৷ এই পথছোৱাত পাহাৰৰ ওপৰৰ পৰা কুলু কুলু সুৰেৰে বৈ অহা সাত খনকৈ সৰু বৰ জুৰি৷ গভীৰতা বৰ বিশেষ নহয়! এই জুৰি কেইখনে কাকচাঙৰ প্ৰাকৃতিক পৰিৱেশক সমৃদ্ধ কৰি ইয়াক নৈসৰ্গিকতাৰ ৰম্যভূমিলৈ পৰিণত কৰিছে৷ এই জুৰিকেইখনৰ চেঁচা পানীৰ পৰশে জীপাল কৰে, পাহাৰীয়া যাত্ৰাত নিস্তেজ হোৱা প্ৰাণ৷

নৈসৰ্গিকতাৰ অপূৰ্ব পয়োভৰেৰে পৰ্যটকক অহৰহ আকৰ্ষিত কৰা কাইফুলাংছুৰ সুন্দৰতাত হেঙাৰ হৈ থিয় দিছে ইয়াৰ দুৰ্গম যাতায়াত ব্যৱস্থা৷ অসমৰ যিকোনো ঠাইৰ পৰা কাইফুলাংছু বা কাকচাং জলপ্ৰপাতৰ নান্দনিকতা উপভোগ কৰিবলৈ প্ৰয়োজনীয় যান বাহনৰ ব্যৱস্থাৰ যথেষ্ট অভাৱ৷ তদুপৰি বৰ্তমান অসমৰ পথ পৰিবহণৰ পয়ালগা অৱস্থা সৰ্বজন বিদিত৷ অৱশ্যে এই জলপ্ৰপাতৰ ওচৰ – পাজৰৰ স্থানীয় লোকসকলে নিজা প্ৰচেষ্টাৰে ইয়াক উন্নত আন্ত: গাথনিৰে অধিক আকৰ্ষণীয় কৰি দেশী – বিদেশী পৰ্যটকসকসক আকৃষ্ট কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে৷

সৌন্দৰ্য্যৰ অন্য নাম কাইফুলাংছু, বছৰৰ সকলো সময়তে দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে উপযুক্ত নহয়৷ বাৰিষা কাৰ্বি পাহাৰত হোৱা অত্যধিক বৰষুণে এই জলপ্ৰপাতটোক প্ৰতিকূল কৰি তোলে৷ এই সময়ছোৱাত কাইফুলাংছুৰ প্ৰকৃত সৌন্দৰ্য্য কিছু ম্লান পৰে৷ প্ৰকৃতিলৈ শৰতৰ আগমনৰ লগে লগে কাইফুলাংছুৰ বুকুললৈও নামি আহে সৌন্দৰ্য্যৰ অনন্য মায়া৷ অপূৰ্ব সৌন্দৰ্য্যৰ সমাহাৰেৰে তথা সম্ভানাৰে ভৰপূৰ কাইফুলাংছুৰ আন্তঃগাথনিৰ উন্নয়নত অসমৰ পৰ্যটন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয়৷

সুন্দৰতাত নৈসৰ্গিকতাৰ প্ৰলেপ সানি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য তথা পৰ্যটন ক্ষেত্ৰত এটা ৰৈ যোৱা নাম হওক কাইফুলাংছু ( কাকচাং ) জলপ্ৰপাত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!