কাইলৈৰ দিনটো আমাৰ হ’ব- তৃপ্তি দাস

কেলেণ্ডাৰখন সলনি হোৱাৰ সময় সমাগত। আমি উপনীত হৈছোহি -৩৬৫ দিনৰ শেষ প্ৰান্তত। এৰি অহা দিনবোৰ উভতি চাইছো। ভালতকৈ ভয়াবহ দিনৰ সংখ্যা বেছি। একপ্ৰকাৰ বন্দীত্বত শেষ হ’ল ২০২০ চনৰ অধিকাংশ দিন। মাহৰ পাছত মাহ জনসাধাৰণে ভয়, সংশয়, অনিশ্চয়তাত দিন অতিবাহিত কৰিব লগীয়া হয়। কোভিড -১৯ য়ে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মায়। এই সময়ছোৱাত বহু লোক অনেক সমস্যাৰ সন্মুখীন হয়। বহুলোকৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে। কৰ্ম সংস্থাপন হেৰুৱাই একাংশ লোকে মূৰে -কপালে হাত দিবলগীয়া হয়। কোভিড -১৯য়ে বহুলোকৰ জীৱন বন্তি নিৰ্বাপিত কৰে। মানুহে অনবৰতে ভয়ৰ সতে জীৱন-যাপন কৰিবলগীয়া হয়। এই ভয়-মৃত্যুৰ ভয়, কোভিড-১৯ত আক্ৰান্ত হোৱাৰ ভয়। কোভিড -১৯য়ে মানুহক এই কথাও কয় যে – মহামাৰীৰ ওচৰত কেতিয়াবা চিকিৎসা বিজ্ঞানও অসহায় হৈ পৰে। অৱশ্যে অনেক গৱেষণাৰ অন্তত কোভিড-১৯ ৰ প্ৰতিষেধক প্ৰস্তুত হৈছে। কোভিড -১৯ য়ে মানুহক এই কথাও সোঁৱৰাই দিয়ে যে সকলোৰে ওপৰত – জীৱন। জীৱনৰ প্ৰতি ভালপোৱাই ব্যস্ততা সামৰি আমাক গৃহবন্দী হৈ থাকিবলৈ বাধ্য কৰে। ২০২০ চনে আমাক জীৱন সম্পৰ্কীয় কেতবোৰ কথা কোভিড -১৯ ৰ জৰিয়তে কয়। ২০২০ চনটো নতুন অভিজ্ঞতাৰে সমৃদ্ধ। এই বছৰটো বিগত বৰ্ষ সমূহৰ সতে তুলনা কৰিব পৰা নাযায়। সকলোৰে সোঁৱৰণীত ২০২০ চনে সুকীয়া স্থান লাভ কৰিব। কেইবাটাও দশকৰ পাছত সোঁৱৰণীৰ কথাবোৰ আমাৰ পিছৰ প্ৰজন্মই সাধুৰ দৰে শুনিব।
২০২০ চনটো কেৱল ভয়, সংশয়, সংকটৰ … নাছিল। ২০২০ চনটো সৃষ্টিৰ বাবেও উল্লেখযোগ্য হৈ ৰ’ব। কোভিড -১৯ ক সৃষ্টিশীল লোকে কবিতা, গল্প, প্ৰবন্ধ আদিলৈ সুৱাগুৰি তুলি আনে। জীৱনৰ বাবে ভাবুকি স্বৰূপ কোভিড -১৯ সৃষ্ট পৰিস্থিতি, অভিজ্ঞতা আদিৰে অসমীয়া সাহিত্যত সুখপাঠ্য সাহিত্য ৰচনা হয়। সাহিত্যঅনুৰাগীয়ে কোভিড -১৯ ক বিষয়বস্তু হিচাপে লৈ লিখা বিভিন্ন লেখাৰ জৰিয়তে ৰসাস্বাদনৰ সুযোগ গ্ৰহণ কৰে। এক কথাত ক’বলৈ গ’লে – কোভিড -১৯ সাহিত্যিকক সমৃদ্ধ কৰে, পাঠকে ভিন্নস্বাদ লভাৰ সুযোগ পায়। গৃহবন্দীৰ সময়ছোৱাত বহুলোক সৃষ্টিশীল কামত ব্যস্ত হৈ পৰে। মহামাৰীয়ে জীৱনৰ বাবে প্ৰতিকূল পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে বহুলোকৰ সুপ্ত প্ৰতিভা পোহৰলৈ আহে। বহুলোকে অধ্যয়ন তথা সৃষ্টিত একান্তভাবে মনোনিবেশ কৰে। বহুতে প্ৰতিভাৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হয়। প্ৰতিভা তথা দক্ষতাৰ বাবে ২০২০ ত বহু নবীনে ইণ্ডিয়া বুক অব ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰে। শিক্ষা, ক্ৰীড়া, আদিৰ ক্ষেত্ৰত বহুতে অসমৰ নাম উজলায়। ২০২০ত অসংখ্য গ্ৰন্থ উন্মোচিত হৈছে। সৌ সিদিনা উন্মোচিত হ’ল- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী সৃষ্টি ‘ বুঢ়ী আই সাধু’ৰ ইংৰাজী অনুবাদ “গ্ৰেণ্ড মাদাৰ্ছ টেলছ।” অসমীয়া সাহিত্যৰ অতুলনীয় গ্ৰন্থখনি ইংৰাজীলৈ অনুবাদ কৰে – হৰ্ষিতা হিয়াই। ২০২০ত কোভিড-১৯ৰ ভয়াবহতাৰ মাজতো অনেক ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। অসম সন্তানে ভাৰতীয় প্ৰশাসনিক সেৱা, অসম লোকসেৱা আয়োগৰ প্ৰতিযোগীমূলক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাত আমাৰ মেঘাচ্ছন্ন আকাশ ফৰকাল হৈ পৰিছে। প্ৰতিভাৰ অধিকাৰী, কলা, প্ৰজ্ঞাৰ সাধক কেইবাগৰাকীও ব্যক্তিয়ে এই বছৰত বিভিন্ন বঁটা, সন্মান লাভ কৰে। ‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ জীৱন আৰু প্ৰকৃতিৰ সতে গঢ়ি উঠা আত্মীয়তাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা এটি পাঠ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কনেটিকাটৰ এখন বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাটো অসমৰ বাবে গৌৰৱৰ বিষয়। যাদৱ পায়েং মেক্সিকোৰ প্ৰকৃতি সুৰক্ষা সংগঠন এটিৰ সতেও চুক্তি বদ্ধ হৈছে। এনে বহু ভাল খবৰ ২০২০ত পোৱা গ’ল। কিন্তু কোভিড -১৯ ৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰাত বহু শিক্ষাৰ্থীয়ে জীৱনৰ মূল্যবান এটি শিক্ষাবৰ্ষ হেৰুৱাবলগীয়া হয়। অনলাইন শিক্ষা ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনৰ একাংশ শিক্ষাৰ্থী উপকৃত হৈছে। কিন্তু সকলো অভিভাৱকে সন্তানক স্মাৰ্ট ফ’ন হাতত তুলি দিবলৈ সক্ষম নহ’ল। দৈনিক শ্ৰম কৰি দুবেলাৰ দুসাঁজ যোগাৰ কৰা অভিভাৱকে এই বছৰটোত সন্তানৰ শিক্ষা কথা চিন্তা কৰিব নোৱাৰিলে। মধ্যাহ্ন ভোজনে হাতবাউল দি মতাৰ কাৰণে শিক্ষানুষ্ঠানলৈ যোৱা শিক্ষাৰ্থীসকলক আখৰকেইটা শিকাবলৈও ২০২০চনত শিক্ষাগুৰুৱে সুযোগ নাপালে। অনলাইন শিক্ষাই শিক্ষাৰ্থী সকলক পাঠগ্ৰহণৰ বাবে সুবিধা প্ৰদান কৰে যদিও এই সময়ছোৱাত বহু শিক্ষাৰ্থীৰ স্মাৰ্ট ফ’নৰ সতে নিবিড় সম্পৰ্ক গঢ়ি উঠাত তেওঁলোকৰ বিভিন্ন প্ৰকাৰে ক্ষতি হয়। মুকলি আকাশৰ তলত লগ-সমনীয়াৰ সতে মুকলি মনেৰে খেলাৰ পৰা শিশু সকল বঞ্চিত হ’ল। ২০২০ চনৰ এইসমূহ আন্ধাৰ দিশ।
২০২০চনত কোভিড -১৯ প্ৰধান সমস্যা হিচাপে বিবেচিত হ’লেও আমাৰ দেশত ২০২০চনৰ আন কেতবোৰ সমস্যায়ো দেশবাসীক অশান্ত কৰি তোলে। নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰোধিতাৰে অসমত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন গণতান্ত্ৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়িত হয়। কেন্দ্ৰৰ কৃষি আইনৰ তীব্ৰ বিৰোধিতাৰে আমাৰ দেশৰ হাজাৰ হাজাৰ কৃষকে কৃষিকৰ্ম এৰি বিদ্ৰোহ কৰিব লগীয়া হয়, পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ চমুকৈ ই, আই, এ ৰ বাবে অসমৰ বিভিন্ন দল – সংগঠনে ইটোৰ পাছত সিটোকৈ প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হয়। বাঘজানৰ দুৰ্ঘটনাৰ পাছত ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণ পাবলৈও প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হয়। পৰিতাপৰ বিষয় যে বাঘজানস্থিত বি, জি, আৰ পাঁচ নম্বৰ তেলখাদৰ জুই নুমাল যদিও বহু পৰিয়ালে সা-সম্পত্তি আনকি পৰিয়ালৰ লোকক হেৰুওৱাৰ পাছত সম্প্ৰতি হা-হুমুনিয়াহেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে। বহু অবাঞ্চিত ঘটনা, বহু সমাধান নোহোৱা সমস্যাসহ ২০২০য়ে বিদায় ল’ব। ৰাজনৈতিক সমস্যাসমূহে জনসাধাৰণক বিপাঙত পেলাইছে। ২০২০য়ে অসমক কেইবাটিও ৰাজনৈতিক দল উপহাৰ দিছে। আঞ্চলিক ৰাজনৈতিক দলে অসমৰ হিত সাধনত সফল হয় নে নহয়, সেই কথা সময়ে ক’ব। আমি সাধাৰণ জনতা আশাত বন্দী। আমি বিচাৰো- অসমৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান হওক, শান্তি- শৃংখলাৰ পৰিৱেশ সদায় বৰ্তি থাকক, গণতন্ত্ৰত জনতাৰ হাহাকাৰ একেবাৰে নোহোৱা হওক ….। আজি আমি শোষিত, বঞ্চিত। স্বেচ্ছাচাৰী শাসকে কাঢ়ি নিছে – আমাৰ প্ৰাপ্য। কাইলৈৰ পৰা তেনে নহওক।
“ কাইলৈৰ দিনটো আমাৰ হ’ব
কাইলৈৰ দিনটো সম্পূৰ্ণ আমাৰ হ’ব
…….
আমাৰ চোতালত কাইলৈ উৰিব জয়ৰ পতাকা
বতাহত ভাঁহি আহিব কাইলৈ কোনো সুখৰ খবৰ
গোলাপ ৰজনীগন্ধা আৰু ক্ৰিছেণ্ট-ইমামৰ সুগন্ধিৰে
ভৰি পৰিব আমাৰ সময়”

  • কবি সনন্ত তাঁতী
    ২০২১ সকলোৰে বাবে সুন্দৰ হোৱাৰ কামনা কৰিছো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!