কাটাৰৰ ডায়েৰী (কাটাৰা সাংস্কৃতিক ভিলেজ) : ডা০ ভূপেন শইকীয়া

কাটাৰৰ ৰাজধানী চহৰ ড’হাৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ল – কাটাৰা সাংস্কৃতিক ভিলেজ৷

ড’হাৰ চিটি চেন্টাৰ, শ্বেৰাটন হোটেল, কৰনীচ আৰু ৱেষ্ট বে অঞ্চল পাৰ হলে পোৱা যায় কাটাৰা সাংস্কৃতিক ভিলেজ ৷ মই কেইবাবাৰো তালৈ গৈছোঁ আৰু প্ৰত্যেকবাৰেই তাত নতুনত্বৰ অনুভৱ কৰিছোঁ৷ পাৰস্য সাগৰৰ সুবিশাল নীলা পৰিবেশক সাঙুৰি পৌৰাণিক আৰু  আধুনিকতাৰ সংমিশ্ৰণ ঘটাই এই সাংস্কৃতিক গাওঁখনৰ সৃষ্টি কৰা হৈছে৷ দেশখনৰ শাসক আমীৰ শ্বেইখ হামাড বিন খলিফা অলথানিৰ এক দীৰ্ঘদিনীয়া সপোনৰ বাস্তৱ ৰূপায়নৰ ফলাফলত জন্ম হ’ল এই ভব্য সাংস্কৃতিক কেন্দ্ৰৰ৷কেইবাবৰ্গ কিলোমিটাৰ আৱৰা এই  সাংস্কৃতিক ভিলেজত আছে একেলগে ৫হেজাৰ মানুহ বহিব পৰা সুবিশাল এম্পি-থিয়েটাৰ, ৫০০মানুহ বহিব পৰা অপেৰা হাউচ, ৪৩০জন দৰ্শকৰ জোখাৰে ড্ৰামা থিয়েটাৰ হল, বেংক, চিনেমাহল, অনেক কেইখন আধুনিক ৰেষ্ট্ৰোৰেন্ট আৰু অনেক কেইটা প্ৰদৰ্শণী গৃহ৷ কাটাৰ চচাইটি অৱ ইঞ্জিনিয়াৰ্চ, কাটাৰ ফটোগ্ৰাফিক চচাইটি, কাটাৰ মিউজিক একাডেমি, ড’হা ফিল্ম ইন্সটিটিউট আৰু কাটাৰ ফাইন আৰ্ট চচচাইটিৰ কাৰ্য্যালয় ইয়াতেই অৱস্থিত৷ইয়াৰ বিভিন্ন ভৱন আৰু এম্পি-থিয়েটাৰৰ নিৰ্মাণত প্ৰয়োগ কৰা পদ্ধতিসমূহ আৰ্কিটেস্কাচৰৰ অপূৰ্ব নিদৰ্শন৷ ইয়াত থকা মছজিদ আৰু পাৰ চৰাইৰ থকাৰ বাবে বনাই দিয়া ঘৰকেইটাৰ কাৰুকাৰ্য্যও চাবলগীয়া৷ বছৰটোত সকলো সময়তে কিবা নহয় কিবা বিষয়ৰ প্ৰদৰ্শণী ইয়াত চলি থাকে৷ ইয়াৰ সকলো অনুস্থান হয় বিনামূলীয়া৷”ক্ৰীড়াত কাটাৰী মহিলাৰ অংশগ্ৰহণ” বিষয়ৰ ওপৰত লণ্ডন অলিম্পিকত এখনি প্ৰদৰ্শণী অনুস্থিত হৈছিল৷ সেই প্ৰদৰ্শণীখনেই বৰ্তমান কাটাৰা সাংকৃতিক ভিলেজত চলি আছে৷ পুৱাৰ পৰা মাজ নিশালৈকে সাংকৃতিক ভিলেজত দেশ -বিদেশৰ অনেক লোকৰ সমাগম ঘটে৷দৰ্শকৰ সুবিধাৰ্থে বিনামূলীয়া অটোভান আৰু গাইডৰ ব্যৱস্থা ইয়াত আছে৷ দৰ্শকৰ বিপুল সমাগম সত্বেও পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱ বা আইন শৃঙ্খলাৰ সমস্যা আজিলৈকে দেখা দিয়া নাই৷

কাটাৰা নামটো দিয়াৰ পিছত এক গূঢ়াৰ্থ আছে৷ খৃষ্টাব্দ ১৫০চনৰ পৰাই বিভিন্ন বুৰঞ্জীমূলক আৰু ভৌগলিক গ্ৰন্থত কাটাৰ অঞ্চলটো বুজাবলৈ কাটাৰা শব্দ ব্যৱহাৰ কৰি অহা হৈছিল৷ সেই পৰম্পৰাক সন্মান জনাবলৈকে এই কেন্দ্ৰটোৰ নাম কাটাৰা সাস্কৃতিক ভিলেজ ৰখা হয়৷ ইয়াৰ ওচৰে পাজৰে আছে বহুকেইখন বৃহৎ ষ্টাৰ হোটেল৷ কাটাৰৰ ৰাষ্ট্ৰীয় দিৱস, ক্ৰীড়া দিবস, ঈদ আদি উপলক্ষে কাটাৰাৰ সাগৰত নানান ধৰণৰ জাহাজৰ প্ৰদৰ্শণী আৰু খেল ধেমালিৰ ওপৰিও ৰাতি মোহনীয় আতচবাজি অনুস্থিত হয়৷

কাটাৰা সাস্কৃতিক ভিলেজ হ’ল সংস্কৃতি,সংগীত,সুকুমাৰ কলা, সাহিত্য, বিজ্ঞান, শিল্প, বিনোদন, প্ৰদৰ্শণী আদিৰ সংমিশ্ৰণ ঘটোৱা এক অপূৰ্ব সৃষ্টি য’ত নতুনৰ সৈতে পূৰাতনক সমান মান্যতা দিয়া হৈছে৷ ৩২৭৫ স্কোৱাৰ মিটাৰ পৰিধিৰ এম্পি-থিয়েটাৰৰ চৰকাৰীভাবে উন্মোচন কৰা হয় ২০১১চনৰ ডিচেম্বৰ মাহত৷ এতিয়াও এই সাস্কৃতিক কেন্দ্ৰত দিনে নিশাই ন ন নিৰ্মাণ কাৰ্য্য চলি আছে৷

কাটাৰত পালিত “গাল্ফ পথ নিৰাপত্তা সপ্তাহ”

ড’হাত যোৱা ১০মাৰ্চৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা “গাল্ফ পথ নিৰাপত্তা সপ্তাহ”ৰ আজি সামৰণি পৰিল৷ কাটাৰৰ বাহিৰে সংযুক্ত আৰব আমীৰাট,কুৱেইট, চৌডি আৰব, ওমান আৰু বাহৰাইনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই ভব্য আয়োজনৰ লক্ষ্য আছিল জনতাক ৰাজপথত যানবাহনৰ নিৰাপত্তা সম্বন্ধে অৱগত কৰোৱা৷ “আপোনাৰ নিৰাপত্তা আমাৰ লক্ষ্য” -এই শ্লোগানেৰে পথ নিৰাপত্তা সপ্তাহ নানান কাৰ্য্যসূচীৰে ড’হাৰ অল চাড এলেকাৰ স্পৰ্টচ ৰাউণ্ড এবাউটৰ সন্মুখৰ বহল মুকলি পথাৰত আয়োজন কৰা হৈছিল৷ দেশৰ প্ৰশাসক শ্বেইখ আব্দুল্লা বিন নাচেৰ বিন খলিফা অল থানিৰ পৃষ্ঠপোষকতাত ঘাইকৈ গৃহ আৰু পৰিবহন বিভাগে আগ ভাগ লোৱা এই সমাৰোহত আলোচনাচক্ৰ আৰু প্ৰদৰ্শণীত দৰ্শকৰ উপস্থিতি আছিল অতি সন্তোষজনক৷ একো একোটা দিনত কেবল ৩৷ ৪হাজাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েই দৰ্শকৰ শাৰি পূৰাইছিল৷ সৰু ল’ৰা-ছোৱালীক শিক্ষা দিবলৈ  ‘ট্ৰেফিক ভিলেজ’ এখন পাতি তাত সৰু মটৰ গাড়ী, লাইট, চিগনেল আদিৰ ব্যৱস্থা কৰা হৈছিল৷ প্ৰদৰ্শণীত গুৰুতৰভাবে দূৰ্ঘটনাগ্ৰস্ত হোৱা গাড়ী কিছুমান দেখোৱা হৈছিল৷ অসতৰ্কহৈ অতি বেগত গাড়ী চলোৱাৰ এইয়া পৰিণাম বুলি কাষৰ ফলকত আৰবী ভাষাত লিখি থোৱা হৈছিল৷ বিভিন্ন যানবাহন কোম্পানী, ৰাচগেছ, স্বাস্থ্য বিভাগ, চুপ্ৰিম এডুকেশ্বনেল কাউঞ্চিল, কাটাৰ ৰেড ক্ৰিচেন্ট, কেইবাটিও চিকিউৰিটি আৰু স্বেচ্ছাসেৱী অনুষ্ঠান  আদিয়ে ষ্টল মুকলি কৰিছিল৷ ডগ-শ্ব, উট আৰু ঘোঁৰাৰ খেল, মটৰ চাইকেলৰ খেল, পুলিচৰ বেণ্ডসহ পেৰেড, নতুন আৰু পূৰণি গাড়ীৰ প্ৰদৰ্শণী আদি আছিল অনুষ্ঠানৰ আকৰ্ষণৰ কেন্দ্ৰসমূহ৷ কাটাৰীসকলে উৎসৱত পিন্ধা নানাৰঙী পোচাকত উপস্থিত হোৱা কিছু সংখ্যক দৰ্শকৰ আগমনে এক মেলামুখি আনন্দদায়ক পৰিবেশৰ সৃষ্টি কৰিছিল৷

কাটাৰত যান-বাহন আইন যথেষ্ট কঠোৰ৷ ড্ৰাইভিং লাইচেঞ্চ পাবলৈ চালকে নানা কঠিন পৰীক্ষাৰ সন্মুখীন হবলগীয়া হয়৷ ৰাজপথত গাড়ীৰ সৰ্বোচ্চ গতিবেগ হব পাৰে প্ৰতি ঘন্টাত ১২০কিলোমিটাৰ৷

ৰাডাৰৰ যোগেদি গাড়ীসমূহ ট্ৰেফিক পুলিচে লক্ষ্য কৰি থাকে৷ৰাস্তাত অটোমেটিক ট্ৰেফিক চিগনেল ২৪ঘন্টাই চলি থাকে৷ সাধাৰণতে ক’তো ট্ৰেফিক পুলিচে গাড়ী নিয়ন্ত্ৰণ কৰি থকা চকুত নপৰে৷ ম’বাইল ভানত তহলদাৰী ট্ৰেফিক পুলিচৰ গাড়ী ঘূৰি ফুৰে৷ প্ৰতি চিগনেল পইন্টত চেঞ্চৰযুক্ত কেমেৰা থাকে৷ আইন ভংগ কৰাৰ গাড়ীৰ ফটো এনে কেমেৰাই তুলি ৰাখে আৰু সময়ে সময়ে ৱেবচাইটত জৰিমনাৰ পৰিমাণসহ গাড়ীৰ নম্বৰ প্ৰকাশ কৰে৷ ন্যুনতম ৫০০ৰিয়ালৰ পৰা ৫০০০ৰিয়াললৈকে জৰিমনা হব পাৰে৷ নতুন গাড়ী কিনোতেই ইঞ্চিৰেঞ্চ কৰিলেহে  ৰেজিষ্ট্ৰেচন  নম্বৰ পায়৷ দেশখনত বলবৎ থকা কঠোৰ আইন আৰু এনে শিক্ষামূলক সজগতা শিবিৰৰ আযোজনৰ ফলশ্ৰুতিতেই বিগত বছৰবোৰৰ তুলনাত কাটাৰত পথ দূৰ্ঘটনাত আহত আৰু নিহতৰ সংখ্যা ক্ৰমে হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে৷

‘হা ইন্টাৰনেশ্বনেল ফুড ফেষ্টিভেল

কাটাৰলৈ নতুনকৈ অহা লোকসকলে, বিশেষকৈ ডুবাইত থাকি অহা লোকসকলে এই দেশখনক আৰু ৰাজধানী চহৰ ড’হাক এক নিৰস, নিস্প্ৰাণ আৰু যান্ত্ৰিক মহানগৰী যেন অনুভৱ কৰে৷ কৰ্ম কৰাৰ বাহিৰে অবসৰ বিনোদনৰ আহিলা যেন তেনেই অপৰ্যাপ্ত তেনেকুৱা অনুভৱেই পোনচাতে মনলৈ আহে৷ কিন্তু সেই ধাৰণা আংশিকভাবেহে শুদ্ধ৷ড’হাত আছে সাগৰৰ পাৰত কৰনীচত বহিবলৈ মুকলি আহল-বহল পৰিস্কাৰ ঘাঁহনি আৰু ৰুমেইলা পাৰ্ক,  মিউজিয়াম অৱ ইচলামিক আাৰ্টচৰ সমীপৰ বিশাল পাৰ্কৰ ওপৰিও টৰ্চ টাৱাৰৰ ওচৰৰ বৃহৎ এচপায়াৰ পাৰ্ক ৷ ড’হাৰ ভিলাজিঅ’ মল, লেণ্ডমাৰ্ক আৰু ৰয়েল প্লাজা  ওপৰিও চিটিচেন্টাৰত আছে এক ডজনৰো অধিক চিনেমেস্ক হ’ল, ড’হা চিনেমা হ’ল  য’ত ইংৰাজী, হিন্দী, মালয়ালম, তামিল, নেপালি  চিনেমাৰো প্ৰদৰ্শন চলি থাকে৷ নতুন হিন্দী চিনেমাই ভাৰতৰ সৈতে একেলগে ইয়াতো আৰবী চাবটাইটেলসহ মুক্তি লাভ কৰে৷

তদুপৰি সময়ে-সময়ে ড’হাত ৰাষ্ট্ৰীয় আৰু অন্তৰ্ৰাষ্ট্ৰীয় নানান উৎসৱ, মেলা বা প্ৰদৰ্শনীৰ

আয়োজনহৈ থাকে৷ কেবল আমন্ত্ৰিত ব্যক্তিৰ বাবে সীমাবদ্ধ নহৈ সৰ্বসাধাৰণৰ বাবেও এইবিলাকৰ দুৱাৰ মুকলি থাকে৷ লক্ষ্য কৰিলে দেখা যাব যোৱা দুবছৰৰ পৰা প্ৰতিমাহে কমেও দুখনকৈ এনে মেলা অনুষ্ঠিত হৈ আহিছে৷অলপতে হৈ যোৱা বসন্ত উৎসৱ বা স্প্ৰিং ফেষ্টিভেলত ডলফিন শ্ব,মেজিক শ্ব আৰু নানান খেল ধেমালিৰ আযোজন হৈছিল৷ যোৱা ৭এপ্ৰিলৰ পৰা কাটাৰা সাংস্কৃতিক ভিলেজত আৰম্ভ হৈছে সপ্তাহযোৰা আফ্ৰিকান ফেষ্টিভেল৷ ইয়াত আফ্ৰিকা মহাদেশৰ ভালে কেইখন দেশে অংশ গ্ৰহণ কৰিছে৷ সংগীত, কলা, চিত্ৰকলা, জুৱেলাৰী, কুটিৰ শিল্প, কাঠ-শিলৰ ভাষ্কৰ্য্য, বস্ত্ৰ প্ৰদৰ্শনী আৰু সংগীতৰ সমাহাৰৰ ওপৰিও অন্যতম আকৰ্ষনৰ তালিকাত আছে আফ্ৰিকান চাৰ্কাচ, মেজিক শ্ব, আফ্ৰিকান খাদ্য-সম্ভাৰ আৰু কেনিয়ান মিউজিক৷

এতিয়া অলপ চতুৰ্থ ড’হা ইন্টাৰনেশ্বনেল ফুড ফেষ্টিভেলৰ বিষয়ে কিছু কথা আপোনালোকক জনাওঁ৷ চাৰিদিনীয়া এই খাদ্যমেলা অনুষ্ঠিত হৈছিল ড’হাৰ মিউজিয়াম অৱ ইচলামিক আাৰ্টচৰ  সমীপৰ বিশাল পাৰ্ক আৰু সাগৰৰ পাৰ আৱৰি৷ ২৮মাৰ্চৰ প্ৰথম দিনাই ১৮হাজাৰ দৰ্শকৰ সমাগম ঘটা এই মেলাখন মুকলি কৰে শাসক শ্বেইখ হামাড বিন খলিফা অল থানিৰ সৈতে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী, কাটাৰ টুৰিজম বিভাগৰ  চেয়াৰমেন আৰু কাটাৰ এয়াৰলাইনচৰ মুৰব্বীয়ে৷ কাটাৰ টুৰিজম আৰু কাটাৰ এয়াৰলাইনচৰ দ্বাৰা আয়োজিত এই খাদ্য মেলাখন মুকলি থকাৰ সময় আছিল আবেলি ২বজাৰ পৰা নিশা ১০বজালৈ৷ প্ৰতিনিশাই ভাৰতবৰ্ষসহ আন আন দেশৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ মুঠতে আৰবী, পশ্চিমীয়া আৰু ভাৰতীয় নৃত্য-সংগীতৰ লয়ে খাদ্যপ্ৰেমীসকলক মন্ত্ৰমুগ্দ্ধ কৰি ৰাখিছিল৷ কাটাৰ এয়াৰলাইনচত অসমীয়া যুৱক যুৱতীৰ এটা দলে কেবিনক্ৰু হিচাবে কৰ্মৰত আছে আৰু আন এজন অসমীয়া যুৱক কাৰিকৰী বিভাগৰ ইঞ্জিনীয়াৰ৷ খাদ্যমেলাত এইবাৰ বেলেগ বেলেগ গোট বা জন সৃষ্টি কৰা হৈছিল যেনে লঘু খাদ্য, স্বাস্থ্যকৰ খাদ্য, পৰিয়ালৰ বাবে খাদ্যৰ বিভাগ আদি৷ ড’হাত যোৱা কেইমাহমানৰ ভিতৰতেই পালিত হোৱা উল্লেখযোগ্য মেলাৰ ভিতৰত পৰে ইন্টাৰনেশ্বনেল বুক ফেয়াৰ, পৰিবেশ বিষয়ৰ অন্তৰ্ৰাষ্ট্ৰীয়  সমাৰোহ, কাটাৰ ফাৰ্টিলাইজাৰে আযোজন কৰা ফুল আৰু শাক-পাচলিৰ প্ৰদৰ্শনী ৷

মোখনিত এটা কথাই কব পাৰি যে কাটাৰৰ সাময়িক পৰিবেশে যেন মনত বাৰে বাৰে এইটো উক্তিকে সোঁৱৰাব – হয় পৃথিবীখনক “যোগ্য ভোগ্য বসুন্ধৰা”ৰ বাবেহে !

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!