কাটাৰৰ ডায়েৰী: ডা° ভূপেন্দ্ৰ কুমাৰ শ‍ইকীয়া

কাটাৰৰ ডায়েৰী

ডা° ভূপেন্দ্ৰ কুমাৰ শ‍ইকীয়া

১৭

কেইবাটিও অত্যাৱশ্যকীয় কাম আগতলৈ তিনিসপ্তাহৰ ছুটিত ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ ৪ অক্টোবৰৰ সন্ধিয়া ৭ বজাত৷ ড’হা ইন্টাৰনেশ্বনেল এয়াৰপৰ্টত একেলগে কাটাৰ এয়াৰলাইন্সৰ বিমানেৰে কলিকতালৈ যাত্ৰা কৰিব অহা দুজন অসমীয়া যুৱকক লগ পালোঁ৷ এজনে চৌডি আৰবত চাকৰি কৰে, ঘৰ যোৰহাটত৷ আনজনৰ ঘৰ ধেমাজিত, কাটাৰৰ ৰাচলাফান ৰিফাইনেৰীত কাম কৰে৷ চিংগাপুৰৰপৰা ইয়ালৈ বদলিহৈ আহিবৰ দেড় বছৰ হ’ল৷ আমি তিনি অসমীয়াই কথা পাতি পাতি আমাৰ প্ৰতীক্ষাৰ দুঘন্টা সময় বেচ ভালদৰে অতিবাহিত কৰিলোঁ৷ কলিকতাত বিমান সলনি কৰিবলগীয়া হোৱাত আমাৰ এৰাএৰি হ’ল৷ মই ৫ তাৰিখে পুৱা ৭ বজাত গুৱাহাটী পালোঁগৈ৷ এই যাত্ৰাটো নৈশ বাচেৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অহাৰ নিচিনা লাগিল৷ ২০ অক্টোবৰত ওভটনি যাত্ৰা আৰম্ভ কৰিলোঁ৷ এৰাতি দিল্লীৰ সৰু ভন্টি অনুপমা বৰগোঁহাইৰ ঘৰত থাকি ২১অক্টোবৰৰ সন্ধিয়া ডুবাই পালোঁহি৷ এইবাৰৰ যাত্ৰাত মোৰ সংগী হৈছে পুত্ৰ অৰ্ণৱ৷ তাৰ ভ্ৰমণৰ উদ্দেশ্য হ’ল ডুবাই আৰু ড’হা চোৱা৷ এন আই টি ভূপালৰ পৰা বি আৰ্ক পাচ কৰি সি বৰ্তমান গুৱাহাটীৰ কলেজ অৱ আৰ্কিটেক্সাৰত টিউটৰ সোমাইছে৷ গতিকে যি কোনো দৰ্শনীয় বস্তুৰ প্ৰতি তাৰ দৃষ্টিভংগী হ’ল পৃথক৷ ৫ টা দিনত ডুবাইৰ বিশেষ চাবলগীয়া – যেনে বিশ্বৰ সৰ্বোচ্চ টাৱাৰ বুৰ্জ খলিফা, পানীৰ তলৰ জু, ডলফিনৰ ক্ৰীড়া-প্ৰদৰ্শন, অত্যাধুনিক শৈলীৰে নিৰ্মিত হোটেল বুৰ্জ অল অৰব, চালক বিহীন মেট্ৰ ৰেল, বিভিন্ন সম্ভাৰেৰে পৰিপূৰ্ণ কেইবাটাও শ্বপিং মল, কৃত্ৰিমভাবে সৃষ্টি কৰা পাম আইলেণ্ড, ডুবাই মিউজিয়াম, ৱাইল্ড ৱাডি ৱাটাৰ পাৰ্ক, ডুবাই মলৰ ফাউন্টেইন শ্ব, ডেজাৰ্ট চাফাৰি আদি – এপলক মাত্ৰ চাবলৈহে সময় হ’ল৷ ডুবাই ভ্ৰমণ সামৰি আমীৰাট এয়াৰ লাইন্সৰ বিমানেৰে ৪৫ মিনিটৰ আকাশী যাত্ৰাৰে ২৫ তাৰিখে সন্ধিয়া ৭ বজাত কৰ্মস্থলী ড’হা পালোঁহি৷ ড’হাত এতিয়াও তাপমান ৩২ ডিগ্ৰী চেলচিয়াচ চলি আছে৷
কাটাৰত বিমানৰ পৰা নামিয়েই দেখোঁ এইবাৰ পৰিবেশ সুকীয়া ৷ এয়াৰপৰ্ট,শ্বপিং মল, ৰাস্তা-ঘাট,দোকান-বজাৰ,সাগৰৰ পাৰ,খেজুৰৰ গছসমূহ সকলোতে বিভিন্ন সাজ-সজ্জা,ৰঙীন লাইটৰ কাৰুকাৰ্য্য৷ কাটাৰ পৰ্য্যটন বিভাগে বিমানৰ পৰা নমা প্ৰত্যেকজন যাত্ৰীক ড’হাৰ মেপ, দৰ্শনীয় স্থল সমূহৰ বিৱৰণীৰ তালিকা আৰু একোখন ‘ইভেন্ট কেলেণ্ডাৰ’ বিলাইছে৷ নকলেও বুজিছে চাগে এই নতুন পৰিবেশৰ উপলক্ষ্য হ’ল ঈদ৷ বৰ্তমানৰ কাটাৰীসকলৰ পচন্দ বিলাসিতাপূৰ্ণ আৰু আৰাম প্ৰিয় জীবন৷ সকলো চৰকাৰী কাৰ্য্যালয় দহদিন আৰু বেচৰকাৰী অনুষ্ঠান ৫ দিনৰ বাবে ঈদৰ বন্ধ৷ জৰুৰী সেৱাসমূহ অৱশ্যে চলি থাকিব৷
২৬ অক্টোবৰ শুকুৰবাৰে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত অৱস্থিত বৰ্গিজ বেটুমেন্ট ইন্টাৰনেশ্বনেলৰ ( Bouygues Bâtiment International) আৱাসিক কেম্পৰ ক্লিনিকত ৰোগী চাবলৈ ওলাওঁ৷ তাত মুঠ ৪২জন ৰোগী চাই আবেলি নিজৰ আবাসলৈ উলটোঁ ৷ তাৰে ভালে কেইজন ৰোগীয়ে যোৱা তিনিটা সপ্তাহ অইন চিকিৎসকৰ ওচৰলৈ নগৈ মোৰ প্ৰতীক্ষাত আছিল৷ কেম্পলৈ ৬০জন চীনা কৰ্মচাৰী অলপতে নতুনকৈ আহিছে৷ তেওঁলোকৰ ইংৰাজীৰ জ্ঞান প্ৰায় শূণ্য৷ ভাৰতীয় সহকৰ্মীৰ লগত থাকি নজনা -নুবুজাটো প্ৰকাশ কৰিবলৈ কয়- “ন’ মালুম”৷ কৰ্তৃপক্ষই তেওঁলোকৰ (চীনা) আৰু থাইলেণ্ডৰ ইংৰাজী নজনা লোকসকলৰ বাবে দুখন দ্বিভাষিক চাৰ্ট ছপা কৰি ক্লিনিকত দিছে ৷ তাত অসুখটো নিজা ভাষাত আঙুলিয়াই দেখোৱালে চিকিৎসাকৰ্মীসকলে ইংৰাজীত পঢ়ি বুজি দৰব আৰু পথ্যৰ ইংৰাজী তালিকা ৰোগীজনক দেখোৱাই দিয়ে৷ আকৌ দুজনমান ৰোগী পালোঁ যি নিজৰ লগত দ্বিভাষিক কিতাপেই লৈ আহে৷ মোৰ পাইলচ অসুখ হৈছে – লাইনটো মোক আঙুলিয়াই দেখোৱাই নিজে শাৰীৰিক পৰীক্ষাৰ বাবে সাজু হৈ পৰে৷ এইবিলাক হ’ল চিকিৎসক হিচাবে মোৰ ন-ন অভিজ্ঞতা৷
২৭ অক্টোবৰ শণিবাৰে মোৰ বন্ধ থকাত ড’হাৰ আনটো মূৰত থকা এক্ৱা পাৰ্কলৈ ওলালোঁ ৷ মই থকা অল চাডৰ পৰা তালৈ দূৰত্ব ৩০কিলোমিটাৰ ৷ পোনতে আগবেলা ড’হাৰ সৰ্বোচ্চ স্মাৰক টৰ্চ টাৱাৰৰ ওচৰৰ এচপায়াৰ পাৰ্কত দুঘন্টা সময় অতিবাহিত কৰিলোঁ৷ তাত মৰুভূমিক কেনেকৈ মানুহে সেউজী দলিচা আৰু বননীলৈ ৰূপান্তৰিত কৰিছে তাকে চাই বিস্মিত হওঁ৷ জি পি এচৰ সহায়ত ড’হা এক্ৱা পাৰ্ক বিচাৰি ওলিয়াওতে একেঠাইতে তিনিপাকমান দিবলগীয়া হ’ল৷ ড’হাত প্ৰায়বিলাক ৰাস্তাই হ’ল প্ৰকাণ্ড যদিও ৱানৱে ৷ ৰাউণ্ড এবাউট বা তিনি আলি বা দুফলীয়া ৰাস্তাত পথ ভুল হলে দেখি থকা ঠাইতে বাৰে বাৰে ঘূৰি থাকিবলগীয়া হব পাৰে৷ ক্ষুদ্ৰ দেশ কাটাৰ আয়তনত সৰু হলে কি হব – অকোৱা পকোৱা বৃহৎ পথসমূহে আৰু ফ্লাইঅভাৰসমূহে ইয়াক কাৰ্য্যত অন্তত: তিনিগূণ বৃহৎ কৰি তুলিছে৷
বিশাল পাৰ্কখনৰ চাৰিওফালে গছ-গছনিৰে পৰিপূৰ্ণ ৷ পাৰ্কৰ ওচৰে-পাজৰে কোনো ঘৰ বা দোকান বজাৰ নাই৷ চৌদিশে আছে মাথো মৰুভূমি৷ তাত গৈ পাই দেখা পালোঁ ৪০০ ৰো অধিক গাড়ী শৃঙ্খলাবদ্ধভাবে পাৰ্কিং কৰি থোৱা আছে৷ টিকটৰ বাবে মানুহৰ দীঘলীয়া লাইন৷ বন্ধৰ দিন বাবে হয়তো ভীৰ কিছু বেচি৷ ৰাস্তাত গাড়ীৰ বাহিৰে মানুহ দেখা পাবলৈ নাই অথচ ইয়াত শ-শ মানুহৰ সমাগম৷ পাৰ্কিঙৰ পইচা নালাগে – প্ৰৱেশৰ টিকট এশ ৰিয়ালৰ ৷ পৰিস্কাৰ-পৰিচ্ছন্ন পৰিবেশত নানা দেশৰ,নানা বৰণৰ মানুহৰ সৈতে একেলগে বিভিন্ন জল ক্ৰীড়াৰ বাবে পানীত দুঘন্টাৰো অধিক সময় আনন্দৰে অতিবাহিত কৰি বিয়লিলৈ ঘৰমুৱা হলোঁ – সন্ধিয়া ড’হাৰ সাগৰ পাৰত আতশবাজী আৰু লাইটৰ কাৰুকাৰ্য্য চোৱাৰ আঁচনি মনতে পাঙি৷
***********************************************************

১৮

দিনবোৰ ক্ষিপ্ৰভাবে বাগৰিব ধৰিছে ৷সিদিনা কেৰেলিয়ান ডেকা নাৰ্চ এজনে কলে – চাৰ,ইয়াত ব্যস্ততাৰ মাজত দিনবোৰ সোণকালে পাৰ হয় – ভাল কথা ৷ পিছে বেয়া লাগে জীৱনৰ দিনবোৰ হেৰুৱাই অন্তিম দিনবোৰৰ দিশলৈ ধাবমান হৈছোঁ৷ দেঢ় কুৰি বছৰ সম্পূৰ্ণ নোহোৱা ঘৰ-সংসাৰ নপতা যুৱক এজনৰ মুখত এনে যুক্তিপূৰ্ণ কথা শুনি মই বিস্মৃত হলোঁ৷
ঈদৰ চৰকাৰী বন্ধ কাটাৰত বেচ দীঘলীয়া হয় ৷ কাটাৰত কৰ্মৰত অসমীয়া লোকৰ সংখ্যা ক্ৰমে মোৰ আঙুলিৰ গণতিত বাঢ়িব ধৰিছে৷তাৰে কিছু সংখ্যক চৰকাৰী চাকৰিয়ালো আছে৷ পৰিয়ালৰসৈতে থকাবিলাকৰ ইঘৰ-সিঘৰৰ আহ-যাহ আছে৷বাকী পৰিয়াল আনিব নোৱৰা, ডঙুৱা, অবিবাহিতসকলে নিজৰ নিজৰ ক্ষুদ্ৰ গোটত বা আপোন
জগতত ব্যস্ত হৈ থাকিবলগীয়া হয়৷ তাৰ মাজতে ১নভেম্বৰৰদিনা আমি সন্ধিয়া কেইঘৰমান মানুহে ড’হা
এয়াৰপৰ্টৰ ওচৰৰ “এচিয়ানা” ৰেষ্ট্ৰুৰেন্টত লগহৈ চা-চিনাকী, মত-বিনিময় কৰিলোঁ৷ সেইদিনা ডাঙৰ সৰু মিলাই কুৰিজনহে গোট খাইছিল যদিও প্ৰত্যেকেই আন কোনোবা
কাটাৰতকৰ্মৰত অসমীয়াৰ সম্ভেদ জানে বুলি আশ্বস্ত হলোঁ৷ কাটাৰ এয়াৰলাইনচত অসমীয়া এয়াৰ হোষ্টেচ আৰু ভিন্ন ভিন্ন ক্ষেত্ৰত অসমীয়া কেইবাজনো আছে বুলি জানি ভাল লাগিল৷ “কাটাৰ ট্ৰিবিউন” নামৰ ইংৰাজী সংবাদ পত্ৰৰ এজনসম্পাদকৰ পদত এগৰাকী অসমীয়া মহিলা আসীন হৈ থকাটো ভাল খবৰ নহয় জানোঁ ? যোৰহাটৰ ডাক্টৰ সূৰ্যকমল ভূঞা অল খ’ৰ অঞ্চলত গাল্ফ ড্ৰিলিং ইন্টাৰনেশ্বনেল কোম্পানীৰ চিকিৎসক
হিচাপে কৰ্মৰত ৷ মোৰ সৈতে ফোনতহে পৰিচয় হৈছে৷ আকৌ ৰচলাফান ৰিফাইনেৰীৰ ২৷৩ জন অসমীয়া ইঞ্জিনীয়াৰ কৰ্মৰত ৷পাঠক
সকলৰ আমনি লাগিব পায় এনে সৰুসুৰা কথা পঢ়ি৷ সেয়ে প্ৰসংগ সলনি কৰিছোঁ৷
ইয়াত এটা প্ৰবাদ আছে – কাটাৰ সদায় বদলি হৈ থাকে, কালি যি কাটাৰ আছিল, আজিৰ কাটাৰ সেয়া নহয়৷ কথাটো আখৰে আখৰে
সঁচা৷ সিদিনা যোৰহাটৰ পৰা ইঞ্জিনিয়াৰিং পাচ কৰা জয়দীপ পাণ্ডেৰ ঘৰলৈ নৈশ ভোজৰ নিমন্ত্ৰণত গৈছিলোঁ৷ ড’হাত তেওঁৰ এঘাৰ বছৰ পূৰ্ণ হ’ল৷ তেওঁৰ মতে এঘাৰ বছৰ আগতে ড’হা গাঁৱৰ সদৃশ্য আছিল৷ যোৱা ৪৷৫ বছৰতহে ৰাজধানী চহৰ ড’হাৰ আৰু সমগ্ৰ কাটাৰৰ আধুনিক স্বৰূপটো ফুটি উঠিছে৷ একে কথাই অইন কাটাৰত বেচিদিন থকা লোকৰ মুখতো শুনোঁ৷ ড’হাৰ পৰা ৩০ কিলোমিটাৰ দূৰত কৃত্ৰিম দ্বীপত লুচেইল চিটিৰ নিৰ্মাণ কাৰ্য্য চলি আছে৷ ২০২২চনত ফিফাৰ খেলসমূহ তাৰ ষ্টডিয়ামত অনুষ্ঠিত হোৱাৰ কথা৷ মেট্ৰ ৰেল লুচেইল চিটিৰ পৰা কাটাৰা,কৰনিচ,চিটি চেন্টাৰ, গোল্ড শৌক, এয়াৰপৰ্টহৈ ড’হাৰ আনটো মূৰত থকা অল ৱাক্ৰালৈ চলিলে ড’হাৰ
মানচিত্ৰ আৰু জীৱন যাত্ৰা নিশ্চয় যথেষ্ট সলনি হব৷
এটা মোৰ বন্ধৰ দিনত লুইচেল চিটিৰ মেৰিনা বীচৰ কেইখনমান মোহনীয় ফটো তুলি কাটাৰা সাংস্কৃতিক কেন্দ্ৰ চাবলৈ প্ৰবেশ কৰিলোঁ৷কাটাৰৰ বীচো অতি সুন্দৰ৷ ইয়াৰ ওচৰে পাজৰে সাগৰৰ পাৰত ডাঙৰ ডাঙৰ হোটেল কেইবাখনো আছে৷ কাটাৰাত ঈদত সাগৰ পাৰত আলোকসজ্জা আৰু আতচবাজী প্ৰদৰ্শণ হৈছিল৷ আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এই বিশাল সাংস্কৃতিক কেন্দ্ৰত আছে – এটি এম্পি থিয়েটাৰ, কেইবাটিও প্ৰদৰ্শনী গৃহ আৰু মিউজিয়াম৷ টুৰিষ্টক বিনামূলীয়াকৈ সৰু ৪৷৬জন বহিব পৰা বৈদ্যুতিক যানেৰে ঘূৰাই-পকাই দেখাই দিয়াৰ সুব্যৱস্থা আছে৷ বিশ্বৰ নানা দেশৰ টুৰিষ্টৰ আগমনে ঠাইডোখৰক এক প্ৰাণ চাঞ্চল্য প্ৰদান কৰিছে৷ এম্পি থিয়েটাৰৰ বাহিৰত গান্ধীজীৰ বান্দৰ তিনিটাৰ এক আধুনিক ধৰণেৰে নিৰ্মিত বিশাল প্ৰতিমূৰ্তিও দেখি আনন্দিত হলোঁ৷
ড’হাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে সাগৰৰ পাৰত দুই কোণত অৱস্থিত দুটি মিউজিয়ামে৷ এটি কৰনীচত হোটেল শ্বেৰাটনৰ ওচৰত থকা Msheireb Enrichment Centre নামৰ মিউজিয়ামে৷ য’ত আধুনিক কাটাৰৰ বিবৰ্তনৰ দৃশ্য নানান মডেল,চিত্ৰ, ইংৰাজী-আৰবী গ্ৰন্ঠ আৰু ডকুমেন্টৰীৰ সহায়ত প্ৰদৰ্শণ কৰা হৈছে৷ আনটো বিশ্ববিখ্যাত চীনা বংশোদ্ভৱ আমেৰিকান আৰ্কিটেক্ট আই এম পাইৰ দ্বাৰা নিৰ্মিত মিউজিয়াম অৱ ইচলামিক আৰ্টচ নামৰ মিউজিয়াম৷ সেইটো অৰ্ধচন্দ্ৰাকাৰ কৰনীচৰ আনটো মূৰত খলিফাৰ বাসভৱন আৰু লাইট হাউচৰ ওচৰৰ সাগৰত
সোমাই নিৰ্মিত অতি ভব্য আৰু বিশাল ভৱন৷ আগৰ লাইট হাউচ এতিয়া হ’ল লাইব্ৰেৰী আৰু ইচলামিক সাংস্কৃতিক কেন্দ্ৰ ৷ মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ পৰা ড’হাৰ নব্য আৰু অত্যাধুনিক নানা আকৃতিৰ ভৱনসমূহৰ নয়নাভিৰাম দৃশ্য সকলো সময়তেদেখা যায়৷ অৰ্ধচন্দ্ৰাকাৰ সাগৰ পাৰত আৰু ৰাজপথৰ আনটো পাৰেও কেইবাখনো পাৰ্ক আৰু
চকুজুৰুৱা সেউজী ঘাঁহনিৰ দলিচা ৷ কৰনীচলৈ আহি সামান্য বৰঙণীৰ বিনিময়ত সাগৰত নৌকা ভ্ৰমণৰ আনন্দ লব পাৰি৷
কাটাৰৰ পৰা ড’হালৈ ঘূৰি আহোতে অল খ’ৰলৈ যোৱা ৰাজপথেৰে অলপ আগুৱাই গলে কাটাৰ বিশ্ববিদ্যালয়ৰ কেম্পাচ৷ তাৰ সেউজীয়া গছ-গছনিৰে ভৰা পৰিবেশ ভাল লাগিল৷ভৱনবিলাকৰ ডিজাইন আকৰ্ষণীয়৷ বিজ্ঞান,ক’লা আৰু ইঞ্জিনিয়াৰিং শাখাৰ পাঠদানে সেই কেম্পাচত হয়৷ আমি যাবৰ দিনা বন্ধৰ দিন থকাত মাত্ৰ কেইজনমান ছাত্ৰকহে সেই দিনা দেখা পালোঁ৷ বিশ্ববিদ্যালয়ৰ কেম্পাচত থকা গাড়ী পাৰ্কিং চাই অনুমান কৰিব পাৰি ছাত্ৰ আৰু শিক্ষক বেচি ভাগেই নিশ্চয় ডে-স্কলাৰ অৰ্থাৎ আবাসী নহয়৷
এইদৰে দিন যোৱাৰ লগে লগে কাটাৰক নতুনকৈ আবিষ্কাৰ কৰিব ধৰিছোঁ৷ অচিনাকী কাটাৰ মোৰ চকুত চিনাকী হৈ আহিব ধৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!