কাটাৰৰ ডায়েৰী: সাহিত্য আৰু সংস্কৃতিৰ পথাৰত কাটাৰৰ অসমীয়াসকল (দ্বিতীয় খণ্ড) ডা০ ভূপেন শইকীয়া

প্ৰত্যাশিতভাৱেই অল খোৰত ১৩ নৱেম্বৰৰ সন্ধিয়া কাটাৰৰ অসমীয়াসকলৰ দ্বীপাৱলীৰ সন্মিলন সুচাৰুৰূপে সম্পন্ন হ’ল৷ সন্ধিয়া ৭বজাৰ পৰা নিশা ১১বজালৈ স্বতস্ফুৰ্তভাৱে এক বিচিত্ৰানুষ্ঠান চলিল৷ এই অভাজনে দিয়া চমু আদৰণি ভাষণৰ পিছতে নৱাগতসকলৰ পৰিচয় পৰ্ব চলে৷ তাৰ পিছত কণ কণ মইনাহঁতৰ আবৃতি, নৃত্য আৰু ডাঙৰসকলৰ নাচোন, গীত, কৌতুক, গীটাৰ-বাঁহীবাদনে গোটেই পৰিৱেশটো আনন্দমধুৰ কৰি তোলে৷ নকলেও হ’ব এই গোটেই অনুষ্ঠানটি সফলতাপূৰ্বক সম্পন্ন কৰাৰ কৃতিত্ব যায় অজয়লাল দত্তই আখ্যা দিয়া ‘অল খাৰখোৱাজ অৱ অলখোৰ’লৈ৷

পুনৰ মূল আলোচনালৈ ঘূৰি আহোঁ৷ বিগত ৮বছৰে কাটাৰৰ অসমীয়া সমাজে সমিলমিলেৰে নানান প্ৰীতি সন্মিলন আয়োজন কৰি কাটাৰৰ অসমীয়াসকলক প্ৰবাসতো স্বদেশৰ সুবাস দি আহিছে৷ চৌক ৱাকিফৰ এক সফল ব্যৱসায়ী প্ৰতিষ্ঠানৰ মেনেজাৰ প্ৰণৱ নিৰুলা যোৱা ১৪বছৰে কাটাৰ অসম সমাজৰ সকলো বুৰঞ্জীৰ চাক্ষুস সাক্ষী৷ বুকুখন গৰ্বত সামান্য হ’লেও ফুলি উঠিব খোজে যেতিয়া নৱাগত এজনে নিজৰ পৰিচয় দিওঁতে এইদৰে কয় – মুম্বাই এয়াৰপ’ৰ্টত পানদোকানী এজনে অসমৰ পৰা কাটাৰলৈ যাব আহিছে বুলি শুনি নিজে উপযাচি কয় –‘কাটাৰত বৰ ভাল বিহু হয় দেই’! আন বহুকেইজনে ভাৰতীয় দূতাবাসৰ পৰা অসম সমাজৰ ম’বাইল নম্বৰ সন্ধান বিচাৰি লৈ যোগাযোগ কৰে৷ আকৌ লগ পোৱা কেইজনমানে কয় অসমতেই পেপাৰ-পত্ৰৰ মাধ্যমেৰে শুনি আহিছোঁ আপোনালোকৰ কথা৷ আকৌ কোনোজনে কয় গাল্ফত চাকৰি কৰিবলৈ আহিবলৈ মনত নানা আশংকা আছিল – ইয়ালৈ অহাৰ আগতেই ‘কাটাৰ অসম সমাজে’ সেই ভয়-ভীতি নোহোৱা কৰিলে৷

কিছু ঘাত-প্ৰতিঘাতৰ মাজেৰে আগুৱাই আহি আজি অসম সমাজে এক স্বকীয় সন্মানজনক পৰিচয় ভাৰতৰ আন আন প্ৰদেশ সমূহৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ভাৰতবৰ্ষৰ মাননীয় ৰাজদূত সঞ্জীৱ অৰোৰা আৰু ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ বৰ্তমানৰ আৰু প্ৰাক্তন মুৰব্বীয়ে কেইবাবাৰো আন বিশিষ্ট অতিথিৰ আগত এইদৰে কোৱা নিজ কাণে শুনিছোঁ – কাটাৰ অসম সমাজৰ আদৰ্শ আন সকলো চ’চাইটিৰ বাবে উদাহৰণস্বৰূপ হোৱা উচিত! বিগত বছৰকেইটাত কাটাৰৰ ৰাষ্ট্ৰীয় দিৱসৰ চৰকাৰী অনুষ্ঠানত কাটাৰ অসম সমাজে একাধিকবাৰ বিহু হুচৰি আৰু দেশপ্ৰমমূলক সংগীত পৰিৱেশন কৰি আহিছে৷ দুবাৰকৈ ইণ্ডিয়া ফেষ্টিভেলৰ প্ৰদৰ্শনীত অসমৰ কুটিৰ শিল্পজাত সামগ্ৰীৰ প্ৰদৰ্শন কৰি আহিছে৷ একে উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াত বিহুনৃত্যৰ যোগেদি অগণন বিদেশীৰ মন মুহিবলৈ সমৰ্থ হৈছে৷

আজি http://assamsocietyqatar.org/ নামেৰে কাটাৰ অসম সমাজৰ নিজস্ব ৱেবচাইট আছে৷ ৱেবচাইটত আৰম্ভণিতে এইদৰে কোৱা হৈছে:

আমাৰ বিষয়ে- মাতৃভূমিৰপৰা আঁতৰি থকাৰ যন্ত্ৰণা সঁচাই বহু দুখদায়ক৷ কিন্তু নানান সকামত আমি প্ৰতিজনেই হয়তো কোনো নতুন ঠাইলৈ গৈ কেতিয়াবা খোপনি পুতিব লগীয়া হৈছে৷ সেয়া হয়তো পেটৰ ক্ষুধা নিবাৰণৰ স্বাৰ্থতেই হওক, নতুবা নতুন কোনো সত্য অন্বেষণৰ হকেই হওক৷ ভাৰত ভূ-খণ্ডৰ পৰা ২৫৮০ কিঃমিঃ নিলগত কাটাৰ নামৰ এই সৰু ৰাষ্ট্ৰখনত আমি অন্য নানা দেশৰ নাগৰিকে আহি আজি সমিলমিলেৰে বসবাস কৰি আছোঁ৷ ইয়াৰ মাজতো, নিজৰ জাতিটো, নিজৰ মাতৃভূমিখন আৰু নিজৰ সংস্কৃতিৰ প্ৰতি আমাৰ প্ৰৱল ধাউতিৰ বলতে আজি জন্ম হ’ল – অসম সমাজ, কাটাৰৰ৷

প্ৰৱাসৰ মাটিত এতিয়ালৈ তিনিখনকৈ দ্বিভাষীক স্মৰণিকা প্ৰকাশিত হৈছে বুলি আমাৰ গৌৰৱ কৰাৰ থল আছে৷ প্ৰথমখনৰ নাম দিয়া হৈছিল ‘গুন গুন’৷ ২য় আৰু ৩য় স্মৰণিকাৰ নাম দিয়া হৈছে “–নেদেখা সোণালী সূতাৰে বন্ধা”৷ আগ্ৰহী পাঠকসকলৰ বাবে এই তিনিওখনৰে পিডিএফ ৱেবচাইটতত উপলব্ধ৷Qataror Diary_part2_Dr.BHupen Saikia

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!