কাটাৰৰ ডায়েৰী – ১৬ (ডা০ ভূপেন শইকীয়া)

মোৰ আশে-পাশে দেখি থকা কেইটিমান চৰিত্ৰৰ কথা আজিৰ ডায়েৰীৰ পাতত সন্নিবিষ্ট কৰিব ওলাইছোঁ৷ আমি জীৱন পথত বা জীৱন যাত্ৰাত নানা সংগী পাওঁ ৷সকলোৱে নিজৰ নিজৰ ধৰণেৰে আমাক প্ৰভাৱিত কৰে ৷ এই লিখনিৰ উদ্দেশ্য কাকো হেয়কৰা নহয়৷ ই মাথো মোৰ পৰ্য্যবেক্ষণৰ এচোৱা বুলি পাঠকে গণ্য কৰে যেন৷ মোৰ এই কথোপকথনক সহৃদয় পাঠকে যেন ‘অহেতুক পৰচৰ্চা’ আখ্যা নিদিয়ে৷ কেইদিনমানৰ আগতে অসমৰ পৰা অধ্যাপক বন্ধু এজনে মোক কৈছিল – কাটাৰৰ ডায়েৰী গতানুগতিক ভ্ৰমণকাহিনীৰ দৰে নিলিখি উপন্যাসৰ দৰে লিখিব নোৱাৰিনে ? কথাষাৰ শুনি জয়া ভাদুৰীৰ পিতৃৰ ৰচনাৰ অসমীয়া অনুবাদ “বিগলিত কৰুণা,জাহ্ণবী যমুনালৈ” মনত পৰি গৈছিল৷পিছে মই আজিলৈকে ভালদৰে গল্প এটাকে লিখি পোৱা নাই-উপন্যাস সৃষ্টি গতিকেঅতি দুৰূহ কাম ৷ মনত পৰে স্কুলীয়া দিনত গল্পৰ কোনো কোনো পাত্ৰৰ চৰিত্ৰ-চিত্ৰণ লিখিবলগীয়া হৈছিল৷ আজিকালিৰ অবজেক্টিভ পাঠ্যক্ৰমত পাঠ্যক্ৰমত চৰিত্ৰ-চিত্ৰণ লিখিব লাগেনে নালাগে গম নাপাওঁ৷ মোৰ ভাল লগা কামৰ ভিতৰত ইয়োপৰিছিল৷ মই মোৰ ভাল লগা চৰিত্ৰৰ ভিতৰলৈ সোমাই যাবলৈ সক্ষম হৈছিলোঁ বাবেই মোৰ লিখনি মাজে মাজে হিন্দী চাৰে গোটেই শ্ৰেণীটোক পঢ়ি শুনাইছিল৷

বাৰু,কাটাৰলৈ ঘূৰি আহি পোনতেই আৰম্ভ কৰোঁ – এজনী ফিলিপাইনী নাৰ্চৰ কাৰ্যকলাপৰে৷ অসমীয়াত খুউব শ্ৰম কৰা মানুহক আনে তুলনা কৰি কয় – মেচিনৰদৰে কাম কৰা বুলি৷ কিন্তু এই নাৰ্চজনীয়ে আক্ষৰিক অৰ্থত যন্ত্ৰৰ দৰে কাম কৰে৷ প্ৰোগ্ৰামৰ বাহিৰৰ আন একো কাম কৰিব নোৱাৰে৷ আচৰণ কৰে ঠিক এটা ফটোষ্টেট বা কম্পিউটাৰৰ প্ৰিন্টাৰৰ দৰে৷ এখন কাগজ ওলাবলৈ ঠিক লওঁতেই আনখন কাগজ যিদৰে সোমাই যায়, অবিকল একেদৰে এই নাৰ্চজনীৰ আচৰণ৷কাম নাথাকিলে মেচিন বহি থকাৰ দৰে কাম নাথাকিলে তাইয়ো তেতিয়া শান্তহৈ থাকে আৰু কাম আৰম্ভ কৰিলে দেখোৱায় যন্ত্ৰৱত আচৰণ – কামৰ মাজত কোনো মানবীয় অনুভূতিয়ে ক্ৰিয়া নকৰে৷ এদিন ৰোগী চাই থাকোতে কেনেবাকৈ টেবুলত থকা পানী গিলাচ লুটিখাই পৰি টেবুলৰ কাগজ-পত্ৰ আদি তিয়াই পেলালে – নাৰ্চজনীৰ চকুৰ আগত ঘটা ঘটনাটোত তাইনিৰ্বিকাৰ হৈ থাকিল – কাৰণ তাই সেই সময়ত এজন ৰোগীৰ জোখ-মাখচাই আছিল৷ এইটো এটা উদাহৰন মাত্ৰ৷


আন এজনী ফিলিপাইনী নাৰ্চ যোৱা প্ৰায় আঢ়ৈ বছৰে কাটাৰত কৰ্মৰত৷ দুবছৰত এবাৰ ঘৰলৈ যায়৷ পাঁচমাহ আগতে ঘৰলৈ গৈ প্ৰথম এটি কন্যা সন্তান জন্ম দি ঘূৰি আহি কামত যোগ দিবৰ এমাহ হ’ল ৷ আকৌ দুবছৰৰ মূৰতহে ফিলিপাইনলৈ এমাহৰ ছুটীত যাব৷ চকুপানী টোকা নেদেখিলেও আজৰি সময়ত নিজৰ ম’বাইলৰ স্ক্ৰিনত নিজৰ চাৰিমহীয়া কেঁচুৱাৰ হাত-ভৰি আচাৰা, কিল বিলোৱা চাই সান্ত্বনা লভা দেখি মুখৰপৰা ওলাই যাব খোজে “ এয়েটো জীৱন” ! আন দুজনী ফিলিপাইনী অফিচৰ সহায়িকাৰ কথা কওঁ শুনক ৷ এগৰাকী বেচ শকত আবত – নিজতকৈ সৰু এজন নিজ দেশৰ বুকষ্টলৰ কেচিয়াৰৰ লগত ছমাহৰ আগতে বিয়াত বহিল৷ আন গৰাকী লাহি,ক্ষীণকায় ৷ চাকৰিত যোগদান কৰাৰ ছমাহেই হোৱা নাই৷ কামত লাগিয়েই নামি গ’ল দৰাৰ সন্ধানত – কাৰণএজনতকৈ দুজনৰ উপাৰ্জন হলে স্বচ্ছন্দে চলিব পাৰে৷ ম’লত কাম কৰা এজন চিৰিয়ানৰ যুৱকৰ লগত বিয়াত বহিবৰ কেইদিনমানহে হৈছে৷ জমা ছুটী খৰছ হোৱাৰ ভয়ত বিয়াৰ দিনাখনো আগবেলা কামত আহিছিল৷ আৰু বিয়াৰ পিছদিনাখন নিয়মীয়া কামত যোগদান যেন আগদিনাখন তাইৰ জীৱনত একো ঘটনাই সংঘটিত হোৱা নাই৷ ইমানেই মিতব্যয়ীযে বিয়াৰ চিঠি এখনো হিচাবৰ বেচি ছপোৱা নাছিল৷ মাতো-নামাতোকৈ মতাদেখি বিয়াখনলৈ মই নগলোঁ৷
এইবাৰ আন এজনী ফিলিপাইনী যুৱতীৰ কথা শুনক৷ ক্ষীণকায় চাপৰ ভগ্নস্বাস্থ্যৰ এইগৰাকী নাৰ্চ কাম অফিচ এচিটেন্ট ৷ কাটাৰলৈ আহিবৰ পাঁচ বছৰৰো অধিক কাল হ’ল৷ মৃদুভাষী, মাৰ্জিত ব্যৱহাৰৰ যুৱতী গৰাকীয়ে যোৱা ৩৷৪মাহে মোৰপৰা মাহে দুখনকৈ ‘এৰিথ্ৰমাইচিন’ মলমৰ প্ৰেচক্ৰিপচন লয় -শালমনৰে ভৰা মুখখনত ঘঁহিবলৈ৷ কাটাৰত বিনা প্ৰেচক্ৰিপচনত দৰব সহজে নাপায় বাবে৷ বেচেৰিয়ে হয়তো তাইৰ স্বাস্থ্যৰ বাবেই দৰা এজন পোৱা নাই৷
আনহাতে প্ৰায় চল্লিছ বছৰীয়া জিনছ্ৰ লংপেন্ট আৰু উজ্জ্বল টপ পৰিধান কৰা ষ্টাইলিচ ফিলিপাইনী ক্লিনাৰ এগৰাকীৰ কথা শুনক৷ পুৱা ক্লিনিকত আহিয়েই আধাঘন্টাত থুলমুলকৈ লাগতিয়াল কামখিনি সামৰি মোৰ চেম্বাৰলৈ আহি কয়- চাৰ, ফোন এটা কৰিম৷ ফোনত ওচৰৰ কে এফ চি বা মেকড’নাল্ডলৈ অৰ্ডাৰ কৰে – পিজা, বাৰ্গাৰআৰু ক’ল্ড ড্ৰিংকচৰ৷ দুই এদিনৰ এদিনৰ মূৰে মূৰে আবেলি ফোনৰ ৰিচাৰ্জ বিচাৰি কোনোবা চুপাৰ মাৰ্কেটলৈ ফোন কৰে৷ কেইবছৰ মানৰ আগতে গিৰিয়েকৰ লগত ডাইভোৰ্চ হৈছে হেনো৷ ক্লাচ টেনত পঢ়া জীয়েক এজনীয়ে ফিলিপাইনৰ পৰা কেতিয়াবা ফোন কৰে৷ ম’বাইল এটাত কাম নথকা সময়খিনিত এছ এম এছ আৰু ইন্টাৰনেট কৰাতব্যস্ত থাকে৷ কেতিয়াবা মিনি লেপটপ এটাও কামলৈ লৈ আহে৷ আচৰণত একদম বেপৰোৱা, আজিকালি যাক কয় একদম বিন্দাচ ভাৱ৷ বাকীবিলাক কৰ্মচাৰীয়ে তাইৰ খৰচ কৰাৰ ধৰণলৈ চাই চাকৰিৰ বাহিৰে আন উপায়েৰে ধন ঘটে বুলি সন্দেহ কৰে৷ ফাষ্ট ফুড খাই খাই মাহত দুই তিনিবাৰ মোৰ পৰা গ্ৰেষ্ট্ৰাইটিচ আৰু এচিডিটিৰ চেম্পল দৰব লয়৷ ফিলিপাইনী বিলাকৰ কথাত আগতেও ডায়েৰীত লিখিছিলোঁ – তেওঁবিলাকৰ হ’ম চিকনেচ নাথাকে আৰু সূলভ মূল্যতে চাকৰি কৰিবলৈ সন্মত হয় ৷
এইবাৰ আমাৰ ‘হিন্দুস্থানী হেড নাৰ্চ’ৰ কথা কওঁ, শুনক৷ তেওঁ মূলত:মাংগালোৰৰ, কিন্তু মুম্বাইলৈ উঠি অহা এটি খৃষ্টান পৰিয়ালৰ প্ৰতিনিধি৷ কাটাৰলৈ আহিবৰ বাৰ বছৰ হ’ল৷ গিৰীয়েকে এটি প্ৰাইভেট কোম্পানীত চাকৰি কৰে৷ তেওঁলোকৰ এটি ল’ৰা সন্তান চি বি এচ ই মাধ্যমৰ ভাৰতীয় স্কুলত নৱম শ্ৰেণীত পঢ়ে৷ একমাত্ৰ ডাইৰেক্টৰৰ বাহিৰে কাকোৱেই মানিব নোখোজে, আনকি ডাক্তৰ কেইজনকো৷ গুৰু গোঁসাই মানিব নোখোজা এই গৰাকী নাৰ্চে নিজকে বহুত জ্ঞানী বুলিভাবে৷ মোৰ ওপৰতো দাদাগিৰি চলাবলৈ চেষ্টা কৰি অৱশেষত ব্যৰ্থ হ’ল৷ এতিয়া পুত্ৰৰ হিন্দী হ’মৱৰ্কৰ বাবে মোৰ সহায় লয়৷ সমবয়সীয়া ফিলিপাইনী ক্লিনাৰগৰাকীৰ লগত অহি-নকুল সম্বন্ধ৷ সমবয়সীয়া গিৰিয়েকৰ চুলিখিনি সৰি যোৱাত দেখাত বয়সতকৈ ডাঙৰ যেন লাগে বাবে কাৰো লগতেই চিনাকী কৰি দিবলৈ যথেষ্ট সংকোচ কৰে৷
ক্লিনিকৰ এজন নেপালী ড্ৰাইভাৰৰ কাটাৰলৈ আহিবৰ আঠ মাহ হ’ল৷ ছয় বছৰ চৌদি আৰবত কটোৱাৰ পিছত নিজৰ ভবিষ্যতৰ উন্নতি সধাৰ আশাত কাটাৰলৈ আহিছে৷ শিক্ষা অষ্টম শ্ৰেণীলৈকে পঢ়া৷ ঘূৰি-ফুৰিয়েই ইংৰাজী কবলৈ শিকিছে৷ মোৰ ওচৰলৈ আহে ইন্টাৰনেট শিকিবলৈ৷ এস্কপাৰ্ট নহলেও ইন্টাৰনেটৰ ব্যৱহাৰ মই বহুতো ডাক্তৰবন্ধুক লিবিয়া,মালদ্বীপ আৰু আয়াৰলেণ্ডত থকা সময়ত শিকাই আহিছোঁ আৰু মোৰ সেই “শিষ্য”সকলে আজিও মোৰ লগত নেটযোগে যোগাযোগ অব্যাহত ৰাখিছে৷ ইন্টাৰনেটৰ ব্যৱহাৰ শিকাৰ পিছত ড্ৰাইভাৰৰ এতিয়া এটা লেপটপ লোৱাৰ ইচ্ছা ৷ মোৰ লগত কম্পিউটাৰৰ দোকানত গৈ সূলভ মূল্যৰ এটা মডেলটো পচন্দ কৰি আহিলে৷ নেপালত মেট্ৰিক পাচ পুতেক আৰু এজনী ছয় বছৰীয়া জীয়েক ঘৈণীয়েকৰ সৈতে থাকে৷ বয়সীয়াল বাপেক মাকো লগত থাকে৷ অলপতে ঘৰৰ পৰা খবৰ আহিল পুতেকে কম্পিউটাৰৰ ডিপ্লমা ক’ৰ্চ কৰিব গতিকে এইবাৰ ঘৰলৈ বেচিকৈ টকা পঠাব লাগিব৷ লেপটপ কিনাৰ আঁচনি পিছুৱাই এটা ইন্টাৰনেট চাব পৰা ম’বাইলেই কিনিলে৷চি ভি বনোৱাত সহায় কৰি দিয়াত এতিয়া সি নতুন চাকৰিৰ সন্ধানত ব্যস্ত হৈ পৰিছে৷

আমাৰ বিল্ডিংটোৰ কেয়াৰ টেকাৰৰ আফজল যি ইটালিত চাকৰি কৰাৰ সপোন দেখিছিল, ৰমজান মাহৰ আগে আগে বাংলাদেশৰ ঘৰলৈ গ’লগৈ৷আন এজন বাংলাদেশী অলপ বয়সীয়াল ল’ৰাক নিজৰ ঠাইত কামত সোমোৱাই থৈ গ’ল৷ নতুনজনক আফজলে মোৰ সৈতে ভালদৰে চিনাকী কৰি থৈ গৈছিল৷ ৰোগী চাই নথকা দেখিলে মোৰ ওচৰলৈ চুচুক-চামককৈ তেওঁআহি বাংলা ভাষাতে সুখ দুখৰ কথা পাতে৷ এটি কোলাত থকা সন্তানসহ ঘৈণীয়েক চিলেটৰ এখন গাঁৱত থাকে৷ দৰমহাৰে চলিবলৈ নটাৰ কথা মুকলিকৈয়ে মোক জনায়৷ ক্লিনিকৰ আন মানুহৰ ওচৰত বেচ গৌৰবেৰে মোৰ পৰিচয় দিয়া শুনিছোঁ-“আমাৰ নিজা ঠাইৰ মানুহ” !


এই পৃষ্ঠাত মই কেৰেলাৰপৰা অহা দুজন মে’ল নাৰ্চৰ কথা নিলিখিলে নহব৷ Medanta Institute of Liver Transplantation and Regenerative Medicineত কাম কৰাৰ অভিজ্ঞতা থকা এই দুই যুৱকে দিল্লীত কাম কৰি অহাৰ সূত্ৰে সলসলিয়াকৈ হিন্দী কব পাৰে৷ ইয়ালৈ আহি BBI (Bouygues Batiment International) কোম্পানীত জেনেৰেল নাৰ্চৰ কামকৰি ডিচপেন্সেৰীৰ বহি:ৰ্বিভাগত যোৱা চাৰি মাহৰ পৰা কৰ্মৰত৷ উপাৰ্জনৰ ক্ষেত্ৰত এতিয়া অন্তৰ্বিভাগ নথকাত এই নাৰ্চদুজনে কোনো অভাৰ-টাইম ভাট্টাও নাপায়৷ বিদেশৰ ইন্টাৰনেশ্ব’নেল চাকৰিৰ মোহত এজেন্টক পইচা দি কাটাৰ পালেহি৷এতিয়া তেওঁলোকৰ শিক্ষা আৰু প্ৰশিক্ষণৰ অপচয় হব ধৰিছে৷ ইয়াত দুবছৰৰ বাবে কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে৷ মই প্ৰতি শুকুৰবাৰে বি বি আই কোম্পানীৰডিচপেন্সেৰীলৈ ৰোগী চাব যাওঁ আৰু কেম্পত থকা নিবাসীসকলক স্বাস্থ্য শিক্ষা দিওঁ৷ বিদেশত চাকৰি কৰাৰ সম্বন্ধে মোৰ ক’বলগীয়া কথা হ’ল যে এনে সিদ্ধান্ত সদায় ভালদৰে ভাবি চিন্তি লব লাগে৷
আজিলৈ ইমানেই৷ বেবেৰিবাং কি লিখিলোঁ কব নোৱাৰোঁ৷ সিদিনা আৰ্ণেষ্ট হেমিংৱেৰ বাল্যকালৰ কথা পঢ়িছিলোঁ৷ এমাহত লিখিবলগীয়া ৰচনা এখন দুদিনত লিখি জমা দিয়াৰ পৰিণামত কিমান আপচোচ কৰিবলগীয়া হৈছিল৷
ময়ো ৰাতিটোৰ ভিতৰত লিখা কথাখিনিত নিশ্চয়কৈ ভবিষ্যতে উন্নতিৰ থল থাকিব৷

2 thoughts on “কাটাৰৰ ডায়েৰী – ১৬ (ডা০ ভূপেন শইকীয়া)

  • January 21, 2014 at 6:43 am
    Permalink

    “BIGOLITO KARUNA, JANHABI JAMUNA” kitapkhan Tarun Bhaduriye likha nahay…mor Dharanat Sanku Maharaje likha….

    Reply
  • January 21, 2014 at 6:58 am
    Permalink

    Porhi bhal lagil…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!