কাটাৰৰ ডায়েৰী (১৯) (ডা০ ভূপেন্দ্ৰ শইকীয়া)

কাটাৰৰ ডায়েৰী

ডা০ ভূপেন্দ্ৰ শইকীয়া

 

কাটাৰৰ শিক্ষা ব্যৱস্থাঃ

আজিৰ কাটাৰৰ ডায়েৰিৰ যোগেদি বিশ্বৰ আটাইতকৈ চহকী দেশ কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে পাঠকসকলক মই অৱগত কৰিবলৈ প্ৰয়াস কৰিম৷

পোনতেই কাটাৰৰ বিষয়ে দুটিমান কথা জনাই লওঁ৷ কাটাৰ হ’ল এখন সৰু দেশ- যাৰ আয়তন অসমৰ পাঁচ ভাগৰ এভাগ৷ ইয়াৰ বৰ্তমান জনসংখ্যা হ’ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা৷ কিন্তু তাৰে প্ৰায় শতকৰ আশী ভাগেই হ’ল বহিৰাগত৷ আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড’হাত৷ দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ ছেপ্তেম্বৰ, ১৯৭১চনত৷ কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকূলীয় চহৰ দোহকানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আৱিষ্কাৰ হয়৷ দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷ শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হ’বলৈ ধৰিলে৷

কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আঁচনি৷ উদগনি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷ বৰ্তমান দেশখনত আছে ১১৩ খন চৰকাৰী বিদ্যালয়৷ তাৰে ৬০ খন ল’ৰাৰ আৰু ৫৩ খন ছোৱালীৰ৷ ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া মাধ্যমিক শিক্ষা৷ মাধ্যমিক পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি ল’ব লাগে৷ ১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুষ্ঠানৰ শুভাৰম্ভ হয়৷ ১৯৭৩ চনত ড’হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ড’হাত বিশ্বৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷

চৰকাৰী শিক্ষানুষ্ঠানৰ উপৰিও এই দেশত আছে অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুষ্ঠান । আমেৰিকা, ব্ৰিটেইন, ভাৰত, পাকিস্তান, ফিলিপিনি, চুডানী, লেবানিজ আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷ তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷ চৰকাৰে ষ্টেচনাৰী, বিদ্যুত, পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুষ্ঠান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুষ্ঠানত কাটাৰীৰ উপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাচুল নালাগে৷ ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ মাচুল বেচ উচ্চ হাৰৰ৷ স্কুলত খেল-ধেমালি, সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেন্টিন আদিৰ সকলো সুবিধা থাকে৷ প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে৷ বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়৷ তেওঁলোকৰ দা-দৰমহা বেচ ভাল৷ স্কুল ভেদে বেলেগ হলেও আমাৰ ভাৰতীয় একলাখ টকাৰ কম নহয়৷

আমাৰ দেশৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ ল’ৰা-ছোৱালীক চি.বি.এচ.ই.ৰ অধীনত থকা ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়ুৱায়৷ ইয়াৰ ভিতৰত প্ৰমুখ হ’ল – ড’হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল, এম.ই.এচ. ইণ্ডিয়ান স্কুল, ডি.পি.এচ. ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল৷

কিছুমান উল্লেখযোগ্য অনুষ্ঠানৰ নাম হ’ল-কেমব্ৰিজ স্কুল, ড’হা ইংলিছ স্পিকিং স্কুল, ড’হা কলেজ: এই তিনিও খনত ব্ৰিটিছ কেৰিকুলাম চলে৷ আমেৰিকান স্কুল অৱ ড’হাত চলে আমেৰিকাৰ কেৰিকুলাম৷ এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব৷ ১৯৯৫ চনত চৰকাৰী সাহাৰ্যৰে কাটাৰ ফাউণ্ডেচন অৱ এডুকেশ্বন,চাইন্স এণ্ড কমিউনিটি ডেভেলপমেন্ট নামৰ এটি সংস্থা গঢ় লৈ উঠে৷ কাটাৰ ফাউণ্ডেচনৰ তিনিটা লক্ষ্য হ’ল- শিক্ষা,বিজ্ঞান আৰু গবেষণাৰ দিশত অৰিহণা যোগোৱা৷ কাটাৰ এডুকেশ্বন চিটিৰ বিশাল পৰিসৰৰ কেম্পাচত আমেৰিকা, কানাডা, ফ্ৰান্সকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ  কমেও ৮ খন বিশ্ববিদ্যালয়ে নিজৰ শাখা ড’হাত মুকলি কৰিছে৷ তাৰ ভিতৰত উল্লেখযোগ্য হ’ল-ভাৰ্জিনিয়া কমনৱেলথ ইউনিভাৰ্চিটি(১৯৯৮), ৱেল মেডিকেল কলেজ(২০০২), টেস্কাচ এ.এম ইউনিভাৰ্চিটি(২০০৩), কাৰ্ণেজি মেলন ইউনিভাৰ্চিটি(২০০৪), জৰ্জ টাউন ইউনিভাৰ্চিটি অৱ ফৰেইন চাৰ্ভিচেজ (২০০৫), নৰ্থ ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি(২০০৮), এইচ.ই.চি., পেৰিচ (২০১১), ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডন(২০১১), ষ্টেনডেন ইউনিভাৰ্চিটি, কলেজ অৱ নৰ্থ আটলান্টিক আদি৷ সাংবাদিকতা, ডিজাইন, মিউজিয়াম, পুৰাতত্ব আৰু নানা বিষয়ৰ শিক্ষা এই বিশ্ববিদ্যালয়সমূহে দিয়ে৷ ইয়াৰ উপৰিও চৰকাৰে নিজা খৰচত উপযুক্ত কাটাৰী ছাত্ৰক বিদেশত বিভিন্ন বিষয়ত উচ্চ শিক্ষা ল’বলৈ পঠিয়ায়৷

কাটাৰ ইউনিভাৰ্চিটি দৰ্শনৰ কথা যোৱাবাৰৰ ডায়েৰীত লিখিছিলোঁ৷ আজি তাৰ বিষয়ে আপোনালোকক কিছু কথা জনাওঁ৷ বিশ্ববিদ্যালয়খন ১৯৭৩ চনত ৫৭জন ছাত্ৰ আৰু ৯৩ জনী ছাত্ৰীক লৈ শুভাৰম্ভ হয়৷ ৩বছৰ পিছত ২৬০০ জন শিক্ষাৰ্থীৰে ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ হয়৷ আজি বিশ্ববিদ্যালয়খনত থকা আন বিষয়সমূহ হ’ল -কলা, বিজ্ঞান, আইন, শিক্ষা, বাণিজ্য, অৰ্থনীতি, ইচলামিক ষ্টাডি আৰু ফাৰ্মাচী৷ ২০০৬ চনত ফাৰ্মাচীৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হৈছে৷ বিশ্ববিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা ৮০০০ ৰ অধিক৷ আমোদজনক কথা ইয়াৰে ৭৩ শতাংশই হ’ল মহিলা৷ ইংৰাজী আৰু আৰবী দুয়োটা ভাষাতে পাঠদান কৰা হয়৷ বিশ্ববিদ্যালয়ৰ পৰিবেশ অতিকে মোহনীয়৷ (লিখনিৰ লগৰ ছবিয়েই সবিশেষ ক’ব৷)

দেশখনৰ সকলো শিক্ষানুষ্ঠানৰ গতিবিধি নিয়ন্ত্ৰণ কৰে চুপ্ৰিম কাউঞ্চিল অৱ এডুকেশ্বনে৷

ইউনেস্কোৰ তথ্যমতে কাটাৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৯০ শতাংশৰ বিপৰীতে মহিলাৰ ৯৮ শতাংশ৷

ডায়েৰি সামৰি আজিলৈ আহোঁ৷ মোৰ ডায়েৰি পঢ়ি ভাল পোৱা আৰু নিৰন্তৰ উদগনি যোগোৱা পাঠকসকলক ধন্যবাদ জনাই পুনৰাই এই শিতানত আপোনাসবক লগ পোৱাৰ আশাৰে বিদায় ললোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!