কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে দুআষাৰ (ডা০ ভূপেন শইকীয়া)

আজিৰ কাটাৰৰ ডায়েৰীৰ যোগেদি বিশ্বৰ আটাইতকৈ চহকী দেশ কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে পাঠকসকলক মই অৱগত কৰিবলৈ প্ৰয়াস কৰিম।
পোনতেই কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰাৰ আগতে দুটিমান আগকথা জনাই লওঁ। কাটাৰ হ’ল এখন সৰু দেশ – যাৰ আয়তন অসমৰ তুলনাত ৬ভাগৰ এভাগতকৈয়ো কম। সঠিক হিচাবটো হ’ল – অসমৰ মাটিকালি হ’ল ৭৮,৫৫০ বৰ্গ কিলোমিটাৰ আৰু কাটাৰৰ হ’ল ১১,৫৭১ বৰ্গ কিলোমিটাৰ। অৰ্থাৎ আমাৰ অসম প্ৰদেশখন কাটাৰ দেশখনতকৈ চাৰে ছয় গুণত কৈয়ো বৃহৎ আয়তনৰ। শেহতীয়া জনগণনা অনুসৰি ইয়াৰ বৰ্তমান জনসংখ্যা হ’ল ১৯,০৩,৪৪৭, তাৰে ১৪ লাখ পুৰুষ আৰু ৫ লাখ মহিলা। কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ’ল বহিৰাগত। কাটাৰীলোকৰ মুঠ জনসংখ্যা ২,৭৮,০০০ৰ বিপৰীতে আন আন দেশৰ লোকৰ সংখ্যা এনে ধৰণৰ : ভাৰতীয় – ৫,৪৫,০০০; নেপালী – ৩,৪১,০০০; ফিলিপিনো ১,৪৮,০০০; বাংলাদেশী ১,৩৭,০০০; শ্ৰীলংকান -১লাখ; পাকিস্তানী-৯০,০০০। বিশ্বৰ অন্যান্য দেশৰ লোকৰ সংখ্যা হাজাৰৰ পৰা শৰ ভিতৰত সীমিত। আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ডোহাত। দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত। কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আবিষ্কাৰ হয়। দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে। উল্লেখযোগ্য যে শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হ’বলৈ ধৰিলে।

কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত। ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আঁচনি। উদগণিস্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰ সহ এটি মাহেকীয়া মাননি দিয়া হৈছিল। বৰ্তমান দেশখনত আছে প্ৰায় ১২০ খন চৰকাৰী বিদ্যালয়। তাৰে ৬০ খন ল’ৰাৰ আৰু সমসংখ্যক হ’ল ছোৱালীৰ।
ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ। তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া ছেকেণ্ডাৰী শিক্ষা। ছেকেণ্ডাৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি ল’ব লাগে। ১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুষ্ঠানৰ শুভাৰম্ভ হয়। ১৯৭৩ চনত ডোহাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়। যোৱা দুই দশকৰ ভিতৰত ডোহাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে।
চৰকাৰী শিক্ষানুষ্ঠানৰ উপৰি আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুষ্ঠান। আমেৰিকা, ব্ৰিটেইন, ভাৰত, ফিলিপিনি, চুডানী, লেবানিজ, বাংলাদেশী, পাকিস্তানী, ফিলিপিনো আদিৰ দ্বাৰা এইবিলাক স্থাপিত। তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে। চৰকাৰে ষ্টেচনাৰী, বিদ্যুত, পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক সহায় কৰে। চৰকাৰী শিক্ষানুষ্ঠানত কাটাৰীৰ ওপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে। ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ। অৱশ্যে স্কুলসমূহত খেল-ধেমালি, সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিং পুল, কেণ্টিন আদিৰ উন্নতমানৰ সকলো সা-সুবিধা থাকে। প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে। শিক্ষকসকলৰ দা-দৰমহা বেচ ভাল। স্কুলভেদে দৰমহাৰ কিছু তাৰতম্য হ’লেও আমাৰ ভাৰতীয় এক লাখ টকাৰ কম নহয়। এইখিনিতে পাঠকৰ জ্ঞাতাৰ্থে কওঁ যে কাটাৰত শিক্ষা বিভাগত মই জনাত পাঁচ গৰাকী অসমীয়া বৰ্তমান কৰ্মৰত। কেউ গৰাকীয়েই মহিলা। তাৰে দুগৰাকী হাইস্কুল পৰ্যায়ত, দুগৰাকী নাৰ্চাৰী স্কুলত আৰু আন এগৰাকী কাটাৰ বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন।
আমাৰ দেশৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলৰ প্ৰায়ভাগেই নিজৰ ল’ৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়ুৱায়। ইয়াৰ ভিতৰত প্ৰমুখ হ’ল – ডোহা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল, ভাৱন পাব্লিক স্কুল, এম ই এচ ইণ্ডিয়ান স্কুল, ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল, শান্তি নিকেতন ইণ্ডিয়ান স্কুল, অল খোৰ ইণ্ডিয়ান স্কুল। এই স্কুলসমূহত পাঠ্যক্ৰমৰ উপৰি শিশুৰ সৰ্বাংগীন বিকাশত গুৰুত্ব দিয়া হয়। ভাল লাইব্ৰেৰী, কম্পিউটাৰ লেব, আৰ্ট আৰু সংগীত প্ৰশিক্ষণ, বিদেশী ভাষা শিক্ষাৰ সুবিধা প্ৰায়বিলাক স্কুলতে আছে। ছাত্ৰ আৰু শিক্ষকৰ হাৰ হ’ল – ১:৪০। এই ভাৰতীয় স্কুলসমূহত বুজন সংখ্যক কাটাৰী আৰু আন আন দেশৰ (যেনে ফিলিপাইন্স, চোমলিয়া, পাকি্স্তান, জৰ্ডাণ, মালেয়চিয়া, ইজিপ্ত, নেপাল, বাংলাদেশ) ল’ৰা-ছোৱালীয়েও শিক্ষা গ্ৰহণ কৰে। শেহতীয়াকৈ আন এখন ভাৰতীয় স্কুল “ৰাজগিৰি ডোহা পাব্লিক স্কুলে” এই বছৰৰ পৰা পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমোদন চুপ্ৰিম এডুকেশ্বনেল কাউঞ্চিলৰ পৰা লাভ কৰিছে। উল্লেখযোগ্য যে কাটাৰত নতুন শিক্ষাবৰ্ষ চেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হয়।
আন কিছুমান উল্লেখযোগ্য অনুষ্ঠানৰ নাম হ’ল – কেমব্ৰিজ স্কুল, ডোহা ইংলিছ স্পিকিং স্কুল, ডোহা কলেজ : এই তিনিওখনত ব্ৰিটিছ কেৰিকুলাম চলে। আমেৰিকান স্কুল অৱ ডোহাত চলে আমেৰিকাৰ কেৰিকুলাম। থুলমূলকৈ ক’বলৈ হ’লে কাটাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত চলে আমেৰিকান, ব্ৰিটিছ, ফ্ৰান্স আৰু ভাৰতীয় চি বি এচ ইৰ কেৰিকুলাম। শিক্ষাদানত আৰবী ভাষাৰ ওপৰিও ইংৰাজীত সমানে গুৰুত্ব দিয়া হয়।
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব, ১৯৯৫ চনত চৰকাৰী সাহাৰ্য্যৰে কাটাৰ ফাউণ্ডেচন অৱ এডুকেশ্বন, চাইন্স এণ্ড কমিউনিটি ডেভেলপমেন্ট নামৰ এটি সংস্থা গঢ় লৈ উঠে। এই কাটাৰ ফাউণ্ডেচনৰ তিনিটা লক্ষ্য হ’ল-শিক্ষা, বিজ্ঞান আৰু গবেষণাৰ দিশত অৰিহণা যোগোৱা। কাটাৰ এডুকেশ্বন চিটিৰ বিশাল পৰিসৰৰ কেম্পাচত আমেৰিকা, কানাডা, ফ্ৰান্সকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ কমেও ৮খন বিশ্ববিদ্যালয়ে নিজৰ শাখা ডোহাত মুকলি কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল – ভাৰ্জিনিয়া কমনৱেল্থ ইউনিভাৰ্চিটি (১৯৯৮), ৱেল মেডিকেল কলেজ (২০০২), টেস্কাচ এ এম ইউনিভাৰ্চিটি (২০০৩), কাৰ্ণেজি মেলন ইউনিভাৰ্চিটি (২০০৪), জৰ্জ টাউন ইউনিভাৰ্চিটি অৱ ফৰেইন চাৰ্ভিচেজ(২০০৫), নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি (২০০৮), এইচ ই চি পেৰিচ (২০১১), ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডন (২০১১) , ষ্টেনডেন ইউনিভাৰ্চিটি, কলেজ অৱ নৰ্থ আটলান্টিক আদি।

 

সাংবাদিকতা, ডিজাইন, মিউজিয়াম, পুৰাতত্ব আৰু নানা বিষয়ৰ শিক্ষা এই বিশ্ববিদ্যালয়সমূহে দিয়ে। ইয়াৰ উপৰি চৰকাৰে নিজা খৰচত উপযুক্ত কাটাৰী ছাত্ৰক বিদেশত বিভিন্ন বিষয়ত উচ্চ শিক্ষা লবলৈ পঠিযায়।
কাটাৰ ইউনিভাৰ্চিটি দৰ্শনৰ কথা আগৰ ডায়েৰীৰ যোগেদি পাঠকসকলক অৱগত কৰাইছিলোঁ। আজি তাৰ বিষয়ে আপোনালোকক কিছু কথা জনাওঁ। বিশ্ববিদ্যালয়খন ১৯৭৩ চনত ৫৭জন ছাত্ৰ আৰু ৯৩জনী ছাত্ৰী লৈ শুভাৰম্ভ হয়। ৩ বছৰ পিছত ২৬০০জন শিক্ষাৰ্থীৰে ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ হয়। আজি বিশ্ববিদ্যালয়খনত থকা আন বিষয়সমূহ হ’ল – ক’লা, বিজ্ঞান,আইন, শিক্ষা, বাণিজ্য, অৰ্থনীতি, ইচলামিক ষ্টাডি আৰু ফাৰ্মাচী। ২০০৬ চনত ফাৰ্মাচীৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হৈছে। বিশ্ববিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা ৮০০০ৰ অধিক। আমোদজনক কথা ইয়াৰে ৭৩ শতাংশই হ’ল মহিলা। বিশ্ববিদ্যালয়ত ইংৰাজী আৰু আৰবী দুয়োটা ভাষাতে পাঠদান কৰা হয়। গছ-গছনি আৰু অনেক ফুলনিৰে জাতিষ্কাৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ অতিকৈ মোহনীয়। বিশ্ববিদ্যালয়ৰ গাড়ী পাৰ্কিঙৰ পৰিসৰ বৃহৎ আকাৰৰ, কিয়নো ছাত্ৰ আৰু শিক্ষক প্ৰায়সকলৰেই আছে একোখনকৈ চাৰিচকীয়া বাহন।
দেশখনৰ সকলো শিক্ষানুষ্ঠানৰ গতিবিধি ঘাইকৈ নিয়ন্ত্ৰণ কৰে চুপ্ৰিম কাউঞ্চিল অৱ এডুকেশ্বনে। ইয়াক স্থাপন কৰা হয় ২০০২ চনত। নাৰ্চাৰীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে প্ৰতিষ্ঠানসমূহৰ সকলো গতিবিধি ই নিয়ন্ত্ৰণ কৰে। প্ৰত্যেকখন অনুষ্ঠানৰ ফোন নম্বৰ, ই-মেইল, ৱেবছাইট চুপ্ৰিম কাউঞ্চিল অৱ এডুকেশ্বনৰ নখ-দৰ্পণত। ইয়াৰ উপৰি আছে শিক্ষা বিভাগৰ নানানটা তত্বাবধানৰ দায়িত্বত মিনিষ্ট্ৰি অৱ এডুকেশ্বন। এই মন্ত্ৰালয়ে সকলো ট্ৰেইনিং চেন্টাৰ, কিণ্ডাৰগাৰ্ডেনৰ গতিবিধিৰ ওপৰত চকু দিয়ে। মন্ত্ৰালয়ে চায় অনুষ্ঠানত বিজুলী আৰু পানীৰ যোগান আৰু আন আন লাগতিয়াল সা-সুবিধা পৰ্যাপ্ত পৰিমানৰ আছে নে নাই।
ইউনেস্কোৰ তথ্যমতে কাটাৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৯০ শতাংশৰ বিপৰীতে মহিলাৰ ৯৮ শতাংশ।
সাহিত্য ডট অৰ্গৰ সম্পাদকৰ অনুৰোধমৰ্মে দুবছৰ আগৰ এই লিখনি প্ৰয়োজনীয় সংশোধনসহ আগ্ৰহী পাঠকসকলৰ বাবে পুনৰাই আগবঢ়ালোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!