কাঠফুলাৰ সংৰক্ষণ আৰু ব্যঞ্জন প্ৰস্তুত পদ্ধতি (ৰুদ্র নাৰায়ণ বৰকাকতি)

 

 

 

 

 

 

 

 

অধিক মাত্ৰাত প্ৰটিন যুক্ত আৰু নানা ওষধি গুণ বিশিষ্ট কাঠফুলাৰ জীৱনকাল অতি চুটি৷ সতেজ কাঠফুলাত যথেষ্ট পানী থাকে ৷ পুষ্টিতত্ব সম্পূৰ্ণকৈ পাবলৈ হ’লে, চপোওৱাৰ লগে লগে ইয়াক ব্যৱহাৰ কৰিব লাগে৷ অন্যথা সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ কাঠফুলাৰ সংৰক্ষণ দুই ধৰণৰ হ’ব পাৰে৷

 

(ক) কমদিনিয়া সংৰক্ষণঃ- শীতকালত কাগজৰ ঠোঙাত কাঠফুলা ভৰাই তিনিদিনলৈকে সংৰক্ষণ কৰিব পাৰি৷ অৱশ্যে গৰমকালি এনেদৰে ১২ ঘন্টা মানলৈকেহে সংৰক্ষণ কৰিব পাৰি৷ ৰেফ্ৰিজাৰেটৰত সতেজ কাঠফুলাক প্ৰায় এপষেক পৰ্যন্ত সংৰক্ষণ কৰিব পাৰি৷ ইয়াৰোপৰি, প্ৰতি লিটাৰ পানীত ১০০- ১৫০ গ্ৰাম নিমখ মিহলাই, এনে দ্ৰৱনত কাঠফুলা ডুবাই ৰাখি এসপ্তাহ পৰ্যন্ত সংৰক্ষণ কৰিব পাৰি৷

(খ) দীৰ্ঘদিনিয়া সংৰক্ষণঃ- কাঠফুলাৰ ঠাৰি কাটি টান ৰ’দত ২-৩ দিন শুকুৱাই মচমচিয়া কৰি ১০০ গজ পলিথিনৰ বেগত ২৫-৫০ গ্ৰামকৈ ভৰাই বায়ুৰুদ্ধকৈ বান্ধি ৫-৬ মাহলৈকে সংৰক্ষণ কৰিব পাৰি৷ অৱশ্যে, শুকুবা যন্ত্ৰ থাকিলে, বতৰলৈ অপেক্ষা নকৰি ৬ – ৮ ঘন্টাৰ ভিতৰত শুকুৱাব পাৰি৷ কাঠফুলাক ৮০- ৮৫ ডিগ্ৰী ছেন্টগ্ৰেড উষ্ণতাৰ পানীত ১.৫ – ২ মিনিট সময় জুবুৰিয়াই, টোপোলা খুলি এখন চালনিত মেলি ৰ’দত বা ড্ৰয়াৰত দি শুকুওৱাব লাগে, এই পদ্ধতিক ব্লেঞ্চিং বোলা হয়৷

কাঠফুলাৰে তৈয়াৰী খাদ্যঃ-

 

(১) কাঠফুলাৰ আঞ্জাঃ কাঠফুলা ২০০ গ্ৰাম, হালধী আধা চামুচ, পিঁয়াজ দুটা, জিৰা আধা চামুচ, নহৰু ৬ কোহ, দৈ বা গাখীৰ ১ কাপ, আদা এডোখৰ, ঘিউ এচামুচ, দুটা ডাঙৰ বিলাহী, জলকীয়া আৰু নিমখ আন্দাজমতে৷

কাঠফুলা আৰু বিলাহীখিনি ভালকৈ পৰিষ্কাৰ কৰি টুকুৰা কৰিব৷ পিঁয়াজ কাটিব, নহৰু আৰু আদা বটি ল’ব৷ ঘিউখিনি গৰম কৰি তাত জিৰাখিনি দি ভালদৰে ফুটিবলৈ দিব৷ বিলাহীখিনি দি কম জুইত সিঁজিবলৈ দিয়ক৷ দৈ বা গাখীৰখিনি মিহলাওক৷ অলপ ভাঁজি লোৱা কাঠফুলা দি কম জুইত ৰান্ধি গৰমে গৰমে পৰিবেশন কৰক৷

 

(২) কাঠফুলা পকোৰাঃ ঠাৰিবিহীন কাঠফুলা ২৫০ গ্ৰাম, কনী দুটা, বেচন ১০০ গ্ৰাম, বেকিং পাউডাৰ এচামুচ, নিমখ আৰু ৰঙা জলকীয়াৰ গুড়ি আন্দাজ মতে, পাওৰুটি এটা আৰু তেল প্ৰয়োজন অনুসৰি৷ কনী দুটা ভাজি তাত বেচন, বেকিং পাউডাৰ, জলকীয়াৰ গুড়ি মিহলাই ঘোল তৈয়াৰ কৰক৷ প্ৰয়োজনত পানী মিহলাওক৷ কাঠফুলা ঘোলত মিহলাই পাওৰুটিত পকাই লৈ গৰম তেলত বাদামী ৰঙৰ হোৱাকৈ ভাজক আৰু গৰমে গৰমে পৰিবেশন কৰক৷

 

কাঠফুলা ভোজীয়ে মন দিব লগীয়া কেইটামান কথাঃ-

 

বৈজ্ঞানিক পদ্ধতিৰে অনুমোদিত কাঠফুলাহে ভক্ষণ কৰিব লাগে৷ অভিজ্ঞ ব্যক্তিয়ে বাচি দিয়া প্ৰাকৃতিক কাঠফুলাহে ভক্ষণ কৰা উচিত৷ কাঠফুলাৰ লগত মদ্যপান কৰা অনুচিত ৷ লগতে এটা কথা মন কৰিব যে,- ৰঙালাও আৰু উৰহীৰ লগত কাঠফুলা খালে অজীৰ্ণ হৈ বিষক্ৰিয়া হ’ব পাৰে৷

***********************

(পতংগতত্ব বিশেষজ্ঞ, কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট, অসম কৃষি বিশ্ববিদ্যালয়)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!