“কাশ্মীৰ পাৰ্বতী পৰোক্ষ তত স্বামী শ মহেশ্বৰা’’-—ৰুমী বৰা

কাশ্মীৰখন সাইলাখ পাৰ্বতীৰ দৰেই অপৰূপা – যি সুন্দৰতাৰ গৰাকী পৰমেশ্বৰ শিৱ।ভাৰতৰ পৌৰাণিক তীৰ্থস্থানসমূহৰ ভিতৰত কাশ্মীৰো অন্যতম। প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ।আদ্যা শক্তি পাৰ্বতীৰ লগতে ব্রহ্মা, বিষ্ণু, মহেশ্বৰৰো ই স্থায়ী নিৱাস আছিল। প্রচলিত প্রবাদ মতে কাশ্মীৰৰ সৰ্বত্রত হিন্দুদেৱদেৱীৰ প্রভাৱ চিৰ বিদ্যমান।কাশ্মীৰত ৪৫ খন শিৱ ধাম,৬০ খন বিষ্ণু ধাম,৩খন ব্রহ্মাধাম,২২ খন শক্তি ধামআৰু ৭০০ নাগধাম এসময়ত আছিল।অমৰনাথ –তাৰে ভিতৰত এক উল্লেখযোগ্য তীৰ্থ। সমুদ্রপৃষ্ঠৰ পৰা ১২,৭২৯ ফুট উচ্চতাত অৱস্থিত।শু কুলা তুষাৰৰ কাঁচলিৰ আৰত সুউচ্চ পৰ্বতৰ মধ্যস্থলত এই অমৰনাথ গুহা। স্বয়ং প্রকট হোৱা শিৱলিঙ্গৰ সৈতেও অনক ধৰ্মীয় কথা বান্ধ খাই আছে। দূৰদূৰণিলৈকে শুভ্র তুষাৰৰ বাহিৰে আন একো দেখা নোপোৱা এনে ঠাইত শিৱ মন্দিৰৰ অবস্থিতি সঁচায়ে আশ্বৰ্যকৰ। গুহাৰ ভিতৰত প্রাকৃতিক হীমকণাৰে বিৰাজমান শিৱৰ ৰূপ অতিকে মোহনীয়। ভাৰতৰ ৫১খন শক্তি পীঠৰ ভিতৰত অন্যতম শক্তিপীঠো৷ অমৰনাথ ভগৱানৰ কাষত বিদ্যমান-যি ঠাইত সতীৰ কণ্ঠৰ খণ্ডিত অংশ পৰিছিল বুলি লোকবিশ্বাস আছে।
Amarnath
শ্রী অমৰনাথ গুহাৰ নিচেই তলত অমৰগঙ্গা বৈ আছে।যাত্রীসকলে তাত স্নান কৰিহে শিৱ দৰ্শনলৈ যায়। গুহাৰ ভিতৰ খণ্ডতো শীতৰ প্রকোপ লক্ষণীয়ভাৱে কম। মনকৰিবলগীয়া যে গুহাত বিচৰণ কৰা পাৰ চৰাইবোৰ হেনো শিৱ পাৰ্বতীৰ সৃস্টিৰ অমৰকথাৰ সাক্ষী। পাৰ চৰাইৰ দৰ্শন শুভ ফলপ্রদায়ক।এই ঠাইত অদ্ভুত সাত্ত্বিকতা আৰু শান্তি বিৰাজমান।
লোকালয়ৰ পৰা দূৰৈত শিৱই পাৰ্বতীক অমৰতত্ত্বৰ কাহিনী শুনাবলৈ অনা এই গুহাটোত প্রথম শিৱই কালাগ্নিৰ সৃস্টি কৰি সমস্ত কীট পতঙ্গকে আদি ধ্বংস কৰি লৈছিল আৰু সৃষ্টিৰ গুঢ় তত্ত্ব পাৰ্বতীৰ আগত ব্যক্ত কৰিছিল।পিছে পাৰ্বতীৰ নিদ্রা অহাত সমস্ত তত্ত্বকথা নুশুনিলে; শুনিলে শিৱৰ আসনৰ তলত থকা এযোৰ পাৰ চৰাইৰ কনীয়ে। যাৰ ফলত যুগ যুগ ধৰি পাৰ হালি অমৰ হ’ল। এয়া সামান্য মানুহৰ ধৰ্মীয় বিশ্বাসৰ ফল। উল্লেখযোগ্য যে শিৱৰ এই অমৰ কাহিনীৰ সাক্ষী অমনাথ গুহাৰ আৱিষ্কাৰক আছিল- বুটাসিং মালিক নামৰ এজন গুজ্জৰ ভেৰাৰখীয়া। অমৰ নাথ চাইন বৰ্ডৰ বৰঙনিৰ ধন কিছু দিনৰ আগলৈকে তেঁওৰ বংশ পৰিয়ালে লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!