কাষ্টমাৰ (দীপজ্যোতি গগৈ)

“কাষ্টমাৰজন চোন এতিয়াও নাহিল“, , ঘড়ীটোলৈ দৃষ্টি নিক্ষেপ কৰি ৰাগিণীয়ে নিজকে কৈ উঠিল৷ তাই পুনৰ এবাৰ আইনাখনৰ আগত থিয় হৈ পাৰফিউম অলপ গাত মাৰি ল’লে৷ ৰজনীগন্ধাৰ সুবাসেৰে মুহূৰ্ততে ৰূমতো আমোলমোলাই উঠিল৷ আইনাত নিজৰ প্ৰতিৰূপটোলৈ চাই তাই তন্ময় হৈ ৰ’ল, ‘ধুনীয়া লাগিছে তোক, নিজকে তাই কৈ উঠিল৷

ম’বাইলটো উলিয়াই তাই কাষ্টমাৰজনলৈ ফোন কৰিলে, , ’আপুনি ডায়েল কৰা ব্যক্তিজন বৰ্তমান সংযোগ সীমাৰ বাহিৰত আছে’, , কম্পিটাৰৰ ছোৱালীজনিৰ স্বৰতো ভাহি আহিল৷ মুহূৰ্ততে তাইৰ মুখত বিৰক্তিৰ ভাব এটা ফুটি উঠিল, টেবুলৰ ড্ৰয়াৰৰপৰা চিগাৰেটৰ পেকেটতো উলিয়াই তাই চিগাৰেট এটা ওঁঠত লৈ জ্বলাই ল’লে৷ খিৰিকীখন মেলি ধোঁৱাবোৰ তাই বাহিৰলৈ এৰি দিলে, বৰষুণৰ টোপাল কিছুমান উফৰি আহি তাইৰ গালত পৰিল৷
“দামটো অলপ কমাব নোৱাৰিব নেকি? আচলতে আপোনাৰ লগত দৰদাম কৰিবলৈ মোৰ ভাল লগা নাই, হ’লেও যদি পাৰে অলপ ডিচকাউণ্ট দিব“, , কাষ্টমাৰজনে ফোনত কৈ উঠিছিল৷
“হ’ব আপুনি প্ৰথমে আহকচোন, ফোনত টকা-পইচাৰ কথা পাতি মই বেয়া পাওঁ“, , তাই কৈ উঠিছিল৷
কাষ্টমাৰজনে বাৰু দামটো ভাল নেপালে নেকি! যোৱা কালি ফোনত পতা কথাবোৰ তাইৰ মনলৈ আহিল৷ ফোনত আজিকালি বহুতেই মিছা কথা কয়, আগতেও বহু কেইজন কাষ্টমাৰে ফোনত কথা দিও পিছত অহা নাছিল, তাইৰ সময়বোৰ অবাবত খৰচ হৈছিল৷ তাইৰ নামতো পৰিচিত হোৱাৰপৰা বহুতে তাইৰ লগত ফোনতে কথা পাতি তাইৰ ঘৰলৈ আহে, চহৰৰ উপকণ্ঠত অৱস্থিত তাইৰ ঘৰটো বিচাৰিবলৈ সিমান অসুবিধাও নহয়৷
“টিং টং, , , কলিংবেলৰ শব্দত তাইৰ তন্ময়তা ভাগিল৷ দুৱাৰখন খুলি তাই আগন্তুকজনলৈ দৃষ্টি নিক্ষেপ কৰি কৈ উঠিল, “আহক ভিতৰলৈ৷”
“ট্ৰেফিক জামত ফচি আছিলো, বৰষুণৰ বাবে ৰাস্তাত বহুত জাম আজি“,ভিজি থকা চুলিখিনি ৰুমালেৰে মচি তেওঁ কৈ উঠিল৷
ৰাগিণীয়ে ভিতৰৰ ৰূমৰপৰা টাৱেল এখন আনি তেওঁলৈ আগবঢ়াই দিলে৷ টাৱেলখন লৈ তেওঁ সৌজন্যমূলক হাঁহি এটা মাৰিলে৷
“আপোনাৰ কথা মোক প্ৰফেচাৰ চৌধুৰীয়ে কৈছিল, তেঁৱে মোক আপোনাৰ ঠিকনা আৰু ফোন নম্বৰটো দিছিল, কাষ্টমাৰজনে টাৱেলখন তাইৰ হাতত দি কৈ উঠিল৷
“এইটো ৰূমলৈ আহক” ৰাগিণীৰ পিছে পিছে আগন্তুকজন ভিতৰলৈ সোমাই গ’ল৷
“এইখনৰ কথায়ে চৌধুৰীয়ে মোক কৈছিল” ৰূমত সজাই থোৱা বৃহৎ পেইণ্টিংখনলৈ চাই আগন্তুকজনে উৎসাহত চিঞৰি উঠিল৷
“আপোনাৰ ক্ৰিয়েটিভিটি দেখি মই তবধ মানিছো৷ পেইণ্টিংখন মই পৰিবাৰক উপহাৰ দিম৷ আপোনাক চেক্ দিলেওঁ হ’ব নহয়?”
“হ’ব, , ন’ প্ৰব্লেম!”
ৰাগিণীৰ মুখত আত্মসন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!