কাৰণ – অভিজিত দত্ত

হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পৰত সি হয়তো ঘৈণীয়েকৰ লগত আড্ডা মাৰি আছিল। বিয়া হোৱা আজি সিহতৰ দুবছৰ হল। প্ৰেম বিবাহ হৈছিল সিহতৰ। ঘৰৰ সন্মতি অবিহনে সিহঁত বিয়াত বহিছিল। ফলশ্ৰুতিত সিহত দুয়োটাকে ঘৰৰ মানুহে এৰিলে।

এতিয়া নিশা আঠ বাজিল। টেলিভিছনটো চলি আছে। সিহত দুয়োটাই টেলিভিছনৰ পৰ্দাত কিছুপৰ আগতে চকু দিয়া বাদ দিছে। দুয়োটাই সিহত হালৰ কথা পাতিছে। সি কিমান ঘূৰি পকি সিহঁত দুটাক বিচাৰি উলিয়াইছে, সেই কথা সি তাইক বিতংকৈ বাখ্যা কৰিছে। সিহত দুটাৰ সমগোত্ৰীয় কেইটা যেন হঠাৎ তাইৰ মনলৈ উৰা মাৰি আহিছে। সিহতৰ লেখিয়া এসোপাই যেন তাইৰ গাওঁৰ ঘৰৰ চোতালখনত পৰি অলপ খোৱাবস্তুৰ বাবে সিহঁতক কুটুৰি আছে।

গৰ্ভৱতী মায়াৰ মনটো যেন হঠাৎ মোচৰ খাই উঠিল। নগেনক তাই লাহেকৈ কলে,

“হেৰি নহলে ইহঁত দুয়োটাক ৰাখি থও দিয়া। কিবা মাৰিবলৈচোন বেয়াই লাগে অ।”

“হাৰে তুমি মাৰিবা নে মই মাৰিম? এইচব কথা বাদ দিয়া।

“নহয় অ। নালাগে দিয়া নহলে। কিনো পাম তাহাতক মাৰি? যিহে দেহা সিহতহালৰ!”

নগেনে কিবা এটা ভাবিলে। কথাটো মায়াই ঠিকেই কৈছে। তাতে তাই গৰ্ভৱতী। তাইৰ কথাটো গুৰুত্ব দিয়া ভাল হব বুলি সি ভাবিলে।

সি অলপ সময়ৰ বাবে কিবা এটা ভাবিলে। মায়াক লাহেকৈ কলে,

“কোৱাচোন, তুমি সিদ্ধান্তটো কিয় সলনি কৰিলা? প্ৰপজেলটো তুমিয়েই দিছিলা।”

মালৈ মনত পৰিল হঠাতে। ইহতবোৰৰ দৰে পোৱালিকেইটাই মাৰ হাতখনতেই খায়। মাই হাতখন আগবঢ়াই দিয়ে। সিহতে যেন হাতখন চুচিমাজি হে খাব! কি আনন্দ সিহতৰ?” কথাৰ শেষলৈ মায়াৰ মাতটো থোকাথুকি হৈ পৰিল।

নগেনৰো মনটো বেয়া লাগি গল। আজি ছমাহ মান আগতে মায়াই মাকক হেৰুৱাইছে‌। সিহতে মায়াহঁতৰ ঘৰলৈ চুচুক-চামাককৈ গৈছিল। পিছে মায়াহঁতৰ ঘৰখনে সিহঁতক সিমানখিনি গুৰুত্বও নিদিলে, যিখিনি গুৰুত্ব মায়াই হিয়া ঢাকুৰি কান্দিবলৈ আৱশ্যক আছিল।

“হব দিয়া, মায়া। কালিলৈ কিবা এটা সৰুকৈ হলেও ইহতৰ বাবে থকাৰ ব্যৱস্থা কৰিব লাগিব।”

মায়াৰ চকুহাল উজ্জ্বল হৈ উঠিল। লাহেকৈ এটা হাঁহি মাৰি নগেনে সিহতহালক চাবলৈ পিছফালৰ পিৰালি পালেগৈ।

নগেনে দৃশ্যটো দেখি চক খাই উঠিল। চুবুৰীটোৰ নোদোকা বোন্দাটোৱে সিহঁতৰ মৃত শৰীৰ ভক্ষণ কৰাত লাগিছে। সিহতৰ দুই এডাল পাখি সিচৰিত হৈ পৰি আছে।

নগেনৰ হঠাৎ মনটো বেদনাত কোঙা হৈ পৰিল। ভিতৰলৈ গৈ বোন্দাটোৱে কুমলীয়া পাৰহাল খোৱা কথাটো মায়াক কবলৈ তাৰ সত নগল।

**

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!