কিছুমান অসমীয়া প্ৰবাদ-বাক্য আৰু ফকৰা-যোজনা

কিছুমান অসমীয়া প্ৰবাদ-বাক্য আৰু ফকৰা-যোজনা ভিন্নস্বাদ

সংগ্ৰাহক আৰু মূল কিতাপৰ ইউনিক’ড ৰূপান্তৰ: অঞ্জল বৰা

(বানান আৰু ভাষাৰ ক্ষেত্ৰত মূল পুথিখনৰ দৰেই ৰখা হৈছে৷)

Some Assamese proverbs (1896)

Author: Gurdon, P. R. T. (Philip Richard Thornhagh), 1863- comp

Time: Dhubri, The 14th March 1895.

Publisher: Shillong, Printed at the Assam secretariat printing office

Year: 1896

Book from the collections of: University of California

……………………………………………………………………………………………..

(১) কি নো ভমকৰ তালি, ভালখন থৈ ফটাখন পালি৷

(২) কোপ দাঙ্গ ধান নাই কিয়া সুদা চাঙ্গ৷

(৩) পাহৰি আছিলোঁ পৰিল মনত, পাঁচ বৰনিয়া পতা আছে ৰাৱনৰ ঘৰত৷

(৪) ৰহাৰ ৰহদৈ, তিপামৰ ভাদৈ, সলগুৰিৰ আঘনি বাই, তিনিওৰ দিঙ্গিত ধৰি তিনিয়ে কান্দিচে, সমন্ধৰ বাল গচ নাই৷

(৫) নগই গড়গাঁৱৰ বতৰা কয়৷

(৬) সাগৰত আছিল পঞ্চ জলা সংখ্য, নেগুৰিয়া সামুকে কলে ময়ো তাৰ বংস৷

(৭) একো লৈ নমৰো, জহলৈও মৰো, ফতা আঠুৱা খান তিঙ্গালি কৈ তৰো৷

(৮) নকলেও নোৱাৰো ফটা মুখ, কলেও লাগে ভকতৰ দোষ৷

(৯) জুঝিবলৈ আহিলে মাল, দুই হাতে চিঙ্গিলে বাল৷

(১০) গছত কঠাল ওঠত তেল, নো খাওতেই মেল বেল৷

(১১) লহু বাকলীৰ চাল, সাতোটা সুখৰ এটা নেপালো, ঢেকিটোও নেপালো ভাল৷

(১২) একে কাঠি কাৰে সাতোটা সীংহক মাৰিলো, লোকক নকলো লাজে, চমাহ খাপ দি নিগনি এটা মাৰিলে, তাতে ধনজয় ঢোল বাজে৷

(১৩) কথা কলেই লাগিল পাক, বাৰে জনি গৈচিল পানী আনিবলৈ, তেৰ জনীৰ কাতিলে নাক৷

(১৪) জাপ মাৰি দেহিচিলো ঢাপলিকা পৰ্ব্বত৷ তিলিকিত মাৰিচিলো বগ৷ খেদা মাৰি ধৰিচিলো মতা হৰিনা৷ এতিয়া নেপাও মতা হাঁহৰ লগ৷

(১৫) তিলকে তাল কৰিলে৷

(১৬) ধনৰ নৰিয়া টান, ভাত খাইচে উধানৰ মান৷

(১৭) নুচুই দুমুনি তুলি দিলে বোঝা, নপড়ী নুশুনি হল ওজা৷

(১৮) নকটা খেৰৰ ন স৷

(১৯) বাল চিঙ্গোতে মোহ মৰিল, মই বোলো মহা ৰনত হে পৰিল৷

(২০) সজনৰ লগত সজ সঙ্গতি৷ মুধত কৰিলো পান, বিক্ৰমাদিত্যৰ মুৰত উঠি গঙ্গাত কলিলো স্নান৷

(২১) হাৰ নাই কিয়া জিবা, কয় কিবা কিবা৷

(২২) কাৰ আগত কম কোনে পতিয়াব, জাৰ আগত কম সেইয়ে লথিয়াব৷

(২৩) খকুৱা গ’ল পাত কাতিবলৈ, নখুকৱাই মাতিতে খালে৷

(২৪) খাবলৈ যাম যাম বনলৈ গৰিয়া, পিন্ধিবলৈ লাগে তাক আচুৱালি চুৰিয়া৷

(২৫) তিনি মোল্লাটো থাকিলে চাই, খোদাইটো ওলালহি ভোৰোকাই৷

(২৬) ভাতৰ ভতুৱা মেকেলা ভাৰি, ভাত বাঢ়ি ঠৈচো খোৱাহি আহি৷

(২৭) দুখৰ উপৰত দুখ, কুকুৰে কামোৰে, চৰালে দুলিয়াই, কত নিমিলিল সুখ৷

(২৮) হাতি চুৰ কৰি জাই বাতে বাতে, বেঙ্গেনা চোৰকে ধৰে, নাকটো কাতিলে লাজ নেলাগে, নখটো কাতিলে মৰে৷

(২৯) আৰৈয়তকৈ উখুৱাৰ খচ খচনি টান৷

(৩০) আলহিয়ে বিচাৰে সাকত লোন, ধান কিনাৰ বিচাৰে দাঙ্গাৰ দোন৷

(৩১) কি পৈ হতাই তাই/ লোন খৰিচা/ দিবৰ তত নাই৷

(৩২) কওঁতেই কলা, জতৰতে সলা৷

(৩৩) মই কও ৰাজ ভগনৰ কথা, সি কয় কল থোকা বাদুলিয়ে খালে৷

(৩৪) যাৰ নাই তৰ্জু তুল, সি কি জানে বানিজৰ মূল৷

(৩৫) নাচিব নাজানে চোতালখন হেৰেম গৰিয়া৷

(৩৬) বেজৰ নাকত খৰে খালে৷

(৩৭) আগৈ আচিলে জেন তেন, ভকতক ভুজাবৰ পৰা পেন পেন৷

(৩৮) গাত নাই চাল বাকলি, মদ খাই তিন টেকেলি৷

(৩৯) মনে মুখে আচে মহৰ গাথিৰে কাঁহৰ বাতিয়ে নাই৷

(৪০) সাচি গৃহস্থৰ লোন তেল বয়, মিচাৰ বাকলি নে জাই ক্ষয়৷

(৪১) হাতত নাই বিত, মনে কৰে পিত পিত৷

(৪২) টান পালে ৰাম বোলে৷

(৪৩) কোতাৰ ঘৰৰ কুটি/ লোকলৈ বুলি হুল পাতি,/আপুনি মৰে ফুটি৷

(৪৪) পালিব নোৱাৰা ৰুদ্ৰাখৰ জোতাজাত৷

(৪৫) পোকৰত নাই মুৰত পাগ,/ সি হয় দেহতৰ আগ৷

(৪৬) বাটত চোৱা যদি বৰ চুৰিয়াৰ ফেৰ,/ ঘৰত জোৱা যদি ঢোকাৰ বেৰ৷

(৪৭) মুখলৈ চালে বৰ ডেকা,/ পোকৰলৈ চালে কন্দাকটা৷

(৪৮) সাত পুৰুষত নাই গাই,/ কৰিয়ালৈ খিৰাবলৈ যায়৷

(৪৯) সাত সেৰিয়া কাহি খুদ চাউলৰ ভাত,/ খোৱাৰ যে ধিক ধিক শুনাৰো লাজ৷

(৫০) গাত নাই কানি, চুটা হালিকাই নিলে টানি৷

(৫১) এঘৰৰ পাট নাদ এঘৰৰ জৰি,/ এঘৰে পানি তোলে ঘ্তং মতং কৰি৷

(৫২) কি কৰে পৰত তাক মিলে ঘৰত৷

(৫৩) লোকৰ পৰা আতৰ হলে সি মোৰ পোৰোহিত৷

(৫৪) বেজিৰ জলাকে মনে কুঠাৰৰ জলাও ন মনে৷

(৫৫) সাকত নখাই লোন, পিতিকাত যাই তিনি গুণ৷

(৫৬) সেৰে সেৰে যাই পোয়ালৈ কান্দে৷

(৫৭) নাই হে নাখাও, লগুনেও নেযাও,/ গাটো নিদিও দুখ৷

(৫৮) কি নহবৰ হল, পোক লাগি হাটলৈ গল৷

(৫৯) খচ খচ কৰা কাতা গুৱা,/ তুমি জানা আমাৰ কিবা হোৱা৷

(৬০) নিজৰ পোকৰ তেক তেকিয়া,/ লোকৰ পোকৰলৈ পানি চটিয়া৷

(৬১) নোম নেগুৰ বজিত,/ মাকৰ নাম বৰ পোহাৰি৷,/ বাপেকৰ নাম ৰঞ্জিত৷

(৬২) ভাঙ্গি আন খুচৰি খাও৷/ পুৱা হলে নাও মেলি যাও৷

(৬৩) আনৰ আন চিন্তা, বুড়ি বামুনীৰ দুখন কানৰ চিন্তা৷

(৬৪) আই গৈচিল গোঁসাই ঘৰলৈ,/ ময় গৈচিলো লগত,/ আখৈ কলা খাবলৈ পাই,/ তাতে হলো ভকত৷

(৬৫) আপোনাৰ মন জেনে,/ আতাইকে দেখে তেনে,/ জানো মন এতাইৰে একে৷

(৬৬) খাইছে আখৈয়া গোমধান দিয়ে এদোন৷

(৬৭) মুধে মুধে একে ঘৰ সোধো সোধো বুলি,/ হল দেড় বচৰ সখী হেৰা তোমাৰ জ্বৰ৷

(৬৮) পৰৰ মুৰত খাও, ভটিয়া পানিত যাও৷

(৬৯) যি দেশৰ যি ধাৰা, যি পোকৰৰ যি নেৰা৷

(৭০) দিওঁতে দিয়ে ধান খেৰৰ চাই,/ তাকে দিও তেই খুচ মুচ খাই৷

(৭১) লোকৰ সভালৈ যাবা,/ আমাৰ দিয়ন খোৱন চাবা৷

(৭২) কাকো দেখি ৰান্ধে বাঢ়ে,/ কাকো দেখি দুৱাৰ বান্ধে৷

(৭৩) তেলিয়াই কান্দে তেল পেলাই,/ কপুহুৱাই কান্দে লেট পেতাই৷

(৭৪) একে বুড়ি নাচনিয়াৰ, তাতে নাতিনিয়েকৰ বিয়া৷

(৭৫) কলিয়াবৰত পৈ মৰিল,/ ঢেকি দিওতে মনত পৰিল৷

………………………………………………………………

(৭৬) অলপ আৰ্জ্জন বিস্তৰ ভোজন,/ সেই পুৰুষৰ দাৰিদ্ৰৰ লক্ষণ৷

(৭৭) অজ্ঞানিক জ্ঞান দি মনত পালো কষ্ট,/ কনিবোৰ ভাঙ্গি পেলাই বাহো কৰিলো নষ্ট৷

(৭৮) অসতীৰ সদ জ্ঞান,/ গৰু চোৰৰ গঙ্গা স্থান,/ বেশ্যা তীৰিৰ একাদশী,/ তিনিওৰো মুৰত মুতা বহি৷

(৭৯) আপুনি আনিচো মাগি,/ তোক দিম কৰ হাগি৷

(৮০) আগেই পাখি কাতে,/ কেই দিনৰ নোমাল৷

(৮১) আপদত ঔএও গল খজুৱাই৷ (আপদত গাৰ নোমেই দোস্মন হই)৷

(৮২) আচে দান নাই সমীধান৷

(৮৩) আপদত অযুগুত কৰিবলৈ যুয়াই৷

(৮৪) উঠুৱাই মাৰিলে কাঠি,/ জালোৱা ডোমৰ সাতজনি তিৰুতা,/ মুৰলৈ নাতিলে পাটি৷

(৮৫) এদা বেপাৰীক জাহাজৰ বতৰি কিয়৷

(৮৬) ওৰোকতে পৰোক,/ কেৰেলাটো সূমুৱাই দিয়া,/ বেঙ্গেনাটো পোৰোক৷

(৮৭) ওজা লগা বিদ্যা,/ পাখি লগা কাৰ৷

(৮৮) কঠাল চোৰৰ এঠাই সাখি,/ হাঁহ চোৰৰ মুৰত পাখি৷

(৮৯) কৰ পৰা আহিলা কত দিলা ভৰি,/ চোতাল খান ফাটি গল চেত চেত কৰি৷

(৯০) কিহৰ জগৰত মৰো,/ চতাই পৰ্ব্বতত গাটো/ দেখাদি আধুলি/ পাচোটা ভৰো৷

(৯১) ককালত কাচি/ বুড়ি ফুৰে নাচি৷

(৯২) কথা বা কত ভেকুৰি তলত৷

(৯৩) কাৰ ভাগিনা মৰে কাৰ হয় হানি,/ কাৰ জ্বৰত কোনে পিওৱাই পানি৷

(৯৪) কেনে তোৰ কেনে জনি ফপৰিয়া তোৰ তিনি জনি/ ভাল তোৰ এজনীও নাই৷

(৯৫) কাকো নুবুলিবা ককা/ এতাইৰে দাড়ি চুলি পকা৷

(৯৬) কটাৰি ধৰাবা শিলে,/ তিৰোতা বাবা কিলে৷

(৯৭) কণা, খোড়া, ভেঙ্গুৰ,/ এই তিনি হাৰামৰ লেঙ্গুৰ৷

(৯৮) খাবলৈ নায় কনটো,/ বৰ হবালৈ মনটো৷

(৯৯) গচত গৰু উঠা,/ হোলোঙ্গাৰে কান বিন্ধা৷

(১০০) ঘোক বাই ঘোক সাপে খালে তোক./ মাচটি পালে মোক৷

(১০১) ঘৰত নাই কনটো, বৰ সভালৈ মনটো৷

(১০২) ঘোৰাক চিনি কাণত,/ তিৰিক চিনি ঠানত,/ খুৰক চিনি সালত৷

(১০৩) চোৰে নিয়া লফা দায়,/ গিৰি হতে মৰে খাৰলি খায়৷

(১০৪) চোৰক মোৰে পালে,/ তাঁতিক বৰলে খালে৷

(১০৫) চাপৰিলে মেঘ এৰাব নে৷

(১০৬) জাৰ খাবৰ জীৰৰ মন,/ বহোতে আচোৰে বন৷

(১০৭) জেঠেৰি বৈনায় হাল, কিহৰ পাল এ পাল৷

(১০৮) জগৰ বা লগালো কি/ মাতো হাঁহ কিনিদি৷

(১০৯) জোৰৰ আগত বাতিৰ পোহৰ৷

(১১০) টোপনিৰ চিকণ পুৱা৷ কটাৰিৰ চিকণ গুৱা৷

(১১১) তাহা নিয়ে খালে টেঙ্গা,/ এতিয়া পালেহি জেঙ্গা৷

(১১২) তোৰ হলে মোৰ, মোৰ হলে বাপেৰেও না পায় তোৰ৷

(১১৩) ঠাই দিবৰ গুণ, তপং তপনি শুন৷

(১১৪) দোলাৰ নামেৰে সিকিয়াতে জাবা,/ গাখিৰৰ নামেৰে পানিকে খাবা৷

(১১৫) দহো আঙ্গুলিয়ে খায়,/ বুড়াই হেচুকিলেহে যাই৷

(১১৬) দহোটা লাঘুটি এটাৰ বোঝা৷

(১১৭) দুৰ কপলিয়া হাবিলৈ জাই, দা চিগে বৰলে খাই৷

(১১৮) দুখিয়া হলে লেটেৰা ভাৰ্য্যা নেদেখে হিত,/ বাটত লগ পাই মিতিৰে নোশোধে দিব লাগে বুলি কিবা বিত৷

(১১৯) ঢেকিটো লৰক ফৰক কটৰাটো ভগা,/ খোল কলৈ গল তাৰেহে লগা৷

(১২০) ধানটোৱে পতি কনটো,/ মানুহটোৱে পতি মনটো৷

(১২১) ধন লবা লেখি, বাট বুলিবা দেখি৷

(১২২) নৰকৰ কন্য উদ্ধাৰিলে শুচি৷

(১২৩) নেগুৰ কাটি বাঘ সোঙ্গলৈ মেলিলে৷

(১২৪) নামৰ পৰিচে সাং দুৱাৰত মাৰাহি দাঙ্গ৷

(১২৫) নাহাহিবি মোক খুচৰিব তোক৷

(১২৬) পাপৰ ধন প্ৰায়শ্চিতত যাই৷

(১২৭) পালে চৰাই ভাঙ্গিবা পাখি, হোৱা ভাতক ন থবা ৰাখি৷

(১২৮) পৰ্হে, পৰ্হাই, বোয়ে, বোয়াই পান,/ এই তিনি চাৰিয়ে নিচিন্তে আন৷

(১২৯) পৰ্হি সুনি কৰিলে হিয়া, চোৰে লৈ গল ভাৰ দিয়া৷

(১৩০) বাটত লগ পালে কমাৰ, দা গাড়ি দিয়া আমাৰ৷

(১৩১) বাৰটা মাহৰ তেৰটা জগৰ, সদাই নগুচে এটা লগৰ৷

(১৩২) বলিয়ে নিৰ্ব্বলীয়ে কিহৰ হতাহতি,/ ধনীয়ে নিধনীয়ে কিহৰ মিত্ৰাৱতী৷

(১৩৩) ভয়ত ভগৱন্ত পলাই কিললৈ বাসুদেৱ দৰাই৷

(১৩৪) ভাতৰ তিতা খাবলৈ ভাল, মাতৰ তিতা খাবলৈ টান৷

(১৩৫) ভালৰ ভাল সৰ্ব্বতি কাল৷

(১৩৬) ভোজন মিঠা নে বচন মিঠা?

(১৩৭) মাতিলে ৰনলৈকো জাবা, নে মাতিলে ভোজলৈ নাজাবা৷

(১৩৮) মোৰ পোৰ বোআৰি হব, মোক চুলিত ধৰি বাটত থব৷

(১৩৯) মোমাইয়ে কাঠ কাতে মায়ে পানি হেন দেখে৷

(১৪০) মন কৰিলে চল কৰিব পাৰিম৷

(১৪১) জেতেকতে নাটে, তেতেকতে ফাতে৷

(১৪২) লুইতেহে জানে বঠা কিমান লৈ বহে৷

(১৪৩) লাথী মাৰিলেও জিটো, বোপাই বুলিলেও সিটো৷

(১৪৪) লগ হলে লঙ্কালৈকো জাব পাৰি৷

(১৪৫) লৰা লৰি বেলিকা জোলোঙ্গাত জাপি নোসোমাই৷

(১৪৬) লৰাই লুৰিলে ঘৰ খান,/ দোথোৰাই দুখৰিলে ঘৰ খনি৷

(১৪৭) সমানে সমানে কৰিলে কাজ,/ হাৰিলে জিকিলে নাই লাজ৷

(১৪৮) সোলা মুখত মাখি পৰে/ সিও লাভৰ ভিতৰত৷

(১৪৯) সেলেহৰ চুমাই নাকটি চিঙ্গে৷

(১৫০) হেৰা পোৱা ধনৰ চৌদ্ধ আনা ও ভাল৷

(১৫১) হাঁহ পোয়ালী নিলে সেনে৷/ তুমি জেনে ময়ো তেনে৷

(১৫২) ঝাপি, লাঠি, টঙ্গা, ইয়াক জি নলয়,/ শি দিনতে কনা৷

(১৫৩) চাই চাই বুলিবা বাট দেহৰ ভিতৰত আচে খাল বাম, পিচলি পৰিবা তাত৷

(১৫৪) দুখ না কৰিলে মুখ না ভৰাই৷

(১৫৫) দুখতহে মুখ ভৰে বুৰা লোকে কয়৷/ সকলো শুনি চালে মিচা নহয়৷

(১৫৬) কথাৰ দুৱাসাৰ বান্ধৰ দুমেৰ৷

(১৫৭) ধাৰে মাৰিলেও যেনে, গাদিৰে মাৰিলেও তেনে৷

(১৫৮) কান্দিলে ধাৰ সোধ নে জাই৷

(১৫৯) বাপেক জেনে পিতেক তেনে৷

(১৬০) এঙ্গাৰ ধোলে ও বগা নহয়৷

(১৬১) জাৰ নাই বিত, মনে কৰে পিত পিত৷

(১৬২) জত ৰাজ তত কাজ৷

(১৬৩) প্ৰবাসত নিয়ম নাই৷

(১৬৪) একো নহোয়াতকৈ কনা মোমাই ও ভাল৷

(১৬৫) কাক দামা চাই লৰি বা খৰী৷/ তাৰে কান মাৰি তাৰে জৰি৷

(১৬৬) আহোমৰ চকলং হিন্দুৰ বেই৷/ তোমাৰ পাতলিত পৰিচো জেই কৰা নেই৷

(১৬৭) কনি পাৰে হাঁহে খাই ভকত দাঁহে৷

(১৬৮) ভকততকৈ ঢেকি থোৰা টো দাঙ্গৰ নে?

(১৬৯) জেতিয়া মাৰিব ঢোলত চাপৰ,/ তেতিয়া লবা মুৰত কাপৰ৷

(১৭০) ভকতহৈ কলও ন পকাই৷

(১৭১) নাকত লাগিল পাক৷/ মহা ভকতৰ চিদ্ৰ লাগিল৷/ মেধি পাতিম কাক৷

(১৭২) আগৰ কমলাবৰিয়াই ধুই খাই খৰি৷/ এতিয়াৰ কমলাবৰিয়াই নো ধোয়ে ভৰি৷

(১৭৩) ৰজাৰ ধন ভোট গিৰিহট৷

(১৭৪) ফটা হোক চিঙ্গা হোক পাটৰ টঙ্গালি৷/ সৰু হোক বুৰা হোক ভুঞাৰ পোৱালি৷

(১৭৫) বৰাৰ ঘৰত তৰাৰ গাঁঠি, বৰাট থাকিব কেই ৰাতি৷

(১৭৬) বামুনে সগুনে বিচাৰে মৰা৷/ গনকে বিচাৰে নৰিয়া পৰা৷

(১৭৭) বাপুৰ বাঁহ জোপাই মাৰলি৷

(১৭৮) মই আচিলো ধাৰি বৈ,/ মোক আনিলে বামুনটো কৈ৷

(১৭৯) ধন মহঙ্গলৈ গ’ল লোন ভাৰ পেলাই, মাটি ভাৰ অনিলে ঘৰ মাচি বলৈ হল৷

(১৮০) তিৰিক মিলে, মিৰি কিলে৷

(১৮১) মহন্তৰ চিন মাহনিত, বুৰা গৰুৰ চিন ঘাঁহনিত৷

(১৮২) মৰিয়াক কেলেই ধান, গৰিয়াক কেলেই কান৷

(১৮৩) নাগিনীয়ে লৰা পাই, নগায় জাল খাই৷

(১৮৪) চোৰ পোৰ মুখ খানিহে৷

(১৮৫) বোপাই আচিল চোৰ, সেই পৰকিতি মোৰ৷

(১৮৬) জোৰ ও জোৰ বিপৰিত জোৰ,/ এটী কানকতা এটী চোৰ৷

………………………………………………………………..

(১৮৭) সৰুকৈ কাটিবা, ঘনকৈ খাবা,/ সেই তামোলৰ বিলাহ চাবা৷

(১৮৮) কটাৰি চিকোন গুৱা, তোপনি চিকোন পুৱা৷

(১৮৯) সাত বিহুৰ সয়া কনি৷

(১৯০) বাহিত নিদিবা হাত,/ লৰা ছোৱালি লঘোনে নথবা/ দিবা গুধলিতে ভাত৷

(১৯১) লগনী নহলে জুই নজলে/ তুতকীয়া নহলে গাঁও নবহে৷

(১৯২) জাৰ নাই কেছুৱা বুড়াকে নছুৱা৷

(১৯৩) নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভঙ্গ৷

(১৯৪) নাক কাটিলে আহিব দালে পালে,/ চুলি কাটিলে আহিব কোন কালে?

(১৯৫) কথাত কথা বাড়ে, খড়িকাত বাড়ে কান,/ মাকৰ ঘৰত জীয়ৰি বাড়ে, পথাৰত বাড়ে ধান৷

(১৯৬) টিক বলদ ওলাই মাটি, মাক ভালেয় জীয়েক জাতি৷

(১৯৭) মাকত কৈ জীয়েক কাজী, ঢেকী ঠোৰা লৈ বাতে পাঁজি৷

(১৯৮) তই মাকৰ জী, মই জাকৰ জী,/ তপত ভাতত চেচা কৰো,/ হেচা পোতোস দি৷

(১৯৯) ঢেকি সাল ফুৰিলে খুদৰ কি আকাল৷

(২০০) বাপুৰ গাত বাৰ্হনি লাগিল৷

(২০১) এতিয়া পালেহি ঘৰ পতা পৈ,/ কিলাবলৈ আহিচে খেৰ পেলাই দাললৈ৷

(২০২) কি কম কি নকম পৈৰ নাম বটালি৷

(২০৩) কিহত কৰিলো কি, ধান এদোন দি,/ পৈতো আনিলো নিতো কিলাই মাৰে৷

(২০৪) খাব জানিলেই চাউলেই চিৰা,/ বহিব জানিলে মতিয়েই পিৰা, বুলিব জানিলেই মজিয়াই দেড় গ্ৰহৰ বাত৷

(২০৫) গিৰিয়েকে বোলে তোক ভোক,/ ঘৈনিয়েকে বোলে পুৱা গধুলি/ দুই সাজ একে লগে হোক৷

(২০৬) জালকে বুলিলে জকাই/ আন্ধাৰে মুধাৰে চিনিব নোৱাৰি/ পৈয়েকক বুলিলে ককাই৷

(২০৭) জনাৰ ভাত মাছ নজনাৰ সেইয়ে কলগ্ৰহ৷

(২০৮) তোৰ জনম জাতি ময় জানো,/ কঠিয়া তলিত ঘৰ আছে৷/ এসাৰ চেৰেক ডিৰাই মাৰিবি লৰ৷

(২০৯) চাই খাবলৈ আহি বান্ধত পৰিল৷

(২১০) মোমাই মৰক, ভুতক পাচে পাম৷

(২১১) এতাই বোৰে খোৰোচাতকৈ/ বিয়াৰ খোৰোচা সকত৷

(২১২) চল পাই বিয়নি নিতো তিনি বেলি৷

(২১৩) সাহু বোৱাৰীৰ ঘৰ,/ কোনে খাই গাখিৰৰ সৰ৷

(২১৪) বনত পৰি কলিয়া হলো,/ তেল নাইকিয়াত ফপৰিয়া হলো৷

(২১৫) দেখিচাহে বুড়া অগ্নি কুৰা৷

(২১৬) পোহাৰিৰ পৈয়েক সখি৷

(২১৭) ভৰিক নেৰে ভাৰে, জবৰাক নেৰে পচলা খাৰে৷

(২১৮) কি কম মাহি আইৰ গুন,/ এহাতে খাৰলি এহাতে লোন৷

(২১৯) মোৰ পো নহয় সতিনিৰ পো,/ ধাৰি নাই, পাটী নাই মাতিতে সো৷

(২২০) চোৰে নিয়া গৰুৰ বাতে বাতে ঘাহ৷

(২২১) কেলেহুৱা ওজা চপনিয়া পালি,/ ওৰে ৰাতি নাম গায় খেৰ জুই জালি৷

(২২২) একে উৰ্ব্বসি দুৱাৰে পথ৷

(২২৩) ঢেকিয়া লতা পতা,/ ভাত খাওতে পানি খাই,/ সিও এটা কথা৷

(২২৪) খাল খানি জসিনী চপাই ললে৷

(২২৫) থলত থল ৰজা পোতা পুখুৰিৰ বাকৈঁয় ৰজা৷

(২২৬) জোৰ পোৰি বৰলাৰ হাত পালে হি৷

(২২৭) ঠন ঠন মদন গোপাল, একেটা বৰলাৰ নখন চোতাল৷

(২২৮) পৰ্ব্বতত কাচকনি ভৈয়ামত বান,/ বৰলা বিচাৰিচে সুকান ধান৷

(২২৯) খোজে খাৰলি দিয়ে লোন,/ এনে উভতিত থাকিব কোন৷

(২৩০) খৰ ৰান্ধনি খৰ বাঢ়নি পৈয়েক লঘোনে জাই,/ ওদা ৰান্ধনি ওদা বাঢ়নি পৈয়েক তিনি সাজি খাই৷

(২৩১) ঘৰে পতি ঘৈনি, খালে পতি জসিনি৷

(২৩২) তিনি গঁধুলিত তৰিচে তাত,/ উজুটিত চিঙ্গিলে পৈয়েকৰ দাঁত৷

(২৩৩) পাৰ কৰা জুবলা গায় নাথাৰৱে৷

(২৩৪) বেটিয়ে ভাঙ্গিলে কটৰা, গড়গাঁও পালেহি বতৰা,/ ঘৈনীয়ে ভাঙ্গিলে কাঁহি, ঠলে মুচুকাই হাঁহি৷

(২৩৫) সৰু দায় পিচলি জাই, বৰৰ দায় খুচৰি খাই৷

(২৩৬) বিধাতায় দিলেও তিৰুতাই নিদিয়ে৷

(২৩৭) মাজত মুৰত নাই চুলি, পৈয়েক মাতে ৰূপহি বুলি৷

(২৩৮) সৰ্ব্ব সুলক্ষনী তাই, পাটিটো মুতে চুৰুটো খাই৷

(২৩৯) তিৰিৰ চুতি বাঢ়নিৰ বুতি৷

(২৪০) ঠুপৰীৰ পৈ, মাজে ফুটা চৈ, কাতি খাই কটনা,/ এই তিনি চাৰি জমৰ জতনা৷

………………………………………………………………………….

(কৃষিৰ লগত জড়িত)

(২৪১) আবতৰীয়া বেঙ্গেনাৰ মোক তোল মোক তোল কৰে৷

(২৪২) উলুৰ লগত বগৰি পৰিল৷

(২৪৩) এক আহিনে ধান,/ তিনি সাঁওনে পান৷

(২৪৪) একে গচৰ পান সি কি হব আন৷

(২৪৫) কুমলিয়া ভৰিত ধান,/ সুঙ্গে ফুটিলৈ ফুৰে আতাহ পাৰি৷

(২৪৬) কঠিয়া হে চুতি জেঠতে পৰা৷

(২৪৭) গধুলি হলে সাত হাল বাই,/ পুৱা হলে এ হালো নাই৷

(২৪৮) জি মুলা বাড়িব দুপাততে চিন৷

(২৪৯) ধান পুৰিয়া কঠাল পাতৰ তলতে লুকাল৷

(২৫০) নাহৰত কৈও সুকাঠি৷

(২৫১) পালে হি চত ধান থম কত৷

(২৫২) পকা আমাৰ বেলিকা কিহৰ কুজা মোহা৷

(২৫৩) ফাল কাততেই মাহৰ বতৰ গল৷

(২৫৪) বুৰে পতি শেলুক হে৷

(২৫৫) বৰ গচ কাতিলে ঘিতিঙ্গাই কৰিলে,/ চিতিকি পৰিলে এঠা৷/ লোকক দেখুৱাই কেতেৰাই, মাতিবা,/ ভিতৰি নেৰিবা বেথা৷

(২৫৬) বাৰে হাত কেৰেলাৰ তেৰে হাত গুটি৷

(২৫৭) মাটী কিনিবা মাজ খাল,/ চোৱালী আনিবা মাক ভাল৷

(২৫৮) গৰু চাবা গধুলি ৰোৱা চাবা পুৱা৷/ জকাই বাওতে চোৱালি চাবা দেখি কেনে কুৱা৷

(২৫৯) সিচাতকৈ চেৰা ধৰাৰ টান৷

(২৬০) জালুকত গোবৰ পানত মাটী৷/ কলা পুলী ৰুবা তিনিবাৰ কাটী৷

(২৬১) তিনি পৰ্ব্বত ৰুবা সালী ঘন ঘন কৈ দিবা আলী৷/ যদি ন হয় সালী তেনে পাৰিবা জবকাক গালী৷

(২৬২) খাল দালে তেতেলী পাচ দালে ঔ,/ সেই ঘৰৰ মানুহ উঠিলেনে নৌ৷

(২৬৩) মাহৰ মাৰ দেখি তিলে বেত মেলিল৷

(২৬৪) সহ চিকন পৰৰ, পো চিকন ঘৰৰ৷

…………………………………………………………………

(২৬৫) অধিক মাচত বগলি কনা৷

(২৬৬) আচু কাঠত পৰি সিয়নিটো ৰঙ্গা হল৷

(২৬৭) আচলে পিচলে হাতিৰ পাও পিচলে৷

(২৬৮) আঠুৱা তলৰ মহ মোহাৰিলেও মৰে৷

(২৬৯) শুড় আছে হাতি নহয় মানুহ গৰু খাই৷/ বাগ নহয়, জিটো খাই তাতে খাই,/ হৰলক ঘাতে পানিৰ জন্মিত৷

(২৭০) উৰি গল কতিয়া কপৌ খেদি নিলে সেনে,/ একো কাঠি কাৰেৰে সাত ঠাইত ভেদিলে,/ ইও কথা হৈছে তেনে৷

(২৭১) এটা নিগনিৰ সাত খান পাম৷

(২৭২) এবাৰ সাপে খালে লেজুটো ভয়৷

(২৭৩) ওচৰৰ পুঠি, খলিহনা, নিলগৰ ৰৌ, বৰালি৷

(২৭৪) কিনা হাঁহৰ ঠোঁতলৈকো মঙ্গহ৷

(২৭৫) বাঘ চাব নেলাগে বোন্দাকে চোৱা৷/ ভাল মানুহ চাব লাগিলে আলি বাতলৈ জোৱা৷

(২৭৬) ভাল খাতিলো বাঘক,/ পহু মাৰি আনি দিল আগত৷

(২৭৭) কাকো নেপাই ভাদৈক পালে,/ খুচৰি সামৰি খালৈত থলে৷

(২৭৮) খাই কাৰসলা দালত উঠিল,/ কাঠি চেলেকাৰ মৰণ মিলিল৷

(২৭৯) খুদ মগনীয়াৰ কুকুৰ শত্ৰু৷

(২৮০) গুৰি পৰুৱাৰ অলপ বৰখুনেই বান৷/ সোলা মুখৰ এক চৰেই তান৷

(২৮১) চৰাই হে সৰু হয় কিন্তু বৰ হোলাং গচত বাহ৷

(২৮২) দেখোতেই চিটল পিঠিতে কাঁইট৷

(২৮৩) বয়শত বান্দৰৰো সুন্দৰ৷

(২৮৪) বাড়িৰ তামোল কেৰকতুৰাই খাই,/ আমাক দিলে জানো অঠলে জাই৷

(২৮৫) বুড়াৰ হাতত চেঙ্গেলী৷

(২৮৬) ভাল ভাল ঘোড়াই না পাই ঘাঁহ,/ বতুৱা ঘোড়াই বিচাৰে মাহ৷

(২৮৭) মহৰ সিঙ্গত কঁকিলা দাঁৰ৷

(২৮৮) ৰণৰ কুকুৰা ৰণতে মৰে৷

(২৮৯) ৰজাক চিনিবা দানত,/ হাতীক চিনিবা আনত,/ ঘোৰাক চিনিবা কানত৷

(২৯০) ৰাজ হংশৰ গতি ধৰোতে/ ঘনচিৰি কাৰো খোজ পাহৰিলে৷

(২৯১) লালুকলৈ কি তপত পাণি লাগিচে৷

(২৯২) সালক সিঙ্গিয়ে হাঁহে,/ তয়ো এজনি ময়ো এজনি/ ভালেটো গৰাকী নাহে৷

(২৯৩) সাপে খাই বাঘে খাই জদি মৰে জলে,/ জাৰ জি হব লাগে নিজৰ কাৰ্য্যৰ দলে৷

(২৯৪) কুকুৰক নিদিবা থাই, লৰা চোৱালীক নিদিবা লাই৷

(২৯৫) কুকুৰে জানে কি তাম তুলসি৷

………………………………………………………………………………..

 

3 thoughts on “কিছুমান অসমীয়া প্ৰবাদ-বাক্য আৰু ফকৰা-যোজনা

  • November 1, 2011 at 11:36 pm
    Permalink

    Khuob bhal hoise ; pishe kicchu banan siddha koriba Lagibo .

    Reply
  • July 31, 2017 at 9:32 am
    Permalink

    আৰু অলপ উন্নত কৰিব লাগিব ।ইয়াত বহুত বস্তু বিচাৰি নাপাই ।কিন্তু তথাপিও ঠিকেই আছে ।

    Reply
  • November 2, 2020 at 7:25 pm
    Permalink

    ইয়াৰ অৰ্থ বোৰ কেনকৈ বুজি পাম

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!