কিতাপ ……..(- বিকাশ শইকীয়া )

(১)

তেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত । কেমেস্ত্ৰী মেজৰ । পানবজাৰলৈ ক’ৰ্ছৰ কিতাপ কেইখনমান কিনিবলৈ গলো । বুক হোমত কিতাপ চাই আছো, এখন কিতাপত চকু পৰিল- Organic Chemistry-Clayden । ৰংচঙীয়া কিতাপখন ভালেই লাগিল । পাছে দামটো দেখি সেপ ঢুকি গলো । ১৬৫০ টকা । ক্লেইডেন বাদ দিলো । আৰু এখন চালো । অৰ্গেনিক কেমেষ্ট্ৰী- ফাইনাৰ । দুটা ভলিউম মিলি ১৫০০ টকা । সেইখনো বাদ দিলো । শেষত বাজেট মিলাই ইন্ডিয়ান ৰাইটাৰৰ সিং-মুখাৰ্জী-কাপুৰ কিনি লৈ আহিলো ।

এইটো নহয় যে লাইব্ৰেৰী নাই । আছে, কিন্ত লাইব্ৰেৰীৰ কিতাপবোৰ বেছিদিন ৰাখিবলৈ নিদিয়ে । প্ৰায়ভাগেই অল্ড এডিচন । নিজৰ অনিচ্ছাই হওক বা সহজতে নম্বৰ পোৱাৰ মানসিকতাই হওক, চিনিয়ৰৰ নোটছ, ক্লাছ নোটছ পঢ়ি ডিগ্ৰী কমপ্লিট কৰিলো । ইউনিভাৰচিটীত নৱম ৰেংক সহ ফাৰ্ষ্ট ক্লাছ পালো ঠিকেই কিন্ত IISc entrance, JAM আদিকে ধৰি যিমান কম্পিটিটিভ এক্জাম দিলো, সৱ অৰ্গেনিকৰ প্ৰশ্ন দেখি মুৰ ঘুৰাই গল ।

(২)

JAM নাপালো । গতিকে গুৱাহাটী ইউনিভাৰচিটীত এডমিচন ললো । ছেকেন্ড ছেমিষ্টাৰৰ কথা । সপ্তাহটোৰ বুধবাৰে ডিপাৰ্টমেন্টৰ লাইব্ৰেৰী খোলে । লাইব্ৰেৰীৰ ইনচাৰ্জ প্ৰফেছাৰ দিলীপ কাকতি । তেনেকুৱা বুধবাৰ এটাত ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটোত পিলিং-পালাং কৰি আছো ।
– “কোন চেমিষ্টাৰৰ”……….. কাকতি ছাৰে সুধিলে।
– “ছেকেন্ড চেম”….. মই কলো ।
– “স্পেচিয়েলাইজেচন কি লম বুলি ভাবিছা?”
– “অৰ্গেনিক”।
(আচলতে সেই সময়ত মই একো ভৱা নাছিলো; কিন্ত ছাৰ অৰ্গেনিকৰ মানুহ বাবে অৰ্গেনিক বুলি কৈছিলো!)

কাকতি ছাৰে Organic Chemistry-Clayden আৰু Organic Synthesis-Carruthers নামৰ কিতাপ দুখন মোক জোৰ-জৱৰদস্তি ইছ্যু কৰাই দিলে ।

এসপ্তাহ ৰুমত কিতাপ দুখন ওপৰে ওপৰে চালো । পাছৰ বুধবাৰটোত কিতাপ দুখন ওভোতাবলৈ গ’লো ।
– “কিতাপকেইখন পঢ়িলানে নাই?”……….. কাকতি ছাৰে শুধিলে।
– “ওপৰে ওপৰে চালোঁ আৰু…”……… মই কলো।
– “ওপৰে ওপৰে চালে হৈ যাবনেকি?”
– “ছাৰ এসপ্তাহতনো কত থ’ৰ’লি পঢ়া হব!”
– “দিজ আৰ ইমপৰটেন্ট বুকচ ফৰ বিলডিং কনচেপ্টছ্, ৰীড দেম থ’ৰ’লি আৰু যেতিয়ালৈ কমপ্লিট নহয় ঘুৰাই দিব নালাগে ।”

কিতাপকেইখন ৰাখিলো । বহুত দিন ৰাখিলো । প্ৰায় এবছৰ । ৰখাৰ লগতে অলপ-অচৰপ পঢ়িলোঁও ।
থাৰ্ড চেমত যেতিয়া NET পৰীক্ষা দিবলৈ যাওঁ………. কচম চে, এটাও অৰ্গেনিকৰ প্ৰশ্ন এৰি থৈ আহিবলগীয়া নহ’ল । এম.এছ.ছি. কমপ্লিট নৌহওঁতেই থাৰ্ড ছেমত NET(JRF) পাই গলো ।

(৩)

তাৰ পাছত বহুত ঘটনা-পৰিঘটনাৰে পাঁচটা বছৰ পাৰ হৈ গ’ল । চাকৰিত জইন কৰাৰ পাছত কেমেষ্ট্ৰীৰ কিতাপবোৰ আলমাৰীৰ চুকত ঠাহ খালেগৈ । মায়ে কেতিয়াবা জাৰি-জোকৰি চাফা কৰি থয় । কেইখনমান কিতাপ সম্পৰ্কীয় চিনাকি লৰা এজনক দিলো । এদিন আৱিষ্কাৰ কৰিলো যে কেইখনমান কিতাপ পোকে খাইছে । কিতাপবোৰ আলমাৰীৰপৰা ওলাই তলাবন্ধ বাকচত সোমাল ।

এদিন মোৰ কলেজৰ ছাৰ এগৰাকীয়ে ফোন কৰিলে………
– “আচ্ছা, বিকাচ নহয়নে?”
– “হয় ছাৰ, কওক ।”
– “আমি মানে আমাৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটো অলপ ষ্ট্ৰং কৰিব খুজিছিলো। কিতাপৰ সংখ্যা অলপ বঢ়াওঁ, যাতে আমাৰ ষ্টুডেন্টখিনিয়ে ভাল ভাল কিতাপৰ ক্ৰাইছিছত ভুগিবলগীয়া নহয় ।’’

– “হব ছাৰ, মই সকলো প্ৰকাৰে সহায় কৰিম । মোৰ ঘৰত বহুতকেইখন কিতাপ আছে যিবোৰ এতিয়া মোক নালাগে । সেইবোৰৰ সৈতে আৰু কেইখনমান ভাল কামত অহা কিতাপৰ নিউ এডিচন লাইব্ৰেৰীলৈ দি দিম” ……… মই কলো।

ছাৰৰ মুখৰ কিতাপৰ “ক্ৰাইছিছ” শব্দটো কাণত পৰাৰ লগে লগে মোৰ ক্লেইডেনখনলৈ মনত পৰিছিল । ইউনিভাৰচিটীত যিবছৰ মই আজিৰ তাৰিখত ২০২৫ টকা মুল্যৰ ক্লেইডেনখন ব্যক্তিগত সম্পত্তিৰ দৰে ৰাখিছিলো, সেইকালছোৱাত কিজানি কিমানজন সহপাঠী ক্লেইডেনৰ কিতাপখন লাইব্ৰেৰীত নেদেখি বিমুখ হৈ গৈছিল !

(বি.দ্ৰ.- ৰসায়ন বিজ্ঞান বিভাগ, কটন কলেজৰ ডিপাৰ্টমেন্টৰ লাইব্ৰেৰীটোত ভাল কিতাপৰ সংখ্যা বঢ়াই অলপ শক্তিশালী কৰাৰ প্ৰচেষ্টা চলি আছে । কোনোবা প্ৰাক্তন ছাত্ৰ বা ডিপাৰ্টমেন্টৰ শুভাকাংক্ষীয়ে যদি এই প্ৰচেষ্টাত সহযোগ কৰিব খোজে , বিভাগৰ লগত বা বিভাগীয় পুথিভঁড়ালৰ তত্বাৱধায়ক ঋতুৰাজ কলিতা ছাৰৰ সৈতে যোগাযোগ কৰিব পাৰে।)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!