কি যে হ’ব! –  ইন্দিৰা গোস্বামী

চাবি দেই এনেকৈ নপঢ়াকৈ থাকিলে আমি ঘৰৰ মানুহমখাই আনৰ আগত বৰ লাজ পাম৷ হ’ব দিয়া মা মই আগতেই পঢ়ি থৈছোঁ৷ মাহঁতৰো যে মুঠেও অইন কাম নাই কেৱল পঢ় পঢ় আৰু পঢ়৷ তাই দেখোন চতুৰ্থ শ্ৰেণীলৈকে স্কুলত ২ য় হৈ পোৱাই নাছিলোঁ৷ তাৰপাছত কেতিয়াবা ৰোলনম্বৰ গৈ ছয় নম্বৰো পাইছিলগৈ৷

ঘৰৰ মানুহবোৰ শুই নুঠোতেই পুৱা ঢুকি নোপোৱা দৰ্জাৰ খিলিটো চকীত উঠি খুলি মুখ হাত ধুই পঢ়া টেবুলত বহা তাই ডাঙৰ হৈ সাংঘাতিক কিবা এটা হ’বগৈ বুলি মাকহঁতে বৰ আশা কৰিছিল৷ পাছে যি মূলা বাঢ়ে দুপাততে চিন কথাষাৰ তাইৰ ক্ষেত্ৰত নাখাটিল৷
ডাঙৰ হোৱাৰ লগে লগে পুৱা শুই উঠি নামঘৰৰ বকুলতলত গৈ বকুল ফুল তোলা, জাৰৰ দিনত কঁচুপাতৰ জমাহোৱা নিয়ৰৰ মুকুতা বুটলা কামটোলৈহে তাইৰ আগ্ৰহ বেছি হ’ল৷
মনোহৰ পাৰিলে এবাৰ ঘৰলৈ আহিবাচোন৷ তোমালোকে তাইক কি দেখি যে বৃত্তি পৰীক্ষাৰ কাৰণে বাছনি কৰিলা? আহিবা ছাত্ৰীৰ কাৰবাৰবোৰ ঘৰলৈ আহি এবাৰ চাই যাবা৷ মনোহৰ চাৰে তাইক পঢ়াবলৈ বুলি সপ্তাহত তিনিদিনকৈ অহা হ’ল৷ আৰু তেওঁ অহা দিনকেইটাত পুখুৰীপাৰত বৰশীবাই থকা তাইক লিচিকনিলৈ বিচাৰি আনিবলগা হ’ল৷
এদিন পুৱা দেউতাকে মাতি মাতি তাইক উঠাব নোৱাৰি ক’লে চাও দেচোন আজি কেইটালৈ শোৱে৷ কোনেও নামাতিবা এইক, বিছনাৰপৰা নামিলেই কোব দিবা৷ কোব খোৱাৰ ভয়ত সেইদিনা তাই ১১ মান বজালৈকে শুয়ে থাকিল৷ শেষত পেটৰ বিষত ৰ’ব নোৱাৰি বাথৰুমলৈ দৌৰ৷
ছয়মাহিলী, বছৰেকীয়া বুলি কথা নাই গোটেই বছৰটো পঢ়া শুনা নকৰাকৈ থাকি পৰীক্ষাৰ এসপ্তাহমান আগৰপৰাই পঢ়াৰ নামত দিন ৰাতি একাকাৰ৷ এইবাৰেই শেষ, ইয়াৰ পাছৰপৰা নিয়মীয়াকৈ পঢ়া আৰম্ভ কৰিম৷ পৰীক্ষা শেষ, ৰিজাল্ট আহে ককায়েক, ভনীয়েকৰ দৰে নহ’লেও ঘৰৰ মানুহে ভবাতকৈ ভাল ৰিজাল্ট হোৱা বাবে কোনেও একো নকয়৷
এই সাধাৰণ “তাই“জনীৰ কথাবোৰ যে তেতিয়াৰপৰা কৈ আছো, আপোনালোকেও যে ধৈৰ্যৰে পঢ়ি আছে তাৰ বাবে ধন্যবাদ৷ এতিয়া এইবোৰ এইসময়ত লিখাৰ কাৰণটোলৈ আহোঁ৷
এতিয়া পৰীক্ষাৰ বতৰ, তাইৰ জীয়েকৰ পৰীক্ষা চলি আছে৷ জীয়েক আকৌ তাইতকৈ এখোপ চৰা৷ আজিকালি তাই অনুভৱ কৰে মাকহঁতে সৰুতে কিয় ইমান পঢ় পঢ়কৈ থাকিছিল৷ পৰীক্ষা শেষ হোৱাৰ পাছতেই গৰমৰ বন্ধ আৰম্ভ হ’ব৷ জীয়েকৰ স্কুলত গৰমবন্ধ দিয়াৰ দিনা ফাংচন হ’ব, প্ৰিতি ভোজ হ’ব৷ এইবোৰক লৈ তাই ব্যস্ত৷ পঢ়াৰ মাজতো বাৰে বাৰে সুধে তোমালোকে গৰম বন্ধ দিয়া দিনা কি কি কৰিছিলা? সব কৰিছিলোঁ৷ যেনে: চিঁয়াহী চটিওৱা, পানী ধলা, গানগোৱা, নচা, চাৰ-বাইদেউসকলক কমনৰুমত গৈ গৈ সেৱা কৰা আৰু বহুত কিবাকিবি৷
আৰু? আৰু একো নাই নপঢ় কিয়! নিজৰ মাতটোত তাই নিজে চক খাই৷
ৰ’ব
ৰ’ব
ৰ’ব
এইবোৰ কথা পাতি থাকোঁতে তাই আন এটা কথাও কৈছিল৷ ক’বই মানে লিখিবলৈ পাহৰিছিলোৱেই৷
হিন্দী পৰীক্ষা, শুই উঠাত দেৰি হোৱাই পৰীক্ষাহল গৈ পোৱাত তাইৰ দেৰী হ’ল৷ দিউটিত আছে কল্যাণ চাৰ হাইপাৱৰৰ চশমাৰে তকলামূৰীয়া চাৰক দেখিলে অকল তাইৰে নহয় সবৰে ভয় লাগে৷ দেৰিকৈ অহাই চাৰৰ দৃষ্টিৰ অসন্তুষ্টিত আগৰাতি পঢ়া সকলোবোৰ তাইৰ মগজুৰপৰা ওলাই দৌৰ মৰাযেন তাইৰ অনুভৱ হ’ল৷ যি কি লহওক তাই উত্তৰবোৰ লিখিবলৈ আৰম্ভ কৰিলে৷ এইয়া কি? কলমটোৱে দেখোন নিলিখা হৈ থাকিল৷ চিয়াঁহীও আছে৷ লগত অনা আনটো কলম উলিয়াই ল’লে লিখিবলৈ সেইটোৰো দেখোন নিবখন ভঙা৷ কাষৰজনীয়ে একান্তমনে লিখি আছে, আকাৰে ইংগিতেৰে সোধাৰ পাছত গম পালে তাইৰ হাতত বেলেগ কলম আৰু নাই৷ আস! ৱাৰ্ণিং বেল পৰিল, আৰু মাত্ৰ পোন্ধৰ মিনিট, উত্তৰবোৰ তাই জানেটো, কলম কলম চাৰ! চাৰ!
মা! মা! কি হৈছে তোমাৰ? উঠা মোক অলপ ৰিভিজন কৰাই দিয়া কাইলৈ মোৰ হিন্দী পৰীক্ষা আছে৷
এতিয়া মোক নুসুধিব এই “তাই“ জনী কোন? ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!