কীৰ্তন পুথিৰ ইউনিকোড ৰূপান্তৰণ

অসমীয়াত কথা-বতৰাৰ সদস্য সকলৰ নিস্বাৰ্থ সেৱাৰ বলত মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ কীৰ্ত্তন পুথি ভাগৰ অসমীয়া ইউনিক’ড ৰূপান্তৰণ কৰি সাহিত্য ডট্ অৰ্গৰ যোগেৰে বিশ্ব-বাসীলৈ বিনামূলীয়াকৈ উপলব্দ কৰোৱা হ’ল৷ সাহিত্য ডট্ অৰ্গৰ এবছৰীয়া বৰ্ষপূৰ্ত্তি উপলক্ষত এই মহান কামভাগ অসমীয়া ই-সাহিত্যৰ ইতিহাসত এক লেখতলবলগীয়া অৱদান হ’ব৷ এই প্ৰকল্পৰ লগত জড়িত সকলো স্বেচ্ছাসেৱকলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়ালো৷ এই প্ৰকল্পত হাত-উজান দিবলৈ শতাধিক সদস্যই ইচ্ছা ব্যক্ত কৰিছিল যদিও সীমাবদ্ধতাৰ খাতিৰত এই পৱিত্ৰ সেৱাৰ পৰা অনিচ্ছাসত্বেও বঞ্চিত কৰিব লগীয়া হ’ল৷ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী৷ তথাপিও এই সেৱাৰ পূণ্যৰ ভাগ সকলো শুভাকাংক্ষীলৈ গুৰুজনাই বৰিষণ কৰিব বুলি আমাৰ প্ৰাৰ্থনা৷ অনিচ্ছাকৃত ভুল-ত্ৰুটীৰ বাবে সেৱা ধৰা হ’ল৷ আঙুলিয়াই দিলে বাধিত হ’ম৷ কৃষ্ণ!

বিনীত

সম্পাদনা সমিতি

কীৰ্তন পুথিৰ ইউনিকোড সংস্কৰণৰ বাবে ইয়াত ক্লিক কৰক ->

 

3 thoughts on “কীৰ্তন পুথিৰ ইউনিকোড ৰূপান্তৰণ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!