কুচিয়া মাছৰ জ্বাল – পূৰৱী বৰদলৈ

উপকৰণঃ

১/কুচিয়া মাছ এটা, কাটি-বাচি লব৷
২/পিয়াঁজ তিনিটা, পেষ্ট কৰি লব৷
৩/ডাঙৰ আলু এটা টুকুৰা কৰা৷
৪/আদা নহৰুৰ পেষ্ট এক টেবুল চামুচ৷
৫/জিৰা আৰু জালুক শুকানে গৰমাই গুৰি কৰা ২ চাহ চামুচ৷
৬/ তেজপাত দুটা৷
৭/ কেঁচা জলকীয়া দুই তিনিটা বা শুকান জলকীয়া গুৰি আধা চাহ-চামুছ৷
৮/গৰম মচলাৰ গুৰি এক চাহ চামুচ৷
৯/ নিমখ হালধি আন্দাজমতে৷
১০/ মিঠাতেল ৩ টেবুল চামুচ৷
১১/ প্ৰয়োজন মতে গৰম পানী৷

প্ৰণালী ঃ

কেৰাহীত তেল গৰমাই আলুৰ টুকুৰাবোৰ আধা ভাজি উঠাই ললোঁ৷ সেই তেলতে তেজপাত দুটা দি পিয়াঁজৰ পেষ্ট, আদা নহৰুৰ পেষ্ট, জিৰা জালুকৰ গুৰি, জলকীয়া সকলোখিনি যোগ কৰি ভালকৈ ভাজিলোঁ৷ মছলা ভজা হ’লত কুচিয়াখিনি দিলো আৰু নিমখ হালধি মিলাই জুই কমাই পুনৰ কিছু সময় ভাজিলোঁ৷ এতিয়া অলপ গৰম পানী দি সিজিব দিলো৷ সেইখিনি পানী শুহি যোৱাত আৰু অলপ পানী দিলো লগতে আলুৰ টুকুৰা বোৰ৷ ভালকৈ উতল আহোঁতে গৰম মছলা মিলালো৷ যেতিয়া আলু কোমল হৈ তৰকাৰী ঘন হ’ল তেতিয়া নমাই দিলো৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!