কৃতিত্ব (এনাজৰী ডট্ কম)

অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিক ইণ্টাৰনেটৰ মাধ্যমেৰে বিশ্বৰ দৰবাৰত প্ৰচাৰৰ অৰ্থে ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটী প্ৰেচ ক্লাবত জন্ম লাভ কৰা এনাজৰী ডট্ কমে (www.enajori.com) ২৩ অক্টোবৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰীলংকাৰ কলম্বো চহৰত আৰম্ভ হোৱা ‘ৱৰ্ল্ড চামিট এৱাৰ্ড ২০১৩’ত ভাৰতবৰ্ষৰ এক মাত্ৰ প্ৰতিনিধি হিচাপে অংশ গ্ৰহণ কৰি “কলা-পৰ্যটন” শিতানত বিশ্বৰ পাঁচটা শ্ৰেষ্ঠ ই-প্ৰকল্পৰ মাজৰ এটা হিচাবে “ৱৰ্ল্ড চামিট এৱাৰ্ড” বঁটা লাভ কৰে। ইতিমধ্যে ২০১২ চনত “মন্থন ছাউথ এছিয়া আৰু এছিয়া পেচিফিক” বঁটাৰে সন্মানিত এনাজৰী ডট কম প্ৰকল্পটো হৈছে সম্পূৰ্ণভাৱে এটা অব্যৱসায়িক প্ৰকল্প। এই প্ৰকল্পৰ জড়িয়তে ইতিমধ্যে অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ বিভিন্ন আঁচনি তৈয়াৰ কৰা হৈছে। ইয়াৰ ভিতৰত ‘লিপ্যন্তৰ প্ৰকল্প’ৰ অধীনত অনুবাদ কৰ্মদলৰ সহায়ত বিভিন্ন অসমীয়া লেখা-মেলা ইংৰাজীলৈ অনুবাদৰ কাম আৰম্ভ কৰাৰ লগতে অন্যান্য লেখাৰ ইউনিকোডকৰণৰ কাম চলি আছে। লগতে সংৰক্ষণ কৰি ৰাখিছে অসমীয়া গীত-মাত, আলোকচিত্ৰ, পুৰণি অসমীয়া গ্ৰন্থৰ ডিজিটেল ৰূপ আৰু বহুতো। ইতিমধ্যে সুৰৰ এনাজৰী ডট্ ইনফোত অন্তৰ্ভূক্ত কৰা হৈছে তেৰশৰো অধিক পুৰণি গীত। ইয়াৰে শতাধিক গীত গ্ৰামোফোন যুগৰে। শেহতীয়াভাৱে এনাজৰী ডট্ কমৰ আন এক অভিলাষী আঁচনি হিচাপে “সাহিত্যৰথী ডট কম” (www.sahityarathi.com) নামৰ এটা ৱেবচাইট নিৰ্মাণ কৰি সাহিত্যৰথী বেজবৰুৱাৰ সমগ্ৰ ৰচনা ডিজিটেল ৰূপত প্ৰকাশ কৰাৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে বেজবৰুৱাৰ বহুতো লেখা ৱেবচাইটটোত সংগ্ৰহ কৰা হৈছে৷

এনাজৰী ডট্ কমৰ এই প্ৰচেষ্টা নিশ্চয় অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ বাবে অতি প্ৰশংসনীয়৷ ‘ৱৰ্ল্ড চামিট এৱাৰ্ড ২০১৩’ লাভ কৰাৰ বাবে সাহিত্য ডট্ অৰ্গৰ ফালৰ পৰা এনাজৰীলৈ থাকিল অযুত শুভেচ্ছা আৰু শুভকামনা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!