কৃতিত্ব: কমল কুমাৰ তাঁতীলৈ সাহিত্য অকাডেমিৰ যুৱ বঁটা

অসমৰ অন্যতম প্ৰতিভাশালী যুৱ প্ৰতিভা, কবি, নিবন্ধকাৰ কমল কুমাৰ তাঁতীয়ে এইবাৰ সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰি ৰাজ্যখনৰ লগতে দেশে-বিদেশে বসবাস কৰা অসমীয়াৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে। কবিগৰাকীয়ে ‘মাৰাংবুৰু আমাৰ পিতা’ নামৰ গ্ৰন্থখনৰ বাবে যুৱ বঁটা লাভ কৰে। কিতাপখন ২০০৭ চনত প্ৰকাশ হৈছিল। কিতাপখনৰ সন্দৰ্ভত কবি কমল কুমাৰ তাঁতীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কৈছিল— সংকলনখনত সংকলিত কবিতাসমূহৰ ৰচনাকাল হৈছে ১৯৯৯-২০০৭ চনত অৰ্থাৎ কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়, এলাহাবাদ বিশ্ববিদ্যালয় আৰু মুম্বাইৰ টাটা ইনষ্টিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ কটোৱা পঢ়াকালৰ সময়ৰ প্ৰতিফলিত হৈছে। আনহাতে কবিতাপুথিখনৰ ‘নিবেদন’ত তেওঁ লিখিছিল—…মই বৰং বিশ্বাস কৰোঁ যে কবিতা লিখাৰ এটা স্পষ্ট উদ্দেশ্য থাকিব লাগে। সোই উদ্দেশ্য, সেই বাৰ্তা হৈছে আমাৰ পৃথিৱীখন ‘সকলোৰে বাবে সমান অৰ্থত’ এক সুন্দৰতম স্থানৰূপে গঢ়ি তোলা।’ কবি কমল কুমাৰ তাঁতীৰ ১৯৮২ চনত জন্ম হয়। ১৯৯৭ চনত তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে। কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পিচত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শেহতীয়াকৈ তেওঁ মুম্বাইৰ ‘টাটা ইনষ্টিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ’ত গৱেষণা সমাপ্ত কৰি মুম্বাইতে এটা আগশাৰীৰ টেলিমেটিক কোম্পানীত চাকৰি কৰি আছে। অসমৰ সুসন্তানজনলৈ অভিনন্দন জনালোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!