কৃতিত্ব: কাবেৰী ভূঞা

 

 

অসমীয়াত কথা-বতৰা গোটৰ সদস্যা, শ্ৰী কাবেৰী ভূঞাই (Kaveri Bhuyan) ইটালীৰ ট্ৰিষ্টি মহানগৰীত অৱস্থিত International Centre for Theoretical Physics ত অক্টোবৰ মাহত অনুস্থিতব্য “Joint ICTP-IAEA Workshop on Sustainable Energy Development: Pathways and Strategies after Rio20″ বিষয়ৰ কৰ্মশালাত অংশগ্ৰহণ আৰু তেখেতৰ ” Renewable energy scenario, sustainability issues related to non conventional energy projects , and prospects of green economy in North East India” শীৰ্ষক গৱেষণাপত্ৰ পাঠ কৰিবৰ বাবে আমন্ত্ৰিত হৈছে৷ উল্লেখযোগ্য যে ICTP হৈছে ৰাষ্ট্ৰসংঘৰ UNESCO অধীনৰ বিশ্বৰ এটা প্ৰথম শ্ৰেণীৰ গৱেষণা সংস্থা৷ শ্ৰী মতী ভূঞাই বৰ্তমানে ইটানগৰত থকা ৰাষ্ট্ৰীয় প্ৰযুক্তি সংস্থা (National Institute of Technology) ত ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰ’ণিকছ্ বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত৷ তেখেতে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডা জেনেৰিঅ’ত শেহতীয়া ভাৱে অনুস্থিত ধৰিত্ৰী সন্মিলন (The Earth Summit) আৰু ৰিঅ’২০ ঘোষণাপত্ৰৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত চলি থকা অপৰম্পৰাগত শক্তি প্ৰকল্পসমূহ, যেনে বৃহৎ নদী-বান্ধ বনাম স্থানীয় ৰাইজৰ বহনক্ষম আৰ্থ-সামাজিক উন্নয়ন মাজৰ সংঘাতৰ বিষয়টোৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিব৷ তেখেত লখিমপুৰ জিলাৰ পথালি-পাহাৰ নিৱাসী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত লোহিত চন্দ্ৰ ভূঞা আৰু শ্ৰীযুতা বীমা ভূঞাৰ কন্যা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!