কৃতিত্ব: মৃণাল জ্যোতি গোস্বামীৰ ডক্টৰেট ডিগ্ৰী লাভ

অসমীয়াত কথা-বতৰা গোটৰ অন্যতম সক্ৰিয় সদস্য তথা ভাষা সাহিত্য সন্মিলনী, অসমৰ সভাপতি শ্ৰীমান মৃণাল জ্যোতি গোস্বামীয়ে  গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা “সমাজ বাস্তৱতাবাদ আৰু মঞ্চৰীতিৰ আলোকত সাম্প্ৰতিক অসমীয়া নাটক: এটি অধ্যয়ন” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি এইচ ডি ডিগ্ৰী লাভ কৰিছে৷ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ অধ্যাপক ড° প্ৰদীপজ্যোতি মহন্তৰ তত্বাৱধানত গৱেষণা কৰিছিল৷ তেওঁ যোৰহাট জিলাৰ মাজুলীৰ জেংৰাইমুখ নিবাসী শ্ৰীমতী বীণাপ্ৰভা দলে গোস্বামী আৰু স্বৰ্গীয় থানেশ্বৰ গোস্বামীৰ পুত্ৰ। ‘অসমীয়াত কথা-বতৰা’ তথা সাহিত্য ডট অৰ্গৰ সমূহ সদস্যা-সদস্যাৰ তৰফৰপৰা আমি শ্ৰী গোস্বামীৰ এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!