কৃতী ছাত্র-ছাত্রীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত কম্পিউটাৰ প্রদান

(মতামতৰ বাবে সাহিত্য সম্পাদক জগৰীয়া নহয়৷)

ড° বুলজিৎ বুঢ়াগোহাঁই: অসম চৰকাৰে কৃতী ছাত্র-ছাত্রীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত কম্পিউটাৰ প্রদান কৰে। ভাল কথা। ইয়ে ছাত্র-ছাত্রীসকলক পঢ়া-শুনাৰ প্রতি আগ্ৰহ বৃদ্ধি কৰিছে। কম্পিউটাৰ প্রদানৰ লগতে যদি সম্ভৱ হয় এটি নির্বাচিত গ্রন্থৰ টোপোলা দিলে ভাল হয়, যিবোৰ গ্রন্থৰ দ্বাৰা ছাত্র-ছাত্রীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয় লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে।আশা কৰিছোঁ, চৰকাৰে কম্পিউটাৰ লগতে এটি গ্রন্থৰ টোপোলাও ছাত্র-ছাত্রীসকলক দিয়া কথাটি বিবেচনা কৰিব।

মুন উপাধ্যায়: সুন্দৰ প্ৰস্তাৱ।

অপূৰ্ব কলিতা: ভাল কথা কৈছে।

ভাস্কৰজ্যোতি বৰা: কথাটো আপুনি ঠিকেই ভাবিছে….কিন্তু শতকৰা ৮০ ভাগেই পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ নপঢ়ে….গতিকে তাতকৈ বিদ্যালয়ৰ পুথিভঁৰালসমূহ চহকী কৰাই ভাল। কাৰণ বহু পৰীক্ষাত কৃতিত্ব লাভ নকৰা শিক্ষাৰ্থীয়েও কিতাপ পঢ়ে আৰু পঢ়িব বিচাৰে…অৱশ্যে এয়া মোৰ নিজা অভিমতহে।

মৃণাল কুমাৰ বৰা: অসম চৰকাৰে দশম শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ দিছে, ভাল কথা। পিছে গুৱাহাটীৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় “অসম অভিযান্ত্ৰিক মহাবিদ্যালয়”ৰ কম্পিউটাৰ অভিযন্ত্ৰণ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ লেবৰ কাৰণে প্ৰয়োজন হোৱা কম্পিউটাৰ দিব পৰা নাই। দিব লাগে ক’ত আৰু দিয়া হৈছে ক’ত?

দেৱব্ৰত গগৈ: কম্পিউটাৰ দিলে বৰমূৰীয়াসকলৰ যেনেদৰে জেপ গৰম হয়, তেনেদৰে কিতাপ দিলে জেপ গৰম নহয়, সেয়ে কিতাপ দিয়া কামটোত গুৰুত্ব নিদিয়ে। জেপ গৰম নহ’লেই কম্পিউটাৰ দিয়া কামটোও বন্ধ হৈ যাব, সেইটো ধ্ৰুৱ সত্য।

অঞ্জনা তামুলী: কম্পিউটাৰ দি ছাত্ৰ-ছাত্ৰী সকলক এই কেইবছৰত কিমান উপকৃত কৰিলে সেয়া সকলোৰে জ্ঞাত। শতকৰা ১৫ ভাগ ছাত্ৰ-ছাত্ৰীৰ বাদে বাকী একাংশৰ অধোনতি আৰু কিছুমানৰ দুৰ্গতি। দুৰ্গতি বুলি কিয় কৈছো বুজাই বুজিব। মই ব্যক্তিগতভাৱে কম্পিউটাৰ প্ৰদান কৰা কাৰ্যৰ তীব্ৰ বিৰোধী । তাৰ সলনি পিছৰ শ্ৰেণী দুটাৰ বাবে প্ৰয়োজনীয় পাঠ্য-পুথিৰ যোগান ধৰাই ভাল৷

কস্তুৰী বৰা: মই ভাবো ৬০% পালেই কম্পিউটাৰ নিদিলেও হয়৷ তাৰ সলনি HSSLCত ভাল ৰিজাল্ট কৰা সকলক এডমিচনৰ খৰচ দিব লাগে৷

উদ্দীপ তালুকদাৰ: কম্পিউটাৰটো এতিয়া বহীখনৰ দৰেই প্ৰয়োজনীয় আহিলা হৈ পৰিছে। সেয়ে, সেইটো দিয়াত আপত্তি কৰিবলগীয়া মোৰ বোধেৰে নাই। মোৰ মতেৰে এইটো কৃতিত্বৰ পুৰস্কাৰ হিচাপে দিয়াতকৈ সকলো হায়াৰ ছেকেণ্ডাৰী ছাত্ৰকে দিব লাগে। কাৰণ কম্পিউটাৰটোৰে কাম কৰিব পৰা মানুহ আজিকালি সকলোতে লগা হৈছে। কিন্তু একেটা সময়তে এইটো কথাও মনত ৰখা প্ৰয়োজনীয় যে ব্যৱহাৰকাৰী ভেদে এটা কম্পিউটাৰ দিয়া বা এশখন চিনেমাৰ ফ্ৰী-টিকেট দিয়া প্ৰায় একে কথা। (এইটো মাত্ৰ এটা উপমা হে! সেয়ে এইটোৰ ওপৰত বিতৰ্ক নকৰিব।) সেইবিলাক কথাও বিবেচনা কৰিব লাগিব। ইয়াৰোপৰি দিয়া কম্পিউটাৰটো যে ভালকৈ ব্যৱহাৰ হৈছে, সেইটো নিশ্চিত কৰিবলৈ তাৰ লগত আনুসাংগিক শিক্ষা আদিও দিব লাগিব। এইটো মিছা নহয় যে কম্পিউটাৰটো বেছিভাগ ছাত্ৰই চিনেমা চোৱা আৰু গেম খেলাৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰিছে। কিন্তু ইয়াৰ প্ৰয়োজনীয় ব্যৱহাৰ বোৰ কৰিবলৈ কোনো সুবিধাই নাই। কম্পিউটাৰটো দিয়াৰ লগতে কম্পিউটাৰ এটা ভালকৈ ব্যৱহাৰ কৰাৰ বাবে যিখিনি ন্যূনতম জ্ঞান দিব লাগে, সেইখিনিও দিব লাগে। আনকি মাক-দেউতাককো কিছুমান কথা জনোৱাৰ প্ৰয়োজন আছে। কাৰণ বহুত মাক-দেউতাকেই এতিয়াও ল’ৰা কম্পিউটাৰত বহি থাকিলে পঢ়া-শুনা কৰি থকা বুলি ভাবে। কাৰণ তেওঁলোকে নাজানেই কম্পিউটাৰেৰে কি কি কৰিব পাৰি।

কম্পিউটাৰটোৰ বাবে ভাল আৰু বেয়া দুয়োটাই হোৱাৰ সম্ভাৱনা আছে, সেইটো মিছা নহয়। ইয়াৰ সপক্ষে-বিপক্ষে হাজাৰ যুক্তি-তৰ্ক কৰি থাকিলেও কোনো দিনেই সিদ্ধান্ত এটা নোলায়। আজি প্ৰায় পাঁচ বছৰে কম্পিউটাৰ দিয়া হৈ আহিছে। এতিয়া এটা সমীক্ষা চলাই চৰকাৰে চোৱা উচিত, এই যে কম্পিউটাৰটো দিয়া হ’ল, সি আচলতে ভাল কৰিলে নে বেয়া কৰিলে? তাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ আঁচনি ঠিক কৰা উচিত। এনেকৈ কৰিলেহে আঁচনিবিলাকৰ সুফল পোৱা যাব। মোৰ মতে কামবিলাক এনেকৈ আগবাঢ়িব লাগে। আগতেই ভাল হ’ব, বেয়া হ’ব বুলি ধাৰণা কৰি লৈ চলি থাকিবলৈ দিব নালাগে।

যদি লাভ হৈছে, আঁচনিখনৰ পৰিবৰ্ধন কৰি সকলো ছাত্ৰকে কম্পিউটাৰ দিয়া হওক। যদি হোৱা নাই, তেন্তে চাওক, ক’ত ভুল হৈ আছিল। অনাহকত চৰকাৰী পইচা খৰচ কৰিও লাভ নাই। তাতকৈ সেইখিনি পইচা অইন তাতকৈ ভাল আঁচনিত খটুৱাওক।

মই যোৱা বছৰেই এটা পোষ্ট দিছিলোঁ উচ্চতৰ মাধ্যমিকৰ পাছত বিভিন্ন প্ৰৱেশিকা পৰীক্ষাৰ খৰচ কিমান বেছি হয়, সেইটোৰ ওপৰত। এইবছৰো প্ৰৱেশিকা পৰীক্ষাবিলাক আৰম্ভ হৈছেই। তাৰ মাচুলো আৰু বাঢ়িছে। সকলো মেধাৱী ছাত্ৰই (অন্ততঃ প্ৰথম বিভাগ পোৱা সকলে) যাতে এই পৰীক্ষা সমূহত বহিব পাৰে, তাৰ কাৰণে চৰকাৰে কিবা আঁচনি ল’ব লাগে। এনে খৰছ প্ৰায় দহ-ৰপৰা পোন্ধৰ হাজাৰৰ ভিতৰত হয়। যিটো বহুত মাক-দেউতাকে দিবও নোৱাৰে।

নিতুল বৰা: আচলতে HSLC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কম্পিউটাৰ এটাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিশেষ লাভা-লাভ হয় বুলি মোৰ মনে নধৰে, তাৰোপৰি HSSLC (বিজ্ঞান, কলা, বাণিজ্য) যিকোনো শাখাৰ পাঠ্যক্ৰমৰ লগত কম্পিউটাৰ বিশেষ মিল আছে বুলিও দেখা নাযায়। এই কম্পিউটাৰ বিতৰণৰ সলনি যদি ছাত্ৰ-ছাত্ৰী সকলৰ দুবছৰ বা এবছৰৰ মহাবিদ্যালয়ত পঢ়াৰ সম্পূৰ্ণ খৰচ দিলেহেঁতেন তেনেহ’লে বহুত দুখীয়া ছাত্ৰ-ছাত্ৰী উপকৃত হ’লহেঁতেন৷ কাৰণ সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও বাপ জনমত কম্পিউটাৰ এটা দেখি নোপোৱাৰ পাছত যেতিয়া একেদিনতে পাব, তেতিয়া সেইটো ভিডিঅ গেম, ফেচবুক খেলাৰ সামগ্ৰী বুলিহে ব্যৱহাৰ কৰা দেখা যায়।

উদ্দীপ তালুকদাৰ: মই ওপৰত লিখোঁতে নিতুল বৰাই কোৱা কথাটো উল্লেখ কৰিবলৈ থাকি গ’ল। বেছি দীঘল নকৰোঁ বুলি ভাবিছিলোঁ। আচলতে প্ৰতিটো শাখাতে কম্পিউটাৰটো ব্যৱহাৰ কৰাৰ সুবিধা আছে। মাত্ৰ পাঠ্যক্ৰমটো অকণমান সলনি কৰিব লাগিব। ঠিক সলনি কৰিবও নালাগে, ছাত্ৰসকলে যাতে নিজৰ কম্পিউটাৰটোৰে পঢ়া-শুনাৰ কিছু কাম কৰিবলগীয়া হয়, (যেনে, word-লিখা, spreadsheet-খনেৰে অংক আদিবোৰ কৰিব পৰা হোৱা আদিৰ দৰে সহজ সহজ কিন্তু সদায় প্ৰয়োজনীয় কামবোৰ) সেইটো ব্যৱস্থা কৰিব লাগিব। যাৰ ইচ্ছা আছে, তেওঁলোকক প্ৰ’গ্ৰামিং, কম্পিউটাৰ গ্ৰাফিক্স আদিৰো জ্ঞান দিয়ক। তেনেকৈ কৰিলে কম্পিউটাৰটো কামত আহিব।

নিতুল বৰা: এইবোৰ আঁচনিৰ সলনি যিমান দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আছে সকলোৰে শিক্ষাৰ খৰচ বহন কৰিলে হয়তো এতিয়াতকৈ বহুত বেছি ভাল ফলাফল হ’ব, আৰু এই আঁচনিৰ বাবে দুখীয়া মাক দেউতাকে অলপ হলেও সকাহ পাব।

দিলীপ কুমাৰ বৰা: অতি উত্তম প্রস্তাৱ।

ৰঞ্জিত কুমাৰ বৰা: কম্পিউটাৰ দিয়ক। লগতে কিতাপো দিয়ক। ছাত্ৰ-ছাত্ৰীক কিতাপ উপহাৰ দিয়াৰ দৰে মহান কাম কি হ’ব পাৰে।

দেৱব্ৰত বৰা: মই এই আঁচনিৰ জৰিয়তে কম্পিউটাৰ আৰু টকা দুয়োটা লৈয়ে উপকৃত হোৱা ছাত্র-ছাত্রী লগ পাইছোঁ৷ আঁচনিখন ভাল বুলিয়েই ভাবোঁ৷ লগতে কিতাপ দিলে আৰু ভাল হয়।

 

 

2 thoughts on “কৃতী ছাত্র-ছাত্রীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত কম্পিউটাৰ প্রদান

  • January 15, 2013 at 2:47 pm
    Permalink

    মূল লেখাটি আছিল :

    “অসম চৰকাৰে কৃতী ছাত্র-ছাত্রীসকলক আনন্দৰাম বৰুৱা বঁটা অধীনত কম্পিউটাৰ প্রদান কৰে । ই এটা ভাল কথা। ইয়াৰ দ্বাৰা ছাত্র-ছাত্রীসকলক পঢ়া-শুনাৰ প্রতি আগ্রহ বৃদ্ধি কৰিছে । কম্পিউটাৰ প্রদানৰ লগতে যদি সম্ভৱ হয় এটি নির্বাচিত গ্রন্থৰ টোপোলা দিলে ভাল হয়, যিবোৰ গ্রন্থৰ দ্বাৰা ছাত্র-ছাত্রীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয় লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে।আশা কৰিছোঁ, চৰকাৰে কম্পিউটাৰ লগতে এটি গ্রন্থৰ টোপোলাও ছাত্র-ছাত্রীসকলক দিয়া কথাটি বিবেচনা কৰিব।”

    Reply
  • January 15, 2013 at 3:17 pm
    Permalink

    “HSLC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰী সকলক কম্পিউটাৰ এটাৰ কিমানদূৰ প্ৰয়োজন”
    ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ সঠিক ব্যৱহাৰ কৰেনে?
    ছাত্ৰ-ছাত্ৰী সকলৰ কম্পিউটাৰ সমূহ অনুসন্ধান কৰিলে আপোনালোকে গম পাব।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!