কৃষ্ণগহ্বৰ–পাৰ্থ প্ৰতিম কলিতা

.

চকুৰে যিমানখিনি দেখোঁ

সেয়া মই 

তাৰ পিছৰ সৱ তুমি। 

.

মই ওপঙি থকা এটা শিল। 

.

তুমি ক’ত

ক’ত তুমি

তুমি দেখিছানে

ভাগ্যই হেনো সুখী কৰে আমাক! 

মাটিত বগায় কুমজেলেকুৱা

আৰু বিগলিত সময় বতাহ

.

আমি সপোনত কেতিয়াও পঢ়িব নোৱাৰোঁ

হাতত জমা ৰাখিছোঁ বৃত্তৰ তেৱান্ন ডিগ্ৰী

.

চুই চাওঁ? 

খহে যদি খহি পৰক সময়ৰ আধাভাগ

তোমাৰ আন্ধাৰেৰেই মই ৰ’দৰ ল’ৰা

দেখা পাম

পোহৰৰ মৃত্যু

অথবা সম্ভাৱনা নতুন দিনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!