কেইটান কিম্ভুত কিম্বাকাৰ “সংজ্ঞা” (বিশ্বজ্যোতি ভূঞা)

বিশ্বজ্যোতি ভূঞা

কেইটান কিম্ভুত কিম্বাকাৰ “সংজ্ঞা”….যি বোৰ পঢ়িলে আপোনালোক ‘সংজ্ঞাহীন’ হৈ পৰিব:

 

অজগৰ: যি আজিলৈকে কাৰো জগৰ লগোৱা নাই তাকেই অজগৰ বোলে

বিশেষজ্ঞ: যি বিশেষ ভাবে অজ্ঞ তাকেই বিশেষজ্ঞ বোলে

অলংকাৰ: লংকাৰ মানুহ বোৰে যি বোৰ বস্তু নিপিন্ধে তাকেই অলংকাৰ বোলে

ইতৰেতৰ দণ্ড সমাস: ইতৰ প্ৰানী বিলাকে যি বিলাক দণ্ড কৰি ফুৰে তাকেই ইতৰেতৰ দণ্ড সমাস বোলে

অগাধ পণ্ডিতঃ যি গাধৰ দৰে পণ্ডিত নহয় তাকেই অগাধ পণ্ডিত বোলে

অগৰু: গৰুৰ গাটো যেনেকৈ গেলা গেলা গোন্ধায়, ঠিক তেনেকৈ মানুহৰ গাটো ও গেলা গেলা গোন্ধায়। সেই গেলা গেলা গোন্ধটো নিৰ্মূল কৰাৰ অৰ্থে যিবিধ বস্তু গাত ঘঁহা হয় তাকেই অগৰু বোলে।

(বি:দ্ৰ: ছাত্ৰ ছাত্ৰী সকলে যাতে পৰীক্ষাত এনে বোৰ “Definition” নিলিখে তাৰ বাবে সতৰ্ক কৰি দিয়া হ’ল)

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!